Al-Mukhtasar · Tafsir · in Assamese
ق
Qaf
The Letter "Qaf" · Meccan · 45 ayahs
ক্বাফ, এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনুল কাৰীমৰ শপত খাইছে, যিখন তথ্য সম্বলিত, কল্যাণ আৰু বৰকতেৰে পৰিপূৰ্ণ, সেইখন কোৰআনৰ শপত খাই আল্লাহে কৈছেঃ নিশ্চয় কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ’ব।
50:2Page 518
بَلۡ عَجِبُوٓاْ أَن جَآءَهُم مُّنذِرٞ مِّنۡهُمۡ فَقَالَ ٱلۡكَٰفِرُونَ هَٰذَا شَيۡءٌ عَجِيبٌ ٢
But they wonder that there has come to them a warner from among themselves, and the disbelievers say, "This is an amazing thing.
সিহঁতে এই আশংকাত অস্বীকাৰ কৰা নাই যে, আপুনি মিছা কথা কৈ আছে, কাৰণ সিহঁতে আপোনাৰ সত্যতা সম্পৰ্কে জানে, বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে ফিৰিস্তাসকলৰ মাজৰ পৰা ৰাছুল আগমন নকৰি সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী ৰাছুল আগমন কৰিছে। সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ এজন মানুহ আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হোৱাটো আশ্চৰ্যজনক বিষয়।
50:3Page 518
أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗاۖ ذَٰلِكَ رَجۡعُۢ بَعِيدٞ ٣
When we have died and have become dust, [we will return to life]? That is a distant [i.e., unlikely] return."
যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীৱিত কৰা হ’ব নেকি? আমাৰ শৰীৰ মাটিত গেলি পচি যোৱাৰ পিছত পুনৰ তাত জীৱন প্ৰদান কৰা তথা পুনৰুত্থিত হোৱা বিষয়টো অসম্ভৱ কথা। এইটো কেতিয়াও সম্ভৱ নহয়।
50:4Page 518
قَدۡ عَلِمۡنَا مَا تَنقُصُ ٱلۡأَرۡضُ مِنۡهُمۡۖ وَعِندَنَا كِتَٰبٌ حَفِيظُۢ ٤
We know what the earth diminishes [i.e., consumes] of them, and with Us is a retaining record.
সিহঁতৰ মৃত্যুৰ পিছত তথা ধ্বংসৰ পিছত মাটিয়ে কিমান পৰিমাণ সিহঁতৰ শৰীৰ ভক্ষণ কৰে সেই সম্পৰ্কেও আমি অৱগত। এইবোৰৰ কোনো খবৰেই আমাৰ পৰা গোপন নহয়। আমাৰ ওচৰত আছে এখন গ্ৰন্থ, যি গ্ৰন্থত আল্লাহে গ্ৰহণ কৰা সেই সকলো সিদ্ধান্ত সুৰক্ষিত আছে যিবোৰ সিহঁতৰ জীৱনত লোৱা হৈছে আৰু যিবোৰ সিহঁতৰ মৃত্যুৰ পিছত লোৱা হ’ব।
50:5Page 518
بَلۡ كَذَّبُواْ بِٱلۡحَقِّ لَمَّا جَآءَهُمۡ فَهُمۡ فِيٓ أَمۡرٖ مَّرِيجٍ ٥
But they denied the truth when it came to them, so they are in a confused condition.
বৰং এই মুশ্বৰিকসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰিছে। গতিকে সিহঁত দ্বিধাগ্ৰস্ত হৈ আছে, এইক্ষেত্ৰত সিহঁতে কোনো এটা বিষয়ত স্থিৰ থাকিব নোৱাৰে।
50:6Page 518
أَفَلَمۡ يَنظُرُوٓاْ إِلَى ٱلسَّمَآءِ فَوۡقَهُمۡ كَيۡفَ بَنَيۡنَٰهَا وَزَيَّنَّٰهَا وَمَا لَهَا مِن فُرُوجٖ ٦
Have they not looked at the heaven above them - how We structured it and adorned it and [how] it has no rifts?
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে নিজৰ ওপৰত থকা আকাশখনৰ বিষয়ে চিন্তা-চৰ্চা নকৰে নেকি যে, আমি সেইখনক কেনেকৈ সৃষ্টি কৰিছোঁ আৰু তাত তৰাবোৰ ৰাখি কেনেকৈ সৌন্দৰ্যময় বনাইছোঁ, লগতে তাত কোনো ত্ৰুটিও নাই যে, এই বিষয়ে কিবা দোষ ধৰিব পাৰিবা?! গতিকে যি সত্ত্বাই এই আকাশখনক সৃষ্টি কৰিছে, তেওঁ কেতিয়াও মৃত লোকসকলক জীৱিত কৰিবলৈ অক্ষম নহয়।
50:7Page 518
وَٱلۡأَرۡضَ مَدَدۡنَٰهَا وَأَلۡقَيۡنَا فِيهَا رَوَٰسِيَ وَأَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجِۭ بَهِيجٖ ٧
And the earth - We spread it out and cast therein firmly set mountains and made grow therein [something] of every beautiful kind,
আমি পৃথিৱীক বসবাস যোগ্য বনাই বিস্তৃত কৰিছোঁ। লগতে ইয়াত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ, যাতে পৃথিৱী কপি নাথাকে। তথা ইয়াত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰ গছ-গছনি তথা উদ্ভিদ।
50:8Page 518
تَبۡصِرَةٗ وَذِكۡرَىٰ لِكُلِّ عَبۡدٖ مُّنِيبٖ ٨
Giving insight and a reminder for every servant who turns [to Allāh].
আমি এইবোৰ সৃষ্টি কৰিছোঁ প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰাত্মা জগাবলৈ তথা উপদেশ দিবলৈ, যিয়ে আল্লাহৰ ইবাদতৰ মাধ্যমত তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে।
50:9Page 518
وَنَزَّلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ مُّبَٰرَكٗا فَأَنۢبَتۡنَا بِهِۦ جَنَّٰتٖ وَحَبَّ ٱلۡحَصِيدِ ٩
And We have sent down blessed rain from the sky and made grow thereby gardens and grain from the harvest
আমি আকাশৰ পৰা অতি লাভদায়ক তথা কল্যাণকৰ পানী বৰ্ষণ কৰোঁ। সেই পানীৰে আমি বাগান উৎপন্ন কৰোঁ, লগতে কৰ্তনযোগ্য শস্য খেতিও, যিবোৰ তোমালোকে চপাই আনা, যেনেঃ ঘেঁহু, ধান আদি।
50:10Page 518
وَٱلنَّخۡلَ بَاسِقَٰتٖ لَّهَا طَلۡعٞ نَّضِيدٞ ١٠
And lofty palm trees having fruit arranged in layers -
লগতে আমি সেইবোৰৰ দ্বাৰা ওখ ওখ খেজুৰ গছ উৎপন্ন কৰোঁ, যিবোৰত ওপৰা-ওপৰিকৈ খেজুৰৰ জোকা লাগি থাকে।
50:11Page 518
رِّزۡقٗا لِّلۡعِبَادِۖ وَأَحۡيَيۡنَا بِهِۦ بَلۡدَةٗ مَّيۡتٗاۚ كَذَٰلِكَ ٱلۡخُرُوجُ ١١
As provision for the servants, and We have given life thereby to a dead land. Thus is the emergence [i.e., resurrection].
আমি এইবোৰ বান্দাসকলৰ জীৱিকাৰ বাবে উৎপন্ন কৰিছোঁ, যাতে তেওঁলোকে এইবোৰৰ দ্বাৰা আহাৰ কৰিব পাৰে। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক জীৱিত কৰোঁ, য’ত কোনো ধৰণৰ উদ্ভিদ নাথাকে। যিদৰে আমি মৃত ভূমিক জীৱিক কৰোঁ, ঠিক সেইদৰে আমি মৃত লোকসকলকো জীৱিত কৰিম। ফলত সিহঁতে জীৱিত হৈ থিয় দিব।
50:12Page 518
كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَأَصۡحَٰبُ ٱلرَّسِّ وَثَمُودُ ١٢
The people of Noah denied before them,1 and the companions of the well2 and Thamūd
হে ৰাছুল! এই অস্বীকাৰকাৰীসকলৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ নবীসকলক অস্বীকাৰ কৰিছে। এতেকে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়, কুঁৱাৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছে।
50:13Page 518
وَعَادٞ وَفِرۡعَوۡنُ وَإِخۡوَٰنُ لُوطٖ ١٣
And ʿAad and Pharaoh and the brothers [i.e., people] of Lot
আদ সম্প্ৰদায়, ফিৰআউন আৰু লূত নবীৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছে।
50:14Page 518
وَأَصۡحَٰبُ ٱلۡأَيۡكَةِ وَقَوۡمُ تُبَّعٖۚ كُلّٞ كَذَّبَ ٱلرُّسُلَ فَحَقَّ وَعِيدِ ١٤
And the companions of the thicket and the people of Tubbaʿ. All denied the messengers, so My threat was justly fulfilled.
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়, আইকাহবাসী আৰু য়ামানৰ ৰজা তুব্বাৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল। এই সকলোবোৰ সম্প্ৰদায়ে আল্লাহে প্ৰেৰণ কৰা ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তিৰ প্ৰতিশ্ৰুতি সাব্যস্ত হৈছে।
50:15Page 518
أَفَعَيِينَا بِٱلۡخَلۡقِ ٱلۡأَوَّلِۚ بَلۡ هُمۡ فِي لَبۡسٖ مِّنۡ خَلۡقٖ جَدِيدٖ ١٥
Did We fail in the first creation? But they are in confusion over a new creation.
তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰাৰ সময়ত আমি অপাৰগ আছিলোঁ নেকি যে, দ্বিতীয়বাৰ সৃষ্টি কৰাত অসুবিধা হ’ব? বৰং সিহঁত প্ৰথম সৃষ্টিৰ পিছত নতুন সৃষ্টিকলৈ দুদোল্যমান অৱস্থাত আছে।
50:16Page 519
وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ وَنَعۡلَمُ مَا تُوَسۡوِسُ بِهِۦ نَفۡسُهُۥۖ وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنۡ حَبۡلِ ٱلۡوَرِيدِ ١٦
And We have already created man and know what his soul whispers to him, and We are closer1 to him than [his] jugular vein.
নিশ্চয় আমিয়ে মানুহক সৃষ্টি কৰিছোঁ, গতিকে মানুহৰ অন্তৰত উদ্ভৱ হোৱা সকলো চিন্তা-চৰ্চা তথা ধাৰণা সম্পৰ্কে আমি অৱগত। আমি তাৰ হৃদপিণ্ডত সংযুক্ত মহাধমনীতকৈও ওচৰত আছোঁ।
50:17Page 519
إِذۡ يَتَلَقَّى ٱلۡمُتَلَقِّيَانِ عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٞ ١٧
When the two receivers [i.e., recording angels] receive,1 seated on the right and on the left.
দুজন ফিৰিস্তাই তাৰ আমলসমূহ লিপিবদ্ধ কৰে। এজন তাৰ সোঁফালে বহি থাকে আৰু আনজন বাওঁফালে বহি থাকে।
50:18Page 519
مَّا يَلۡفِظُ مِن قَوۡلٍ إِلَّا لَدَيۡهِ رَقِيبٌ عَتِيدٞ ١٨
He [i.e., man] utters no word except that with him is an observer prepared [to record].
সি যেতিয়াই কোনো কথা কয়, সেই কথা লিপিবদ্ধ কৰিবলৈ তাত উপস্থিত থাকে এজন সংৰক্ষণকাৰী ফিৰিস্তা।
50:19Page 519
وَجَآءَتۡ سَكۡرَةُ ٱلۡمَوۡتِ بِٱلۡحَقِّۖ ذَٰلِكَ مَا كُنتَ مِنۡهُ تَحِيدُ ١٩
And the intoxication of death will bring the truth; that is what you were trying to avoid.
ইপিনে মৃত্যু যন্ত্ৰণা সত্য সহকাৰে আহি পায়, যিটোৰ পৰা কোনেও পলায়ন কৰিব নোৱাৰে। হে গাফিল মানুহ! নিশ্চয় তুমি ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিলা তথা পলায়ন কৰিবলৈ প্ৰয়াস কৰিছিলা।
50:20Page 519
وَنُفِخَ فِي ٱلصُّورِۚ ذَٰلِكَ يَوۡمُ ٱلۡوَعِيدِ ٢٠
And the Horn will be blown. That is the Day of [carrying out] the threat.
শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, সেইটোৱে হ’ব কিয়ামতৰ দিন। কাফিৰসকলৰ বাবে আৰু অবাধ্যতাকাৰীসকলৰ বাবে সেইটো শাস্তিৰ প্ৰতিশ্ৰুত দিন।
50:21Page 519
وَجَآءَتۡ كُلُّ نَفۡسٖ مَّعَهَا سَآئِقٞ وَشَهِيدٞ ٢١
And every soul will come, with it a driver and a witness.1
সেইদিনা প্ৰত্যেক ব্যক্তিৰ লগত থাকিব এজন ফিৰিস্তা, যিয়ে তাক খেদি লৈ আহিব; তথা আন এজন ফিৰিস্তাই তাৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।
50:22Page 519
لَّقَدۡ كُنتَ فِي غَفۡلَةٖ مِّنۡ هَٰذَا فَكَشَفۡنَا عَنكَ غِطَآءَكَ فَبَصَرُكَ ٱلۡيَوۡمَ حَدِيدٞ ٢٢
[It will be said], "You were certainly in unmindfulness of this, and We have removed from you your cover,1 so your sight, this Day, is sharp."
খেদি লৈ অহা সেই মানুহজনক কোৱা হ’বঃ তুমি পৃথিৱীৰ লোভনীয় সা-সামগ্ৰীৰ মোহত পৰি এই দিৱস সম্পৰ্কে অমনোযোগী হৈ আছিলা। কিন্তু এতিয়া শাস্তি আৰু কষ্টদায়ক পৰিস্থিতি দেখি তোমাৰ অমনোযোগিতাৰ পৰ্দা খুল খাইছে। আজি তোমাৰ দৃষ্টি শক্তি চোকা হৈছে, গতিকে অমনোযোগিতাৰ অৱস্থাত তুমি যি দেখা পোৱা নাছিলা, সেইবোৰ আজি দেখি আছা।
50:23Page 519
وَقَالَ قَرِينُهُۥ هَٰذَا مَا لَدَيَّ عَتِيدٌ ٢٣
And his companion, [the angel], will say, "This [record] is what is with me, prepared."
তাৰ সঙ্গী অৰ্থাৎ তাৰ সৈতে নিয়োজিত ফিৰিস্তাই ক’বঃ এয়া চাওক, এওঁৰ সকলো কৰ্মৰ বিৱৰণ মোৰ ওচৰত আছে, ইয়াত কোনো ধৰণৰ কম-বেছি কৰা হোৱা নাই।
50:24Page 519
أَلۡقِيَا فِي جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٖ ٢٤
[Allāh will say], "Throw into Hell every obstinate disbeliever,
আল্লাহে দুয়োজন ফিৰিস্তাক ক’ব, যিয়ে খেদি লৈ আহিছিল আৰু যিয়ে সাক্ষী প্ৰদান কৰিছেঃ সত্যক অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতি বিদ্বেষ পোষণ কৰা প্ৰত্যেক ব্যক্তিকেই জাহান্নামত নিক্ষেপ কৰা।
প্ৰত্যেক সেই ব্যক্তিক নিক্ষেপ কৰা, যিয়ে আল্লাহে অনিবাৰ্য কৰা অধিকাৰসমূহ পূৰণ কৰাত বাধা দিছিল, আল্লাহে নিৰ্ধাৰিত কৰা সীমা অতিক্ৰম কৰিছিল, তেওঁ প্ৰদান কৰা সংবাদ যেনে- প্ৰতিশ্ৰুতি অথবা সতৰ্কবাণীত সন্দেহ পোষণ কৰিছিল।
50:26Page 519
ٱلَّذِي جَعَلَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَأَلۡقِيَاهُ فِي ٱلۡعَذَابِ ٱلشَّدِيدِ ٢٦
Who made [as equal] with Allāh another deity; then throw him into the severe punishment."
যিয়ে আল্লাহৰ সৈতে আনক উপাস্যৰূপে গ্ৰহণ কৰি ইবাদতত অংশীদাৰ স্থাপন কৰিছে। গতিকে তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।
50:27Page 519
۞ قَالَ قَرِينُهُۥ رَبَّنَا مَآ أَطۡغَيۡتُهُۥ وَلَٰكِن كَانَ فِي ضَلَٰلِۭ بَعِيدٖ ٢٧
His [devil] companion will say, "Our Lord, I did not make him transgress, but he [himself] was in extreme error."
তেতিয়া তাৰ চয়তান সঙ্গীয়ে তাৰ লগত সম্পৰ্কচ্ছেদ কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি ইয়াক পথভ্ৰষ্ট কৰা নাছিলোঁ। সি নিজেই সত্যৰ পৰা আঁতৰি পথভ্ৰষ্ট হৈছিল।
50:28Page 519
قَالَ لَا تَخۡتَصِمُواْ لَدَيَّ وَقَدۡ قَدَّمۡتُ إِلَيۡكُم بِٱلۡوَعِيدِ ٢٨
[Allāh] will say, "Do not dispute before Me, while I had already presented to you the threat [i.e., warning].
তেতিয়া আল্লাহে ক’বঃ তোমালোকে মোৰ ওচৰত কাজিয়া নকৰিবা। ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ’ব। নিশ্চয় মই পৃথিৱীতেই মোৰ ৰাছুলসকলৰ মাধ্যমত তোমালোকৰ ওচৰলৈ সেই ব্যক্তিৰ বাবে মোৰ কঠিন সতৰ্কবাণী প্ৰেৰণ কৰিছিলোঁ, যিয়ে মোক অস্বীকাৰ কৰিব তথা মোৰ অবাধ্যতা কৰিব।
50:29Page 519
مَا يُبَدَّلُ ٱلۡقَوۡلُ لَدَيَّ وَمَآ أَنَا۠ بِظَلَّٰمٖ لِّلۡعَبِيدِ ٢٩
The word [i.e., decree] will not be changed with Me, and never will I be unjust to the servants."
মোৰ ইয়াত কথা পৰিবৰ্তন কৰা নহয় আৰু প্ৰতিশ্ৰুতিও ভঙ্গ কৰা নহয়, আনহাতে মই মোৰ বান্দাসকলৰ ওপৰত তেওঁলোকৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কেতিয়াও অন্যায় নকৰোঁ। বৰং মই কেৱল তেওঁলোকৰ আমলৰ প্ৰতিদান দিওঁ।
50:30Page 519
يَوۡمَ نَقُولُ لِجَهَنَّمَ هَلِ ٱمۡتَلَأۡتِ وَتَقُولُ هَلۡ مِن مَّزِيدٖ ٣٠
On the Day We will say to Hell, "Have you been filled?" and it will say, "Are there some more,"
সেইদিনা আমি জাহান্নামক সুধিম, কাফিৰ আৰু পাপিষ্ঠসকলক নিক্ষেপ কৰাৰ ফলত তোমাৰ পেট ভৰিছেনে? তেতিয়া জাহান্নামে নিজ প্ৰতিপালকৰ প্ৰশ্নৰ উত্তৰত অধিক পোৱাৰ কামনাৰে ক্ৰোধান্বিত হৈ ক’বঃ আৰু কিবা আছেনে?
50:31Page 519
وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِينَ غَيۡرَ بَعِيدٍ ٣١
And Paradise will be brought near to the righteous, not far,
যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, জান্নাতক তেওঁলোকৰ নিকটৱৰ্তী কৰি দিয়া হ'ব। এতেকে তেওঁলোকে অতি ওচৰৰ পৰা জান্নাতৰ নিয়ামতসমূহ প্ৰত্যক্ষ কৰিব।
50:32Page 519
هَٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٖ ٣٢
[It will be said], "This is what you were promised - for every returner [to Allāh] and keeper [of His covenant].
তেওঁলোকক কোৱা হ’বঃ এইখনেই হৈছে সেই জান্নাত, যিখনৰ প্ৰতিশ্ৰুতি তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিক দিয়া হৈছিল, যিয়ে তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে, তথা নিজ প্ৰতিপালকে অনিবাৰ্য কৰা বিষয়বোৰ দায়িত্ব সহকাৰে পালন কৰে।
50:33Page 519
مَّنۡ خَشِيَ ٱلرَّحۡمَٰنَ بِٱلۡغَيۡبِ وَجَآءَ بِقَلۡبٖ مُّنِيبٍ ٣٣
Who feared the Most Merciful in the unseen and came with a heart returning [in repentance].
তথা যিয়ে নিৰ্জনতাতো আল্লাহক ভয় কৰে, যি সময়ত আল্লাহৰ বাহিৰে আন কোনেও তাক দেখা নাপায়। লগতে বিনীতচিত্তে নিৰ্ভেজাল অন্তৰ লৈ আল্লাহৰ সাক্ষাৎ কামনা কৰে তথা বেছি বেছি আল্লাহৰ ওচৰত তাওবা কৰে।
50:34Page 519
ٱدۡخُلُوهَا بِسَلَٰمٖۖ ذَٰلِكَ يَوۡمُ ٱلۡخُلُودِ ٣٤
Enter it in peace. This is the Day of Eternity."
তেওঁলোকক কোৱা হ’বঃ তোমালোকে বিভিন্ন প্ৰকাৰৰ অনিষ্টৰ পৰা নিশ্চিত হৈ শান্তিৰে জান্নাতত প্ৰৱেশ কৰা। এইটোৱে হৈছে শ্বাশ্বত দিৱস, ইয়াৰ পিছত মৃত্যুৰ কল্পনাও কৰিব নোৱাৰি।
50:35Page 519
لَهُم مَّا يَشَآءُونَ فِيهَا وَلَدَيۡنَا مَزِيدٞ ٣٥
They will have whatever they wish therein, and with Us is more.
তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰ নিয়ামত উপলব্ধ থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ'ব। ইয়াৰ বাহিৰেও আমাৰ ওচৰত এনেকুৱা নিয়ামত আছে, যিবোৰ কোনো চকুৱে দেখা নাই, কোনো কাণেও শুনা নাই, আনকি মানুহৰ অন্তৰেও সেয়া কল্পনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আল্লাহৰ দীদাৰ।
50:36Page 520
وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هُمۡ أَشَدُّ مِنۡهُم بَطۡشٗا فَنَقَّبُواْ فِي ٱلۡبِلَٰدِ هَلۡ مِن مَّحِيصٍ ٣٦
And how many a generation before them did We destroy who were greater than them in [striking] power and had explored throughout the lands. Is there any place of escape?
মক্কাৰ এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ পূৰ্বেও আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ, যিসকল ইহঁততকৈও অধিক শক্তিশালী আছিল। ফলত সিহঁতে নগৰৰ বিভিন্ন প্ৰান্তত শাস্তিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ক’তো ঠাই বিচাৰি পোৱা নাছিল।
50:37Page 520
إِنَّ فِي ذَٰلِكَ لَذِكۡرَىٰ لِمَن كَانَ لَهُۥ قَلۡبٌ أَوۡ أَلۡقَى ٱلسَّمۡعَ وَهُوَ شَهِيدٞ ٣٧
Indeed in that is a reminder for whoever has a heart or who listens while he is present [in mind].
নিশ্চয় পূৰ্বৱৰ্তী ধ্বংস হোৱা উম্মতবোৰৰ যিবোৰ ঘটনা বৰ্ণনা কৰা হৈছে, সেইবোৰৰ মাজত এনেকুৱা ব্যক্তিৰ বাবে শিক্ষা তথা পাঠ আছে, যাৰ ওচৰত বুজিবলৈ অন্তৰ আছে অথবা যিয়ে মনোযোগ সহকাৰে কাণ পাতি শুনে।
50:38Page 520
وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ ٣٨
And We did certainly create the heavens and earth and what is between them in six days, and there touched Us no weariness.
নিশ্চয় আমিয়েই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছোঁ, লগতে আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি ছয় দিনত সৃষ্টি কৰিছোঁ। যদিও আমি এইবোৰক পলকতে সৃষ্টি কৰিব পাৰিলোহেঁতেন। আমাক কোনো ধৰণৰ ক্লান্তই স্পৰ্শ কৰা নাছিল। ইয়াহুদীসকলে যিবোৰ ধাৰণা কৰে সেইবোৰ ধাৰণাৰ কোনো ভিত্তি নাই।
50:39Page 520
فَٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ قَبۡلَ طُلُوعِ ٱلشَّمۡسِ وَقَبۡلَ ٱلۡغُرُوبِ ٣٩
So be patient, [O Muḥammad], over what they say and exalt [Allāh] with praise of your Lord before the rising of the sun and before its setting,
হে ৰাছুল! ইয়াহুদী আৰু অন্যান্য লোকসকলৰ কথাত আপুনি ধৈৰ্য্য ধাৰণ কৰক, লগতে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা কৰি সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ চালাত আদায় কৰক আৰু সূৰ্যাস্তৰৰ পূৰ্বে আচৰৰ চালাত আদায় কৰক।
50:40Page 520
وَمِنَ ٱلَّيۡلِ فَسَبِّحۡهُ وَأَدۡبَٰرَ ٱلسُّجُودِ ٤٠
And [in part] of the night exalt Him and after prostration [i.e., prayer].
ৰাতিৰ এটা অংশত তেওঁৰ বাবে চালাত আদায় কৰক, আৰু চালাতৰ পিছত তেওঁৰ তাছবীহ পাঠ কৰক।
50:41Page 520
وَٱسۡتَمِعۡ يَوۡمَ يُنَادِ ٱلۡمُنَادِ مِن مَّكَانٖ قَرِيبٖ ٤١
And listen on the Day when the Caller1 will call out from a place that is near -
হে ৰাছুল! মনোযোগ সহকাৰে শুনক, যিদিনা শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব।
50:42Page 520
يَوۡمَ يَسۡمَعُونَ ٱلصَّيۡحَةَ بِٱلۡحَقِّۚ ذَٰلِكَ يَوۡمُ ٱلۡخُرُوجِ ٤٢
The Day they will hear the blast [of the Horn] in truth. That is the Day of Emergence [from the graves].
সেইদিনা গোটেই সৃষ্টিয়ে সত্য সহকাৰে পুনৰজীৱনৰ বিকট চিঞৰ শুনিবলৈ পাব। ইয়াৰ মাজত কোনো সন্দেহ নাই। যিদিনা সিহঁতে এই বিকট চিঞৰ শুনিবলৈ পাব, সেই দিৱসটোৱে হৈছে কবৰৰ পৰা মৃত ব্যক্তিসকল হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওলাই অহাৰ দিৱস।
50:43Page 520
إِنَّا نَحۡنُ نُحۡيِۦ وَنُمِيتُ وَإِلَيۡنَا ٱلۡمَصِيرُ ٤٣
Indeed, it is We who give life and cause death, and to Us is the destination
নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু প্ৰদান কৰোঁ। আমাৰ বাহিৰে কোনেও জীৱন দিবও নোৱাৰে আৰু মৃত্যুও প্ৰদান কৰিব নোৱাৰে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে বান্দাসকলে একমাত্ৰ আমাৰ ওচৰতেই উভতি আহিব লাগিব।
50:44Page 520
يَوۡمَ تَشَقَّقُ ٱلۡأَرۡضُ عَنۡهُمۡ سِرَاعٗاۚ ذَٰلِكَ حَشۡرٌ عَلَيۡنَا يَسِيرٞ ٤٤
On the Day the earth breaks away from them [and they emerge] rapidly; that is a gathering easy for Us.
যিদিনা পৃথিৱী ফাট মেলিব আৰু সিহঁতে খৰধৰকৈ লৰ মাৰিব। এইটো হ'ব এনেকুৱা এটা সমাৱেশ, য’ত একত্ৰিত কৰা আমাৰ বাবে অতি সহজ।
50:45Page 520
نَّحۡنُ أَعۡلَمُ بِمَا يَقُولُونَۖ وَمَآ أَنتَ عَلَيۡهِم بِجَبَّارٖۖ فَذَكِّرۡ بِٱلۡقُرۡءَانِ مَن يَخَافُ وَعِيدِ ٤٥
We are most knowing of what they say, and you are not over them a tyrant.1 But remind by the Qur’ān whoever fears My threat.
এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছুল! আপুনি সিহঁতৰ ওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, সিহঁতক আপুনি ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহক, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয়ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দেশ কৰিছে। আপুনি কোৰআনৰ জৰিয়তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তিক ভয় কৰে যিটো কাফিৰ আৰু পাপিষ্ঠসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিয়নো ভয় পোষণ কৰা ব্যক্তিয়েই উপদেশ গ্ৰহণ কৰে, যেতিয়া তাক উপদেশ দিয়া হয়।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences