Al-MukhtasarAl‑Ma'idah · 5:60–93

Al-Mukhtasar · Tafsir · in Assamese

Al-Ma'idah 5:60–93

5:60Page 118

قُلۡ هَلۡ أُنَبِّئُكُم بِشَرّٖ مِّن ذَٰلِكَ مَثُوبَةً عِندَ ٱللَّهِۚ مَن لَّعَنَهُ ٱللَّهُ وَغَضِبَ عَلَيۡهِ وَجَعَلَ مِنۡهُمُ ٱلۡقِرَدَةَ وَٱلۡخَنَازِيرَ وَعَبَدَ ٱلطَّٰغُوتَۚ أُوْلَٰٓئِكَ شَرّٞ مَّكَانٗا وَأَضَلُّ عَن سَوَآءِ ٱلسَّبِيلِ ٦٠

Say, "Shall I inform you of [what is] worse than that1 as penalty from Allāh? [It is that of] those whom Allāh has cursed and with whom He became angry and made of them apes and pigs and slaves of ṭāghūt.2 Those are worse in position and further astray from the sound way."

হে ৰাছুল! আপুনি কওক, মই তোমালোকক সংবাদ দিমনে ইহঁততকৈ অধিক নিন্দা আৰু শাস্তিৰ হকদাৰ কোন হ'ব পাৰে? দৰাচলতে সিহঁত হৈছে ইহঁতৰ পূৰ্বপূৰুষসকল, যিসকলক আল্লাহে তেওঁৰ কৃপাৰ পৰা দূৰ কৰিছিল, আৰু সিহঁতৰ ওপৰত তেওঁৰ ক্ৰোধ অৱতীৰ্ণ কৰিছিল আৰু সিহঁতৰ মুখমণ্ডল বিকৃত কৰি গাহৰি তথা বান্দৰ বনাই দিছিল আৰু সিহঁতৰ মাজৰ কিছুমানক তাগুতৰ পূজাৰী বনাই দিছিল। আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু এই উপাসনাত সন্তুষ্ট হোৱা উপাস্যকেই তাগুত বুলি কোৱা হয়। উল্লেখিত লোক সকলেই ক্বিয়ামতৰ দিনা সৱাতোকৈ নিকৃষ্ট অৱস্থাত থাকিব তথা পোন পথৰ পৰা অধিক পথভ্ৰষ্ট হ'ব।

5:61Page 118

وَإِذَا جَآءُوكُمۡ قَالُوٓاْ ءَامَنَّا وَقَد دَّخَلُواْ بِٱلۡكُفۡرِ وَهُمۡ قَدۡ خَرَجُواْ بِهِۦۚ وَٱللَّهُ أَعۡلَمُ بِمَا كَانُواْ يَكۡتُمُونَ ٦١

And when they come to you, they say, "We believe." But they have entered with disbelief [in their hearts], and they have certainly left with it. And Allāh is most knowing of what they were concealing.

হে মুমিনসকল! মুনাফিকসকল যেতিয়া তোমালোকৰ ওচৰত আহে, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত ঈমান অনা বুলি প্ৰকাশ কৰে। এইটো হৈছে সিহঁতৰ নিফাক। দৰাচলতে সিহঁতে কুফৰ সহ প্ৰৱেশ কৰে আৰু কুফৰ সহ ওলাই যায়। কুফৰ সিহঁতৰ পৰা দূৰেই নহয়। সিহঁতে নিজৰ অন্তৰত যি কুফুৰী গোপন কৰি ৰাখে, সেয়া আল্লাহে ভালদৰেই জানে, তথা অনতিপলমে সিহঁতক ইয়াৰ প্ৰতিদান দিব।

5:62Page 118

وَتَرَىٰ كَثِيرٗا مِّنۡهُمۡ يُسَٰرِعُونَ فِي ٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِ وَأَكۡلِهِمُ ٱلسُّحۡتَۚ لَبِئۡسَ مَا كَانُواْ يَعۡمَلُونَ ٦٢

And you see many of them hastening into sin and aggression and the devouring of [what is] unlawful. How wretched is what they have been doing.

হে ৰাছুল! আপুনি বহুতো ইয়াহুদী আৰু মুনাফিকক দেখিবলৈ পাব যে, সিহঁত গুনাহৰ কৰ্মত আগভাগ লয়, যেনেঃ মিছা কথা কোৱা, আনৰ ওপৰত অত্যাচাৰ কৰা আৰু মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা। সিহঁতৰ কৰ্ম অত্যন্ত নিকৃষ্ট।

5:63Page 118

لَوۡلَا يَنۡهَىٰهُمُ ٱلرَّبَّٰنِيُّونَ وَٱلۡأَحۡبَارُ عَن قَوۡلِهِمُ ٱلۡإِثۡمَ وَأَكۡلِهِمُ ٱلسُّحۡتَۚ لَبِئۡسَ مَا كَانُواْ يَصۡنَعُونَ ٦٣

Why do the rabbis and religious scholars not forbid them from saying what is sinful and devouring what is unlawful? How wretched is what they have been practicing.

ইহঁতৰ পথপ্ৰদৰ্শক তথা ধৰ্মগুৰুসকলে মিছা কথা কোৱাৰ পৰা, মিছা সাক্ষ্য দিয়াৰ পৰা তথা অবৈধ ভাৱে মানুহৰ সম্পদ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? অৱশ্যে ইহঁতৰ নেতাসকলৰ আৰু ধৰ্মগুৰু সকলৰ কৰ্ম অত্যন্ত নিকৃষ্ট, যিসকলে সিহঁতক বেয়া কৰ্মৰ পৰা বাৰণ নকৰে।

5:64Page 118

وَقَالَتِ ٱلۡيَهُودُ يَدُ ٱللَّهِ مَغۡلُولَةٌۚ غُلَّتۡ أَيۡدِيهِمۡ وَلُعِنُواْ بِمَا قَالُواْۘ بَلۡ يَدَاهُ مَبۡسُوطَتَانِ يُنفِقُ كَيۡفَ يَشَآءُۚ وَلَيَزِيدَنَّ كَثِيرٗا مِّنۡهُم مَّآ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ طُغۡيَٰنٗا وَكُفۡرٗاۚ وَأَلۡقَيۡنَا بَيۡنَهُمُ ٱلۡعَدَٰوَةَ وَٱلۡبَغۡضَآءَ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِۚ كُلَّمَآ أَوۡقَدُواْ نَارٗا لِّلۡحَرۡبِ أَطۡفَأَهَا ٱللَّهُۚ وَيَسۡعَوۡنَ فِي ٱلۡأَرۡضِ فَسَادٗاۚ وَٱللَّهُ لَا يُحِبُّ ٱلۡمُفۡسِدِينَ ٦٤

And the Jews say, "The hand of Allāh is chained."1 Chained are their hands, and cursed are they for what they say. Rather, both His hands are extended; He spends however He wills. And that which has been revealed to you from your Lord will surely increase many of them in transgression and disbelief. And We have cast among them animosity and hatred until the Day of Resurrection. Every time they kindled the fire of war [against you], Allāh extinguished it. And they strive throughout the land [causing] corruption, and Allāh does not like corrupters.

ইয়াহুদীসকলক যেতিয়া অনাবৃষ্টি তথা বিপদে পালে, তেতিয়া কবলৈ ধৰিলে যে, আল্লাহৰ হাত দানৰ পৰা তথা কল্যাণৰ পৰা বঞ্চিত, এই কাৰণেই তেওঁ নিজৰ ধন ভাণ্ডাৰৰ পৰা আমাক বঞ্চিত কৰিছে। জানি থোৱা! প্ৰকৃততে সিহঁতৰেই হাত বন্ধা অৱস্থাত আছে, ফলত সিহঁতে কোনো ভাল কাম নকৰে আৰু দানো নকৰে। সিহঁতক সিহঁতৰ এই কথাৰ কাৰণে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। বৰং আল্লাহৰ দুয়ো হাত উন্মুক্ত, তেওঁ যিদৰে ইচ্ছা কৰে দান কৰে তথা ব্যয় কৰে। কেতিয়াবা অধিক, কেতিয়াবা কম। তেওঁক প্ৰতিৰোধকাৰীও কোনো নাই আৰু তেওঁক বাধ্য কৰিবলৈয়ো কোনো নাই। হে ৰাছুল! আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে, ইয়াৰ ফলত ইয়াহুদীসকলৰ সীমালংঘন আৰু অস্বীকাৰ আৰু বৃদ্ধি পাব। কিয়নো সিহঁতৰ অন্তৰ ঈৰ্ষাৰে পৰিপূৰ্ণ। আমি ইয়াহুদীসকলৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা তথা ঘৃণা সৃষ্টি কৰি দিছো। যেতিয়া সিহঁত যুদ্ধৰ বাবে একত্ৰিত হয় বা ইয়াৰ বাবে প্ৰস্তুতি লয় অথবা যুদ্ধক অগ্নিগৰ্ভা কৰিবলৈ চক্ৰান্ত ৰচে, তেতিয়া আল্লাহে সিহঁতক ছিন্ন-ভিন্ন কৰি দিয়ে, আৰু সিহঁতৰ সকলো শক্তি বিনাশ কৰি দিয়ে। সিহঁতে নিজৰ স্বভাৱ অনুযায়ী ইছলামৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এনেকুৱা কৰ্ম কৰিব, যাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হব। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰী সকলক পছন্দ নকৰে।

5:65Page 119

وَلَوۡ أَنَّ أَهۡلَ ٱلۡكِتَٰبِ ءَامَنُواْ وَٱتَّقَوۡاْ لَكَفَّرۡنَا عَنۡهُمۡ سَيِّـَٔاتِهِمۡ وَلَأَدۡخَلۡنَٰهُمۡ جَنَّٰتِ ٱلنَّعِيمِ ٦٥

And if only the People of the Scripture had believed and feared Allāh, We would have removed from them their misdeeds and admitted them to Gardens of Pleasure.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে, ইয়াহুদী তথা খৃষ্টানসকলে যদি তাৰ ওপৰত ঈমান আনিলেহেঁতেন আৰু গুনাহৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰিলেহেঁতেন, তেন্তে আমি সিহঁতৰ গুনাহসমূহ ক্ষমা কৰি দিলোহেঁতেন, যদিও সেয়া অসংখ্য নহওঁক কিয়। তথা ক্বিয়ামতৰ দিনা আমি সিহঁতক এনেকুৱা নিয়ামতপূৰ্ণ জান্নাতত প্ৰৱেশ কৰালোহেঁতেন, যাৰ নিয়ামতসমূহ কেতিয়াও শেষ নহ'ব।

5:66Page 119

وَلَوۡ أَنَّهُمۡ أَقَامُواْ ٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَ وَمَآ أُنزِلَ إِلَيۡهِم مِّن رَّبِّهِمۡ لَأَكَلُواْ مِن فَوۡقِهِمۡ وَمِن تَحۡتِ أَرۡجُلِهِمۚ مِّنۡهُمۡ أُمَّةٞ مُّقۡتَصِدَةٞۖ وَكَثِيرٞ مِّنۡهُمۡ سَآءَ مَا يَعۡمَلُونَ ٦٦

And if only they had upheld [the law of] the Torah, the Gospel, and what has been revealed to them from their Lord [i.e., the Qur’ān], they would have consumed [provision] from above them and from beneath their feet.1 Among them are a moderate [i.e., acceptable] community, but many of them - evil is that which they do.

যদি ইয়াহুদীসকলে তাওৰাত অনুসাৰে আৰু খৃষ্টানসকলে ইঞ্জীল অনুসাৰে কৰ্ম কৰিলেহেঁতেন আৰু উভয়ে কোৰআন অনুসাৰে আমল কৰিলেহেঁতেন, তেন্তে মই সিহঁতৰ বাবে বৰষুণ আৰু অন্ন উত্পাদনৰ জীৱিকাৰ মাধ্যম যোগান ধৰিলোহেঁতেন। আহলে কিতাবসকলৰ মাজত কিছুমান ন্যায় তথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। অথচ সিহঁতৰ মাজৰ অধিকাংশ লোক ঈমানৰ পৰা বঞ্চিত হোৱাৰ কাৰণে অসত্কৰ্মত লিপ্ত হৈ আছে।

5:67Page 119

۞ يَٰٓأَيُّهَا ٱلرَّسُولُ بَلِّغۡ مَآ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَۖ وَإِن لَّمۡ تَفۡعَلۡ فَمَا بَلَّغۡتَ رِسَالَتَهُۥۚ وَٱللَّهُ يَعۡصِمُكَ مِنَ ٱلنَّاسِۗ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡكَٰفِرِينَ ٦٧

O Messenger, announce that which has been revealed to you from your Lord, and if you do not, then you have not conveyed His message. And Allāh will protect you from the people. Indeed, Allāh does not guide the disbelieving people.

হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে, সেয়া পৰিপূৰ্ণৰূপে পৌঁচাই দিয়ক। একো গোপন নকৰিব, যদি আপুনি কিবা গোপন কৰে তেন্তে আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াসকলৰ অন্তৰ্ভুক্ত নহ'ব। (এই কথাত কোনো সন্দেহ নাই যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বিধান পৌঁচাই দিছে, যিটো পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছিল। যিয়ে ইয়াৰ বিপৰীতে কল্পনা কৰিব, সি আল্লাহৰ ওপৰত ডাঙৰ মিছা আৰোপ লগোৱা সকলৰ অন্তৰ্ভুক্ত হব) আৰু আজিৰ পৰা আল্লাহে আপোনাক মানুহৰ পৰা ৰক্ষা কৰিব। সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া। আল্লাহে সেই সকল কাফিৰক কেতিয়াও পোন পথৰ তাওফীক নিদিয়ে, যিসকলে নিজেই পোন পথ পাব নিবিচাৰে।

5:68Page 119

قُلۡ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ لَسۡتُمۡ عَلَىٰ شَيۡءٍ حَتَّىٰ تُقِيمُواْ ٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَ وَمَآ أُنزِلَ إِلَيۡكُم مِّن رَّبِّكُمۡۗ وَلَيَزِيدَنَّ كَثِيرٗا مِّنۡهُم مَّآ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ طُغۡيَٰنٗا وَكُفۡرٗاۖ فَلَا تَأۡسَ عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ٦٨

Say, "O People of the Scripture, you are [standing] on nothing until you uphold [the law of] the Torah, the Gospel, and what has been revealed to you from your Lord [i.e., the Qur’ān]." And that which has been revealed to you from your Lord will surely increase many of them in transgression and disbelief. So do not grieve over the disbelieving people.

হে ৰাছুল! আপুনি কৈ দিয়কঃ হে ইয়াহুদী আৰু খৃষ্টানসকল! তোমালোকে তেতিয়া লৈকে কোনো ধৰ্মালম্বী হব নোৱাৰা যেতিয়া লৈকে তাওৰাত আৰু ইঞ্জীলৰ শিক্ষাৰ ওপৰত আমল নকৰিবা আৰু যেতিয়ালৈকে কোৰআনৰ ওপৰত আমল নকৰিবা, ইয়াৰ ওপৰত ঈমান পোষণ নকৰাকৈ আৰু ইয়াৰ ওপৰত আমল নকৰাকৈ তোমালোকৰ ঈমান সঠিক হ'বই নোৱাৰে। আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ যি পুথি আহিছে, ইয়াৰ ফলত কিতাবীসকলৰ বহুতৰেই কুফৰ তথা সীমালংঘন বৃদ্ধি পাব। কাৰণ সিহঁত ঈৰ্ষাত জ্বলি আছে। এতেকে আপুনি এইসকল কাফিৰক লৈ আক্ষেপ নকৰিব। আপোনাৰ লগত থকা মুমিনসকলেই আপোনাৰ বাবে যথেষ্ট।

5:69Page 119

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَٱلَّذِينَ هَادُواْ وَٱلصَّٰبِـُٔونَ وَٱلنَّصَٰرَىٰ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَعَمِلَ صَٰلِحٗا فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٦٩

Indeed, those who have believed [in Prophet Muḥammad (ﷺ)] and those [before him (ﷺ)] who were Jews or Sabeans or Christians - those [among them] who believed in Allāh and the Last Day and did righteousness - no fear will there be concerning them, nor will they grieve.1

মুমিনসকল, ইয়াহুদীসকল তথা ছাবেয়ীসকল (কোনোবা এজন নবীৰ উম্মত) আৰু খৃষ্টানসকল, এওঁলোকৰ মাজৰ যিসকলে আল্লাহ তথা অন্তিম দিনৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সত্কৰ্ম কৰিব, এনেকুৱা লোকে কোনো চিন্তাৰ সন্মুখীন নহ'ব, আৰু এওঁলোকে পৃথিৱীৰ কোনো বস্তু নোপোৱাৰ বাবেও দুখ কৰিব।

5:70Page 119

لَقَدۡ أَخَذۡنَا مِيثَٰقَ بَنِيٓ إِسۡرَٰٓءِيلَ وَأَرۡسَلۡنَآ إِلَيۡهِمۡ رُسُلٗاۖ كُلَّمَا جَآءَهُمۡ رَسُولُۢ بِمَا لَا تَهۡوَىٰٓ أَنفُسُهُمۡ فَرِيقٗا كَذَّبُواْ وَفَرِيقٗا يَقۡتُلُونَ ٧٠

We had already taken the covenant of the Children of Israel and had sent to them messengers. Whenever there came to them a messenger with what their souls did not desire, a party [of messengers] they denied, and another party they killed.

আমি বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ অনুসৰণ কৰাৰ বাবে, আৰু সিহঁতৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ আল্লাহৰ চৰীয়ত প্ৰচাৰ কৰিবলৈ। কিন্তু সিহঁতে প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল। ফলত সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা বিধানৰ পৰা বিমূখ হৈছিল। তেওঁলোকৰ মাজৰ কিছুমানক অস্বীকাৰ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।

5:71Page 120

وَحَسِبُوٓاْ أَلَّا تَكُونَ فِتۡنَةٞ فَعَمُواْ وَصَمُّواْ ثُمَّ تَابَ ٱللَّهُ عَلَيۡهِمۡ ثُمَّ عَمُواْ وَصَمُّواْ كَثِيرٞ مِّنۡهُمۡۚ وَٱللَّهُ بَصِيرُۢ بِمَا يَعۡمَلُونَ ٧١

And they thought there would be no [resulting] punishment, so they became blind and deaf. Then Allāh turned to them in forgiveness; then [again] many of them became blind and deaf. And Allāh is Seeing of what they do.

সিহঁতে ধাৰণা কৰিছিল যে, অঙ্গীকাৰ ভঙ্গ কৰিলে, নবীসকলক অস্বীকাৰ কৰিলে তথা তেওঁলোকক হত্যা কৰিলে সিহঁতৰ কোনো ক্ষতি নহব, কিন্তু সিহঁতৰ ক্ষতি সাধন হল, যিটো সিহঁতে ভৱা নাছিল। এনেকুৱা অন্ধ হৈছিল যে, সত্য সিহঁতে দেখা পোৱা নাছিল আৰু এনেকুৱা কলা হৈছিল যে, সত্য স্বীকাৰ কৰিব পৰা নাছিল। তাৰ পিছত আল্লাহে নিজ অনুগ্ৰহত সিহঁতৰ তাওবা কবূল কৰিলে। তাৰ পিছতো সিহঁতৰ মাজৰ বহু সংখ্যক লোক অন্ধ আৰু কলা হৈ গল, আৰু সত্যৰ পৰা আঁতৰি গল। সিহঁতে যি কৰি আছে সেয়া আল্লাহে প্ৰত্যক্ষ কৰি আছে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তথা আল্লাহে সিহঁতক ইয়াৰ প্ৰতিদানো দিব।

5:72Page 120

لَقَدۡ كَفَرَ ٱلَّذِينَ قَالُوٓاْ إِنَّ ٱللَّهَ هُوَ ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَۖ وَقَالَ ٱلۡمَسِيحُ يَٰبَنِيٓ إِسۡرَٰٓءِيلَ ٱعۡبُدُواْ ٱللَّهَ رَبِّي وَرَبَّكُمۡۖ إِنَّهُۥ مَن يُشۡرِكۡ بِٱللَّهِ فَقَدۡ حَرَّمَ ٱللَّهُ عَلَيۡهِ ٱلۡجَنَّةَ وَمَأۡوَىٰهُ ٱلنَّارُۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ ٧٢

They have certainly disbelieved who say, "Allāh is the Messiah, the son of Mary" while the Messiah has said, "O Children of Israel, worship Allāh, my Lord and your Lord." Indeed, he who associates others with Allāh - Allāh has forbidden him Paradise, and his refuge is the Fire. And there are not for the wrongdoers any helpers.

নিঃসন্দেহে সেইসকল খৃষ্টানে কুফুৰী কৰিছে, যিসকলে কৈছেঃ ঈছা ইবনে মৰিয়মেই হৈছে আল্লাহ। কিয়নো সিহঁতে আল্লাহৰ বাহিৰে আনক উপাস্য কৰি লৈছে। অথচ স্বয়ং ঈছা ইবনে মৰিয়মে কৈছিলঃ হে বনী ইছৰাঈলৰ লোক সকল! কেৱল আল্লাহৰ ইবাদত কৰা। তেৱেঁই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। আমি তেওঁৰ একে পৰ্যায়ৰ বান্দা। কিয়নো যিয়ে আল্লাহৰ লগত আনক অংশীদাৰ কৰিব, আল্লাহে তাক জান্নাত নচীব নকৰিব আৰু তাৰ ঠিকনা হব জাহান্নাম। আল্লাহৰ সন্মুখত সিহঁতৰ কোনো সহায়ক নাথাকিব আৰু কোনো সহানুভূতিশীলো নাপাব। আৰু কোনেও তাক শাস্তিৰ পৰা ৰক্ষাও কৰিব নোৱাৰে।

5:73Page 120

لَّقَدۡ كَفَرَ ٱلَّذِينَ قَالُوٓاْ إِنَّ ٱللَّهَ ثَالِثُ ثَلَٰثَةٖۘ وَمَا مِنۡ إِلَٰهٍ إِلَّآ إِلَٰهٞ وَٰحِدٞۚ وَإِن لَّمۡ يَنتَهُواْ عَمَّا يَقُولُونَ لَيَمَسَّنَّ ٱلَّذِينَ كَفَرُواْ مِنۡهُمۡ عَذَابٌ أَلِيمٌ ٧٣

They have certainly disbelieved who say, "Allāh is the third of three."1 And there is no god except one God. And if they do not desist from what they are saying, there will surely afflict the disbelievers among them a painful punishment.

সেই সকল খৃষ্টানেও কুফুৰী কৰিছে, যিসকলে কয়ঃ আল্লাহ হৈছে তিনি সত্ত্বাৰ সমূহ। পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা। আল্লাহ সিহঁতৰ এইবোৰ কথাৰ পৰা অতি উচ্চ। আল্লাহ অনেক নহয় বৰং তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সিহঁতে যদি এইবোৰ নিকৃষ্ট কথাৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে নিশ্চয় কষ্টদায়ক শাস্তি পাব।

5:74Page 120

أَفَلَا يَتُوبُونَ إِلَى ٱللَّهِ وَيَسۡتَغۡفِرُونَهُۥۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ٧٤

So will they not repent to Allāh and seek His forgiveness? And Allāh is Forgiving and Merciful.

সিহঁতে নিজৰ এইবোৰ কথা এৰি আল্লাহৰ ওচৰত তাওবা নকৰিবনে আৰু শ্বিৰ্কৰ পৰা ক্ষমা নিবিচাৰিব নে? অথচ আল্লাহে তাওবাকাৰীৰ গুনাহ ক্ষমা কৰি দিয়ে। গুনাহ যিমানেই ডাঙৰ নহওঁক কিয়, আনকি তেওঁৰ লগত কৰা কুফৰেই নহওঁক কিয় (ক্ষমা কৰি দিয়ে)। তেওঁ মুমিনসকলৰ প্ৰতি বৰ কৃপাশীল।

5:75Page 120

مَّا ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَ إِلَّا رَسُولٞ قَدۡ خَلَتۡ مِن قَبۡلِهِ ٱلرُّسُلُ وَأُمُّهُۥ صِدِّيقَةٞۖ كَانَا يَأۡكُلَانِ ٱلطَّعَامَۗ ٱنظُرۡ كَيۡفَ نُبَيِّنُ لَهُمُ ٱلۡأٓيَٰتِ ثُمَّ ٱنظُرۡ أَنَّىٰ يُؤۡفَكُونَ ٧٥

The Messiah, son of Mary, was not but a messenger; [other] messengers have passed on before him. And his mother was a supporter of truth. They both used to eat food.1 Look how We make clear to them the signs; then look how they are deluded.

মৰিয়মৰ পুত্ৰ ঈছা মছীহ কেৱল এজন ৰাছুল। আন আন নবীসকলৰ দৰেই তেৱোঁ মৃত্যুবৰণ কৰিব। আৰু তেওঁৰ মা মৰিয়ম আলাইহাচ ছালাম বহুত সত্যবাদী তথা আল্লাহৰ বিধান সমৰ্থনকাৰী আছিল। তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, কাৰণ এইটো তেওঁলোকৰ প্ৰয়োজনীয় আছিল। তেন্তে কেনেকৈ তেওঁলোক উপাস্য হব পাৰে? হে ৰাছুল আপুনি অলপ গভীৰভাৱে চিন্তা কৰি চাওঁকচোন! আমি কিমান স্পষ্ট ভাৱে ইহঁতৰ সন্মুখত এই কথাৰ নিদৰ্শনসমূহ বৰ্ণনা কৰিছো যে, আল্লাহ একক। আনহাতে সিহঁতে আনক উপাস্য বনোৱাৰ যি অভ্যাস পুহি ৰাখিছে, সেয়া যে ভ্ৰান্ত মতবাদ সেইটোও খণ্ডন কৰিছো। কিন্তু ইয়াৰ পিছতো সিহঁতে এইবোৰ নিদৰ্শনক অস্বীকাৰ কৰে। আপুনি গভীৰভাৱে চাওঁক, আল্লাহ যে একক, ইয়াৰ স্পষ্ট নিদৰ্শনসমূহ পোৱাৰ পিছতো সিহঁতে সত্যৰ পৰা আঁতৰি গৈ আছে।

5:76Page 120

قُلۡ أَتَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَمۡلِكُ لَكُمۡ ضَرّٗا وَلَا نَفۡعٗاۚ وَٱللَّهُ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٧٦

Say, "Do you worship besides Allāh that which holds for you no [power of] harm or benefit while it is Allāh who is the Hearing, the Knowing?"

হে ৰাছুল! সিহঁতে যে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰে, ইয়াৰ বিপক্ষে প্ৰমাণ প্ৰদান কৰি আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে এনেকুৱা বস্তুৰ উপাসনা কৰানে, যিয়ে তোমালোকক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? সেইবোৰ হৈছে অক্ষম। নিশ্চয় আল্লাহ এই দোষৰ পৰা পৱিত্ৰ। আল্লাহেই তোমালোকৰ কথা শুনে, কোনো কথাই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, একোৱেই তেওঁৰ অগোচৰ নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

5:77Page 121

قُلۡ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ لَا تَغۡلُواْ فِي دِينِكُمۡ غَيۡرَ ٱلۡحَقِّ وَلَا تَتَّبِعُوٓاْ أَهۡوَآءَ قَوۡمٖ قَدۡ ضَلُّواْ مِن قَبۡلُ وَأَضَلُّواْ كَثِيرٗا وَضَلُّواْ عَن سَوَآءِ ٱلسَّبِيلِ ٧٧

Say, "O People of the Scripture, do not exceed limits in your religion beyond the truth and do not follow the inclinations of a people who had gone astray before and misled many and have strayed from the soundness of the way."

হে ৰাছুল! আপুনি খৃষ্টানসকলক কৈ দিয়ক যে, তোমালোকক যি সত্য অনুসৰণ কৰিবলৈ আদেশ দিয়া হৈছে, সেই বিষয়ে সীমালংঘন নকৰিবা, আৰু যাক সন্মান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (যেনে নবীসকল) তেওঁলোকৰ সন্মানৰ ক্ষেত্ৰত সীমা অতিক্ৰম নকৰিবা। তেওঁলোকক উপাস্য বনাই নলবা, যিদৰে তোমালোকে ঈছা ইবনে মৰিয়মৰ ক্ষেত্ৰত কৰিছা। তোমালোকে তোমালোকৰ সেই সকল পথভ্ৰষ্ট পুৰ্বপুৰুষ সকলৰ অনুসৰণ কৰিহে এনেকুৱা কৰিছা, যিসকলে অসংখ্য লোকক পোন পথৰ পৰা আঁতৰাইছিল, আৰু সিহঁত নিজেও পথভ্ৰষ্ট হৈছিল।

5:78Page 121

لُعِنَ ٱلَّذِينَ كَفَرُواْ مِنۢ بَنِيٓ إِسۡرَٰٓءِيلَ عَلَىٰ لِسَانِ دَاوُۥدَ وَعِيسَى ٱبۡنِ مَرۡيَمَۚ ذَٰلِكَ بِمَا عَصَواْ وَّكَانُواْ يَعۡتَدُونَ ٧٨

Cursed were those who disbelieved among the Children of Israel by the tongue of David and of Jesus, the son of Mary. That was because they disobeyed and [habitually] transgressed.

আল্লাহে জনাইছে যে, তেওঁ নবী ইছৰাঈলৰ কাফিৰসকলক তেওঁৰ কৃপাৰ পৰা বঞ্চিত কৰিছিল। ইয়াৰ বিৱৰণ যাবূৰ পুথিত আছে, যিটো দাঊদ আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ইঞ্জীলতো আছে, যিটো ঈছা আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল। সিহঁতক কৃপাৰ পৰা এই কাৰণে বঞ্চিত কৰা হৈছিল যে, সিহঁতে পাপ কৰিছিল আৰু আল্লাহৰ হাৰাম বস্তুৰ ওচৰলৈ যাওঁতে দ্বিধাবোধ কৰা নাছিল।

5:79Page 121

كَانُواْ لَا يَتَنَاهَوۡنَ عَن مُّنكَرٖ فَعَلُوهُۚ لَبِئۡسَ مَا كَانُواْ يَفۡعَلُونَ ٧٩

They used not to prevent one another from wrongdoing that they did. How wretched was that which they were doing.

সিহঁতে পৰস্পৰে পৰস্পৰক পাপ কৰ্মৰ পৰা নিষেধ কৰা নাছিল। বৰং সিহঁতৰ মাজৰ পাপিষ্ঠ সকলে প্ৰকাশ্যভাৱে গুনাহৰ কৰ্ম কৰিছিল। কাৰণ সিহঁতক নিষেধ কৰিবলৈ কোনো নাছিল। পাপ কৰ্মৰ পৰা নিষেধ নকৰা সিহঁতৰ এই আচৰণ আছিল অতি নিকৃষ্ট।

5:80Page 121

تَرَىٰ كَثِيرٗا مِّنۡهُمۡ يَتَوَلَّوۡنَ ٱلَّذِينَ كَفَرُواْۚ لَبِئۡسَ مَا قَدَّمَتۡ لَهُمۡ أَنفُسُهُمۡ أَن سَخِطَ ٱللَّهُ عَلَيۡهِمۡ وَفِي ٱلۡعَذَابِ هُمۡ خَٰلِدُونَ ٨٠

You see many of them becoming allies of those who disbelieved [i.e., the polytheists]. How wretched is that which they have put forth for themselves in that Allāh has become angry with them, and in the punishment they will abide eternally.

হে ৰাছুল! এই ইয়াহুদীসকলৰ মাজৰ কাফিৰসকলক আপুনি দেখিবলৈ পাব যে, সিহঁতে আন আন কাফিৰসকলক ভালপায় তথা সিহঁতে পিনে ধাবিত হয়। লগতে আপোনাৰ লগত আৰু তাওহীদপন্থী সকলৰ লগত শত্ৰুতা পোষণ কৰে। কাফিৰসকলৰ লগত থকা সিহঁতৰ এই বন্ধুত্ব তেনেই নিকৃষ্ট। কাৰণ এইটো আল্লাহৰ ক্ৰোধৰ কাৰণ। এই কাৰণে আল্লাহে সিহঁতক জাহান্নামত নিক্ষেপ কৰিব, য’ত সিহঁত চিৰকাল থাকিব, কেতিয়াও ওলাব নোৱাৰিব।

5:81Page 121

وَلَوۡ كَانُواْ يُؤۡمِنُونَ بِٱللَّهِ وَٱلنَّبِيِّ وَمَآ أُنزِلَ إِلَيۡهِ مَا ٱتَّخَذُوهُمۡ أَوۡلِيَآءَ وَلَٰكِنَّ كَثِيرٗا مِّنۡهُمۡ فَٰسِقُونَ ٨١

And if they had believed in Allāh and the Prophet and in what was revealed to him, they would not have taken them as allies; but many of them are defiantly disobedient.

এই ইয়াহুদীসকলে যদি প্ৰকৃততে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিলেহেঁতেন, তেন্তে মুমিনসকলক এৰি কেতিয়াও মুশ্বৰিকসকলক বন্ধু নবনালেহেঁতেন। কিয়নো সিহঁতক এনেকুৱা কৰিবলৈ নিষেধ কৰা হৈছিল। কিন্তু অধিকাংশ ইয়াহুদীসকল আল্লাহৰ আনুগত্য, তেওঁৰ মুহাব্বত আৰু মুমিনসকলৰ মুহাব্বতৰ পৰা ওলাই গৈছে।

5:82Page 121

۞ لَتَجِدَنَّ أَشَدَّ ٱلنَّاسِ عَدَٰوَةٗ لِّلَّذِينَ ءَامَنُواْ ٱلۡيَهُودَ وَٱلَّذِينَ أَشۡرَكُواْۖ وَلَتَجِدَنَّ أَقۡرَبَهُم مَّوَدَّةٗ لِّلَّذِينَ ءَامَنُواْ ٱلَّذِينَ قَالُوٓاْ إِنَّا نَصَٰرَىٰۚ ذَٰلِكَ بِأَنَّ مِنۡهُمۡ قِسِّيسِينَ وَرُهۡبَانٗا وَأَنَّهُمۡ لَا يَسۡتَكۡبِرُونَ ٨٢

You will surely find the most intense of the people in animosity toward the believers [to be] the Jews and those who associate others with Allāh; and you will find the nearest of them in affection to the believers those who say, "We are Christians." That is because among them are priests and monks and because they are not arrogant.

হে ৰাছুল! আপুনি দেখিবলৈ পাব যে, মুমিনসকলৰ আৰু আপুনি যি লৈ আহিছে সেইটোৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে ইয়াহুদীসকল। কাৰণ সিহঁতৰ মাজত বিদ্বেষ, ঈৰ্ষা আৰু অহংকাৰৰ মাত্ৰা বেছি। লগতে মুৰ্ত্তি পূজকসকল তথা আন আন মুশ্বৰিকসকলকো আপুনি অধিক শত্ৰুতা পোষণ কৰা দেখিবলৈ পাব। আনহাতে ইছলামী চৰীয়ত তথা মুমিনসকলৰ লগত বন্ধুত্বৰ ক্ষেত্ৰত সেইসকল লোকক আগভাগ লোৱা দেখিবলৈ পাব, যিসকলে নিজকে ঈছাই (খৃষ্টান) বুলি দাবী কৰে। কাৰণ সিহঁতৰ মাজত আছে আলিম আৰু আবিদসকল। তেওঁলোক হৈছে বিনীত, অহংকাৰী নহয়। কাৰণ অহংকাৰীৰ অন্তৰত কল্যাণ প্ৰৱেশ নকৰে।

5:83Page 122

وَإِذَا سَمِعُواْ مَآ أُنزِلَ إِلَى ٱلرَّسُولِ تَرَىٰٓ أَعۡيُنَهُمۡ تَفِيضُ مِنَ ٱلدَّمۡعِ مِمَّا عَرَفُواْ مِنَ ٱلۡحَقِّۖ يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱكۡتُبۡنَا مَعَ ٱلشَّٰهِدِينَ ٨٣

And when they hear what has been revealed to the Messenger, you see their eyes overflowing with tears because of what they have recognized of the truth. They say, "Our Lord, we have believed, so register us among the witnesses.

এওঁলোকৰ (যেনে নাজ্জাশ্বী আৰু তেওঁৰ সঙ্গীসকলৰ) অন্তৰ বৰ কোমল। এই কাৰণেই যেতিয়া সিহঁতে কোৰআন তিলাৱত শুনে আৰু যেতিয়া বুজিবলৈ পায় যে, এয়া সত্য তেতিয়া বিনীত হৈ কান্দিবলৈ ধৰে। কিয়নো তেওঁলোকে ঈছা আলাইহিছ ছালামে লৈ অহা চৰীয়ত সম্পৰ্কে পৰিচিত। তেওঁলোকে কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যি অৱতীৰ্ণ কৰিছা, আমি তাৰ ওপৰত ঈমান আনিছো। এতেকে হে আমাৰ ৰব্ব! আমাক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ অন্তৰ্ভুক্ত কৰা, যিসকলে কিয়ামতৰ দিনা মানুহৰ সন্মুখত সাক্ষী হৈ উপস্থিত হব।

5:84Page 122

وَمَا لَنَا لَا نُؤۡمِنُ بِٱللَّهِ وَمَا جَآءَنَا مِنَ ٱلۡحَقِّ وَنَطۡمَعُ أَن يُدۡخِلَنَا رَبُّنَا مَعَ ٱلۡقَوۡمِ ٱلصَّٰلِحِينَ ٨٤

And why should we not believe in Allāh and what has come to us of the truth? And we aspire that our Lord will admit us [to Paradise] with the righteous people."

আমাৰ আৰু আল্লাহৰ প্ৰতি ঈমানৰ মাজত তথা সেই সত্যৰ প্ৰতি যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে তাৰ মাজত কোনটো বস্তু ব্যৱধান হব পাৰে, আৰু আমি নবীসকল তথা তেওঁলোকৰ অনুগামীসকলৰ সৈতে, যিসকলে আল্লাহৰ আনুগত্য কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে, জান্নাতত প্ৰৱেশ কৰাৰ আশা পোষণ কৰো।

5:85Page 122

فَأَثَٰبَهُمُ ٱللَّهُ بِمَا قَالُواْ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ جَزَآءُ ٱلۡمُحۡسِنِينَ ٨٥

So Allāh rewarded them for what they said1 with gardens [in Paradise] beneath which rivers flow, wherein they abide eternally. And that is the reward of doers of good.

তেওঁলোকৰ ঈমান তথা সত্য স্বীকাৰ কৰাৰ বিনিময়ত আল্লাহে তেওঁলোকক জান্নাত প্ৰদান কৰিছে, যাৰ অট্টালিকা তথা গছ গছনিৰ তলেৰে নিজৰা প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হব। আৰু এইটোৱেই পূণ্যৱানসকলৰ প্ৰতিফল, যিসকলে সত্য অনুসৰণ কৰাৰ ক্ষেত্ৰত তথা আনুগত্যৰ ক্ষেত্ৰত কোনো চৰ্তাৰোপ নকৰে।

5:86Page 122

وَٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِـَٔايَٰتِنَآ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَحِيمِ ٨٦

But those who disbelieved and denied Our signs - they are the companions of Hellfire.

আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফৰী কৰিছে, তথা আল্লাহৰ সেইসমূহ নিদৰ্শনক অস্বীকাৰ কৰিছে, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে। এইসকল লোকেই প্ৰজ্জ্বলিত জুইৰ অধিবাসী। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।

5:87Page 122

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُحَرِّمُواْ طَيِّبَٰتِ مَآ أَحَلَّ ٱللَّهُ لَكُمۡ وَلَا تَعۡتَدُوٓاْۚ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡمُعۡتَدِينَ ٨٧

O you who have believed, do not prohibit the good things which Allāh has made lawful to you and do not transgress. Indeed, Allāh does not like transgressors.

হে ঈমান্দাৰসকল! মনোমোহা তথা বৈধ বস্তুবোৰক বৰ্জন নকৰিবা, সেয়া খাদ্য বস্তু তথা পানীয় বস্তু হওঁক অথবা বিবাহ সম্পৰ্কীয় কোনো বস্তু, আৰু এই কৰ্মক ইবাদত তথা জুহুদ বুলি নাভাৱিবা। আৰু আল্লাহে যিবোৰ বস্তুক হাৰাম কৰিছে, তাৰ সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।

5:88Page 122

وَكُلُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَٰلٗا طَيِّبٗاۚ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِيٓ أَنتُم بِهِۦ مُؤۡمِنُونَ ٨٨

And eat of what Allāh has provided for you [which is] lawful and good. And fear Allāh, in whom you are believers.

যিবোৰ হালাল তথা পৱিত্ৰ জীৱিকা আল্লাহে তোমালোকলৈ যোগান ধৰিছে, তাৰ পৰা আহাৰ কৰা, আৰু হাৰাম বস্তু ভক্ষণ নকৰিবা, যেনে আত্মসাৎ কৰা বস্তু অথবা অপৱিত্ৰ বস্তু। এতেকে আল্লাহৰ বিধি-বিধান পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। কাৰণ তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু এইটোৱেই তোমালোকৰ ঈমানৰ দাবী যে, তোমালোকে কেৱল তেওঁকেই ভয় কৰা।

5:89Page 122

لَا يُؤَاخِذُكُمُ ٱللَّهُ بِٱللَّغۡوِ فِيٓ أَيۡمَٰنِكُمۡ وَلَٰكِن يُؤَاخِذُكُم بِمَا عَقَّدتُّمُ ٱلۡأَيۡمَٰنَۖ فَكَفَّٰرَتُهُۥٓ إِطۡعَامُ عَشَرَةِ مَسَٰكِينَ مِنۡ أَوۡسَطِ مَا تُطۡعِمُونَ أَهۡلِيكُمۡ أَوۡ كِسۡوَتُهُمۡ أَوۡ تَحۡرِيرُ رَقَبَةٖۖ فَمَن لَّمۡ يَجِدۡ فَصِيَامُ ثَلَٰثَةِ أَيَّامٖۚ ذَٰلِكَ كَفَّٰرَةُ أَيۡمَٰنِكُمۡ إِذَا حَلَفۡتُمۡۚ وَٱحۡفَظُوٓاْ أَيۡمَٰنَكُمۡۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَشۡكُرُونَ ٨٩

Allāh will not impose blame upon you for what is meaningless1 in your oaths, but He will impose blame upon you for [breaking] what you intended of oaths. So its expiation2 is the feeding of ten needy people from the average of that which you feed your [own] families or clothing them or the freeing of a slave. But whoever cannot find [or afford it] - then a fast of three days [is required]. That is the expiation for oaths when you have sworn. But guard your oaths.3 Thus does Allāh make clear to you His verses [i.e., revealed law] that you may be grateful.

হে মুমিনসকল! আল্লাহে তোমালোকৰ সেই সমূহ শপতৰ কোনো হিচাপ নলব, যিবোৰ তোমালোকৰ মুখত অনায়েসে আহি পৰে। তেওঁ তোমালোকৰ সেই সমূহ শপতৰ হিচাপ লব, যিবোৰ তোমালোকে জানি বুজি খোৱা, আৰু ভঙ্গ কৰা। যদি তোমালোকে এনেকুৱা শপত ভঙ্গ কৰা তেন্তে তিনিটা বস্তুৰ যিকোনো এটাৰ দ্বাৰা তোমালোকে পাপ মুক্তি পাবা। তোমালোকৰ নিজ চহৰৰ মাধ্যমিক খাদ্যৰ পৰা দহ জন মিছকিনক খাদ্য খোৱাব লাগিব। প্ৰত্যক মিছকিনক দিব লাগিব আধা ছা পৰিমাণ খাদ্য দ্ৰৱ্য। অথবা কাপোৰ পৰিধান কৰাব লাগিব নাইবা এজন মুমিন দাস মুক্ত কৰাব লাগিব। শপত ভঙ্গকাৰীয়ে যদি এই তিনিটাৰ এটাও কৰিব নোৱাৰে তেন্তে তিনি দিন চওম পালন কৰিব লাগিব। হে মুমিনসকল! এয়া হৈছে তোমালোকৰ শপত ভঙ্গৰ কাফ্ফাৰা। এতেকে তোমালোকে নিজৰ শপত ৰক্ষা কৰা। আৰু আল্লাহৰ মিছা শপত নাখাবা, লগতে অধিক শপত খোৱাৰ পৰা বিৰত থাকা, আৰু ভঙ্গ নকৰিবা। কিন্তু যদি ভঙ্গ কৰাত কল্যাণ থাকে তেন্তে ভঙ্গ কৰা। কল্যাণ কৰ্মত আগভাগ লোৱা, আৰু ভঙ্গ শপতৰ কাফ্ফাৰা দিয়া। যিদৰে আল্লাহে তোমালোকক শপত সম্পৰ্কে বিৱৰণ দিছে, সেই দৰেই তেওঁ তোমালোকৰ বাবে হালাল আৰু হাৰামৰ বিধান স্পষ্ট ভাৱে বৰ্ণনা কৰিছে। যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ তোমালোকক সেই সমূহ বিষয়ৰ জ্ঞান প্ৰদান কৰিছে, যিবোৰ তোমালোকে জনা নাছিলা।

5:90Page 123

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّمَا ٱلۡخَمۡرُ وَٱلۡمَيۡسِرُ وَٱلۡأَنصَابُ وَٱلۡأَزۡلَٰمُ رِجۡسٞ مِّنۡ عَمَلِ ٱلشَّيۡطَٰنِ فَٱجۡتَنِبُوهُ لَعَلَّكُمۡ تُفۡلِحُونَ ٩٠

O you who have believed, indeed, intoxicants, gambling, [sacrificing on] stone alters [to other than Allāh], and divining arrows are but defilement from the work of Satan, so avoid1 it that you may be successful.

হে ঈমান্দাৰসকল! নিছাযুক্ত বস্তু, যাৰ দ্বাৰা জ্ঞান শূন্য হৈ যায়, আৰু জুৱা, য'ত দুয়ো পক্ষৰ পৰা ধন বিনিয়োগ কৰা হয়, সেই শীল, যাৰ ওচৰত মুশ্বৰিকসকলে সেই শীলৰ সন্মানাৰ্থে জৱেহ কৰে, অথবা যি শীলক পূজা-পাঠ কৰাৰ বাবে স্থাপন কৰে, অথবা এনেকুৱা তীৰ, যাৰ দ্বাৰা অদৃশ্য ভাগ্য নিৰ্ণয় কৰাৰ প্ৰয়াস কৰিছিল। এই সকলোবোৰ পাপ কৰ্ম, যিবোৰক চয়তানে সৌন্দৰ্যময় কৰি দেখুৱায়। এতেকে তোমালোকে ইয়াৰ পৰা বিৰত থাকা, যাতে তোমালোকে পৃথিৱীত উত্তম জীৱন পোৱা তথা আখিৰাতত জান্নাতত প্ৰৱেশ কৰা।

5:91Page 123

إِنَّمَا يُرِيدُ ٱلشَّيۡطَٰنُ أَن يُوقِعَ بَيۡنَكُمُ ٱلۡعَدَٰوَةَ وَٱلۡبَغۡضَآءَ فِي ٱلۡخَمۡرِ وَٱلۡمَيۡسِرِ وَيَصُدَّكُمۡ عَن ذِكۡرِ ٱللَّهِ وَعَنِ ٱلصَّلَوٰةِۖ فَهَلۡ أَنتُم مُّنتَهُونَ ٩١

Satan only wants to cause between you animosity and hatred through intoxicants and gambling and to avert you from the remembrance of Allāh and from prayer. So will you not desist?

মাদক দ্ৰৱ্য তথা জুৱাক সৌন্দৰ্যময় কৰি দেখুৱাই চয়তানে তোমালোকৰ অন্তৰত শত্ৰুতা তথা ঘৃণা উপজাব খুজে, লগতে তোমালোকক আল্লাহৰ স্মৰণ তথা ছালাতৰ পৰা আঁতৰাব বিচাৰে। এতেকে হে মুমিনসকল! তথাপিও তোমালোকে এই অপকৰ্মসমূহ এৰি নিদিবা নে? নিশ্চয় তোমালোকে এইবোৰ এৰি দিয়া উচিত।

5:92Page 123

وَأَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ وَٱحۡذَرُواْۚ فَإِن تَوَلَّيۡتُمۡ فَٱعۡلَمُوٓاْ أَنَّمَا عَلَىٰ رَسُولِنَا ٱلۡبَلَٰغُ ٱلۡمُبِينُ ٩٢

And obey Allāh and obey the Messenger and beware. And if you turn away - then know that upon Our Messenger is only [the responsibility for] clear notification.

চৰীয়তৰ বিধি-বিধান পালন কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা, আৰু বিৰুদ্ধাচৰণ নকৰিবা। যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা! আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো আল্লাহে তেওঁক পৌঁচাবলৈ আদেশ কৰিছে। আৰু এই দায়িত্ব তেখেতে পৰিপূৰ্ণৰূপে পালন কৰিছে। যদি তোমালোক হিদায়ত প্ৰাপ্ত হোৱা তেন্তে এয়া তোমালোকৰ বাবেই কল্যাণকৰ। আনহাতে যদি বেয়া কৰ্ম কৰা তেন্তে তোমালোকৰেই ক্ষতি।

5:93Page 123

لَيۡسَ عَلَى ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ جُنَاحٞ فِيمَا طَعِمُوٓاْ إِذَا مَا ٱتَّقَواْ وَّءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ ثُمَّ ٱتَّقَواْ وَّءَامَنُواْ ثُمَّ ٱتَّقَواْ وَّأَحۡسَنُواْۚ وَٱللَّهُ يُحِبُّ ٱلۡمُحۡسِنِينَ ٩٣

There is not upon those who believe and do righteousness [any] blame concerning what they have eaten [in the past] if they [now] fear Allāh and believe and do righteous deeds, and then fear Allāh and believe, and then fear Allāh and do good; and Allāh loves the doers of good.

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ নৈকট্য লাভ কৰাৰ বাবে সত্কৰ্ম কৰিছিল, তেন্তে মাদক দ্ৰৱ্য হাৰাম হোৱাৰ পূৰ্বে সিহঁতে যি পান কৰিছিল, ইয়াৰ বাবে সিহঁতৰ কোনো গুনাহ নহ'ব। যদি তেওঁলোকে অবৈধ বস্তুৰ পৰা তথা আল্লাহৰ ক্ৰোধৰ পৰা দূৰত্ব অৱলম্বন কৰে, আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰি নেক কৰ্মত ব্ৰতী থাকে, আনকি আল্লাহৰ ইবাদতত ইমান মগ্ন হৈ যায় যে, যেনিবা আল্লাহক দেখি আছে। আৰু আল্লাহে এইদৰে ইবাদত কৰা ব্যক্তিক ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সদায় আল্লাহৰ ইবাদত কৰে। আৰু এই স্বভাৱেই মুমিন ব্যক্তিক নিষ্ঠাৰ সৈতে সত্কৰ্ম কৰিবলৈ অৰিহনা যোগায়।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском