Al-MukhtasarAl‑Ma'idah · 5:27–59

Al-Mukhtasar · Tafsir · in Assamese

Al-Ma'idah 5:27–59

5:27Page 112

۞ وَٱتۡلُ عَلَيۡهِمۡ نَبَأَ ٱبۡنَيۡ ءَادَمَ بِٱلۡحَقِّ إِذۡ قَرَّبَا قُرۡبَانٗا فَتُقُبِّلَ مِنۡ أَحَدِهِمَا وَلَمۡ يُتَقَبَّلۡ مِنَ ٱلۡأٓخَرِ قَالَ لَأَقۡتُلَنَّكَۖ قَالَ إِنَّمَا يَتَقَبَّلُ ٱللَّهُ مِنَ ٱلۡمُتَّقِينَ ٢٧

And recite to them the story of Adam's two sons, in truth, when they both made an offering [to Allāh], and it was accepted from one of them but was not accepted from the other. Said [the latter], "I will surely kill you." Said [the former], "Indeed, Allāh only accepts from the righteous [who fear Him].

হে ৰাছুল! এই যালিম তথা ঈৰ্ষা পোষণকাৰী ইয়াহুদীসকলক আদমৰ দুয়ো সন্তান হাবীল আৰু কাবীলৰ সংবাদ সঠিক ভাৱে শুনাওক। যেতিয়া উভয়ে আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ আল্লাহৰ দৰবাৰত কুৰবানী পেচ কৰিছিল, তেতিয়া আল্লাহে হাবীলৰ কুৰবানী কবূল কৰিছিল। কিয়নো তেওঁ আছিল তাক্বৱাৰ অধিকাৰী। আনহাতে কাবীলৰ কুৰবানী কবূল নকৰিলে, কাৰণ সি তাক্বৱাৰ অধিকাৰী নাছিল। সেয়ে কাবীলৰ মনত ঈৰ্ষা উপজিল আৰু ক'লেঃ হে হাবীল! মই তোমাক হত্যা কৰিম। তেতিয়া হাবীলে কলেঃ আল্লাহে কেৱল তাক্বৱাৰ অধিকাৰীসকলৰ কুৰবানীহে কবূল কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

5:28Page 112

لَئِنۢ بَسَطتَ إِلَيَّ يَدَكَ لِتَقۡتُلَنِي مَآ أَنَا۠ بِبَاسِطٖ يَدِيَ إِلَيۡكَ لِأَقۡتُلَكَۖ إِنِّيٓ أَخَافُ ٱللَّهَ رَبَّ ٱلۡعَٰلَمِينَ ٢٨

If you should raise your hand toward me to kill me - I shall not raise my hand toward you to kill you. Indeed, I fear Allāh, Lord of the worlds.

তুমি যদি হত্যা কৰাৰ উদ্দেশ্যে মোৰ পিনে হাত প্ৰসাৰিত কৰা, তেন্তে মই ইয়াৰ পৰিবৰ্তে তোমাৰ দৰে কাৰ্য নকৰো। আৰু এইটো মোৰ দুৰ্বলতা নহয়, বৰং মই আল্লাহক ভয় কৰো, যিজন গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

5:29Page 112

إِنِّيٓ أُرِيدُ أَن تَبُوٓأَ بِإِثۡمِي وَإِثۡمِكَ فَتَكُونَ مِنۡ أَصۡحَٰبِ ٱلنَّارِۚ وَذَٰلِكَ جَزَٰٓؤُاْ ٱلظَّٰلِمِينَ ٢٩

Indeed, I want you to obtain [thereby] my sin and your sin so you will be among the companions of the Fire. And that is the recompense of wrongdoers."

হাবীলে কাবিলক ভয় দেখুৱাই কলেঃ মই বিচাৰো তুমি তোমাৰ পূৰ্বৱৰ্তী পাপসমূহৰ লগতে মোক অন্যায়ভাৱে কৰা হত্যাৰ গুনাহো লগত লৈ প্ৰত্যাৱৰ্তন কৰাগৈ। আৰু সেই সকল জাহান্নামীৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ক্বিয়ামতৰ দিনা প্ৰৱেশ কৰিব। অন্যায়কাৰী সকলৰ এইটোৱেই প্ৰতিদান, আৰু মই তোমাক হত্যা কৰি সেই সকলৰ অন্তৰ্ভুক্ত হ'ব নিবিচাৰো।

5:30Page 112

فَطَوَّعَتۡ لَهُۥ نَفۡسُهُۥ قَتۡلَ أَخِيهِ فَقَتَلَهُۥ فَأَصۡبَحَ مِنَ ٱلۡخَٰسِرِينَ ٣٠

And his soul permitted to him1 the murder of his brother, so he killed him and became among the losers.

কাবিলৰ বেয়া আদেশ প্ৰদানকাৰী আত্মাই তাক নিজৰ ভাতৃক হত্যা কৰিবলৈ উদ্বুদ্ধ কৰিলে, ফলত সি তেওঁক হত্যা কৰিলে। ইয়াৰ ফলত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হৈ গ'ল, যিসকলৰ পৃথিৱী আৰু আখিৰাতত নিজৰ প্ৰাপ্য তেনেই নগন্য।

5:31Page 112

فَبَعَثَ ٱللَّهُ غُرَابٗا يَبۡحَثُ فِي ٱلۡأَرۡضِ لِيُرِيَهُۥ كَيۡفَ يُوَٰرِي سَوۡءَةَ أَخِيهِۚ قَالَ يَٰوَيۡلَتَىٰٓ أَعَجَزۡتُ أَنۡ أَكُونَ مِثۡلَ هَٰذَا ٱلۡغُرَابِ فَأُوَٰرِيَ سَوۡءَةَ أَخِيۖ فَأَصۡبَحَ مِنَ ٱلنَّٰدِمِينَ ٣١

Then Allāh sent a crow searching [i.e., scratching] in the ground to show him how to hide the disgrace1 of his brother. He said, "O woe to me! Have I failed to be like this crow and hide the disgrace [i.e., body] of my brother?" And he became of the regretful.

তাৰ পিছত আল্লাহে এটা কাউৰী প্ৰেৰণ কৰিলে, যিয়ে তাৰ সন্মুখত মাটি খান্দিবলৈ ধৰিলে, যাতে তাত মৃত আন এটা কাউৰীক দাফন কৰিব পাৰে। লগতে যাতে ইয়াৰ দ্বাৰা তাক বুজাই দিব পাৰে যে, সি কেনেকৈ নিজৰ ভাতৃৰ মৃতদেহ দাফন কৰিব। এই দেখি হত্যাকাৰী ভাতৃয়ে অনুতপ্ত হৈ ক'লেঃ হায় আফচোচ! মই এই কাউৰীটোৰ দৰেও হ'ব নোৱাৰিলোঁনে যে, মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ, যিদৰে এই কাউৰীটোৱে এটা মৰা কাউৰীক দাফন কৰিলে। ফলত এই দেখি সি অনুতপ্ত হ'ল।

5:32Page 113

مِنۡ أَجۡلِ ذَٰلِكَ كَتَبۡنَا عَلَىٰ بَنِيٓ إِسۡرَٰٓءِيلَ أَنَّهُۥ مَن قَتَلَ نَفۡسَۢا بِغَيۡرِ نَفۡسٍ أَوۡ فَسَادٖ فِي ٱلۡأَرۡضِ فَكَأَنَّمَا قَتَلَ ٱلنَّاسَ جَمِيعٗا وَمَنۡ أَحۡيَاهَا فَكَأَنَّمَآ أَحۡيَا ٱلنَّاسَ جَمِيعٗاۚ وَلَقَدۡ جَآءَتۡهُمۡ رُسُلُنَا بِٱلۡبَيِّنَٰتِ ثُمَّ إِنَّ كَثِيرٗا مِّنۡهُم بَعۡدَ ذَٰلِكَ فِي ٱلۡأَرۡضِ لَمُسۡرِفُونَ ٣٢

Because of that, We decreed upon the Children of Israel that whoever kills a soul unless for a soul1 or for corruption [done] in the land2 - it is as if he had slain mankind entirely. And whoever saves one3 - it is as if he had saved mankind entirely. And Our messengers had certainly come to them with clear proofs. Then indeed many of them, [even] after that, throughout the land, were transgressors.4

কাবীলৰ হাতত ভাতৃ হত্যাৰ কাৰণে আমি বনী ইছৰাঈলক জনাই দিছিলো যে, যদি কোনোবাই কাৰণবিহীন কাৰোবাক হত্যা কৰে, যেনে কিচাচ অথবা কুফৰ আৰু বিদ্ৰোহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আদি, তেন্তে সি যেনিবা গোটেই মানৱ জাতিক হত্যা কৰিলে। কিয়নো তাৰ ওচৰত দোষী আৰু নিৰ্দোষীৰ মাজত কোনো পাৰ্থক্য নাই। আনহাতে যদি কোনোবাই এই বুলি প্ৰাণ নাশৰ পৰা বিৰত থাকে যে, আল্লাহে ইয়াক হাৰাম কৰিছে তেন্তে সি যেনিবা গোটেই মানৱ জাতিক জীৱন দান কৰিলে। কিয়নো তাৰ এই ব্যৱহাৰত সকলো মানুহৰেই নিৰাপত্তা আছে। আৰু আমাৰ ৰাছুল বনী ইছৰাঈলৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য নিদৰ্শন লৈ আহিছিল কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ বহুতে গুনাহ তথা ৰাছুলসকলৰ বিৰুদ্ধাচাৰণ কৰি আল্লাহৰ আদেশ অমান্য কৰিছিল।

5:33Page 113

إِنَّمَا جَزَٰٓؤُاْ ٱلَّذِينَ يُحَارِبُونَ ٱللَّهَ وَرَسُولَهُۥ وَيَسۡعَوۡنَ فِي ٱلۡأَرۡضِ فَسَادًا أَن يُقَتَّلُوٓاْ أَوۡ يُصَلَّبُوٓاْ أَوۡ تُقَطَّعَ أَيۡدِيهِمۡ وَأَرۡجُلُهُم مِّنۡ خِلَٰفٍ أَوۡ يُنفَوۡاْ مِنَ ٱلۡأَرۡضِۚ ذَٰلِكَ لَهُمۡ خِزۡيٞ فِي ٱلدُّنۡيَاۖ وَلَهُمۡ فِي ٱلۡأٓخِرَةِ عَذَابٌ عَظِيمٌ ٣٣

Indeed, the penalty1 for those who wage war2 against Allāh and His Messenger and strive upon earth [to cause] corruption is none but that they be killed or crucified or that their hands and feet be cut off from opposite sides or that they be exiled from the land. That is for them a disgrace in this world; and for them in the Hereafter is a great punishment,

যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, লগতে তেওঁলোকৰ লগত প্ৰকাশ্য শত্ৰুতা পোষণ কৰি পৃথিৱীত হত্যা তথা লুন্ঠনৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সিহঁতৰ শাস্তি হৈছে এই যে, সিহঁতক হত্যা কৰা হব অথবা ফাচী কাঠত ওলোমাই দিয়া হ'ব নাইবা সোঁ হাত আৰু বাওঁ ভৰি কৰ্তন কৰা হব, ইয়াৰ পিছত আকৌ যদি এনেকুৱা কৰ্ম কৰে তেন্তে বাওঁ হাত আৰু সোঁ ভৰি কৰ্তন কৰা হ'ব নাইবা দেশৰ পৰা বহিষ্কাৰ কৰা হব। পৃথিৱীত সিহঁতৰ বাবে এই শাস্তি কেৱল অপমানৰ বাবে, আৰু আখিৰাতত আছে সিহঁতৰ মহা শাস্তি।

5:34Page 113

إِلَّا ٱلَّذِينَ تَابُواْ مِن قَبۡلِ أَن تَقۡدِرُواْ عَلَيۡهِمۡۖ فَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٣٤

Except for those who return [repenting] before you overcome [i.e., apprehend] them. And know that Allāh is Forgiving and Merciful.

হে প্ৰশাসনিক বিষয়াসকল! এই বিদ্ৰোহীসকলৰ মাজৰ যিয়ে তোমালোকে গ্ৰেপ্তাৰ কৰাৰ আগতে তাওবা কৰিব, তেন্তে জানি থোৱা! আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি কৃপা কৰিব। আৰু এই কৃপা ফলতেই সিহঁতৰ পৰা শাস্তি আঁতৰাই দিব।

5:35Page 113

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَٱبۡتَغُوٓاْ إِلَيۡهِ ٱلۡوَسِيلَةَ وَجَٰهِدُواْ فِي سَبِيلِهِۦ لَعَلَّكُمۡ تُفۡلِحُونَ ٣٥

O you who have believed, fear Allāh and seek the means [of nearness] to Him and strive in His cause that you may succeed.

হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেওঁ যি আদেশ কৰিছে সেয়া পালন কৰি তেওঁৰ নৈকট্য অৱলম্বন কৰা, আৰু তেওঁ যি নিষেধ কৰিছে তাৰ পৰা বিৰত থাকা। তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে কাফিৰসকলৰ লগত (যিসকলে তোমালোকক আল্লাহৰ দ্বীন পালনত বাধা দিয়ে আৰু তোমালোকৰ ওপৰত নিৰ্যাতন কৰে) যুদ্ধ কৰা। এনেকুৱা কৰিলে হয়তো তোমালোকে সেইটো পাবা যিটো তোমালোকে বিচৰা আৰু সেইটোৰ পৰা বচাই লোৱা হ'ব যিটোক তোমালোকে ভয় কৰা।

5:36Page 113

إِنَّ ٱلَّذِينَ كَفَرُواْ لَوۡ أَنَّ لَهُم مَّا فِي ٱلۡأَرۡضِ جَمِيعٗا وَمِثۡلَهُۥ مَعَهُۥ لِيَفۡتَدُواْ بِهِۦ مِنۡ عَذَابِ يَوۡمِ ٱلۡقِيَٰمَةِ مَا تُقُبِّلَ مِنۡهُمۡۖ وَلَهُمۡ عَذَابٌ أَلِيمٞ ٣٦

Indeed, those who disbelieve - if they should have all that is in the earth and the like of it with it by which to ransom themselves from the punishment of the Day of Resurrection, it will not be accepted from them, and for them is a painful punishment.

যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰে, সিহঁত যদি পৃথিৱীৰ সকলো বস্তুৰ মালিক হয়, লগতে ইয়াৰ বাহিৰেও যদি সিহঁতৰ ওচৰত সম্পত্তি থাকে আৰু সেই সকলোবোৰ সম্পত্তি যদি সিহঁতে ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে দিব বিচাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব। সিহঁতক কষ্টকৰ শাস্তি প্ৰদান কৰা হ'ব।

5:37Page 114

يُرِيدُونَ أَن يَخۡرُجُواْ مِنَ ٱلنَّارِ وَمَا هُم بِخَٰرِجِينَ مِنۡهَاۖ وَلَهُمۡ عَذَابٞ مُّقِيمٞ ٣٧

They will wish to get out of the Fire, but never are they to emerge therefrom, and for them is an enduring punishment.

জাহান্নামত প্ৰৱেশ কৰাৰ পিছত সিহঁত ওলাব বিচাৰিব, কিন্তু এয়া কেনেকৈ সম্ভৱ? সিহঁত তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু সিহঁতৰ বাবে তাত আছে স্থায়ী শাস্তি।

5:38Page 114

وَٱلسَّارِقُ وَٱلسَّارِقَةُ فَٱقۡطَعُوٓاْ أَيۡدِيَهُمَا جَزَآءَۢ بِمَا كَسَبَا نَكَٰلٗا مِّنَ ٱللَّهِۗ وَٱللَّهُ عَزِيزٌ حَكِيمٞ ٣٨

[As for] the thief, the male and the female, amputate their hands in recompense for what they earned [i.e., committed] as a deterrent [punishment] from Allāh. And Allāh is Exalted in Might and Wise.

হে প্ৰশাসনিক বিষয়াসকল! চোৰ পুৰুষ হওঁক অথবা নাৰী, সিহঁতৰ সোঁ হাত কাটি দিয়া। এইটো হৈছে মানুহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাৰ পৰিণাম, যিটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। আৰু এই শাস্তি সিহঁতৰ লগতে আন আন সকলৰ বাবে সতৰ্কবাণী। নিশ্চয় আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ আদেশ-নিৰ্দেশ তথা ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।

5:39Page 114

فَمَن تَابَ مِنۢ بَعۡدِ ظُلۡمِهِۦ وَأَصۡلَحَ فَإِنَّ ٱللَّهَ يَتُوبُ عَلَيۡهِۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ ٣٩

But whoever repents after his wrongdoing and reforms, indeed, Allāh will turn to him in forgiveness. Indeed, Allāh is Forgiving and Merciful.

যিয়ে চুৰি কাৰ্যৰ পৰা তাওবা কৰিব আৰু নিজকে সংশোধন কৰিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত তাৰ তাওবা কবূল কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে। কিন্তু বিষয়টো যদি প্ৰশাসনৰ ওচৰত গৈ পায় তেন্তে তাওবা কৰিলেও শাস্তিৰ পৰা মুক্তি নাপাব।

5:40Page 114

أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ يُعَذِّبُ مَن يَشَآءُ وَيَغۡفِرُ لِمَن يَشَآءُۗ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٤٠

Do you not know that to Allāh belongs the dominion of the heavens and the earth? He punishes whom He wills and forgives whom He wills, and Allāh is over all things competent.

হে ৰাছুল! নিশ্চয় আপুনি জানে আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ। এই উভয় তেওঁৰেই নিয়ন্ত্ৰণাধীন। তেওঁ যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় অনুযায়ী দণ্ড দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। তথা তেওঁক কোনেওঁ অপাৰগ কৰিব নোৱাৰে।

5:41Page 114

۞ يَٰٓأَيُّهَا ٱلرَّسُولُ لَا يَحۡزُنكَ ٱلَّذِينَ يُسَٰرِعُونَ فِي ٱلۡكُفۡرِ مِنَ ٱلَّذِينَ قَالُوٓاْ ءَامَنَّا بِأَفۡوَٰهِهِمۡ وَلَمۡ تُؤۡمِن قُلُوبُهُمۡۛ وَمِنَ ٱلَّذِينَ هَادُواْۛ سَمَّٰعُونَ لِلۡكَذِبِ سَمَّٰعُونَ لِقَوۡمٍ ءَاخَرِينَ لَمۡ يَأۡتُوكَۖ يُحَرِّفُونَ ٱلۡكَلِمَ مِنۢ بَعۡدِ مَوَاضِعِهِۦۖ يَقُولُونَ إِنۡ أُوتِيتُمۡ هَٰذَا فَخُذُوهُ وَإِن لَّمۡ تُؤۡتَوۡهُ فَٱحۡذَرُواْۚ وَمَن يُرِدِ ٱللَّهُ فِتۡنَتَهُۥ فَلَن تَمۡلِكَ لَهُۥ مِنَ ٱللَّهِ شَيۡـًٔاۚ أُوْلَٰٓئِكَ ٱلَّذِينَ لَمۡ يُرِدِ ٱللَّهُ أَن يُطَهِّرَ قُلُوبَهُمۡۚ لَهُمۡ فِي ٱلدُّنۡيَا خِزۡيٞۖ وَلَهُمۡ فِي ٱلۡأٓخِرَةِ عَذَابٌ عَظِيمٞ ٤١

O Messenger, let them not grieve you who hasten into disbelief – of those who say, "We believe" with their mouths, but their hearts believe not, and from among the Jews. [They are] avid listeners to falsehood, listening to another people who have not come to you.1 They distort words beyond their [proper] places [i.e., usages], saying, "If you are given this,2 take it; but if you are not given it, then beware." But he for whom Allāh intends fitnah3 - never will you possess [power to do] for him a thing against Allāh. Those are the ones for whom Allāh does not intend to purify their hearts. For them in this world is disgrace, and for them in the Hereafter is a great punishment.

হে ৰাছুল! অন্তৰত কুফৰ গোপন কৰি, ঈমানৰ ভাও ধৰা মুনাফিকসকলে যাতে আপোনাক উদাসীন কৰিব নোৱাৰে, যিসকলে আপোনাক ক্ৰোধিত কৰিবলৈ কুফুৰী কাৰ্যত খৰখেদা কৰে। এইদৰে সেইসকল ইয়াহুদীয়েও যাতে আপোনাক উদাসীন কৰিব নোৱাৰে যিসকলে নিজৰ নেতাৰ মিছা কথা শুনিবলৈ কাণ লগাই থাকে, তথা সেইবোৰ মানিও লয়। এইদৰে সিহঁতে সেইসকল নেতাৰ অনুসৰণ কৰে, যিসকলে আপোনাৰ লগত বিদ্বেষ থকাৰ কাৰণে আপোনাৰ ওচৰত আহা নাই। সিহঁতে তাওৰাতত থকা আল্লাহৰ বাণীক নিজ ইচ্ছা মতে বিকৃত কৰে। নিজৰ অনুসাৰীসকলক কয়ঃ মুহাম্মদে যদি তোমালোকৰ ইচ্ছা অনুসাৰে ফয়চালা কৰে তেন্তে মানি লবা, অন্যথা তেওঁক এৰাই চলিবা। দৰাচলতে আল্লাহে মানুহৰ মাজত যাক পথভ্ৰষ্ট কৰিব বিচাৰে, হে ৰাছুল! আপুনি তাৰ বাবে এনেকুৱা কোনো ব্যক্তি বিচাৰি নাপাব যিয়ে তাক পথভ্ৰষ্টতাৰ পৰা বচাব পাৰিব আৰু সত্য পথত উভতাই আনিব পাৰিব। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ইয়াহুদী আৰু মুনাফিক সকলৰ অন্তৰকেই আল্লাহে কুফৰৰ পৰা পৱিত্ৰ কৰিব বিচৰা নাই। পৃথিৱীত সিহঁতৰ বাবে আছে অপমান আৰু লাঞ্ছনা, আৰু আখিৰাতত আছে মহা শাস্তি, সেয়া জাহান্নামৰ শাস্তি।

5:42Page 115

سَمَّٰعُونَ لِلۡكَذِبِ أَكَّٰلُونَ لِلسُّحۡتِۚ فَإِن جَآءُوكَ فَٱحۡكُم بَيۡنَهُمۡ أَوۡ أَعۡرِضۡ عَنۡهُمۡۖ وَإِن تُعۡرِضۡ عَنۡهُمۡ فَلَن يَضُرُّوكَ شَيۡـٔٗاۖ وَإِنۡ حَكَمۡتَ فَٱحۡكُم بَيۡنَهُم بِٱلۡقِسۡطِۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُقۡسِطِينَ ٤٢

[They are] avid listeners to falsehood, devourers of [what is] unlawful. So if they come to you, [O Muḥammad], judge between them or turn away from them. And if you turn away from them - never will they harm you at all. And if you judge, judge between them with justice. Indeed, Allāh loves those who act justly.

এইসকল ইয়াহুদী হৈছে অধিক মিছা কথা শ্ৰৱণকাৰী, হাৰাম সম্পদ যেনে সুত আদি অধিক ভক্ষণকাৰী। এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ ওচৰত কোনো বিষয় লৈ মীমাংসা বিচাৰি আহে তেন্তে আপুনি ইচ্ছা কৰিলে সিহঁতৰ মাজত মীমাংসা কৰি দিব পাৰে অথবা ইচ্ছা কৰিলে মীমাংসা নকৰিবও পাৰে। এই ক্ষেত্ৰত আপোনাৰ ইচ্ছা। আপুনি যদি সিহঁতৰ বিচাৰ নকৰে তেন্তে সিহঁতে আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। আনহাতে যদি আপুনি সিহঁতৰ মাজত বিচাৰ কৰে তেন্তে ন্যায়ৰ সৈতে বিচাৰ কৰিব। যদিও সিহঁত অত্যাচাৰী তথা শত্ৰুৱে নহওঁক কিয়। নিশ্চয় আল্লাহে সেই সকল লোকক ভাল পায় যিসকলে ন্যায়ৰ সৈতে ফয়চালা কৰে। যদিও মীমাংসা বিচৰাসকল মীমাংসাকাৰী শত্ৰুৱে নহওঁক কিয়।

5:43Page 115

وَكَيۡفَ يُحَكِّمُونَكَ وَعِندَهُمُ ٱلتَّوۡرَىٰةُ فِيهَا حُكۡمُ ٱللَّهِ ثُمَّ يَتَوَلَّوۡنَ مِنۢ بَعۡدِ ذَٰلِكَۚ وَمَآ أُوْلَٰٓئِكَ بِٱلۡمُؤۡمِنِينَ ٤٣

But how is it that they come to you for judgement while they have the Torah, in which is the judgement of Allāh? Then they turn away, [even] after that; but those are not [in fact] believers.

ইহঁতৰ বিষয়টোও বৰ আশ্চৰ্যজনক। আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ ওচৰতে আকৌ মীমাংসা বিচাৰি আহে, এই আশাত যে, আপুনি সিহঁতৰ আকাংক্ষা অনুযায়ী মীমাংসা কৰিব, অথচ সিহঁতৰ ওচৰত তাওৰাত আছে, যিটোৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে আৰু যত আছে আল্লাহৰ আদেশ। কিন্তু আপোনাৰ মীমাংসা যদি সিহঁতৰ ইচ্ছা অনুসাৰে নহয় তেন্তে সিহঁত মুখ ঘূৰাই লয়। এইদৰে সিহঁতে নিজৰ কিতাপৰ আদেশো অমান্য কৰে আৰু আপোনাৰ ফয়চালাৰ পৰাও বিমুখ হয়। ইহঁতৰ এই ব্যৱহাৰ মুমিনসকলৰ ব্যৱহাৰ নহয়। এতেকে ইহঁত আপোনাৰ প্ৰতি তথা আপুনি লৈ অহা চৰীয়তৰ প্ৰতিও বিশ্বাসী নহয়।

5:44Page 115

إِنَّآ أَنزَلۡنَا ٱلتَّوۡرَىٰةَ فِيهَا هُدٗى وَنُورٞۚ يَحۡكُمُ بِهَا ٱلنَّبِيُّونَ ٱلَّذِينَ أَسۡلَمُواْ لِلَّذِينَ هَادُواْ وَٱلرَّبَّٰنِيُّونَ وَٱلۡأَحۡبَارُ بِمَا ٱسۡتُحۡفِظُواْ مِن كِتَٰبِ ٱللَّهِ وَكَانُواْ عَلَيۡهِ شُهَدَآءَۚ فَلَا تَخۡشَوُاْ ٱلنَّاسَ وَٱخۡشَوۡنِ وَلَا تَشۡتَرُواْ بِـَٔايَٰتِي ثَمَنٗا قَلِيلٗاۚ وَمَن لَّمۡ يَحۡكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُوْلَٰٓئِكَ هُمُ ٱلۡكَٰفِرُونَ ٤٤

Indeed, We sent down the Torah, in which was guidance and light. The prophets who submitted [to Allāh] judged by it for the Jews, as did the rabbis and scholars by that with which they were entrusted of the Scripture of Allāh, and they were witnesses thereto. So do not fear the people but fear Me, and do not exchange My verses for a small price [i.e., worldly gain]. And whoever does not judge by what Allāh has revealed - then it is those who are the disbelievers.

নিশ্চয় আমি মুছাৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিছো, যত আছে কল্যাণৰ প্ৰতি পথপ্ৰদৰ্শন আৰু নূৰ। এই পুথি অনুযায়ী বনী ইছৰাঈলৰ নবীসকলে বিচাৰ ফয়চালা কৰিছিল, তেওঁলোক আছিল আল্লাহৰ আনুগত্যকাৰী। লগতে মানুহক সংশোধনকাৰী উলামা আৰু ফুকাহা সকলেও (ধৰ্মীয় জ্ঞানত পাকৈত সকলেও) সেই অনুসাৰেই বিচাৰ ফয়চালা কৰিছিল। কিয়নো আল্লাহে সিহঁতক তেওঁৰ পুথিৰ সংৰক্ষক নিৰ্ধাৰণ কৰিছিল, যাতে সিহঁতে ইয়াক পৰিৱৰ্তন তথা পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে। সিহঁতে এই কথাৰো সাক্ষী যে, এই পুথি সত্য। আৰু মানুহেও এই পুথি সম্পৰ্কীয় প্ৰশ্ন সিহঁতকেই সোধে। এতেকে হে ইয়াহুদীসকল! মানুহক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। সেয়ে ফয়চালা কৰাৰ সময়ত ধন-সম্পদ, সন্মান অথবা পদৰ লোভত আল্লাহৰ বিধান বিকৃত নকৰিবা। যিসকলে আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে লগতে এনেকুৱা কাৰ্যক বৈধ বুলি ভাৱে, অথবা আন কোনো বিধানক আল্লাহৰ বিধানতকৈ উত্তম বা সমপৰ্যায়ৰ বুলি ভাৱে, প্ৰকৃততে সিহঁতেই কাফিৰ।

5:45Page 115

وَكَتَبۡنَا عَلَيۡهِمۡ فِيهَآ أَنَّ ٱلنَّفۡسَ بِٱلنَّفۡسِ وَٱلۡعَيۡنَ بِٱلۡعَيۡنِ وَٱلۡأَنفَ بِٱلۡأَنفِ وَٱلۡأُذُنَ بِٱلۡأُذُنِ وَٱلسِّنَّ بِٱلسِّنِّ وَٱلۡجُرُوحَ قِصَاصٞۚ فَمَن تَصَدَّقَ بِهِۦ فَهُوَ كَفَّارَةٞ لَّهُۥۚ وَمَن لَّمۡ يَحۡكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ٤٥

And We ordained for them therein a life for a life, an eye for an eye, a nose for a nose, an ear for an ear, a tooth for a tooth, and for wounds is legal retribution. But whoever gives [up his right as] charity, it is an expiation for him. And whoever does not judge by what Allāh has revealed - then it is those who are the wrongdoers [i.e., the unjust].

আমি তাওৰাতত ইয়াহুদীসকলৰ বাবে এই বিধান জাৰি কৰিছিলো যে, যিয়ে জানি-বুজি কোনো ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, ইয়াৰ বিপৰীতে তাক হত্যা কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ চকু বিনষ্ট কৰিব, বিপৰীতে তাৰ চকু বিনাশ কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ নাক কাটিব, বিপৰীতে তাৰো নাক কৰ্তন কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ কাণ কাটিব, বিপৰীতে তাৰো কাণ কৰ্তন কৰা হব। আৰু যিয়ে জানি-বুজি কাৰোবাৰ দাঁত ভাঙিব, বিপৰীতে তাৰো দাঁত ভাঙি দিয়া হব। লগতে আমি এই আদেশো প্ৰদান কৰিছিলো যে, আঘাতৰ ক্ষেত্ৰত অপৰাধীক তাৰ অপাৰধ অনুপাতেই শাস্তি দিয়া হব। আনহাতে যিয়ে অপৰাধীক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰিব। কিয়নো তেওঁ অপৰাধীক ক্ষমা কৰিছে। এতেকে যিয়ে কিচাচ তথা আন আন বিষয়ত আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে, সি দৰাচলতে আল্লাহৰ সীমা উলংঘনকাৰী।

5:46Page 116

وَقَفَّيۡنَا عَلَىٰٓ ءَاثَٰرِهِم بِعِيسَى ٱبۡنِ مَرۡيَمَ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلتَّوۡرَىٰةِۖ وَءَاتَيۡنَٰهُ ٱلۡإِنجِيلَ فِيهِ هُدٗى وَنُورٞ وَمُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلتَّوۡرَىٰةِ وَهُدٗى وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ ٤٦

And We sent, following in their footsteps,1 Jesus, the son of Mary, confirming that which came before him in the Torah; and We gave him the Gospel, in which was guidance and light and confirming that which preceded it of the Torah as guidance and instruction for the righteous.

আৰু আমি বনী ইছৰাঈলৰ নবীসকলৰ পিছতেই মৰিয়মৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ। তেওঁ তাওৰাত বিশ্বাসী আছিল, আৰু সেই অনুসাৰেই বিচাৰ মীমাংসা কৰিছিল। আৰু আমি তেওঁক প্ৰদান কৰিছিলোঁ ইঞ্জীল, যিটোৱে সত্যৰ পথ দেখুৱাইছিল, আৰু তাত আছিল সংশয় নিৰসনৰ প্ৰমাণ, লগতে আছিল সমস্যা সমাধানৰ বহুতো বিধান, আৰু কিছুমান ৰহিত বিধানৰ বাহিৰে ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক পুৰ্ণ সমৰ্থন কৰিছিল। আৰু আমি ইঞ্জীলক হিদায়তৰ মাধ্যম বনাইছিলোঁ, ইয়াৰ দ্বাৰা হিদায়ত পাইছিল। লগতে বনাইছিলোঁ সতৰ্ককাৰী, যাতে সিহঁতে হাৰাম কাৰ্যত লিপ্ত নহয়।

5:47Page 116

وَلۡيَحۡكُمۡ أَهۡلُ ٱلۡإِنجِيلِ بِمَآ أَنزَلَ ٱللَّهُ فِيهِۚ وَمَن لَّمۡ يَحۡكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ ٤٧

And let the People of the Gospel judge by what Allāh has revealed therein. And whoever does not judge by what Allāh has revealed - then it is those who are the defiantly disobedient.

আল্লাহে ইঞ্জীলত অৱতীৰ্ণ কৰা বিধানসমূহৰ ওপৰত খৃষ্টানসকলে ঈমান ৰখা উচিত, তথা (নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে সিহঁতৰ মাজত যি সত্য শিক্ষা আছিল) সেই মতে মীমাংসা কৰা উচিত। আনহাতে যিসকলে আল্লাহৰ বিধান অনুযায়ী মীমাংসা নকৰে, সেই সকলেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত, সত্য পৰিত্যাগকাৰী আৰু বাতিলৰ পিনে ধাবিত।

5:48Page 116

وَأَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ فَٱحۡكُم بَيۡنَهُم بِمَآ أَنزَلَ ٱللَّهُۖ وَلَا تَتَّبِعۡ أَهۡوَآءَهُمۡ عَمَّا جَآءَكَ مِنَ ٱلۡحَقِّۚ لِكُلّٖ جَعَلۡنَا مِنكُمۡ شِرۡعَةٗ وَمِنۡهَاجٗاۚ وَلَوۡ شَآءَ ٱللَّهُ لَجَعَلَكُمۡ أُمَّةٗ وَٰحِدَةٗ وَلَٰكِن لِّيَبۡلُوَكُمۡ فِي مَآ ءَاتَىٰكُمۡۖ فَٱسۡتَبِقُواْ ٱلۡخَيۡرَٰتِۚ إِلَى ٱللَّهِ مَرۡجِعُكُمۡ جَمِيعٗا فَيُنَبِّئُكُم بِمَا كُنتُمۡ فِيهِ تَخۡتَلِفُونَ ٤٨

And We have revealed to you, [O Muḥammad], the Book [i.e., the Qur’ān] in truth, confirming that which preceded it of the Scripture and as a criterion over it. So judge between them by what Allāh has revealed and do not follow their inclinations away from what has come to you of the truth. To each of you We prescribed a law and a method.1 Had Allāh willed, He would have made you one nation [united in religion], but [He intended] to test you in what He has given you; so race to [all that is] good.2 To Allāh is your return all together, and He will [then] inform you concerning that over which you used to differ.

হে ৰাছুল! আমি সত্য সহকাৰে আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, এইটো যে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। ই পূৰ্বৱৰ্তী সকলো ঐশী পুথিক সমৰ্থন কৰে তথা সেইবোৰৰ সংৰক্ষক। যিটো ইয়াৰ অনুকূল হব সেইটো সত্য আৰু যিটো ইয়াৰ বিৰুদ্ধে যাব সেইটো অসত্য। এতেকে আপুনি মানুহৰ মাজত ইয়াৰ মাজত থকা বিধান অনুযায়ী ফয়চালা কৰক। সন্দেহৰ অৱকাশ নথকা যি সত্য আপোনাৰ ওচৰলৈ আহিছে, সেইটো ত্যাগ কৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। আমি প্ৰত্যেক উম্মতৰ বাবে এটা এটাকৈ বিধান বনাইছো, আমল কৰাৰ বাবে কিছুমান বিধি-বিধান আৰু এটা স্পষ্ট পথ, যি পথত সিহঁত চলা উচিত। আল্লাহে ইচ্ছা কৰিলে সকলো চৰীয়তকে এক কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ এনে কৰা নাই বৰং প্ৰত্যেক উম্মতৰ বাবে এটাকৈ চৰীয়ত বনাইছে। যাতে সকলো মানুহকে পৰীক্ষা কৰিব পাৰে আৰু এইটো স্পষ্ট হয় যে, কোন আনুগত্যকাৰী আৰু কোন অৱজ্ঞাকাৰী। এতেকে তোমালোকে ভাল কৰ্ম কৰিবলৈ আৰু অসত্কৰ্ম পৰিত্যাগ কৰিবলৈ অগ্ৰসৰ হোৱা। কাৰণ ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ পিনেই উভতি যাব লাগিব। তেতিয়া তেওঁ তোমালোক সেই সকলো বিষয় সম্পৰ্কে অৱগত কৰিব, যিবোৰ বিষয়ে তোমালোকে মতভেদ কৰিছিলা আৰু তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

5:49Page 116

وَأَنِ ٱحۡكُم بَيۡنَهُم بِمَآ أَنزَلَ ٱللَّهُ وَلَا تَتَّبِعۡ أَهۡوَآءَهُمۡ وَٱحۡذَرۡهُمۡ أَن يَفۡتِنُوكَ عَنۢ بَعۡضِ مَآ أَنزَلَ ٱللَّهُ إِلَيۡكَۖ فَإِن تَوَلَّوۡاْ فَٱعۡلَمۡ أَنَّمَا يُرِيدُ ٱللَّهُ أَن يُصِيبَهُم بِبَعۡضِ ذُنُوبِهِمۡۗ وَإِنَّ كَثِيرٗا مِّنَ ٱلنَّاسِ لَفَٰسِقُونَ ٤٩

And judge, [O Muḥammad], between them by what Allāh has revealed and do not follow their inclinations and beware of them, lest they tempt you away from some of what Allāh has revealed to you. And if they turn away - then know that Allāh only intends to afflict them with some of their [own] sins. And indeed, many among the people are defiantly disobedient.

হে ৰাছুল! আপোনাৰ ওপৰত আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী আপুনি সিহঁতৰ মাজত ফয়চালা কৰিব, আৰু সেই সকল ব্যক্তিৰ কথা মতে নচলিবা যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে। সিহঁতক এৰাই চলক, অন্যথা সিহঁতে আপোনাক কিছুমান বিধানৰ পৰা আঁতৰাই লৈ যাব, আৰু এই কামত সিহঁত যথোচিত চেষ্টা কৰিব। যদি সিহঁতে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা আল্লাহৰ বিধান অনুযায়ী কৰা ফয়চালাক স্বীকাৰ নকৰে, তেন্তে জানি থওঁক যে, আল্লাহে পৃথিৱীতেই সিহঁতক সিহঁতৰ কিছুমান গুনাহৰ শাস্তি দিব বিচাৰে। আনহাতে বাকী গুনাহৰ শাস্তি আখিৰাতত প্ৰদান কৰিব। দৰাচলতে অধিকাংশ লোক আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।

5:50Page 116

أَفَحُكۡمَ ٱلۡجَٰهِلِيَّةِ يَبۡغُونَۚ وَمَنۡ أَحۡسَنُ مِنَ ٱللَّهِ حُكۡمٗا لِّقَوۡمٖ يُوقِنُونَ ٥٠

Then is it the judgement of [the time of] ignorance they desire? But who is better than Allāh in judgement for a people who are certain [in faith].

সিহঁতে আপোনাৰ বিচাৰ এৰি জাহিলিয়্যাতৰ (অজ্ঞতা যুগৰ) মীমাংসা বিচাৰে নেকি, যিসকলে মূৰ্তি পূজা কৰিছিল আৰু নিজৰ প্ৰবৃত্তি অনুসাৰে ফয়চালা কৰিছিল? এতেকে যিসকলে আল্লাহৰ সেইসমূহ বাণীৰ প্ৰতি বিশ্বাস পোষণ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তথা সেইবোৰ বুজিও পায়, তেওঁলোকৰ দৃষ্টিত আল্লাহৰ ফয়চালাতকৈ আন কোনো ফয়চালা উত্তম হ'বই নোৱাৰে। কিন্তু যিসকল মুৰ্খ তথা নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সিহঁতে কেৱল সেইটোৰেই অনুসৰণ কৰে যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল, যদিও সেয়া বাতিলেই নহওঁক কিয়।

5:51Page 117

۞ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّخِذُواْ ٱلۡيَهُودَ وَٱلنَّصَٰرَىٰٓ أَوۡلِيَآءَۘ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٖۚ وَمَن يَتَوَلَّهُم مِّنكُمۡ فَإِنَّهُۥ مِنۡهُمۡۗ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ٥١

O you who have believed, do not take the Jews and the Christians as allies. They are [in fact] allies of one another. And whoever is an ally to them among you - then indeed, he is [one] of them. Indeed, Allāh guides not the wrongdoing people.

হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকল! ইয়াহুদী তথা খৃষ্টানসকলক সহযোগী আৰু অন্তৰঙ্গ বন্ধু বনাই সিহঁতৰ লগত আন্তৰিক মিত্ৰতা নকৰিবা, কিয়নো ইয়াহুদীসকলে নিজ ধৰ্মালম্বীসকলৰ লগত আৰু খৃষ্টানসকলেও নিজ ধৰ্মালম্বী সকলৰ লগতহে মিত্ৰতা ৰাখে, আনহাতে দুয়োটা সম্প্ৰদায়ে তোমালোকৰ লগত শত্ৰুতাৰ ক্ষেত্ৰত একত্ৰিত হোৱাটো স্বাভাৱিক। এতেকে তোমালোকৰ মাজৰ যিয়ে সিহঁতৰ লগত মিত্ৰতা কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত হব। নিশ্চয় আল্লাহে কাফিৰসকলৰ লগত বন্ধুত্ব কৰি নিজৰ ওপৰত অন্যায় কৰা সকলক পোন পথৰ হিদায়ত নিদিয়ে।

5:52Page 117

فَتَرَى ٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ يُسَٰرِعُونَ فِيهِمۡ يَقُولُونَ نَخۡشَىٰٓ أَن تُصِيبَنَا دَآئِرَةٞۚ فَعَسَى ٱللَّهُ أَن يَأۡتِيَ بِٱلۡفَتۡحِ أَوۡ أَمۡرٖ مِّنۡ عِندِهِۦ فَيُصۡبِحُواْ عَلَىٰ مَآ أَسَرُّواْ فِيٓ أَنفُسِهِمۡ نَٰدِمِينَ ٥٢

So you see those in whose hearts is disease [i.e., hypocrisy] hastening into [association with] them, saying, "We are afraid a misfortune may strike us." But perhaps Allāh will bring conquest or a decision from Him, and they will become, over what they have been concealing within themselves, regretful.

এতেকে হে ৰাছুল! আপুনি দেখিবলৈ পাব মুনাফিকসকলে (যিসকল দৰাচলতে দুৰ্বল ঈমানৰ অধিকাৰী) ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত বন্ধুত্ব কৰিবলৈ অগ্ৰসৰ হব আৰু কবঃ “এওঁলোকৰ বিজয়ত আমাৰ ভয় লাগে, এওঁলোকৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা হলে আমাক ক্ষতি কৰিব পাৰে”। তেন্তে জানি থোৱা! অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক আৰু মুমিনসকলক সফল কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো বিষয় আহিব, যাৰ দ্বাৰা ইয়াহুদী আৰু সিহঁতৰ সহযোগীসকলৰ অভিযোগ নিঃশেষ হব। তাৰ পিছত সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ আগভাগ লোৱা মুনাফিকসকলৰ আশাত পানী বৈ যোৱাৰ পিছত সিহঁতৰ অন্তৰত থকা গোপন নিফাকৰ কাৰণে অনুতপ্ত হ'বলৈ বাধ্য হ'ব।

5:53Page 117

وَيَقُولُ ٱلَّذِينَ ءَامَنُوٓاْ أَهَٰٓؤُلَآءِ ٱلَّذِينَ أَقۡسَمُواْ بِٱللَّهِ جَهۡدَ أَيۡمَٰنِهِمۡ إِنَّهُمۡ لَمَعَكُمۡۚ حَبِطَتۡ أَعۡمَٰلُهُمۡ فَأَصۡبَحُواْ خَٰسِرِينَ ٥٣

And those who believe will say,1 "Are these the ones who swore by Allāh their strongest oaths that indeed they were with you?" Their deeds have become worthless, and they have become losers.

মুমিনসকলে সেইসকল মুনাফিকৰ অৱস্থাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি ক'বঃ এই সকলেই দেখুন নিজৰ ঈমানৰ দৃঢ়তাৰ শপত খাই কৈছিল যে, সিহঁত ঈমান, সহায়-সহযোগিতা তথা বন্ধুত্বৰ ক্ষেত্ৰত তোমালোকৰ লগত আছে (হে মুমিনসকল)! সিহঁতৰ আমল বিনষ্ট হৈছে। উদ্দেশ্যত সফল নোহোৱাৰ বাবে আৰু শাস্তিৰ সন্মুখীন হোৱাৰ বাবে সিহঁত ক্ষতিগ্ৰস্ত হৈ গ'ল।

5:54Page 117

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ مَن يَرۡتَدَّ مِنكُمۡ عَن دِينِهِۦ فَسَوۡفَ يَأۡتِي ٱللَّهُ بِقَوۡمٖ يُحِبُّهُمۡ وَيُحِبُّونَهُۥٓ أَذِلَّةٍ عَلَى ٱلۡمُؤۡمِنِينَ أَعِزَّةٍ عَلَى ٱلۡكَٰفِرِينَ يُجَٰهِدُونَ فِي سَبِيلِ ٱللَّهِ وَلَا يَخَافُونَ لَوۡمَةَ لَآئِمٖۚ ذَٰلِكَ فَضۡلُ ٱللَّهِ يُؤۡتِيهِ مَن يَشَآءُۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ ٥٤

O you who have believed, whoever of you should revert from his religion - Allāh will bring forth [in place of them] a people He will love and who will love Him [who are] humble toward the believers, strong against the disbelievers; they strive in the cause of Allāh and do not fear the blame of a critic. That is the favor of Allāh; He bestows it upon whom He wills. And Allāh is all-Encompassing and Knowing.

হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে নিজৰ দ্বীন এৰি কুফুৰীৰ পিনে উভতি যাব, (সি জানি থোৱা উচিত যে, আল্লাহে সিহঁতৰ পৰিবৰ্তে) এনেকুৱা লোকক সৃষ্টি কৰিব, যিসকলক তেওঁ ভাল পাব, তথা তেওঁলোকেও তেওঁক ভাল পাব হিদায়তৰ পথত অটল থকাৰ কাৰণে। তেওঁলোক মুমিনসকলৰ প্ৰতি নম্ৰ হব আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হব। আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ সৈতে যুদ্ধ কৰিব, যাতে আল্লাহৰ শব্দ উচ্চ হয়। আৰু কোনো ভৰ্ত্সনাকাৰীৰ ভৰ্ত্সনালৈ ভ্ৰুক্ষেপ নকৰিব। কিয়নো তেওঁলোকৰ দৃষ্টিত সৃষ্টিৰ সন্তুষ্টিতকৈ স্ৰষ্টাৰ সন্তুষ্টি ডাঙৰ। এয়া আল্লাহৰ দান, তেওঁ যাক ইচ্ছা কৰে দান কৰে। আল্লাহ অসীম অনু্গ্ৰহ তথা উপকাৰৰ অধিকাৰী। তেওঁ ভালকৈ জানে কোন তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ, তেওঁ তাকেই প্ৰদান কৰে। আৰু কোন উপযুক্ত নহয়, তাক বঞ্চিত কৰে।

5:55Page 117

إِنَّمَا وَلِيُّكُمُ ٱللَّهُ وَرَسُولُهُۥ وَٱلَّذِينَ ءَامَنُواْ ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَهُمۡ رَٰكِعُونَ ٥٥

Your ally is none but Allāh and [therefore] His Messenger and those who have believed - those who establish prayer and give zakāh, and they bow [in worship].

ইয়াহুদী, খৃষ্টান তথা আন আন কাফিৰসকলৰ তোমালোকৰ বন্ধু নহয়, বৰং তোমালোকৰ বন্ধু আৰু সহায়ক হৈছে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকল, যিসকলে পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে আৰু নিজৰ সম্পত্তিৰ যাকাত দিয়ে। তেওঁলোকেই আল্লাহৰ প্ৰতি বিনীত।

5:56Page 117

وَمَن يَتَوَلَّ ٱللَّهَ وَرَسُولَهُۥ وَٱلَّذِينَ ءَامَنُواْ فَإِنَّ حِزۡبَ ٱللَّهِ هُمُ ٱلۡغَٰلِبُونَ ٥٦

And whoever is an ally of Allāh and His Messenger and those who have believed - indeed, the party of Allāh - they will be the predominant.

যিয়ে আল্লাহ, তেওঁৰ ৰাছুল তথা মুমিনসকলৰ লগত বন্ধুত্ব কৰিব, আৰু তেওঁলোকক সহায় কৰিব, তেওঁ আল্লাহৰ দলৰ সদস্য হ'ব। আৰু আল্লাহৰ দলেই বিজয় প্ৰাপ্ত। কিয়নো তেওঁলোক আল্লাহৰ সহায় প্ৰাপ্ত।

5:57Page 117

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّخِذُواْ ٱلَّذِينَ ٱتَّخَذُواْ دِينَكُمۡ هُزُوٗا وَلَعِبٗا مِّنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ مِن قَبۡلِكُمۡ وَٱلۡكُفَّارَ أَوۡلِيَآءَۚ وَٱتَّقُواْ ٱللَّهَ إِن كُنتُم مُّؤۡمِنِينَ ٥٧

O you who have believed, take not those who have taken your religion in ridicule and amusement among the ones who were given the Scripture before you nor the disbelievers as allies. And fear Allāh, if you should [truly] be believers.

হে ঈমান্দাৰসকল! তোমালোকৰ পূৰ্বে পুথিপ্ৰাপ্ত ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলক সহায়ক আৰু অন্তৰঙ্গ বন্ধু বনাই নলবা, যিসকলে তোমালোকৰ ধৰ্মক উপহাস কৰে আৰু ধেমালি কৰে। যদিহে তোমালোকে প্ৰকৃততে আল্লাহৰ প্ৰতি আৰু তেওঁ অৱতীৰ্ণ কৰা বিধানৰ প্ৰতি ঈমান পোষণ কৰা, তেন্তে তেওঁ যিসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, সিহঁতৰ পৰা পৃথক হৈ কেৱল তেওঁকেই ভয় কৰা।

5:58Page 118

وَإِذَا نَادَيۡتُمۡ إِلَى ٱلصَّلَوٰةِ ٱتَّخَذُوهَا هُزُوٗا وَلَعِبٗاۚ ذَٰلِكَ بِأَنَّهُمۡ قَوۡمٞ لَّا يَعۡقِلُونَ ٥٨

And when you call to prayer, they take it in ridicule and amusement. That is because they are a people who do not use reason.

আৰু এইদৰে যেতিয়া তোমালোকে ছালাতৰ বাবে আহ্বান কৰা, যিটো হৈছে মহান উপাসনা, সিহঁতে এইটোক লৈয়ো উপহাস কৰে তথা ধেমালি কৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ ইবাদতৰ অৰ্থ আৰু তেওঁৰ ফালৰ পৰা মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা চৰীয়তক বুজিয়ে পোৱা নাই।

5:59Page 118

قُلۡ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ هَلۡ تَنقِمُونَ مِنَّآ إِلَّآ أَنۡ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا وَمَآ أُنزِلَ مِن قَبۡلُ وَأَنَّ أَكۡثَرَكُمۡ فَٰسِقُونَ ٥٩

Say, "O People of the Scripture, do you resent us except [for the fact] that we have believed in Allāh and what was revealed to us and what was revealed before and because most of you are defiantly disobedient?"

হে ৰাছুল! উপহাসকাৰী আহলে কিতাবক আপুনি কৈ দিয়কঃ এইটোৱে আমাৰ দোষ নেকি যে, আমি আল্লাহৰ ওপৰত ঈমান আনিছো, লগতে আল্লাহে আমাৰ প্ৰতি আৰু আমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰিছে তাৰ ওপৰত ঈমান আনিছো, লগতে এই কথাৰ প্ৰতিও আমি ঈমান পোষণ কৰিছো যে, তোমালোকৰ মাজৰ অধিকাংশ লোকে আল্লাহক অস্বীকাৰ কৰি আৰু তেওঁৰ আদেশক অমান্য কৰি তেওঁৰ সীমালংঘন কৰিব। এতেকে তোমালোকে যিটোক আমাৰ দোষ বুলি ভৱা, সেয়া দৰাচলতে আমাৰ উপলব্ধি তথা প্ৰশংসনীয় কাৰ্য্য।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском