Al-MukhtasarAn‑Nisa · 4:1–24

Al-Mukhtasar · Tafsir · in Assamese

النساء

An-Nisa

The Women · Medinan · 176 ayahs

4:1Page 77

يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ وَخَلَقَ مِنۡهَا زَوۡجَهَا وَبَثَّ مِنۡهُمَا رِجَالٗا كَثِيرٗا وَنِسَآءٗۚ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِي تَسَآءَلُونَ بِهِۦ وَٱلۡأَرۡحَامَۚ إِنَّ ٱللَّهَ كَانَ عَلَيۡكُمۡ رَقِيبٗا ١

O mankind, fear your Lord, who created you from one soul and created from it its mate and dispersed from both of them many men and women. And fear Allāh, through whom1 you ask one another,2 and the wombs.3 Indeed Allāh is ever,4 over you, an Observer.5

হে মানৱজাতি! নিজ প্ৰতিপালকক ভয় কৰা। তেৱেঁই তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ ছালামৰ পৰা। আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ পত্নী আৰু তোমালোকৰ মাতৃ হাওৱা আলাইহাচ ছালামক। তাৰ পিছত তেওঁলোক দুজনৰ পৰা পৃথিৱীৰ বুকুত নৰ আৰু নাৰী হিচাপে মানৱজাতি বিস্তাৰ কৰিলে। এতেকে তোমালোকে সেই আল্লাহক ভয় কৰা যাৰ দুহাই দি তোমালোকে ইজনে সিজনৰ পৰা বিচৰা। যেনে তোমালোকে কোৱাঃ মই আল্লাহৰ নামত তোমাৰ ওচৰত নিবেদন কৰো, তুমি এনেকৈ কৰা। আৰু তোমালোকে সম্পৰ্ক বিচ্ছেদ নকৰিবা, যি বন্ধনে তোমালোকক পৰস্পৰে সংযুক্ত কৰি আছে। নিশ্চয় আল্লাহ তোমালোকৰ পৰ্যবেক্ষক। এতেকে তেওঁৰ দৃষ্টিৰ পৰা তোমালোকৰ কোনো আমল গোপন নহয়। বৰং তেওঁ সেয়া গণি ৰাখে আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

4:2Page 77

وَءَاتُواْ ٱلۡيَتَٰمَىٰٓ أَمۡوَٰلَهُمۡۖ وَلَا تَتَبَدَّلُواْ ٱلۡخَبِيثَ بِٱلطَّيِّبِۖ وَلَا تَأۡكُلُوٓاْ أَمۡوَٰلَهُمۡ إِلَىٰٓ أَمۡوَٰلِكُمۡۚ إِنَّهُۥ كَانَ حُوبٗا كَبِيرٗا ٢

And give to the orphans their properties and do not substitute the defective [of your own] for the good [of theirs]. And do not consume their properties into your own. Indeed, that is ever a great sin.

হে সংৰক্ষকসকল! তোমালোকে অনাথসকলক (যিসকলৰ পিতৃ সিহঁতক শিশু অৱস্থাত থৈ মৃত্যুবৰণ কৰিছে) সিহঁতৰ ধন সেই সময়ত পৰিপূৰ্ণ ৰূপে আদায় কৰি দিয়া, যেতিয়া সিহঁত বিবেকৱান আৰু যৌৱন অৱস্থাত ভৰি দিয়ে। আৰু হালালৰ পৰিবৰ্তে তোমালোকে এইদৰে হাৰাম নলবা যে, অনাথৰ উত্কৃষ্ট সম্পদ তোমালোকে লবা আৰু ইয়াৰ পৰিবৰ্তে তোমালোকৰ নিকৃষ্ট সম্পদ সিহঁতক দিবা। লগতে অনাথৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত কৰি আত্মসাৎ নকৰিবা। নিশ্চয় এয়া আল্লাহৰ দৃষ্টিত বৰ ডাঙৰ পাপ।

4:3Page 77

وَإِنۡ خِفۡتُمۡ أَلَّا تُقۡسِطُواْ فِي ٱلۡيَتَٰمَىٰ فَٱنكِحُواْ مَا طَابَ لَكُم مِّنَ ٱلنِّسَآءِ مَثۡنَىٰ وَثُلَٰثَ وَرُبَٰعَۖ فَإِنۡ خِفۡتُمۡ أَلَّا تَعۡدِلُواْ فَوَٰحِدَةً أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُكُمۡۚ ذَٰلِكَ أَدۡنَىٰٓ أَلَّا تَعُولُواْ ٣

And if you fear that you will not deal justly with the orphan girls, then marry those that please you of [other] women, two or three or four. But if you fear that you will not be just, then [marry only] one or those your right hands possess [i.e., slaves]. That is more suitable that you may not incline [to injustice].

যদি তোমালোকৰ আশংকা হয় যে, তোমালোকৰ অধীনত থকা অনাথ ছোৱালীক বিবাহ কৰালে তোমালোকে ন্যায় কৰিব নোৱাৰিবা, অথবা সিহঁতৰ নিৰ্দিষ্ট মোহৰ কম হোৱাৰ আশংকা হলে নাইবা সিহঁতৰ লগত দুৰ্ব্যৱহাৰ হোৱাৰ আশংকা হয়, যদি পৰিস্থিতি এনেকুৱা হয় তেন্তে তোমালোকে সিহঁতক এৰি বেলেগ পৱিত্ৰ নাৰীক বিবাহ কৰোৱা। যদি তোমালোকে ইচ্ছা কৰা দুই অথবা তিনি নাইবা চাৰিজনী লৈকে বিবাহ কৰিব পাৰা। কিন্তু যদি আশংকা হয় যে, তোমালোকে সিহঁতৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰিবা তেন্তে এজনীতেই সীমিত থাকা, লগতে যিসকল দাসী তোমালোকৰ অধীনত আছে সেইসকলৰ দ্বাৰা উপকৃত হোৱা। কিয়নো পত্নীৰ বাবে যিবিলাক অধিকাৰ অনিবাৰ্য সেইবোৰ অধিকাৰ সিহঁতৰ নাই। এতেকে অনাথৰ বিষয়ে তথা এজনী স্ত্ৰী ৰখা সম্পৰ্কে লগতে দাসীৰ দ্বাৰা উপকৃত হোৱাৰ যিটো বিষয় এই আয়াতত উল্লেখ কৰা হৈছে, এয়া এই কাৰণে যে, যাতে তোমালোকে অন্যায়-অত্যাচাৰ নকৰা আৰু সঠিক পথৰ পৰা দূৰ নোহোৱা।

4:4Page 77

وَءَاتُواْ ٱلنِّسَآءَ صَدُقَٰتِهِنَّ نِحۡلَةٗۚ فَإِن طِبۡنَ لَكُمۡ عَن شَيۡءٖ مِّنۡهُ نَفۡسٗا فَكُلُوهُ هَنِيٓـٔٗا مَّرِيٓـٔٗا ٤

And give the women [upon marriage] their [bridal] gifts1 graciously. But if they give up willingly to you anything of it, then take it in satisfaction and ease.2

আৰু স্ত্ৰীসকলক সিহঁতৰ মোহৰ এটা আৱশ্যক উপহাৰ হিচাপে আদায় কৰা। যদি সিহঁতে কোনো ধৰণৰ বাধ্যবাধকতা নোহোৱাকৈ নিজ ইচ্ছাতে তোমালোকৰ বাবে মোহৰ কিছু অংশ ক্ষমা কৰি দিয়ে, তেন্তে সেয়া আনন্দচিত্তে ভক্ষণ কৰা, ইয়াত কোনো অসুবিধা নাই।

4:5Page 77

وَلَا تُؤۡتُواْ ٱلسُّفَهَآءَ أَمۡوَٰلَكُمُ ٱلَّتِي جَعَلَ ٱللَّهُ لَكُمۡ قِيَٰمٗا وَٱرۡزُقُوهُمۡ فِيهَا وَٱكۡسُوهُمۡ وَقُولُواْ لَهُمۡ قَوۡلٗا مَّعۡرُوفٗا ٥

And do not give the weak-minded your property,1 which Allāh has made a means of sustenance for you, but provide for them with it and clothe them and speak to them words of appropriate kindness.

আৰু হে সংৰক্ষকসকল! এনেকুৱা লোকৰ হাতত সিহঁতৰ ধন অৰ্পন নকৰিবা, যিয়ে তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কিয়নো এই ধন আল্লাহে বান্দাৰ সুবিধাৰ্থে আৰু সিহঁতৰ জীৱিকাৰ মাধ্যম বনাইছে। সেয়ে এনেকুৱা লোকৰ দ্বাৰা ধনৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ হিফাজত সম্ভৱ নহয়। এতেকে এই সম্পদ সিহঁতৰ ওপৰত ব্যয় কৰা আৰু সিহঁতৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰা লগতে সিহঁতৰ লগত উত্তমভাৱে কথা কোৱা। আৰু সিহঁতক উত্তম প্ৰতিশ্ৰুতি দিয়া যে, যেতিয়া সিহঁত পৰিপক্ক হৈ যাব আৰু সম্পদৰ সঠিক ব্যৱহাৰ শিকিব, তেতিয়া সিহঁতৰ সম্পদ সিহঁতক দি দিবা।

4:6Page 77

وَٱبۡتَلُواْ ٱلۡيَتَٰمَىٰ حَتَّىٰٓ إِذَا بَلَغُواْ ٱلنِّكَاحَ فَإِنۡ ءَانَسۡتُم مِّنۡهُمۡ رُشۡدٗا فَٱدۡفَعُوٓاْ إِلَيۡهِمۡ أَمۡوَٰلَهُمۡۖ وَلَا تَأۡكُلُوهَآ إِسۡرَافٗا وَبِدَارًا أَن يَكۡبَرُواْۚ وَمَن كَانَ غَنِيّٗا فَلۡيَسۡتَعۡفِفۡۖ وَمَن كَانَ فَقِيرٗا فَلۡيَأۡكُلۡ بِٱلۡمَعۡرُوفِۚ فَإِذَا دَفَعۡتُمۡ إِلَيۡهِمۡ أَمۡوَٰلَهُمۡ فَأَشۡهِدُواْ عَلَيۡهِمۡۚ وَكَفَىٰ بِٱللَّهِ حَسِيبٗا ٦

And test the orphans [in their abilities] until they reach marriageable age. Then if you perceive in them sound judgement, release their property to them. And do not consume it excessively and quickly, [anticipating] that they will grow up. And whoever, [when acting as guardian], is self-sufficient should refrain [from taking a fee]; and whoever is poor - let him take according to what is acceptable. Then when you release their property to them, bring witnesses upon them. And sufficient is Allāh as Accountant.

হে সংৰক্ষকসকল! অনাথ শিশু যেতিয়া যৌৱনত ভৰি দিয়ে, তেতিয়া সিহঁতৰ অলপ সম্পদ সিহঁতক প্ৰদান কৰা ব্যয় কৰিবলৈ। যদি সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ কৰে আৰু সিহঁতৰ পৰিপক্কতা তোমালোকৰ দৃষ্টি গোচৰ হয় তেন্তে সিহঁতৰ সম্পূৰ্ণ সম্পদ সিহঁতক অৰ্পন কৰ। আৰু সিহঁতৰ সম্পদ অন্যায়ভাৱে ভক্ষণ নকৰিবা বৰং প্ৰয়োজনত সেইখিনি ভক্ষণ কৰিবা যিখিনি খাবলৈ আল্লাহে অনুমতি দিছে। আৰু এই ভয়তো দ্ৰুত ভক্ষণ নকৰিবা যে, সিহঁত ডাঙৰ হলে সিহঁতৰ সম্পদ ঘূৰাই লব। আৰু যাৰ ওচৰত ইমানখিনি সম্পদ আছে যে, সি সেইটোৰে চলিব পাৰিব, তেনেকুৱা ব্যক্তিয়ে এতীমৰ সম্পদ খোৱাৰ পৰা বিৰত থকা উচিত। কিন্তু দুখীয়া নিচলা ব্যক্তিয়ে প্ৰয়োজন অনুপাতে এতীমৰ সম্পদ খাব পাৰে। এতেকে সিহঁত পৰিপক্ক আৰু যৌৱনত ভৰি দিয়াৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ চমজাই দিবা তেতিয়া অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে আৰু মতভেদৰ দুৱাৰ বন্ধ কৰিবলৈ সাক্ষী ৰাখিবা। যদিও ইয়াৰ সাক্ষী আৰু নিজ বান্দাসকলৰ হিচাপ গ্ৰহণৰ বাবে আল্লাহেই যথেষ্ট।

4:7Page 78

لِّلرِّجَالِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ وَلِلنِّسَآءِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ مِمَّا قَلَّ مِنۡهُ أَوۡ كَثُرَۚ نَصِيبٗا مَّفۡرُوضٗا ٧

For men is a share of what the parents and close relatives leave, and for women is a share of what the parents and close relatives leave, be it little or much - an obligatory share.

পুৰষসকলৰ বাবে সেই সম্পত্তিত অংশ আছে, যিটো পিতৃ-মাতৃ তথা নিকটাত্মীয় যেনে- ভাই আৰু খুৰাসকলে মৃত্যুৰ পিছত এৰি থৈ যায়। সেই সম্পত্তি কম হওঁক অথবা অধিক। এইদৰে এওঁলোকে এৰি থৈ যোৱা সম্পত্তিত নাৰীসকলৰো অংশ আছে। এই বিধান অজ্ঞতা যুগৰ সেই পৰাম্পৰাৰ পৰিপন্থী, য’ত নাৰী আৰু শিশুসকলক উত্তৰাধিকাৰীৰ পৰা বঞ্চিত ৰখা হৈছিল। এই অংশ এটা অধিকাৰ, যাৰ পৰিমাণ আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত।

4:8Page 78

وَإِذَا حَضَرَ ٱلۡقِسۡمَةَ أُوْلُواْ ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينُ فَٱرۡزُقُوهُم مِّنۡهُ وَقُولُواْ لَهُمۡ قَوۡلٗا مَّعۡرُوفٗا ٨

And when [other] relatives and orphans and the needy are present at the [time of] division, then provide for them [something] out of it [i.e., the estate] and speak to them words of appropriate kindness.

নিকটাত্মীয়, অনাথ আৰু দৰিদ্ৰসকলৰ মাজৰ যিসকল মীৰাছৰ অংশীদাৰ নহয়, মীৰাছ বন্টনৰ সময়ত সিহঁত উপস্থিত থাকিলে, সম্পত্তি বন্টনৰ পূৰ্বে নিজ ইচ্ছাই সিহঁতক কিবা দিয়াটো মুস্তাহাব। কাৰণ সিহঁতেও এই বন্টন দেখি আছে। আৰু এই ধন তোমালোকৰ ওচৰত বিনা কষ্টে আহিছে। আৰু সিহঁতৰ লগত উত্তম কথা কোৱা, বেয়া ব্যৱহাৰ নকৰিবা।

4:9Page 78

وَلۡيَخۡشَ ٱلَّذِينَ لَوۡ تَرَكُواْ مِنۡ خَلۡفِهِمۡ ذُرِّيَّةٗ ضِعَٰفًا خَافُواْ عَلَيۡهِمۡ فَلۡيَتَّقُواْ ٱللَّهَ وَلۡيَقُولُواْ قَوۡلٗا سَدِيدًا ٩

And let those [executors and guardians] fear [injustice] as if they [themselves] had left weak offspring behind and feared for them. So let them fear Allāh and speak words of appropriate justice.

সিহঁতে ভয় কৰা উচিত যে, যদি সিহঁতে সৰু সৰু দুৰ্বল সন্তান থৈ মৃত্যুবৰণ কৰিলেহেঁতেন তেন্তে সিহঁতে সিহঁতৰ বিষয়ে বিনষ্ট হোৱাৰ কেনেকুৱা আশংকা কৰিলেহেঁতেন। এতেকে সিহঁতে আল্লাহক ভয় কৰি সেইসকল অনাথৰ লগত অন্যায় কৰিব নালাগে, যিসকল সিহঁতৰ অধীনত আছে। যাতে আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত এনেকুৱা লোকৰ ব্যৱস্থা কৰি দিয়ে, যিয়ে সিহঁতৰ সন্তানৰ লগত ভাল ব্যৱহাৰ কৰিব, যিদৰে সিহঁতে এইসকল অনাথৰ লগত কৰিছে। আৰু যিসকল লোক তেওঁৰ অছিয়তৰ সময়ত উপস্থিত আছিল, তেওঁলোকৰ সন্তানৰ লগতো ভাল ব্যৱহাৰ কৰা উচিত। অৰ্থাৎ সিহঁতৰ লগত সঠিক আৰু উত্তম কথা কোৱা উচিত যে, সি অছিয়তৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধিকাৰ সম্পৰ্কে কোনো অন্যায় নকৰিব আৰু অছিয়ত এৰি নিজকে কল্যাণৰ পৰা বঞ্চিত নকৰিব।

4:10Page 78

إِنَّ ٱلَّذِينَ يَأۡكُلُونَ أَمۡوَٰلَ ٱلۡيَتَٰمَىٰ ظُلۡمًا إِنَّمَا يَأۡكُلُونَ فِي بُطُونِهِمۡ نَارٗاۖ وَسَيَصۡلَوۡنَ سَعِيرٗا ١٠

Indeed, those who devour the property of orphans unjustly are only consuming into their bellies fire. And they will be burned in a Blaze [i.e., Hellfire].

প্ৰকৃততে যিসকলে অনাথৰ সম্পদ আত্মসাৎ কৰি খায় লগতে অন্যায় তথা সীমালংঘন কৰি ব্যৱহাৰ কৰে, সিহঁতে দৰাচলতে নিজৰ উদৰত প্ৰজ্জ্বলিত জুই ভৰ্তি কৰে। অনতিপলমে এই জুয়ে কিয়ামতৰ দিনা সিহঁতক পুৰি ছাই কৰিব।

4:11Page 78

يُوصِيكُمُ ٱللَّهُ فِيٓ أَوۡلَٰدِكُمۡۖ لِلذَّكَرِ مِثۡلُ حَظِّ ٱلۡأُنثَيَيۡنِۚ فَإِن كُنَّ نِسَآءٗ فَوۡقَ ٱثۡنَتَيۡنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَۖ وَإِن كَانَتۡ وَٰحِدَةٗ فَلَهَا ٱلنِّصۡفُۚ وَلِأَبَوَيۡهِ لِكُلِّ وَٰحِدٖ مِّنۡهُمَا ٱلسُّدُسُ مِمَّا تَرَكَ إِن كَانَ لَهُۥ وَلَدٞۚ فَإِن لَّمۡ يَكُن لَّهُۥ وَلَدٞ وَوَرِثَهُۥٓ أَبَوَاهُ فَلِأُمِّهِ ٱلثُّلُثُۚ فَإِن كَانَ لَهُۥٓ إِخۡوَةٞ فَلِأُمِّهِ ٱلسُّدُسُۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصِي بِهَآ أَوۡ دَيۡنٍۗ ءَابَآؤُكُمۡ وَأَبۡنَآؤُكُمۡ لَا تَدۡرُونَ أَيُّهُمۡ أَقۡرَبُ لَكُمۡ نَفۡعٗاۚ فَرِيضَةٗ مِّنَ ٱللَّهِۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا ١١

Allāh instructs you concerning your children [i.e., their portions of inheritance]: for the male, what is equal to the share of two females. But if there are [only] daughters, two or more, for them is two thirds of one's estate.1 And if there is only one, for her is half. And for one's parents, to each one of them is a sixth of his estate if he left children. But if he had no children and the parents [alone] inherit from him, then for his mother is one third. And if he had brothers [and/or sisters], for his mother is a sixth,2 after any bequest he [may have] made or debt.3 Your parents or your children - you know not which of them are nearest to you in benefit. [These shares are] an obligation [imposed] by Allāh. Indeed, Allāh is ever Knowing and Wise.

আল্লাহে তোমালোকক তোমালোকৰ সন্তানৰ মীৰাছ সম্পৰ্কে আদেশ দিছে, সিহঁতৰ মাজত মীৰাছ বন্টন এইদৰে কৰা হব যে, পুত্ৰ সন্তানে দুজনী কন্যা সন্তানৰ সমান অংশ লাভ কৰিব। মৃত ব্যক্তিৰ কেৱল যদি কন্যা সন্তানেই থাকে আৰু পুত্ৰ সন্তান নাথাকে তেন্তে দুজনী তথা অধিক কন্যা সন্তানে মীৰাছৰ দুই তৃতীয়াংশ সম্পদ লাভ কৰিব। আৰু যদি মৃত ব্যক্তিৰ কেৱল এজনীয়ে ছোৱালী থাকে তেন্তে তাই মীৰাছৰ আধা অংশ লাভ কৰিব। আনহাতে মৃত ব্যক্তিৰ পিতৃ-মাতৃৰ প্ৰত্যেকে মীৰাছৰ ষষ্ঠাংশ লাভ কৰিব যদি মৃত ব্যক্তিৰ কোনো সন্তান থাকে, সন্তান নাৰী হওঁক অথবা পুৰুষ। আৰু যদি মৃত ব্যক্তিৰ কোনো সন্তান নাথাকে লগতে পিতৃ-মাতৃৰ বাহিৰে আন কোনো ওৱাৰিছো নাথাকে তেন্তে এনে পৰিস্থিতিত তাৰ মাকে এক তৃতীয়াংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব। আনহাতে মৃতকৰ যদি দুজন বা তাতোকৈ অধিক ভাই ভনি থাকে, সহোদৰ হওঁক বা নহওঁক, তেন্তে মাকে ষষ্ঠাংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব, ভাই ভনিসকলে একো নাপাব। মীৰাছৰ এই বন্টন মৃত ব্যক্তিৰ অছিয়ত পূৰণ কৰাৰ পিছতহে হব। উল্লেখযোগ্য যে, অছিয়তৰ পৰিমাণ এক তৃতীয়াংশতকৈ বেছি হব নালাগে, লগতে প্ৰথমে মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগিব। আল্লাহে মীৰাছ বন্টনৰ এইটোৱে পদ্ধতি নিৰ্ধাৰণ কৰিছে। কিয়নো তোমালোকে এইটো নাজানা যে, তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কোন অধিক উপকাৰী হব। কেতিয়াবা মৃত ব্যক্তিয়ে কোনো এজন ওৱাৰিছৰ প্ৰতি সন্তুষ্ট হৈ তাক সম্পূৰ্ণ সম্পদ প্ৰদান কৰে অথবা কাৰো প্ৰতি অসন্তুষ্ট হৈ তাক মীৰাছৰ পৰা বঞ্চিত কৰে, অথচ বিষয়টো তেওঁ ভৱাৰ দৰে নহবও পাৰে। এইবোৰ বিষয়ৰ সম্যক জ্ঞান কেৱল আল্লাহৰ ওচৰত, যাৰ পৰা কোনো বস্তু গোপন নহয়। সেয়ে তেওঁ মীৰাছৰ বৰ্ণনা এইদৰে কৰিছে। লগতে ইয়াক তেওঁৰ বান্দাসকলৰ বাবে জৰুৰী ঘোষণা কৰিছে। নিঃসন্দেহে আল্লাহেই সৰ্বজ্ঞ আৰু বান্দাৰ কোনো কল্যাণ তেওঁৰ পৰা গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুত কৰণত আৰু পৰিচালনাত প্ৰজ্ঞাৱান।

4:12Page 79

۞ وَلَكُمۡ نِصۡفُ مَا تَرَكَ أَزۡوَٰجُكُمۡ إِن لَّمۡ يَكُن لَّهُنَّ وَلَدٞۚ فَإِن كَانَ لَهُنَّ وَلَدٞ فَلَكُمُ ٱلرُّبُعُ مِمَّا تَرَكۡنَۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصِينَ بِهَآ أَوۡ دَيۡنٖۚ وَلَهُنَّ ٱلرُّبُعُ مِمَّا تَرَكۡتُمۡ إِن لَّمۡ يَكُن لَّكُمۡ وَلَدٞۚ فَإِن كَانَ لَكُمۡ وَلَدٞ فَلَهُنَّ ٱلثُّمُنُ مِمَّا تَرَكۡتُمۚ مِّنۢ بَعۡدِ وَصِيَّةٖ تُوصُونَ بِهَآ أَوۡ دَيۡنٖۗ وَإِن كَانَ رَجُلٞ يُورَثُ كَلَٰلَةً أَوِ ٱمۡرَأَةٞ وَلَهُۥٓ أَخٌ أَوۡ أُخۡتٞ فَلِكُلِّ وَٰحِدٖ مِّنۡهُمَا ٱلسُّدُسُۚ فَإِن كَانُوٓاْ أَكۡثَرَ مِن ذَٰلِكَ فَهُمۡ شُرَكَآءُ فِي ٱلثُّلُثِۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصَىٰ بِهَآ أَوۡ دَيۡنٍ غَيۡرَ مُضَآرّٖۚ وَصِيَّةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَلِيمٞ ١٢

And for you is half of what your wives leave if they have no child. But if they have a child, for you is one fourth of what they leave, after any bequest they [may have] made or debt. And for them [i.e., the wives] is one fourth if you leave no child. But if you leave a child, then for them is an eighth of what you leave, after any bequest you [may have] made or debt. And if a man or woman leaves neither ascendants nor descendants but has a brother or a sister, then for each one of them is a sixth. But if they are more than two, they share a third,1 after any bequest which was made or debt, as long as there is no detriment [caused].2 [This is] an ordinance from Allāh, and Allāh is Knowing and Forbearing.

হে পতিসকল! তোমালোকে তোমালোকৰ পত্নীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে (লৰা হওঁক বা ছোৱালী) তোমালোকৰ পৰা হওঁক অথবা আন কাৰোবাৰ পৰা। যদি সিহঁতৰ কোনো থাকে (লৰাই হওঁক বা ছোৱালী), তেন্তে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিবা। ইয়াৰ বিতৰণ তাইৰ অছীয়ত পূৰণ তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। আনহাতে হে পতিসকল! তোমালোকৰ স্ত্ৰীসকলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিব, যদিহে তোমালোকৰ কোনো সন্তান নাথাকে (লৰাই হওঁক বা ছোৱালী) তাইৰ পৰা হওঁক নাইবা আন কোনো স্ত্ৰীৰ পৰা। আনহাতে যদি তোমালোকৰ কোনো সন্তান থাকে (লৰাই হওঁক বা ছোৱালী) তেন্তে এনে অৱস্থা সিহঁতে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ পাব। আৰু এই বিতৰণ অছিয়ত পূৰণ কৰা পিছত তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু সন্তানো নাই অথবা এনেকুৱা কোনো নাৰীৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু মৃতকৰ মাকৰ ফালৰ কোনো ভাই আছে অথবা ভনী আছে তেন্তে সেই ভাই অথবা ভনীয়ে ছয় ভাগৰ এভাগ অংশ লাভ কৰিব। আৰু যদি মাকৰ ফালৰ পৰা ভাই অথবা ভনী একাধিক থাকে তেন্তে সেই সকলোৱে মিলি এক তৃতীয়াংশ লাভ কৰিব, য’ত সকলোৱে অংশীদাৰ হব। এই ক্ষেত্ৰত নাৰী আৰু পুৰুষ সকলো সমান। সিহঁতে নিজৰ অংশ মৃতকৰ অছিয়ত তথা ঋণ পুৰণৰ পিছতহে লাভ কৰিব। কিন্তু চৰ্ত হল মৃত ব্যক্তিৰ অছিয়তে যেন ওৱাৰিছসকলৰ কোনো ক্ষতি সাধন নকৰে। উদাহৰণ স্বৰূপে অছিয়ত যাতে এক তৃতীয়ংশতকৈ বেছি নহয়। এই আয়াতত যি আদেশ দিয়া হৈছে, সেয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা প্ৰতিশ্ৰুতি, যিটো পালন কৰা তোমালোকৰ বাবে অনিবাৰ্য। নিশ্চয় আল্লাহে ভালকৈ জানে দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে কোনটো উপকাৰী। তেওঁ বৰ সহনশীল, পাপিষ্ট ব্যক্তিক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে।

4:13Page 79

تِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ١٣

These are the limits [set by] Allāh, and whoever obeys Allāh and His Messenger will be admitted by Him to gardens [in Paradise] under which rivers flow, abiding eternally therein; and that is the great attainment.

উপৰোক্ত বিধানসমূহ যিবোৰ এতীম আৰু অন্যান্যসকলৰ বিষয়ে আহিছে, সেয়া আল্লাহৰ চৰীয়তৰ আদেশ, যিটো আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে প্ৰস্তুত কৰিছে, যাতে সিহঁতে ইয়াৰ ওপৰত আমল কৰে। যি ব্যক্তিয়ে আল্লাহৰ আৰু আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দুৰৈত থাকি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক অৱস্থান য’ত তেওঁলোকৰ বাবে মৃত্যু নাই। আল্লাহৰ এই প্ৰতিদানেই হৈছে সেই মহান সফলতা, যাৰ তুলনা আন কোনো সফলতাৰ সৈতে কৰিব নোৱাৰি।

4:14Page 79

وَمَن يَعۡصِ ٱللَّهَ وَرَسُولَهُۥ وَيَتَعَدَّ حُدُودَهُۥ يُدۡخِلۡهُ نَارًا خَٰلِدٗا فِيهَا وَلَهُۥ عَذَابٞ مُّهِينٞ ١٤

And whoever disobeys Allāh and His Messenger and transgresses His limits - He will put him into the Fire to abide eternally therein, and he will have a humiliating punishment.

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান অস্বীকাৰ কৰি তথা তাৰ ওপৰত আমল কৰা পৰিত্যাগ কৰি অথবা সন্দেহ পোষণ কৰি নাইবা আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, আল্লাহে তাক জাহান্নামত প্ৰৱেশ কৰাব, তাত সি চিৰস্থায়ী হব, আৰু তাত তাৰ বাবে থাকিব অপমানজনক শাস্তি।

4:15Page 80

وَٱلَّٰتِي يَأۡتِينَ ٱلۡفَٰحِشَةَ مِن نِّسَآئِكُمۡ فَٱسۡتَشۡهِدُواْ عَلَيۡهِنَّ أَرۡبَعَةٗ مِّنكُمۡۖ فَإِن شَهِدُواْ فَأَمۡسِكُوهُنَّ فِي ٱلۡبُيُوتِ حَتَّىٰ يَتَوَفَّىٰهُنَّ ٱلۡمَوۡتُ أَوۡ يَجۡعَلَ ٱللَّهُ لَهُنَّ سَبِيلٗا ١٥

Those who commit immorality [i.e., unlawful sexual intercourse] of your women - bring against them four [witnesses] from among you. And if they testify,1 confine them [i.e., the guilty women] to houses until death takes them or Allāh ordains for them [another] way.2

তোমালোকৰ যিসকল মহিলাই ব্যভিচাৰ কৰিব, তাই বিবাহিত হওঁক অথবা অবিবাহিত, সিহঁতৰ বিপক্ষে চাৰিজন পুৰুষ সাক্ষী উপস্থিত কৰা, যিসকল মুছলিম তথা সত্যবাদী হব লাগিব। যদি তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ শাস্তি স্বৰূপে ঘৰত বন্দী কৰি থোৱা, অৱশেষত যাতে মৃত্যুৱে সিহঁতৰ জীৱন ধ্বংশ কৰে নাইবা আল্লাহে সিহঁতৰ বাবে শাস্তিৰ আন কোনো উপায় নিৰ্ধাৰণ কৰি দিব। জানি থোৱা উচিত যে, আল্লাহে ইয়াৰ বিকল্প উপায় নিৰ্ধাৰণ কৰি দিছে। এতেকে এতিয়া যদি অবিবাহিত নাৰীয়ে ব্যভিচাৰ কৰে তেন্তে তাইৰ শাস্তি হৈছে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ। আনহাতে বিবাহিত হলে শিল দলিয়াই মৃত্যু প্ৰদানৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।

4:16Page 80

وَٱلَّذَانِ يَأۡتِيَٰنِهَا مِنكُمۡ فَـَٔاذُوهُمَاۖ فَإِن تَابَا وَأَصۡلَحَا فَأَعۡرِضُواْ عَنۡهُمَآۗ إِنَّ ٱللَّهَ كَانَ تَوَّابٗا رَّحِيمًا ١٦

And the two1 who commit it [i.e., unlawful sexual intercourse] among you - punish [i.e., dishonor] them both. But if they repent and correct themselves, leave them alone. Indeed, Allāh is ever Accepting of Repentance and Merciful.

ব্যভিচাৰ কৰা দুয়ো ব্যক্তি (বিবাহিত হওঁক অথবা অবিবাহিত) সিহঁতক মুখেৰে আৰু হাতেৰে এনেকুৱা শাস্তি দিয়া, য’ত অপমান আৰু দণ্ড আছে। তাৰ পিছত যদি সিহঁত উভয়ে তাওবা কৰি লয় আৰু নিজৰ ব্যৱহাৰ ঠিক কৰি লয় তেন্তে সিহঁতক কষ্ট নিদিবা। কিয়নো গুনাহৰ পৰা তাওবাকাৰী গুনাহ মুক্ত হৈ যায়। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। জানি থোৱা উচিত যে, এই ধৰণৰ শাস্তি প্ৰথম অৱস্থাত আছিল। কিন্তু পিছত এই আদেশ ৰহিত কৰি অবিবাহিতৰ বাবে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ আনহাতে বিবাহিতক শিল দলিয়াই মৃত্যু প্ৰদানৰ আদেশ দিয়া হৈছে।

4:17Page 80

إِنَّمَا ٱلتَّوۡبَةُ عَلَى ٱللَّهِ لِلَّذِينَ يَعۡمَلُونَ ٱلسُّوٓءَ بِجَهَٰلَةٖ ثُمَّ يَتُوبُونَ مِن قَرِيبٖ فَأُوْلَٰٓئِكَ يَتُوبُ ٱللَّهُ عَلَيۡهِمۡۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمٗا ١٧

The repentance accepted by Allāh is only for those who do wrong in ignorance [or carelessness] and then repent soon [after].1 It is those to whom Allāh will turn in forgiveness, and Allāh is ever Knowing and Wise.

আল্লাহে কেৱল সেইসকল লোকৰ তাওবা কবূল কৰে, যিসকলে পাপকৰ্ম আৰু অবাধ্যতাৰ পৰিণাম সম্পৰ্কে নজনাকৈ অজ্ঞতাবশতঃ তাত লিপ্ত হয়, (দৰাচলতে প্ৰত্যেক গুনাহকাৰী ব্যক্তিৰ বাবেই এই অৱস্থা, সি জানি বুজি কৰক নাইবা অজানিতে) তাৰ পিছত সি নিজ চকুৰে মৃত্যু দেখাৰ পূৰ্বেই নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে (তাওবা কৰে), আল্লাহে এনেকুৱা লোকৰেই তাওবা কবূল কৰে, আৰু তেওঁলোকৰ গুনাহসমূহক আওকাণ কৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত, তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।

4:18Page 80

وَلَيۡسَتِ ٱلتَّوۡبَةُ لِلَّذِينَ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِ حَتَّىٰٓ إِذَا حَضَرَ أَحَدَهُمُ ٱلۡمَوۡتُ قَالَ إِنِّي تُبۡتُ ٱلۡـَٰٔنَ وَلَا ٱلَّذِينَ يَمُوتُونَ وَهُمۡ كُفَّارٌۚ أُوْلَٰٓئِكَ أَعۡتَدۡنَا لَهُمۡ عَذَابًا أَلِيمٗا ١٨

But repentance is not [accepted] of those who [continue to] do evil deeds up until, when death comes to one of them, he says, "Indeed, I have repented now," or of those who die while they are disbelievers. For them We have prepared a painful punishment.

আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰ অৱস্থাত মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰ অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

4:19Page 80

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا يَحِلُّ لَكُمۡ أَن تَرِثُواْ ٱلنِّسَآءَ كَرۡهٗاۖ وَلَا تَعۡضُلُوهُنَّ لِتَذۡهَبُواْ بِبَعۡضِ مَآ ءَاتَيۡتُمُوهُنَّ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَعَاشِرُوهُنَّ بِٱلۡمَعۡرُوفِۚ فَإِن كَرِهۡتُمُوهُنَّ فَعَسَىٰٓ أَن تَكۡرَهُواْ شَيۡـٔٗا وَيَجۡعَلَ ٱللَّهُ فِيهِ خَيۡرٗا كَثِيرٗا ١٩

O you who have believed, it is not lawful for you to inherit women by compulsion.1 And do not make difficulties for them in order to take [back] part of what you gave them2 unless they commit a clear immorality [i.e., adultery]. And live with them in kindness. For if you dislike them - perhaps you dislike a thing and Allāh makes therein much good.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজ পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰা তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছানুযায়ী তেওঁলোকক বিবাহ কৰা তথা নিজ ইচ্ছানুযায়ী আনৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। আৰু তোমালোকৰ বাবে এইটোও বৈধ নহয় যে, নিজৰ যিসকল স্ত্ৰীক তোমালোকে পছন্দ নকৰা সেইসকলক কষ্ট দিবলৈ নিজৰ ওচৰত থাকিবলৈ বাধ্য কৰোৱা। যাতে সিহঁতে বাধ্য হৈ তোমালোকৰ মোহৰ আদি তোমালোকে যি দিছিলা সেয়া ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেয়া সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক বাধ্য কৰাই সিহঁতৰ পৰা তোমালোকে দিয়া বস্তুখিনি ঘূৰাই লৈ সিহঁত যাতে অব্যাহতি লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ লগত উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।

4:20Page 81

وَإِنۡ أَرَدتُّمُ ٱسۡتِبۡدَالَ زَوۡجٖ مَّكَانَ زَوۡجٖ وَءَاتَيۡتُمۡ إِحۡدَىٰهُنَّ قِنطَارٗا فَلَا تَأۡخُذُواْ مِنۡهُ شَيۡـًٔاۚ أَتَأۡخُذُونَهُۥ بُهۡتَٰنٗا وَإِثۡمٗا مُّبِينٗا ٢٠

But if you want to replace one wife with another and you have given one of them a great amount [in gifts], do not take [back] from it anything. Would you take it in injustice and manifest sin?

হে পতিসকল! যদি তোমালোকে কোনো পত্নীক তালাক দিব বিচৰা আৰু তাইৰ ঠাইত আন কোনো স্ত্ৰী আনিব খোজা, তেন্তে ইয়াত একো অসুবিধা নাই। তোমালোকে যিজনী পত্নীক তালাক দিব বিচৰা, তাইক যদি মোহৰ হিচাপে বহু পৰিমাণে টকা পইচা দিছিলা, তেন্তে তাৰ পৰা একো ওভোতাই লব নোৱাৰিবা। কিয়নো তাইক দিয়া ধনৰ কিবা ওভোতাই লোৱাটো স্পষ্ট আৰোপ তথা স্পষ্ট পাপ বুলি গণ্য হ'ব।

4:21Page 81

وَكَيۡفَ تَأۡخُذُونَهُۥ وَقَدۡ أَفۡضَىٰ بَعۡضُكُمۡ إِلَىٰ بَعۡضٖ وَأَخَذۡنَ مِنكُم مِّيثَٰقًا غَلِيظٗا ٢١

And how could you take it while you have gone in unto each other and they have taken from you a solemn covenant?

সিহঁতক দিয়া মোহৰ তোমালোকে কেনেকৈ ওভোতাই লবা, অথচ তোমালোকৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল, প্ৰেম গঢ়ি উঠিছিল, তোমালোকে ইজনে সিজনৰ পৰা উপকৃত হৈছিলা লগতে পৰস্পৰৰ গোপনীয়তা সম্পৰ্কে অৱগত হৈছা। এইবোৰৰ বিনিময়ত সিহঁতে যি সম্পদ পাইছে, তাৰ প্ৰতি লোভ কৰাটো বৰ বেয়া তথা নিকৃষ্ট ৰুচি। অথচ সিহঁতে তোমালোকৰ পৰা বৰ মজবুত অঙ্গীকাৰ লৈছিল। সেয়া হৈছে, আল্লাহৰ শব্দ আৰু তেওঁৰ চৰীয়তৰ আধাৰত সিহঁতক তোমালোকৰ বাবে হালাল কৰা হৈছিল।

4:22Page 81

وَلَا تَنكِحُواْ مَا نَكَحَ ءَابَآؤُكُم مِّنَ ٱلنِّسَآءِ إِلَّا مَا قَدۡ سَلَفَۚ إِنَّهُۥ كَانَ فَٰحِشَةٗ وَمَقۡتٗا وَسَآءَ سَبِيلًا ٢٢

And do not marry those [women] whom your fathers married, except what has already occurred.1 Indeed, it was an immorality and hateful [to Allāh] and was evil as a way.

আৰু সেইসকল নাৰীকো বিবাহ নকৰিবা, যাক তোমাৰ পিতৃয়ে নিকাহ কৰিছে, কিয়নো এয়া হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক।

4:23Page 81

حُرِّمَتۡ عَلَيۡكُمۡ أُمَّهَٰتُكُمۡ وَبَنَاتُكُمۡ وَأَخَوَٰتُكُمۡ وَعَمَّٰتُكُمۡ وَخَٰلَٰتُكُمۡ وَبَنَاتُ ٱلۡأَخِ وَبَنَاتُ ٱلۡأُخۡتِ وَأُمَّهَٰتُكُمُ ٱلَّٰتِيٓ أَرۡضَعۡنَكُمۡ وَأَخَوَٰتُكُم مِّنَ ٱلرَّضَٰعَةِ وَأُمَّهَٰتُ نِسَآئِكُمۡ وَرَبَٰٓئِبُكُمُ ٱلَّٰتِي فِي حُجُورِكُم مِّن نِّسَآئِكُمُ ٱلَّٰتِي دَخَلۡتُم بِهِنَّ فَإِن لَّمۡ تَكُونُواْ دَخَلۡتُم بِهِنَّ فَلَا جُنَاحَ عَلَيۡكُمۡ وَحَلَٰٓئِلُ أَبۡنَآئِكُمُ ٱلَّذِينَ مِنۡ أَصۡلَٰبِكُمۡ وَأَن تَجۡمَعُواْ بَيۡنَ ٱلۡأُخۡتَيۡنِ إِلَّا مَا قَدۡ سَلَفَۗ إِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا ٢٣

Prohibited to you [for marriage] are your mothers, your daughters, your sisters, your father's sisters, your mother's sisters, your brother's daughters, your sister's daughters, your [milk] mothers who nursed you, your sisters through nursing, your wives' mothers, and your step-daughters under your guardianship [born] of your wives unto whom you have gone in. But if you have not gone in unto them, there is no sin upon you. And [also prohibited are] the wives of your sons who are from your [own] loins, and that you take [in marriage] two sisters simultaneously, except for what has already occurred.1 Indeed, Allāh is ever Forgiving and Merciful.

আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাতৃক বিবাহ কৰা হাৰাম কৰিছে, যদিও ওপৰৰ হওঁক, অৰ্থাৎ দাদী, নানী আৰু এই দুয়োৰ মাতৃকো। আৰু কন্যা সন্তানক, যদিও সেয়া তলৰ নহওঁক কিয়, যেনে- নাতিনী, নাতিনীৰ ছোৱালী ইত্যাদি, এইদৰে পুত্ৰৰ ঘৰৰ ছোৱালী আৰু সেই ছোৱালীৰ ছোৱালী। আৰু তোমালোকৰ পিতৃৰ ফালৰ পৰা অথবা মাকৰ ফালৰ পৰা ভনিকো হাৰাম কৰিছে, লগতে হাৰাম কৰিছে তোমালোকৰ পেহীক, এইদৰে তোমালোকৰ পিতৃৰ আৰু মাতৃৰ পেহীকো হাৰাম কৰিছে, ওপৰলৈ যিমান দূৰ পায়গৈ। এইদৰে হাৰাম কৰিছে তোমালোকৰ মাহীক, লগতে তোমালোকৰ পিতৃ আৰু মাতৃ মাহীকো হাৰাম কৰিছে, এই সম্পৰ্ক ওপৰলৈ যিমানদুৰ যায়। এইদৰে ভাগিনী আৰু ভতিজীৰ লগতো বিবাহ হাৰাম কৰিছে আৰু সিহঁতৰ ছোৱালীকো হাৰাম কৰিছে। আৰু তোমালোকৰ সেই মাতৃসকলকো হাৰাম কৰিছে যিসকলে তোমালোকক গাখীৰ খোৱাইছে, এই সম্পৰ্কীয় ভনিসকলকো হাৰাম কৰিছে। লগতে হাৰাম কৰিছে তোমালোকৰ স্ত্ৰীসকলৰ মাতৃকো, যদিও মিলন হওঁক বা নহওঁক। লগতে তোমালোকৰ পত্নীৰ সেইসকল ছোৱালীকো হাৰাম কৰিছে যিসকল তোমালোকৰ ফালৰ পৰা নহয়, যিসকল তোমালোকৰ ঘৰতেই বেছি ভাগ ডাঙৰ দীঘল হয় আৰু তোমালোকে সিহঁতৰ মাতৃৰ লগত সহবাস কৰিছা। আনহাতে যদি সিহঁত তোমালোকৰ ঘৰত ডাঙৰ দীঘল হোৱা নাই, আৰু সিহঁতৰ মাতৃক বিবাহ কৰাৰ পিছত সহবাস কৰা নাই তেন্তে সিহঁতৰ ছোৱালীক বিবাহ কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকৰ বাবে তোমালোকৰ পুত্ৰ বধুক বিবাহ কৰাও হাৰাম কৰা হৈছে, যদিও সহবাস কৰা নাই। গাখীৰ সম্পৰ্কীয় পুত্ৰ বধুও এই বিধানৰ অন্তৰ্ভুক্ত। এইদৰে দুজনী সহোদৰা ভনি তথা গাখীৰ সম্পৰ্কীয় ভনিক একত্ৰিত বিবাহ কৰাও হাৰাম। অজ্ঞতা যুগত যি হৈছে, হৈছে। আল্লাহে সেয়া ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰিব। তেওঁলোকক দয়া কৰিব। এইদৰে হাদীছৰ দ্বাৰা প্ৰমাণিত যে, পেহী আৰু ভতিজীক লগতে মাহী আৰু ভাগিনীক এজন স্বামীৰ অধীনত ৰখা বৈধ নহয়।

4:24Page 82

۞ وَٱلۡمُحۡصَنَٰتُ مِنَ ٱلنِّسَآءِ إِلَّا مَا مَلَكَتۡ أَيۡمَٰنُكُمۡۖ كِتَٰبَ ٱللَّهِ عَلَيۡكُمۡۚ وَأُحِلَّ لَكُم مَّا وَرَآءَ ذَٰلِكُمۡ أَن تَبۡتَغُواْ بِأَمۡوَٰلِكُم مُّحۡصِنِينَ غَيۡرَ مُسَٰفِحِينَۚ فَمَا ٱسۡتَمۡتَعۡتُم بِهِۦ مِنۡهُنَّ فَـَٔاتُوهُنَّ أُجُورَهُنَّ فَرِيضَةٗۚ وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا تَرَٰضَيۡتُم بِهِۦ مِنۢ بَعۡدِ ٱلۡفَرِيضَةِۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا ٢٤

And [also prohibited to you are all] married women except those your right hands possess.1 [This is] the decree of Allāh upon you. And lawful to you are [all others] beyond these, [provided] that you seek them [in marriage] with [gifts from] your property, desiring chastity, not unlawful sexual intercourse. So for whatever you enjoy [of marriage] from them, give them their due compensation2 as an obligation. And there is no blame upon you for what you mutually agree to beyond the obligation. Indeed, Allāh is ever Knowing and Wise.

বিবাহিত নাৰীক বিবাহ কৰা তোমালোকৰ বাবে হাৰাম কৰা হৈছে। কিন্তু আল্লাহৰ পথত যুদ্ধ কৰা অৱস্থাত বন্দী হৈ অহা নাৰীসকল এটা হায়েজ পাৰ কৰাৰ পিছত যদি স্পষ্ট হয় যে, তাই গৰ্ভৱতী নহয় তেন্তে তাইৰ লগত সহবাস কৰা তোমালোকৰ বাবে হালাল। এইটো তোমালোকৰ ওপৰত ফৰজ। আল্লাহে ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আন আন নাৰীসকলক বৈধ কৰিছে, যদি তোমালোকে নিজৰ সম্পদ ব্যয় কৰি, হালাল পদ্ধতিৰে, ব্যভিচাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে নিজৰ সন্মান ৰক্ষা কৰিব বিচৰা। কিন্তু যিসকলক নাৰীক বিবাহ কৰি উপকৃত হব বিচৰা, সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া যিটো তোমালোকৰ ওপৰত ফৰজ কৰিছে। কিন্তু যদি ওৱাজীব মোহৰ নিৰ্ধাৰণ কৰাৰ পিছত পৰস্পৰৰ সন্মতিত তাত কোনো কম বেছি কৰা হয় তেন্তে তাত কোনো গুনাহ নাই। নিশ্চয় আল্লাহ সৃষ্টি সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা সিহঁতৰ কোনো বিষয় গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞৱান।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском