Al-Mukhtasar · Tafsir · in Assamese
Ghafir 40:40–81
40:40Page 471
مَنۡ عَمِلَ سَيِّئَةٗ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَاۖ وَمَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَأُوْلَٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ يُرۡزَقُونَ فِيهَا بِغَيۡرِ حِسَابٖ ٤٠
Whoever does an evil deed will not be recompensed except by the like thereof; but whoever does righteousness, whether male or female, while he is a believer - those will enter Paradise, being given provision therein without account.
যিয়ে বেয়া আমল কৰিছে, তাক সেই অনুপাতেই শাস্তি দিয়া হ'ব। তাৰ কৰ্মতকৈ অধিক শাস্তি কেতিয়াও দিয়া নহ’ব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰিব, পুৰষেই হওক অথবা নাৰী, কিন্তু আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী হ’ব লাগিব, এই উত্তম আদৰ্শৱান লোকসকলেই কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰিব। তাত আল্লাহে তেওঁলোকক জান্নাতৰ অগণিত ফলমূল আৰু অসীম নিয়ামত উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।
40:41Page 472
۞ وَيَٰقَوۡمِ مَا لِيٓ أَدۡعُوكُمۡ إِلَى ٱلنَّجَوٰةِ وَتَدۡعُونَنِيٓ إِلَى ٱلنَّارِ ٤١
And O my people, how is it that I invite you to salvation while you invite me to the Fire?
হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকুৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কুফৰী কৰিবলৈ আৰু তেওঁৰ অবাধ্যতা কৰিবলৈ আৰু জাহান্নামত প্ৰৱেশ কৰাৰ প্ৰতি আহ্বান কৰি আছা?
40:42Page 472
تَدۡعُونَنِي لِأَكۡفُرَ بِٱللَّهِ وَأُشۡرِكَ بِهِۦ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞ وَأَنَا۠ أَدۡعُوكُمۡ إِلَى ٱلۡعَزِيزِ ٱلۡغَفَّٰرِ ٤٢
You invite me to disbelieve in Allāh and associate with Him that of which I have no knowledge, and I invite you to the Exalted in Might, the Perpetual Forgiver.1
তোমালোকে মোক বাতিলৰ পিনে আহ্বান কৰি আছা, যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ; লগতে যাতে তেওঁৰ সৈতে এনেকুৱা উপাস্যৰ উপাসনা কৰোঁ, যিবোৰৰ উপাসনা সঠিক হোৱাৰ সপক্ষে মোৰ ওচৰত কোনো জ্ঞান নাই। পক্ষান্তৰে মই তোমালোকক মহাপৰাক্ৰমশালী আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছোঁ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ক্ষমাশীল, বান্দাসকলক ক্ষমা কৰি ভালপায়।
40:43Page 472
لَا جَرَمَ أَنَّمَا تَدۡعُونَنِيٓ إِلَيۡهِ لَيۡسَ لَهُۥ دَعۡوَةٞ فِي ٱلدُّنۡيَا وَلَا فِي ٱلۡأٓخِرَةِ وَأَنَّ مَرَدَّنَآ إِلَى ٱللَّهِ وَأَنَّ ٱلۡمُسۡرِفِينَ هُمۡ أَصۡحَٰبُ ٱلنَّارِ ٤٣
Assuredly, that to which you invite me has no [response to a] supplication in this world or in the Hereafter; and indeed, our return is to Allāh, and indeed, the transgressors will be companions of the Fire.
এই কথা সত্য যে, তোমালোকে মোক যাৰ প্ৰতি বিশ্বাস কৰিবলৈ তথা যাৰ আনুগত্য কৰিবলৈ মাতি আছা, প্ৰকৃততে সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। আনকি আহ্বানকাৰীৰ উত্তৰ দিয়াৰো তাৰ সামৰ্থ নাই। নিশ্চয় আমি সকলোৱে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। কুফৰী আৰু গুনাহৰ দ্বাৰা সীমালংঘন কৰা লোকসকলেই হৈছে জাহান্নামী, কিয়ামতৰ দিনা সিহঁতে তাত প্ৰৱেশ কৰিব।
40:44Page 472
فَسَتَذۡكُرُونَ مَآ أَقُولُ لَكُمۡۚ وَأُفَوِّضُ أَمۡرِيٓ إِلَى ٱللَّهِۚ إِنَّ ٱللَّهَ بَصِيرُۢ بِٱلۡعِبَادِ ٤٤
And you will remember what I [now] say to you, and I entrust my affair to Allāh. Indeed, Allāh is Seeing of [His] servants."
কিন্তু সিহঁতে তেওঁৰ উপদেশক নাকচ কৰিলে। তেতিয়া তেওঁ ক’লেঃ তোমালোকে অচিৰেই মোৰ এই উপদেশক স্মৰণ কৰিবা আৰু সেইটো গ্ৰহণ নকৰাৰ বাবে পৰিতাপ কৰিবা। মই মোৰ সকলো বিষয় একমাত্ৰ আল্লাহৰ ওপৰতেই সমৰ্পন কৰিছোঁ। নিশ্চয় বান্দাসকলৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়।
40:45Page 472
فَوَقَىٰهُ ٱللَّهُ سَيِّـَٔاتِ مَا مَكَرُواْۖ وَحَاقَ بِـَٔالِ فِرۡعَوۡنَ سُوٓءُ ٱلۡعَذَابِ ٤٥
So Allāh protected him from the evils they plotted, and the people of Pharaoh were enveloped by the worst of punishment -
এতেকে যেতিয়া সিহঁতে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, তেতিয়া আল্লাহে তেওঁক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে। ইপিনে ফিৰআউন বংশক শাস্তিয়ে পৰিবেষ্টন কৰিলে। ফলত আল্লাহে ফিৰআউনক আৰু তাৰ সৈন্যবাহিনীক পৃথিৱীতেই ডুবাই মাৰিলে।
40:46Page 472
ٱلنَّارُ يُعۡرَضُونَ عَلَيۡهَا غُدُوّٗا وَعَشِيّٗاۚ وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ أَدۡخِلُوٓاْ ءَالَ فِرۡعَوۡنَ أَشَدَّ ٱلۡعَذَابِ ٤٦
The Fire; they are exposed to it morning and evening.1 And the Day the Hour appears [it will be said], "Make the people of Pharaoh enter the severest punishment."
মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁতক অগ্নিৰ সন্মুখত উপস্থিত কৰা হয়। কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠিন তথা মহাশাস্তিৰ ভিতৰত নিক্ষেপ কৰা। কিয়নো সিহঁতে কুফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানুহক বাধা দিছিল।
40:47Page 472
وَإِذۡ يَتَحَآجُّونَ فِي ٱلنَّارِ فَيَقُولُ ٱلضُّعَفَٰٓؤُاْ لِلَّذِينَ ٱسۡتَكۡبَرُوٓاْ إِنَّا كُنَّا لَكُمۡ تَبَعٗا فَهَلۡ أَنتُم مُّغۡنُونَ عَنَّا نَصِيبٗا مِّنَ ٱلنَّارِ ٤٧
And [mention] when they will argue within the Fire, and the weak will say to those who had been arrogant, "Indeed, we were [only] your followers, so will you relieve us of a share of the Fire?"
হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া জাহান্নামত অনুসাৰীসকল আৰু যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে পৰস্পৰে বিবাদ কৰিব। এতেকে দুৰ্বল অনুসাৰীসকলে অহংকাৰী নেতাসকলক উদ্দেশ্যি ক’বঃ পৃথিৱীত আমি তোমালোকৰ অনুসৰণ কৰি বিভ্ৰান্ত হৈছিলোঁ, এতিয়া তোমালোকে আমাৰ পৰা আল্লাহৰ এই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিবা নেকি?
40:48Page 472
قَالَ ٱلَّذِينَ ٱسۡتَكۡبَرُوٓاْ إِنَّا كُلّٞ فِيهَآ إِنَّ ٱللَّهَ قَدۡ حَكَمَ بَيۡنَ ٱلۡعِبَادِ ٤٨
Those who had been arrogant will say, "Indeed, all [of us] are in it. Indeed, Allāh has judged between the servants."
তেতিয়া অহংকাৰী নেতাসকলে ক'বঃ শুনা! নেতা আৰু অনুসাৰী আমি সকলোৱে এতিয়া জাহান্নামত আছোঁ। আমাৰ মাজৰ কোনেও এতিয়া কাৰো শাস্তি ভগাই ল'ব নোৱাৰে। যিহেতু আল্লাহে বান্দাসকলৰ মাজত চূড়ান্ত ফয়চালা কৰি দিছে, লগতে প্ৰত্যেককে উচিত শাস্তি বিহিছে।
40:49Page 472
وَقَالَ ٱلَّذِينَ فِي ٱلنَّارِ لِخَزَنَةِ جَهَنَّمَ ٱدۡعُواْ رَبَّكُمۡ يُخَفِّفۡ عَنَّا يَوۡمٗا مِّنَ ٱلۡعَذَابِ ٤٩
And those in the Fire will say to the keepers of Hell, "Supplicate your Lord to lighten for us a day from the punishment."
জাহান্নামৰ শাস্তিপ্ৰাপ্ত নেতা আৰু অনুসাৰী, সকলোৱে যেতিয়া জাহান্নামৰ পৰা ওলোৱাৰ বিষয় সম্পৰ্কে নিৰাশ হৈ পৰিব, তথা সিহঁতৰ পৃথিৱীলৈ ঘূৰি অহাৰ আশাত যেতিয়া চেঁচা পানী পৰিব, তেতিয়া সিহঁতে জাহান্নামৰ চোৱাচিতাৰ দায়িত্বত থকা ফিৰিস্তাক সম্বোধন কৰি ক’বঃ আপোনালোকে আপোনালোকৰ প্ৰতিপালকক আমাৰ বাবে অলপ দুআ কৰি কওক, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ’লেও এই চিৰস্থায়ী শাস্তিক অকণমান লাঘৱ কৰি দিয়ে।
40:50Page 473
قَالُوٓاْ أَوَلَمۡ تَكُ تَأۡتِيكُمۡ رُسُلُكُم بِٱلۡبَيِّنَٰتِۖ قَالُواْ بَلَىٰۚ قَالُواْ فَٱدۡعُواْۗ وَمَا دُعَٰٓؤُاْ ٱلۡكَٰفِرِينَ إِلَّا فِي ضَلَٰلٍ ٥٠
They will say, "Did there not come to you your messengers with clear proofs?" They will say, "Yes." They will reply, "Then supplicate [yourselves], but the supplication of the disbelievers is not except in error [i.e., futility]."
জাহান্নামৰ প্ৰহৰিয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয়, নিশ্চয় তেওঁলোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰিয়ে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ততা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ হৈছে সিহঁতে কুফৰী কৰিছে।
40:51Page 473
إِنَّا لَنَنصُرُ رُسُلَنَا وَٱلَّذِينَ ءَامَنُواْ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَيَوۡمَ يَقُومُ ٱلۡأَشۡهَٰدُ ٥١
Indeed, We will support Our messengers and those who believe during the life of this world and on the Day when the witnesses will stand -
নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰোঁ, লগতে যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে তেওঁলোককো সহায় কৰোঁ, পৃথিৱীত তেওঁলোকৰ পক্ষক শক্তিশালী কৰি আৰু শত্ৰুৰ বিৰুদ্ধে তেওঁলোকক সমৰ্থন কৰাৰ মাধ্যমত তেওঁলোকক সহায় কৰোঁ। লগতে কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাত সহায় কৰিম আৰু পৃথিৱীত তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক জাহান্নামত প্ৰৱেশ কৰাম। এইবোৰ সেইসময়ত সংঘটিত হ’ব যেতিয়া নবীসকলে আৰু ফিৰিস্তাসকলে লগতে মুমিনসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, সিহঁতৰ ওচৰত ইছলামৰ বাৰ্তা আহি পৰিছিল কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল।
40:52Page 473
يَوۡمَ لَا يَنفَعُ ٱلظَّٰلِمِينَ مَعۡذِرَتُهُمۡۖ وَلَهُمُ ٱللَّعۡنَةُ وَلَهُمۡ سُوٓءُ ٱلدَّارِ ٥٢
The Day their excuse will not benefit the wrongdoers, and they will have the curse, and they will have the worst home [i.e., Hell].
কুফৰ আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে সেইদিনা নিজৰ পাপকৰ্মৰ অজুহাত দাঙি ধৰিলেও কোনো উপকাৰ নহ’ব। সেইদিনা সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিয়া হ’ব। আখিৰাতত সিহঁতৰ বাবেই আছে নিকৃষ্ট বাসস্থান, য’ত সিহঁতক কষ্টদায়ক শাস্তি দিয়া হ’ব।
40:53Page 473
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡهُدَىٰ وَأَوۡرَثۡنَا بَنِيٓ إِسۡرَٰٓءِيلَ ٱلۡكِتَٰبَ ٥٣
And We had certainly given Moses guidance, and We caused the Children of Israel to inherit the Scripture
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকুৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায়ত পাইছিল। তথা তাওৰাতক আমি এনেকুৱা এখন গ্ৰন্থত পৰিণত কৰিছিলোঁ, যিখনৰ উত্তৰাধিকাৰী বনী ইছৰাঈলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই লাভ কৰিছিল।
40:54Page 473
هُدٗى وَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ ٥٤
As guidance and a reminder for those of understanding.
যিখনে সত্যৰ পথ দেখুৱাইছিল আৰু সুস্থ বিবেকৱান লোকসকলৰ বাবে আছিল সেইখন উপদেশ।
40:55Page 473
فَٱصۡبِرۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَٱسۡتَغۡفِرۡ لِذَنۢبِكَ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ بِٱلۡعَشِيِّ وَٱلۡإِبۡكَٰرِ ٥٥
So be patient, [O Muḥammad]. Indeed, the promise of Allāh is truth. And ask forgiveness for your sin1 and exalt [Allāh] with praise of your Lord in the evening and the morning.
হে ৰাছুল! আপোনাৰ জাতিয়ে আপোনাক অস্বীকাৰ কৰা কাৰ্যত আৰু সিহঁতৰ নিৰ্যাতনত আপুনি ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায়-সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।
40:56Page 473
إِنَّ ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ بِغَيۡرِ سُلۡطَٰنٍ أَتَىٰهُمۡ إِن فِي صُدُورِهِمۡ إِلَّا كِبۡرٞ مَّا هُم بِبَٰلِغِيهِۚ فَٱسۡتَعِذۡ بِٱللَّهِۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ٥٦
Indeed, those who dispute concerning the signs of Allāh without [any] evidence having come to them - there is not within their breasts except pride, [the extent of] which they cannot reach. So seek refuge in Allāh. Indeed, it is He who is the Hearing, the Seeing.
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ বিতৰ্ক কৰে, সিহঁতৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা কোনো প্ৰমাণ নাই। সিহঁতৰ উদ্দেশ্য কেৱল সত্যক দমন কৰা আৰু নিজকে সুউচ্চ প্ৰমাণিত কৰাৰ বাহিৰে আন একো নহয়। সিহঁতে নিজৰ এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰিব। হে ৰাছুল! আপুনি দৃঢ়ভাৱে তথা একনিষ্ঠভাৱে আল্লাহৰ হৈ থাকক। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বদ্ৰষ্টা। একোৱেই তেওঁৰ পৰা বাদ নপৰে। তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
40:57Page 473
لَخَلۡقُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ أَكۡبَرُ مِنۡ خَلۡقِ ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٥٧
The creation of the heavens and earth is greater than the creation of mankind, but most of the people do not know.
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱী, বিশালতা আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়। এতেকে যি সত্ত্বাই এই বিশাল আকাশমণ্ডল আৰু ভূমণ্ডলক সৃষ্টি কৰিছে, সেই সত্ত্বাই নিশ্চয় মৃতসকলক পুনৰুত্থিত কৰি কবৰৰ পৰা উঠাই হিচাপ-নিকাচ আৰু প্ৰতিদান দিবলৈ সক্ষম। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে ইয়াৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰে, তথা ইয়াক পুনৰুত্থানৰ দলিল হিচাপে গ্ৰহণ নকৰে, যদিও বিষয়টো একেবাৰে স্পষ্ট।
40:58Page 473
وَمَا يَسۡتَوِي ٱلۡأَعۡمَىٰ وَٱلۡبَصِيرُ وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَلَا ٱلۡمُسِيٓءُۚ قَلِيلٗا مَّا تَتَذَكَّرُونَ ٥٨
And not equal are the blind and the seeing, nor are those who believe and do righteous deeds and the evildoer. Little do you remember.
দৃষ্টিশক্তি থকা আৰু দৃষ্টিশক্তি নথকা ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। ঠিক সেইদৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰিছে লগতে সৎকৰ্ম কৰিছে, তেওঁলোকে কেতিয়াও সেইসকল লোকৰ দৰে নহয় যিসকলে বাতিল আক্বীদাহ আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ বেয়া আমল কৰি আছে। (পৰিলক্ষিত হৈছে যে) তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। কিয়নো সঁচাই যদি তোমালোকে উপদেশ গ্ৰহণ কৰিলাহেঁতেন তেন্তে নিশ্চয় দুয়ো দলৰ পাৰ্থক্য বুজি পালাহেঁতেন তথা সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লাহেঁতেন যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে।
40:59Page 474
إِنَّ ٱلسَّاعَةَ لَأٓتِيَةٞ لَّا رَيۡبَ فِيهَا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يُؤۡمِنُونَ ٥٩
Indeed, the Hour is coming - no doubt about it - but most of the people do not believe.
নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰি হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া। ইয়াৰ মাজত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিব বুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁতে ইয়াৰ বাবে প্ৰস্তুতি নলয়।
40:60Page 474
وَقَالَ رَبُّكُمُ ٱدۡعُونِيٓ أَسۡتَجِبۡ لَكُمۡۚ إِنَّ ٱلَّذِينَ يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِي سَيَدۡخُلُونَ جَهَنَّمَ دَاخِرِينَ ٦٠
And your Lord says, "Call upon Me; I will respond to you." Indeed, those who disdain My worship will enter Hell [rendered] contemptible.
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে কৈছে যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু কেৱল মোৰ ওচৰতেই প্ৰাৰ্থনা কৰা। মই তোমালোকৰ প্ৰাৰ্থনা কবূল কৰিম, তোমালোকক ক্ষমা কৰিম তথা তোমালোকৰ প্ৰতি দয়া কৰিম। নিশ্চয় যিসকলে এককভাৱে মোৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, শীঘ্ৰেই সিহঁতে কিয়ামতৰ দিনা লাঞ্ছিত অপমানিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।
40:61Page 474
ٱللَّهُ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِتَسۡكُنُواْ فِيهِ وَٱلنَّهَارَ مُبۡصِرًاۚ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ ٦١
It is Allāh who made for you the night that you may rest therein and the day giving sight.1 Indeed, Allāh is the possessor of bounty for the people, but most of them are not grateful.
আল্লাহেই ৰাতিক তোমালোকৰ বাবে অন্ধকাৰাচ্ছন্ন কৰি দিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। পক্ষান্তৰে দিনক আলোকিত কৰি দিছে, যাতে সেই সময়ছোৱাত কাম কৰিব পাৰা। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি মহা অনুগ্ৰহশীল, তেৱেঁই মানুহক প্ৰকাশ্য অপ্ৰকাশ্য সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে। কিন্তু অধিকাংশ লোকেই তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।
40:62Page 474
ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ خَٰلِقُ كُلِّ شَيۡءٖ لَّآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُؤۡفَكُونَ ٦٢
That is Allāh, your Lord, Creator of all things; there is no deity except Him, so how are you deluded?
তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা। তেওঁৰ বাহিৰে কোনো সৃষ্টিকৰ্তা নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে।
40:63Page 474
كَذَٰلِكَ يُؤۡفَكُ ٱلَّذِينَ كَانُواْ بِـَٔايَٰتِ ٱللَّهِ يَجۡحَدُونَ ٦٣
Thus were those [before you] deluded who were rejecting the signs of Allāh.
যিদৰে এইসকল লোকক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা আৰু এককভাৱে তেওঁৰ ইবাদত কৰাৰ পৰা আঁতৰাই দিয়া হৈছে, ঠিক সেইদৰে সেইসকল লোককো প্ৰত্যেক যুগ তথা প্ৰত্যেক স্থানতে আঁতৰাই ৰখা হ’ব, যিসকলে আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহক অস্বীকাৰ কৰিব। ফলত সিহঁতে কেতিয়াও সত্যৰ পথ বিচাৰি নাপাব, লগতে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীকো দিয়া নহ’ব।
40:64Page 474
ٱللَّهُ ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ قَرَارٗا وَٱلسَّمَآءَ بِنَآءٗ وَصَوَّرَكُمۡ فَأَحۡسَنَ صُوَرَكُمۡ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡۖ فَتَبَارَكَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ ٦٤
It is Allāh who made for you the earth a place of settlement and the sky a structure [i.e., ceiling] and formed you and perfected your forms and provided you with good things. That is Allāh, your Lord; then blessed is Allāh, Lord of the worlds.
হে মানৱজাতি! আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাসযোগ্য বনাইছে। তেৱেঁই তোমালোকৰ ওপৰত সুদৃঢ় আকাশ বনাইছে, যিখন ভাঙি পৰাৰ পৰা সুৰক্ষিত। তেৱেঁই তোমালোকক মাকৰ গৰ্ভত সুন্দৰ আকৃতি প্ৰদান কৰিছে। লগতে তেৱেঁই তোমালোকক হালাল তথা পৱিত্ৰ জীৱিকা প্ৰদান কৰিছে। যি সত্ত্বাই তোমালোকক এই সকলোবোৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আল্লাহ মহা বৰকতময়, তেৱেঁই গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো প্ৰতিপালক নাই।
40:65Page 474
هُوَ ٱلۡحَيُّ لَآ إِلَٰهَ إِلَّا هُوَ فَٱدۡعُوهُ مُخۡلِصِينَ لَهُ ٱلدِّينَۗ ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ ٦٥
He is the Ever-Living;1 there is no deity except Him, so call upon Him, [being] sincere to Him in religion. [All] praise is [due] to Allāh, Lord of the worlds.
তেওঁ চিৰঞ্জীৱ, কেতিয়াও মৃত্যুবৰণ নকৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তোমালোকে সকলো প্ৰকাৰ দুআ তথা প্ৰাৰ্থনা একমাত্ৰ তেওঁৰ ওচৰতেই কৰা, ইবাদতৰ বাবেই হওক অথবা প্ৰয়োজনৰ বাবে। লগতে তেওঁৰ সৈতে তেওঁৰ কোনো সৃষ্টিক অংশীদাৰ স্থাপন নকৰিবা। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক।
40:66Page 474
۞ قُلۡ إِنِّي نُهِيتُ أَنۡ أَعۡبُدَ ٱلَّذِينَ تَدۡعُونَ مِن دُونِ ٱللَّهِ لَمَّا جَآءَنِيَ ٱلۡبَيِّنَٰتُ مِن رَّبِّي وَأُمِرۡتُ أَنۡ أُسۡلِمَ لِرَبِّ ٱلۡعَٰلَمِينَ ٦٦
Say, [O Muḥammad], "Indeed, I have been forbidden to worship those you call upon besides Allāh once the clear proofs have come to me from my Lord, and I have been commanded to submit to the Lord of the worlds."
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভুল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰি তেওঁৰ আনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টিজগতৰ ৰব্ব, তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই।
40:67Page 475
هُوَ ٱلَّذِي خَلَقَكُم مِّن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ مِنۡ عَلَقَةٖ ثُمَّ يُخۡرِجُكُمۡ طِفۡلٗا ثُمَّ لِتَبۡلُغُوٓاْ أَشُدَّكُمۡ ثُمَّ لِتَكُونُواْ شُيُوخٗاۚ وَمِنكُم مَّن يُتَوَفَّىٰ مِن قَبۡلُۖ وَلِتَبۡلُغُوٓاْ أَجَلٗا مُّسَمّٗى وَلَعَلَّكُمۡ تَعۡقِلُونَ ٦٧
It is He who created you from dust, then from a sperm-drop, then from a clinging clot; then He brings you out as a child; then [He develops you] that you reach your [time of] maturity, then [further] that you become elders. And among you is he who is taken in death before [that], so that you reach a specified term;1 and perhaps you will use reason.
তেৱেঁই তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই বীৰ্যৰ পিছত ৰক্তপিণ্ডত পৰিণত কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাকৰ গৰ্ভৰ পৰা নৱজাতকৰূপে ভূমিষ্ঠ কৰে। তেৱেঁই তোমালোকক ডাঙৰ দীঘল কৰি যৌৱনত উপনীত কৰে, আৰু অৱশেষত বৃদ্ধাৱস্থাত পৌঁচাই দিয়ে। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে। এইবোৰৰ কাৰণ হৈছে যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা সময়ত উপনীত হ’ব পাৰা, যিটোক তোমালোকে হ্ৰাস কৰিবও নোৱাৰিবা আৰু বৃদ্ধি কৰিবও নোৱাৰিবা। যাতে তোমালোকে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ এই প্ৰমাণ আৰু দলিলবোৰৰ দ্বাৰা উপকৃত হ’ব পাৰা।
40:68Page 475
هُوَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُۖ فَإِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ ٦٨
He it is who gives life and causes death; and when He decrees a matter, He but says to it, "Be," and it is.
তেৱেঁই অদ্বিতীয় পৱিত্ৰ আল্লাহ, যাৰ হাতত আছে জীৱন দানৰ ক্ষমতা। একমাত্ৰ তেওঁৰ হাততেই আছে মৃত্যু প্ৰদানৰ ক্ষমতা। এতেকে তেওঁ যেতিয়া কোনো বিষয়ৰ ফয়চালা কৰে, তেতিয়া কেৱল কয় ‘হ’, ফলত সেইটো লগে লগে হৈ যায়।
40:69Page 475
أَلَمۡ تَرَ إِلَى ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ أَنَّىٰ يُصۡرَفُونَ ٦٩
Do you not consider those who dispute concerning the signs of Allāh - how are they averted?
হে ৰাছুল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁতৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়।
40:70Page 475
ٱلَّذِينَ كَذَّبُواْ بِٱلۡكِتَٰبِ وَبِمَآ أَرۡسَلۡنَا بِهِۦ رُسُلَنَاۖ فَسَوۡفَ يَعۡلَمُونَ ٧٠
Those who deny the Book [i.e., the Qur’ān] and that with which We sent Our messengers - they are going to know,
যিসকলে কোৰআনক আৰু আমি আমাৰ ৰাছুলসকলৰ দ্বাৰা যি সত্য প্ৰেৰণ কৰিছোঁ তাক অস্বীকাৰ কৰিছে। এই অস্বীকাৰকাৰী লোকসকলে অচিৰেই সিহঁতৰ পৰিণাম সম্পৰ্কে অৱগত হ’ব আৰু বেয়া সমাপ্তি দেখিবলৈ পাব।
40:71Page 475
إِذِ ٱلۡأَغۡلَٰلُ فِيٓ أَعۡنَٰقِهِمۡ وَٱلسَّلَٰسِلُ يُسۡحَبُونَ ٧١
When the shackles are around their necks and the chains; they will be dragged
সেইসময়ত সিহঁতে নিজৰ পৰিণাম সম্পৰ্কে ভালকৈয়ে অৱগত হ'ব যেতিয়া সিহঁতৰ ডিঙিত থাকিব গলাবদ্ধ, আৰু সিহঁতৰ ভৰি শিকলিৰে আৱদ্ধ থাকিব। লগতে শাস্তিৰ ফিৰিস্তাই সিহঁতক চোঁচৰাই লৈ যাব।
40:72Page 475
فِي ٱلۡحَمِيمِ ثُمَّ فِي ٱلنَّارِ يُسۡجَرُونَ ٧٢
In boiling water; then in the Fire they will be filled [with flame].
সিহঁতক উতলা গৰম পানীত চোঁচৰাই নিয়া হ’ব। ইয়াৰ পিছত জ্বলিবলৈ অগ্নিৰ মাজত নিক্ষেপ কৰা হ’ব।
40:73Page 475
ثُمَّ قِيلَ لَهُمۡ أَيۡنَ مَا كُنتُمۡ تُشۡرِكُونَ ٧٣
Then it will be said to them, "Where is that which you used to associate [with Him in worship]
সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?!
40:74Page 475
مِن دُونِ ٱللَّهِۖ قَالُواْ ضَلُّواْ عَنَّا بَل لَّمۡ نَكُن نَّدۡعُواْ مِن قَبۡلُ شَيۡـٔٗاۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ ٱلۡكَٰفِرِينَ ٧٤
Other than Allāh?" They will say, "They have departed from us; rather, we did not used to invoke previously anything." Thus does Allāh put astray the disbelievers.
সেই মূৰ্ত্তিবোৰ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? কাফিৰসকলে ক’বঃ “সেইবোৰ আমাৰ পৰা আঁতৰি গৈছে, বৰং পৃথিৱীত আমি এনেকুৱা কোনো বস্তুৰ ইবাদত কৰাই নাছিলোঁ যিবোৰ ইবাদতৰ যোগ্য”। এইদৰেই আল্লাহে প্ৰত্যেক যুগতে আৰু প্ৰত্যেক স্থানতে কাফিৰসকলক পথভ্ৰষ্টতাত পতিত কৰে।
40:75Page 475
ذَٰلِكُم بِمَا كُنتُمۡ تَفۡرَحُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَبِمَا كُنتُمۡ تَمۡرَحُونَ ٧٥
[The angels will say], "That was because you used to exult upon the earth without right and you used to behave insolently.
সিহঁতক কোৱা হ’বঃ যি শাস্তি তোমালোকে ভোগ কৰি আছা, ইয়াৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ সেই শ্বিৰ্ক, যাক লৈ তোমালোকে আনন্দিত আছিলা।
40:76Page 475
ٱدۡخُلُوٓاْ أَبۡوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۖ فَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِينَ ٧٦
Enter the gates of Hell to abide eternally therein, and wretched is the residence of the arrogant."
এতেকে প্ৰৱেশদ্বাৰেৰে তোমালোকে জাহান্নামত প্ৰৱেশ কৰা। এইটোৱেই তোমালোকৰ চিৰস্থায়ী বাসস্থান। হায়! সত্যৰ পৰা অহংকাৰ কৰা লোকৰ পৰিণাম কিমান যে নিকৃষ্ট!
40:77Page 475
فَٱصۡبِرۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۚ فَإِمَّا نُرِيَنَّكَ بَعۡضَ ٱلَّذِي نَعِدُهُمۡ أَوۡ نَتَوَفَّيَنَّكَ فَإِلَيۡنَا يُرۡجَعُونَ ٧٧
So be patient, [O Muḥammad]; indeed, the promise of Allāh is truth. And whether We show you some of what We have promised them or We take you in death, it is to Us they will be returned.
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ অত্যাচাৰ আৰু অস্বীকাৰ কাৰ্যত ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ, যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম। তথা সিহঁতক চিৰকালৰ বাবে জাহান্নামত প্ৰৱেশ কৰাম।
40:78Page 476
وَلَقَدۡ أَرۡسَلۡنَا رُسُلٗا مِّن قَبۡلِكَ مِنۡهُم مَّن قَصَصۡنَا عَلَيۡكَ وَمِنۡهُم مَّن لَّمۡ نَقۡصُصۡ عَلَيۡكَۗ وَمَا كَانَ لِرَسُولٍ أَن يَأۡتِيَ بِـَٔايَةٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ فَإِذَا جَآءَ أَمۡرُ ٱللَّهِ قُضِيَ بِٱلۡحَقِّ وَخَسِرَ هُنَالِكَ ٱلۡمُبۡطِلُونَ ٧٨
And We have already sent messengers before you. Among them are those [whose stories] We have related to you, and among them are those [whose stories] We have not related to you. And it was not for any messenger to bring a sign [or verse] except by permission of Allāh. So when the command of Allāh comes, it will be concluded [i.e., judged] in truth, and the falsifiers will thereupon lose [all].
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোককো সিহঁতে অস্বীকাৰ কৰিছিল আৰু নিৰ্যাতন কৰিছিল। কিন্তু তেওঁলোকে সিহঁতৰ অস্বীকাৰ কাৰ্যত আৰু অত্যাচাৰত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁলোকৰ মাজৰ কিছুমান নবীৰ বিষয়ে আমি আপোনাৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু কিছুমানৰ বিষয়ে কৰা নাই। আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো ৰাছুলৰেই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ মুজিঝা বা অলৌকিকতা আনিব পৰা ক্ষমতা নাছিল। গতিকে কাফিৰসকলে তেওঁলোকৰ পৰা মুজিঝা বা অলৌকিকতা দাবী কৰাটো হৈছে এক প্ৰকাৰ অন্যায়। এতেকে আল্লাহৰ ফালৰ পৰা যেতিয়া জয় লাভৰ আদেশ আহি পৰিব অথবা ৰাছুলসকল আৰু তেওঁলোকৰ উম্মতবোৰৰ মাজত যেতিয়া ফয়চালা কৰাৰ সময় আহি পৰিব, তেতিয়া আল্লাহে ন্যায় সহকাৰে তেওঁলোকৰ মাজত ফয়চালা কৰিব। তেতিয়া কাফিৰসকলৰ বিনাশ হ’ব আৰু ৰাছুলসকলে জয়লাভ কৰিব। বান্দাসকলৰ মাজত ফয়চালা কৰাৰ এই সময়ছোৱাত বাতিল পন্থীসকলে নিজৰ কুফৰী কৰ্মৰ কাৰণে ধ্বংসত পতিত হ’ব।
40:79Page 476
ٱللَّهُ ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَنۡعَٰمَ لِتَرۡكَبُواْ مِنۡهَا وَمِنۡهَا تَأۡكُلُونَ ٧٩
It is Allāh who made for you the grazing animals upon which you ride, and some of them you eat.
আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছুমানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছুমানৰ মাংস ভক্ষণ কৰিব পাৰা।
40:80Page 476
وَلَكُمۡ فِيهَا مَنَٰفِعُ وَلِتَبۡلُغُواْ عَلَيۡهَا حَاجَةٗ فِي صُدُورِكُمۡ وَعَلَيۡهَا وَعَلَى ٱلۡفُلۡكِ تُحۡمَلُونَ ٨٠
And for you therein are [other] benefits and that you may realize upon them a need which is in your breasts;1 and upon them and upon ships you are carried.
এই জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে কিছুমান উপকাৰ, যিবোৰ সময় অনুসাৰে পৰিবৰ্তন হয়। এইবোৰৰ দ্বাৰা তোমালোকৰ সেই প্ৰয়োজনবোৰ পূৰণ হয় যিবোৰ তোমালোকে অনুভৱ কৰা। উদাহৰণস্বৰূপে এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হ’ল এঠাইৰ পৰা আন ঠাইলৈ প্ৰস্থান কৰাৰ সময়ত পৰিবহণ হিচাপে ব্যৱহাৰ।
40:81Page 476
وَيُرِيكُمۡ ءَايَٰتِهِۦ فَأَيَّ ءَايَٰتِ ٱللَّهِ تُنكِرُونَ ٨١
And He shows you His signs. So which of the signs of Allāh do you deny?
সেই পৱিত্ৰ সত্ত্বাই তোমালোকক তেওঁৰ তাওহীদ আৰু ক্ষমতাৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহ দেখুৱাই থাকে। এতেকে তোমালোকে তেওঁৰ কোনটো কোনটো নিদৰ্শন আওকাণ কৰিবা, অথচ সেইবোৰ যে তেওঁৰ ফালৰ পৰা নিদৰ্শন সেই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences