Al-MukhtasarFussilat · 41:1–42

Al-Mukhtasar · Tafsir · in Assamese

فصلت

Fussilat

Explained in Detail · Meccan · 54 ayahs

41:1Page 477

حمٓ ١

Ḥā, Meem.1

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

41:2Page 477

تَنزِيلٞ مِّنَ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ ٢

[This is] a revelation from the Entirely Merciful, the Especially Merciful -

এই কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, তেওঁ অত্যন্ত দয়ালু, পৰম কৃপাশীল।

41:3Page 477

كِتَٰبٞ فُصِّلَتۡ ءَايَٰتُهُۥ قُرۡءَانًا عَرَبِيّٗا لِّقَوۡمٖ يَعۡلَمُونَ ٣

A Book whose verses have been detailed, an Arabic Qur’ān1 for a people who know,

এইখন এনেকুৱা এখন গ্ৰন্থ, যাৰ আয়াতসমূহ পৰিপূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰা হৈছে। এইখনক জ্ঞানী লোকসকলৰ বাবে আৰবী কোৰআনৰূপে প্ৰস্তুত কৰা হৈছে। কিয়নো তেওঁলোকেই ইয়াৰ ভাৱাৰ্থৰ দ্বাৰা আৰু সত্যৰ পিনে দেখুৱাই দিয়া হিদায়তৰ পৰা উপকৃত হয়।

41:4Page 477

بَشِيرٗا وَنَذِيرٗا فَأَعۡرَضَ أَكۡثَرُهُمۡ فَهُمۡ لَا يَسۡمَعُونَ ٤

As a giver of good tidings and a warner; but most of them turn away, so they do not hear.

এইখনে মুমিনসকলক সেই প্ৰতিদানৰ সুসংবাদ দিয়ে, যি প্ৰতিদান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়। তথাপিও সিহঁতৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমুখ হৈ আছে। ইয়াৰ মাজত থকা হিদায়তমূলক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁতে শুনিব নিবিচাৰে।

41:5Page 477

وَقَالُواْ قُلُوبُنَا فِيٓ أَكِنَّةٖ مِّمَّا تَدۡعُونَآ إِلَيۡهِ وَفِيٓ ءَاذَانِنَا وَقۡرٞ وَمِنۢ بَيۡنِنَا وَبَيۡنِكَ حِجَابٞ فَٱعۡمَلۡ إِنَّنَا عَٰمِلُونَ ٥

And they say, "Our hearts are within coverings [i.e., screened] from that to which you invite us, and in our ears is deafness, and between us and you is a partition, so work;1 indeed, we are working."

তথা সিহঁতে কয়ঃ আমাৰ অন্তৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয়ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্তৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আপোনাৰ কথা শুনা নাপায়। আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্তৰায়, যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায়। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰ মতে কাম কৰি যাম। আমি কেতিয়াও আপোনাৰ অনুসৰণ নকৰোঁ।

41:6Page 477

قُلۡ إِنَّمَآ أَنَا۠ بَشَرٞ مِّثۡلُكُمۡ يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞ فَٱسۡتَقِيمُوٓاْ إِلَيۡهِ وَٱسۡتَغۡفِرُوهُۗ وَوَيۡلٞ لِّلۡمُشۡرِكِينَ ٦

Say, [O Muḥammad], "I am only a man like you to whom it has been revealed that your god is but one God; so take a straight course to Him and seek His forgiveness." And woe to those who associate others with Allāh –

হে ৰাছুল! আপুনি এই বিৰুদ্ধাচৰণকাৰীসকলক কৈ দিয়ক যে, মই তোমালোকৰ দৰেই এজন মানৱ। আল্লাহে মোৰ প্ৰতি অহী কৰে যে, তোমালোকৰ সত্য উপাস্য কেৱল এজন, তেৱেঁই হৈছে আল্লাহ। গতিকে তোমালোকে তেওঁৰ ওচৰলৈ যোৱা পথৰ অনুসৰণ কৰা। লগতে তেওঁৰ ওচৰত তোমালোকৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় ধ্বংস আৰু শাস্তি সেইসকল মুশ্বৰিকৰ বাবে যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে তথা তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে।

41:7Page 477

ٱلَّذِينَ لَا يُؤۡتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ ٧

Those who do not give zakāh, and in the Hereafter they are disbelievers.

যিসকলে নিজৰ সম্পদৰ যাকাত নিদিয়ে, লগতে আখিৰাত আৰু তাত থকা চিৰস্থায়ী নিয়ামত আৰু কষ্টদায়ক শাস্তিক অস্বীকাৰ কৰে।

41:8Page 477

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونٖ ٨

Indeed, those who believe and do righteous deeds - for them is a reward uninterrupted.

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন চিৰস্থায়ী প্ৰতিদান, অৰ্থাৎ জান্নাত।

41:9Page 477

۞ قُلۡ أَئِنَّكُمۡ لَتَكۡفُرُونَ بِٱلَّذِي خَلَقَ ٱلۡأَرۡضَ فِي يَوۡمَيۡنِ وَتَجۡعَلُونَ لَهُۥٓ أَندَادٗاۚ ذَٰلِكَ رَبُّ ٱلۡعَٰلَمِينَ ٩

Say, "Do you indeed disbelieve in He who created the earth in two days and attribute to Him equals? That is the Lord of the worlds."

হে ৰাছুল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

41:10Page 477

وَجَعَلَ فِيهَا رَوَٰسِيَ مِن فَوۡقِهَا وَبَٰرَكَ فِيهَا وَقَدَّرَ فِيهَآ أَقۡوَٰتَهَا فِيٓ أَرۡبَعَةِ أَيَّامٖ سَوَآءٗ لِّلسَّآئِلِينَ ١٠

And He placed on it [i.e., the earth] firmly set mountains over its surface, and He blessed it and determined therein its [creatures'] sustenance in four days without distinction1 - for [the information of] those who ask.

তেৱেঁই ভূ-পৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে ই কম্পিত নহয়। আৰু ইয়াৰ মাজত ৰাখিছে বৰকত, আৰু ইয়াক পৃথিৱীৰ অধিবাসীসকলৰ বাবে কল্যাণকৰ বনাইছে। তথা চাৰিদিনৰ ভিতৰত তাত মানুহৰ বাবে আৰু জীৱ-জন্তুৰ বাবে খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে। এই চাৰিদিন দৰাচলতে পূৰ্বৱৰ্তী দুদিনক মিলাই চাৰিদিন হৈছে। পিছৰ দুদিন হৈছে মঙ্গলবাৰ আৰু বুধবাৰ। পৰিপূৰ্ণৰূপে সেইসকল লোকৰ বাবে সৃষ্টি কৰিছে যিসকলে ইয়াৰ প্ৰয়োজন অনুভৱ কৰে।

41:11Page 477

ثُمَّ ٱسۡتَوَىٰٓ إِلَى ٱلسَّمَآءِ وَهِيَ دُخَانٞ فَقَالَ لَهَا وَلِلۡأَرۡضِ ٱئۡتِيَا طَوۡعًا أَوۡ كَرۡهٗا قَالَتَآ أَتَيۡنَا طَآئِعِينَ ١١

Then He directed Himself1 to the heaven while it was smoke and said to it and to the earth, "Come [into being],2 willingly or by compulsion." They said, "We have come willingly."

ইয়াৰ পিছত আল্লাহে আকাশক সুবিন্যস্ত কৰিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া আকাশখন আছিল ধোঁৱা। এতেকে আল্লাহে আকাশ আৰু পৃথিৱীক উদ্দেশ্যি ক'লেঃ তোমালোক উভয়ে ইচ্ছাতেই হওক অথবা অনিচ্ছাতে মোৰ আদেশ পালন কৰা। ইয়াৰ বাহিৰে তোমালোকৰ আন কোনো বিকল্প নাই। তেতিয়া উভয়ে সন্মতি পোষণ কৰি ক'লেঃ আমি উভয়ে আনুগত্য স্বীকাৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! আপোনাৰ ইচ্ছাৰ বিপৰীতে আমাৰ কোনো ইচ্ছা নাই।

41:12Page 478

فَقَضَىٰهُنَّ سَبۡعَ سَمَٰوَاتٖ فِي يَوۡمَيۡنِ وَأَوۡحَىٰ فِي كُلِّ سَمَآءٍ أَمۡرَهَاۚ وَزَيَّنَّا ٱلسَّمَآءَ ٱلدُّنۡيَا بِمَصَٰبِيحَ وَحِفۡظٗاۚ ذَٰلِكَ تَقۡدِيرُ ٱلۡعَزِيزِ ٱلۡعَلِيمِ ١٢

And He completed them as seven heavens within two days and inspired [i.e., made known] in each heaven its command. And We adorned the nearest heaven with lamps [i.e., stars, for beauty] and as protection.1 That is the determination of the Exalted in Might, the Knowing.

আল্লাহে আকাশমণ্ডলক দুদিনত সুবিন্যস্ত কৰিছে, অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে। এইদৰে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ছয়দিনত সম্পন্ন হৈছে। তথা প্ৰত্যেক আকাশত সেই আকাশ সম্পৰ্কীয় ফয়চালা আৰু আদেশ অহী যোগে প্ৰেৰণ কৰিলে। লগতে পৃথিৱীৰ নিকটৱৰ্তী আকাশক আমি তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, তথা ইয়াৰ দ্বাৰা আকাশক সুৰক্ষা প্ৰদান কৰিছোঁ, যাতে চয়তানে গোপনে একো শুনিব নোৱাৰে। এইবোৰ হৈছে সেই মহাপ্ৰভাৱশালী আল্লাহৰ আঁচনি, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিজগত সম্পৰ্কে সৰ্বজ্ঞ।

41:13Page 478

فَإِنۡ أَعۡرَضُواْ فَقُلۡ أَنذَرۡتُكُمۡ صَٰعِقَةٗ مِّثۡلَ صَٰعِقَةِ عَادٖ وَثَمُودَ ١٣

But if they turn away, then say, "I have warned you of a thunderbolt like the thunderbolt [that struck] ʿAad and Thamūd.

ইয়াৰ পিছতো যদি সিহঁতে আপুনি লৈ অহা চৰীয়তৰ পৰা বিমুখ হৈ যায় তেন্তে হে ৰাছুল আপুনি সিহঁতক কৈ দিয়কঃ নিশ্চয় মই তোমালোকক এনেকুৱা শাস্তিৰ পৰা সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদৰ ওপৰত আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ ওপৰত, যেতিয়া সিহঁতে নিজ নিজ নবীক অস্বীকাৰ কৰিছিল।

41:14Page 478

إِذۡ جَآءَتۡهُمُ ٱلرُّسُلُ مِنۢ بَيۡنِ أَيۡدِيهِمۡ وَمِنۡ خَلۡفِهِمۡ أَلَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۖ قَالُواْ لَوۡ شَآءَ رَبُّنَا لَأَنزَلَ مَلَٰٓئِكَةٗ فَإِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ ١٤

[That occurred] when the messengers had come to them before them and after them, [saying], "Worship not except Allāh." They said, "If our Lord had willed,1 He would have sent down the angels, so indeed we, in that with which you have been sent, are disbelievers."

যেতিয়া সিহঁতৰ ওচৰলৈ এজনৰ পিছত আন এজন ৰাছুল একেটা আহ্বানকে লৈ আগমন কৰিছিল, তথা তেওঁলোকে সিহঁতক এই আদেশ প্ৰদান কৰিছিল যে, এক আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেতিয়া সিহঁতৰ মাজৰ কাফিৰসকলে কৈছিলঃ আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিব পাৰিলেহেঁতেন। গতিকে তোমালোকে যি বাৰ্তা লৈ প্ৰেৰিত হৈছা, আমি সেই বাৰ্তাক মিছা বুলি ভাৱোঁ। কাৰণ তোমালোক হৈছা আমাৰ দৰেই মানৱ।

41:15Page 478

فَأَمَّا عَادٞ فَٱسۡتَكۡبَرُواْ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَقَالُواْ مَنۡ أَشَدُّ مِنَّا قُوَّةًۖ أَوَلَمۡ يَرَوۡاْ أَنَّ ٱللَّهَ ٱلَّذِي خَلَقَهُمۡ هُوَ أَشَدُّ مِنۡهُمۡ قُوَّةٗۖ وَكَانُواْ بِـَٔايَٰتِنَا يَجۡحَدُونَ ١٥

As for ʿAad, they were arrogant upon the earth without right and said, "Who is greater than us in strength?" Did they not consider that Allāh who created them was greater than them in strength? But they were rejecting Our signs.

আনহাতে হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ জাতিয়ে আল্লাহৰ লগত কুফৰী কৰাৰ লগতে পৃথিৱীত অন্যায়ভাৱে অহংকাৰ কৰি ফুৰিছিল। তথা ওচৰে-পাঁজৰে থকা লোকৰ সৈতে অত্যাচাৰ কৰিছিল। সিহঁতৰ ক্ষমতাই সিহঁতৰ মূৰত ধৰিছিল, সেয়ে সিহঁতে কৈছিলঃ আমাতকৈ শক্তিশালী আৰুনো কোন আছে? দৰাচলতে সিহঁতৰ মতে সিহঁততকৈ অধিক শক্তিশালী আৰু কোনো নাই। তেতিয়া আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি ক’লেঃ সিহঁতে নাজানে নেকি তথা দেখা নাপায় নেকি যে, যিজন আল্লাহে সিহঁতক সৃষ্টি কৰিছে তথা সিহঁতক এনেকুৱা শক্তি প্ৰদান কৰিছে, যি শক্তি পাই সিহঁতে নিজৰ অস্তিত্বক পাহৰি গৈছে, তেৱেঁই সৰ্বশক্তিমান? দৰাচলতে সিহঁতে আল্লাহৰ সেই নিদৰ্শনবোৰক গ্ৰহণে কৰা নাছিল, যিবোৰ সিহঁতৰ ওচৰলৈ হূদ আলাইহিচ্ছালামে লৈ আহিছিল।

41:16Page 478

فَأَرۡسَلۡنَا عَلَيۡهِمۡ رِيحٗا صَرۡصَرٗا فِيٓ أَيَّامٖ نَّحِسَاتٖ لِّنُذِيقَهُمۡ عَذَابَ ٱلۡخِزۡيِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَعَذَابُ ٱلۡأٓخِرَةِ أَخۡزَىٰۖ وَهُمۡ لَا يُنصَرُونَ ١٦

So We sent upon them a screaming wind during days of misfortune to make them taste the punishment of disgrace in the worldly life; but the punishment of the Hereafter is more disgracing, and they will not be helped.

অৱশেষত আমি সিহঁতৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰেৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁতৰ পক্ষে অশুভ। যাতে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তিৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁতৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক। সেই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা সিহঁতে কোনো সহায়ক বিচাৰি নাপাব।

41:17Page 478

وَأَمَّا ثَمُودُ فَهَدَيۡنَٰهُمۡ فَٱسۡتَحَبُّواْ ٱلۡعَمَىٰ عَلَى ٱلۡهُدَىٰ فَأَخَذَتۡهُمۡ صَٰعِقَةُ ٱلۡعَذَابِ ٱلۡهُونِ بِمَا كَانُواْ يَكۡسِبُونَ ١٧

And as for Thamūd, We guided them, but they preferred blindness over guidance, so the thunderbolt of humiliating punishment seized them for what they used to earn.

ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁতক হিদায়তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁতে সত্যৰ হিদায়ত গ্ৰহণ কৰাৰ বিপৰীতে পথভ্ৰষ্টতাকেই প্ৰাধান্য দিলে। ফলত সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে লাঞ্ছনাদায়ক আকস্মিক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।

41:18Page 478

وَنَجَّيۡنَا ٱلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ ١٨

And We saved those who believed and used to fear Allāh.

কিন্তু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছিল আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ তেওঁলোকে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। সেয়ে আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যি শাস্তিত তেওঁলোকৰ সম্প্ৰদায়ৰ আন আন লোকসকলে ক্ষতিগ্ৰস্ত হৈছিল।

41:19Page 478

وَيَوۡمَ يُحۡشَرُ أَعۡدَآءُ ٱللَّهِ إِلَى ٱلنَّارِ فَهُمۡ يُوزَعُونَ ١٩

And [mention, O Muḥammad], the Day when the enemies of Allāh will be gathered to the Fire while they are [driven], assembled in rows,

যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁতৰ প্ৰথমৰ পৰা শেষ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁতে জাহান্নামৰ পৰা পলায়ন কৰিব নোৱাৰিব।

41:20Page 478

حَتَّىٰٓ إِذَا مَا جَآءُوهَا شَهِدَ عَلَيۡهِمۡ سَمۡعُهُمۡ وَأَبۡصَٰرُهُمۡ وَجُلُودُهُم بِمَا كَانُواْ يَعۡمَلُونَ ٢٠

Until, when they reach it, their hearing and their eyes and their skins will testify against them of what they used to do.

অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি উপস্থিত হ’ব, য’ত সিহঁতক খেদি লৈ অহা হ’ব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অস্বীকাৰ কৰিব। কিন্তু সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু সিহঁতৰ শৰীৰৰ ছাল আদিয়ে পৃথিৱীত কৰা সিহঁতৰ কুফৰী আৰু গুনাহৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব।

41:21Page 479

وَقَالُواْ لِجُلُودِهِمۡ لِمَ شَهِدتُّمۡ عَلَيۡنَاۖ قَالُوٓاْ أَنطَقَنَا ٱللَّهُ ٱلَّذِيٓ أَنطَقَ كُلَّ شَيۡءٖۚ وَهُوَ خَلَقَكُمۡ أَوَّلَ مَرَّةٖ وَإِلَيۡهِ تُرۡجَعُونَ ٢١

And they will say to their skins, "Why have you testified against us?" They will say, "We were made to speak by Allāh, who has made everything speak; and He created you the first time, and to Him you are returned.

কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰথমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব।

41:22Page 479

وَمَا كُنتُمۡ تَسۡتَتِرُونَ أَن يَشۡهَدَ عَلَيۡكُمۡ سَمۡعُكُمۡ وَلَآ أَبۡصَٰرُكُمۡ وَلَا جُلُودُكُمۡ وَلَٰكِن ظَنَنتُمۡ أَنَّ ٱللَّهَ لَا يَعۡلَمُ كَثِيرٗا مِّمَّا تَعۡمَلُونَ ٢٢

And you were not covering [i.e., protecting] yourselves,1 lest your hearing testify against you or your sight or your skins, but you assumed that Allāh does not know much of what you do.

পাপকৰ্ম কৰাৰ সময়ত তোমালোকে ভৱাও নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও এসময়ত তোমালোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, কাৰণ তোমালোকে মৃত্যুৰ পিছত হিচাপ-নিকাচ, ছোৱাব আৰু শাস্তিৰ বিষয়ে বিশ্বাসে কৰা নাছিলা। আনকি তোমালোকে ভাৱিছিলা যে, আল্লাহে তোমালোকৰ অধিকাংশ কৰ্ম সম্পৰ্কে অৱগতই নহয়, বৰং সেইবোৰ তেওঁৰ পৰা গোপন হৈ আছে। তোমালোকৰ এই ধাৰণাই তোমালোকক প্ৰৱঞ্চনা কৰিছে।

41:23Page 479

وَذَٰلِكُمۡ ظَنُّكُمُ ٱلَّذِي ظَنَنتُم بِرَبِّكُمۡ أَرۡدَىٰكُمۡ فَأَصۡبَحۡتُم مِّنَ ٱلۡخَٰسِرِينَ ٢٣

And that was your assumption which you assumed about your Lord. It has brought you to ruin, and you have become among the losers."

নিজ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই কুধাৰণাই তোমালোকক ধ্বংস কৰিছে। ইয়াৰ কাৰণেই তোমালোকে সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈছা, যিসকলে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ত।

41:24Page 479

فَإِن يَصۡبِرُواْ فَٱلنَّارُ مَثۡوٗى لَّهُمۡۖ وَإِن يَسۡتَعۡتِبُواْ فَمَا هُم مِّنَ ٱلۡمُعۡتَبِينَ ٢٤

So [even] if they are patient, the Fire is a residence for them; and if they ask to appease [Allāh], they will not be of those who are allowed to appease.

যিসকলৰ বিৰুদ্ধে সিহঁতৰ চকু, কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁতে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। আনহাতে যদি সিহঁতে শাস্তি উঠাই লবলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁতে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব।

41:25Page 479

۞ وَقَيَّضۡنَا لَهُمۡ قُرَنَآءَ فَزَيَّنُواْ لَهُم مَّا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَحَقَّ عَلَيۡهِمُ ٱلۡقَوۡلُ فِيٓ أُمَمٖ قَدۡ خَلَتۡ مِن قَبۡلِهِم مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِۖ إِنَّهُمۡ كَانُواْ خَٰسِرِينَ ٢٥

And We appointed for them companions1 who made attractive to them what was before them and what was behind them [of sin], and the word [i.e., decree] has come into effect upon them among nations which had passed on before them of jinn and men. Indeed, they [all] were losers.

আমি সেই কাফিৰসকলৰ বাবে চয়তানৰ মাজৰ পৰা কিছুমানক সিহঁতৰ সঙ্গী নিৰ্ধাৰণ কৰি দিছিলোঁ, যিবোৰে সদায় সিহঁতৰ লগত থাকিছিল। সেইবোৰেই সিহঁতৰ পাৰ্থিৱ জীৱনৰ বেয়া কৰ্মবোৰক সিহঁতৰ বাবে শোভনীয় কৰি উপস্থাপন কৰিছিল। আনহাতে সিহঁতৰ পিছফালে থকা আখিৰাতৰ বিষয়টোক পাহৰাই দিছিল আৰু ইয়াৰ প্ৰস্তুতিৰ পৰা সিহঁতক অমনোযোগী কৰি তুলিছিল। এতেকে সিহঁতৰ পূৰ্বে পাৰ হৈ যোৱা মানৱ আৰু জিন জাতিৰ মাজৰ সেই লোকসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত লোক, যিসকলে নিজৰ আৰু নিজ পৰিয়ালৰ লোকচান কৰি কিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব।

41:26Page 479

وَقَالَ ٱلَّذِينَ كَفَرُواْ لَا تَسۡمَعُواْ لِهَٰذَا ٱلۡقُرۡءَانِ وَٱلۡغَوۡاْ فِيهِ لَعَلَّكُمۡ تَغۡلِبُونَ ٢٦

And those who disbelieve say, "Do not listen to this Qur’ān and speak noisily1 during [the recitation of] it that perhaps you will overcome."

কাফিৰসকলে দলিল-প্ৰমাণৰ মুকাবিলা কৰিব নোৱাৰি ইজনে সিজনক উপদেশ দি ক’লেঃ তোমালোকে এই কোৰআনখন নুশুনিবা, যিখন মুহাম্মদে তোমালোকক পঢ়ি শুনোৱায়। তথা তাত থকা উপদেশবোৰও নামানিবা। এতেকে যেতিয়া তেওঁ এইখন পাঠ কৰিব তেতিয়া তোমালোকে হুলস্থূল কৰিবা। সম্ভৱতঃ এইদৰে তোমালোকে তেওঁৰ ওপৰত জয়লাভ কৰিব পাৰিবা। হয়তো এই দেখি তেওঁ তিলাৱত কৰা আৰু ধৰ্ম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব। ফলত আমি তেওঁৰ পৰা নিস্তাৰ পাম।

41:27Page 479

فَلَنُذِيقَنَّ ٱلَّذِينَ كَفَرُواْ عَذَابٗا شَدِيدٗا وَلَنَجۡزِيَنَّهُمۡ أَسۡوَأَ ٱلَّذِي كَانُواْ يَعۡمَلُونَ ٢٧

But We will surely cause those who disbelieve to taste a severe punishment, and We will surely recompense them for the worst of what they had been doing.

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক নিশ্চয় আমি কিয়ামতৰ দিনা কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম। নিশ্চয় আমি সিহঁতক সিহঁতৰ শ্বিৰ্ক আৰু পাপকৰ্মৰ নিকৃষ্ট শাস্তি প্ৰতিফলস্বৰূপে প্ৰদান কৰিম।

41:28Page 479

ذَٰلِكَ جَزَآءُ أَعۡدَآءِ ٱللَّهِ ٱلنَّارُۖ لَهُمۡ فِيهَا دَارُ ٱلۡخُلۡدِ جَزَآءَۢ بِمَا كَانُواْ بِـَٔايَٰتِنَا يَجۡحَدُونَ ٢٨

That is the recompense of the enemies of Allāh - the Fire. For them therein is the home of eternity as recompense for what they, of Our verses, were rejecting.

জাহান্নামৰ এই প্ৰতিফল আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁৰ সৈতে কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতো সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।

41:29Page 479

وَقَالَ ٱلَّذِينَ كَفَرُواْ رَبَّنَآ أَرِنَا ٱلَّذَيۡنِ أَضَلَّانَا مِنَ ٱلۡجِنِّ وَٱلۡإِنسِ نَجۡعَلۡهُمَا تَحۡتَ أَقۡدَامِنَا لِيَكُونَا مِنَ ٱلۡأَسۡفَلِينَ ٢٩

And those who disbelieved will [then] say, "Our Lord, show us those who misled us of the jinn and men [so] we may put them under our feet1 that they will be among the lowest."

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰষ্ট কৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কুফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথা আদমৰ সেই সন্তানক দেখুৱাই দিয়া, যিয়ে তেজ প্ৰবাহিত কৰাৰ ধাৰা আৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁতক আমাৰ ভৰিৰে মোহাৰিম। যাতে সিহঁতে জাহান্নামত নিম্নস্তৰৰ অধিবাসী হয়, যিসকলে আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব।

41:30Page 480

إِنَّ ٱلَّذِينَ قَالُواْ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَٰمُواْ تَتَنَزَّلُ عَلَيۡهِمُ ٱلۡمَلَٰٓئِكَةُ أَلَّا تَخَافُواْ وَلَا تَحۡزَنُواْ وَأَبۡشِرُواْ بِٱلۡجَنَّةِ ٱلَّتِي كُنتُمۡ تُوعَدُونَ ٣٠

Indeed, those who have said, "Our Lord is Allāh" and then remained on a right course - the angels will descend upon them, [saying], "Do not fear and do not grieve but receive good tidings of Paradise, which you were promised.

নিশ্চয় যিসকলে কৈছে, আল্লাহেই আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, লগতে তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত অবিচল থাকে, তেনেকুৱা লোকৰ মৃত্যুৰ সময়ত ফিৰিস্তাসকলে উপস্থিত হৈ তেওঁলোকক কয়ঃ আপোনালোকে মৃত্যুক ভয় নকৰিব, তথা ইয়াৰ পিছত হ’বলগীয়া ঘটনাবোৰকলৈও চিন্তিত নহ’ব। পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীকলৈও আফচোচ নকৰিব। তথা সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰক, যি জান্নাত আপোনালোকক ঈমান আৰু সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল।

41:31Page 480

نَحۡنُ أَوۡلِيَآؤُكُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ وَلَكُمۡ فِيهَا مَا تَشۡتَهِيٓ أَنفُسُكُمۡ وَلَكُمۡ فِيهَا مَا تَدَّعُونَ ٣١

We [angels] were your allies in worldly life and [are so] in the Hereafter. And you will have therein whatever your souls desire, and you will have therein whatever you request [or wish]

পাৰ্থিৱ জীৱনত আমি আপোনালোকৰ বন্ধু আছিলোঁ। সেইকাৰণেই আমি আপোনালোকক সঠিক পথ দেখুৱাইছিলোঁ আৰু আপোনালোকৰ সুৰক্ষাত নিয়োজিত আছিলোঁ। আনহাতে আখিৰাততো আমি আপোনালোকৰ সহায়ক। সেয়ে আপোনালোকে সদায় আমাৰ সহায়-সহযোগিতা লাভ কৰিব। জান্নাতত আপোনালোকে নিজৰ পছন্দৰ সকলো সা-সুবিধা লাভ কৰিব, আনকি আপোনালোকে বিচৰা সকলো পছন্দনীয় বস্তু উপলব্ধ থাকিব।

41:32Page 480

نُزُلٗا مِّنۡ غَفُورٖ رَّحِيمٖ ٣٢

As accommodation from a [Lord who is] Forgiving and Merciful."

আপোনালোকক আপ্যায়ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি ভালপায়। তেওঁলোকৰ প্ৰতি অতি দয়ালু।

41:33Page 480

وَمَنۡ أَحۡسَنُ قَوۡلٗا مِّمَّن دَعَآ إِلَى ٱللَّهِ وَعَمِلَ صَٰلِحٗا وَقَالَ إِنَّنِي مِنَ ٱلۡمُسۡلِمِينَ ٣٣

And who is better in speech than one who invites to Allāh and does righteousness and says, "Indeed, I am of the Muslims."

আল্লাহৰ তাওহীদৰ প্ৰতি আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলৰ প্ৰতি আহ্বানকাৰী ব্যক্তিৰ কথাতকৈ উত্তম কথা আন কাৰো হ’ব নোৱাৰে, তথা যিয়ে নিজ প্ৰতিপালকক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কয়ঃ “নিশ্চয় মই আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিছোঁ আৰু তেওঁৰ ওচৰত শিৰনত কৰিছোঁ”। এতেকে যিয়েই এনেকুৱা কৰ্ম কৰিব, তেৱেঁই মানুহৰ ভিতৰত উত্তম কথা কোৱা ব্যক্তি বুলি স্বীকৃতি পাব।

41:34Page 480

وَلَا تَسۡتَوِي ٱلۡحَسَنَةُ وَلَا ٱلسَّيِّئَةُۚ ٱدۡفَعۡ بِٱلَّتِي هِيَ أَحۡسَنُ فَإِذَا ٱلَّذِي بَيۡنَكَ وَبَيۡنَهُۥ عَدَٰوَةٞ كَأَنَّهُۥ وَلِيٌّ حَمِيمٞ ٣٤

And not equal are the good deed and the bad. Repel [evil] by that [deed] which is better; and thereupon, the one whom between you and him is enmity [will become] as though he was a devoted friend.

আল্লাহে সন্তুষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তুষ্ট হোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্তৰঙ্গ বন্ধু হৈ পৰিব।

41:35Page 480

وَمَا يُلَقَّىٰهَآ إِلَّا ٱلَّذِينَ صَبَرُواْ وَمَا يُلَقَّىٰهَآ إِلَّا ذُو حَظٍّ عَظِيمٖ ٣٥

But none is granted it except those who are patient, and none is granted it except one having a great portion [of good].

এনেকুৱা উৎকৃষ্ট ব্যৱহাৰ কেৱল সেইসকল লোকেই লাভ কৰে, যিসকলে অন্যায়-অত্যাচাৰ আৰু মানুহৰ বেয়া ব্যৱহাৰত ধৈৰ্য্য ধাৰণ কৰে। এনেকুৱা বৈশিষ্ট্য কেৱল সৌভাগ্যশালী ব্যক্তিসকলেই লাভ কৰে। কিয়নো ইয়াৰ মাজত অগণন কল্যাণ তথা অসীম উপকাৰ নিহিত হৈ আছে।

41:36Page 480

وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيۡطَٰنِ نَزۡغٞ فَٱسۡتَعِذۡ بِٱللَّهِۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٣٦

And if there comes to you from Satan an evil suggestion, then seek refuge in Allāh. Indeed, He is the Hearing, the Knowing.

যদি কোনো সময়ত চয়তানে আপোনাক কুমন্ত্ৰণা দিয়াৰ চেষ্টা কৰে তেন্তে তেতিয়া আপুনি আল্লাহক মজবুতভাৱে ধাৰণ কৰক আৰু তেওঁৰ শৰণাপন্ন হওক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু তেওঁ আপোনাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।

41:37Page 480

وَمِنۡ ءَايَٰتِهِ ٱلَّيۡلُ وَٱلنَّهَارُ وَٱلشَّمۡسُ وَٱلۡقَمَرُۚ لَا تَسۡجُدُواْ لِلشَّمۡسِ وَلَا لِلۡقَمَرِ وَٱسۡجُدُواْۤ لِلَّهِۤ ٱلَّذِي خَلَقَهُنَّ إِن كُنتُمۡ إِيَّاهُ تَعۡبُدُونَ ٣٧

And of His signs are the night and day and the sun and moon. Do not prostrate to the sun or to the moon, but prostrate to Allāh, who created them, if it should be Him that you worship.1

আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰকো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁৰ ইবাদত কৰা।

41:38Page 480

فَإِنِ ٱسۡتَكۡبَرُواْ فَٱلَّذِينَ عِندَ رَبِّكَ يُسَبِّحُونَ لَهُۥ بِٱلَّيۡلِ وَٱلنَّهَارِ وَهُمۡ لَا يَسۡـَٔمُونَ۩ ٣٨

But if they are arrogant - then those who are near your Lord [i.e., the angels] exalt Him by night and by day, and they do not become weary.

তথাপিও যদি সিহঁতে অহংকাৰ কৰে আৰু বিমুখ হয়, তথা একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁলোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে।

41:39Page 481

وَمِنۡ ءَايَٰتِهِۦٓ أَنَّكَ تَرَى ٱلۡأَرۡضَ خَٰشِعَةٗ فَإِذَآ أَنزَلۡنَا عَلَيۡهَا ٱلۡمَآءَ ٱهۡتَزَّتۡ وَرَبَتۡۚ إِنَّ ٱلَّذِيٓ أَحۡيَاهَا لَمُحۡيِ ٱلۡمَوۡتَىٰٓۚ إِنَّهُۥ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ٣٩

And of His signs is that you see the earth stilled, but when We send down upon it rain, it quivers and grows. Indeed, He who has given it life is the Giver of Life to the dead. Indeed, He is over all things competent.

আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্বৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠিন কাম নহয়, ঠিক সেইদৰে মৃত লোকসকলকো কবৰৰ পৰা জীৱিত কৰাটোও তেওঁৰ পক্ষে কোনো কঠিন বিষয় নহয়।

41:40Page 481

إِنَّ ٱلَّذِينَ يُلۡحِدُونَ فِيٓ ءَايَٰتِنَا لَا يَخۡفَوۡنَ عَلَيۡنَآۗ أَفَمَن يُلۡقَىٰ فِي ٱلنَّارِ خَيۡرٌ أَم مَّن يَأۡتِيٓ ءَامِنٗا يَوۡمَ ٱلۡقِيَٰمَةِۚ ٱعۡمَلُواْ مَا شِئۡتُمۡ إِنَّهُۥ بِمَا تَعۡمَلُونَ بَصِيرٌ ٤٠

Indeed, those who inject deviation into Our verses1 are not concealed from Us. So, is he who is cast into the Fire better or he who comes secure on the Day of Resurrection? Do whatever you will; indeed, He is Seeing of what you do.

যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে বেয়া নীতি অৱলম্বন কৰে, সেইবোৰক অস্বীকাৰ কৰে আৰু সেইবোৰৰ অৰ্থ বিকৃত কৰে, সেইসকল লোকৰ অৱস্থা আমাৰ পৰা গোপন নহয়। আমি সিহঁতৰ বিষয়ে ভালকৈয়ে অৱগত। যাক জাহান্নামত নিক্ষেপ কৰা হ'ব সেই ব্যক্তি উত্তম নে যিয়ে কিয়ামতৰ দিনা শাস্তিৰ পৰা নিৰাপদ থাকিব সেই ব্যক্তি উত্তম? হে মানৱজাতি! ভাল বেয়া যিটো ইচ্ছা সেইটোৱে তোমালোকে আমল কৰা। কাৰণ আমি তোমালোকৰ সন্মুখত ভাল বেয়া সকলো বিতংভাৱে স্পষ্ট কৰি দিছোঁ। তোমালোকে ভাল বেয়া যি কৰ্মই নকৰা কিয়, নিশ্চয় আল্লাহে চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

41:41Page 481

إِنَّ ٱلَّذِينَ كَفَرُواْ بِٱلذِّكۡرِ لَمَّا جَآءَهُمۡۖ وَإِنَّهُۥ لَكِتَٰبٌ عَزِيزٞ ٤١

Indeed, those who disbelieve in the message [i.e., the Qur’ān]1 after it has come to them...2 And indeed, it is a mighty3 Book.

নিশ্চয় যিসকলে আল্লাহৰ ফালৰ পৰা কোৰআন অহাৰ পিছতো তাক অস্বীকাৰ কৰে, কিয়ামতৰ দিনা সিহঁতক শাস্তি বিহা হ’ব। নিঃসন্দেহে এইখন সন্মানিত তথা সুৰক্ষিত গ্ৰন্থ। কোনো বিকৃতকাৰীয়েই ইয়াক বিকৃত কৰিব নোৱাৰিব, আৰু কোনেও ইয়াক পৰিবৰ্তনো কৰিব নোৱাৰিব।

41:42Page 481

لَّا يَأۡتِيهِ ٱلۡبَٰطِلُ مِنۢ بَيۡنِ يَدَيۡهِ وَلَا مِنۡ خَلۡفِهِۦۖ تَنزِيلٞ مِّنۡ حَكِيمٍ حَمِيدٖ ٤٢

Falsehood cannot approach it from before it or from behind it; [it is] a revelation from a [Lord who is] Wise and Praiseworthy.

বাতিল কেতিয়াও ইয়াৰ মাজত অনুপ্ৰৱেশ কৰিব নোৱাৰিব, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। হ্ৰাসৰূপে হওক অথবা বৃদ্ধিৰূপে, পৰিৱৰ্তন হওক অথবা বিকৃত, কোনো ধৰণেই প্ৰৱেশ কৰিব নোৱাৰিব। এইখন মহা প্ৰজ্ঞাৱান আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান। সকলো অৱস্থাতেই তেওঁ প্ৰসংশিত।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском