Al-MukhtasarAdh-Dhariyat · 51:1–60

Al-Mukhtasar · Tafsir · in Assamese

الذاريات

Adh-Dhariyat

The Winnowing Winds · Meccan · 60 ayahs

51:1Page 520

وَٱلذَّٰرِيَٰتِ ذَرۡوٗا ١

By the [winds] scattering [dust], dispersing [it]

আল্লাহে সেই বতাহৰ শপত খাইছে, যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফুৰে।

51:2Page 520

فَٱلۡحَٰمِلَٰتِ وِقۡرٗا ٢

And the [clouds] carrying a load [of water]

সেই মেঘপুঞ্জৰ শপত খাইছে, যিয়ে বহন কৰে প্ৰচুৰ পৰিমাণে পানী।

51:3Page 520

فَٱلۡجَٰرِيَٰتِ يُسۡرٗا ٣

And the ships sailing with ease

সেই নাওবোৰৰো শপত খাইছে, যিবোৰ সাগৰত মৃদুগতিত সহজে চলাচল কৰে।

51:4Page 520

فَٱلۡمُقَسِّمَٰتِ أَمۡرًا ٤

And the [angels] apportioning [each] matter,

সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁলোকৰ বিষয়বোৰ বন্টন কৰে।

51:5Page 520

إِنَّمَا تُوعَدُونَ لَصَادِقٞ ٥

Indeed, what you are promised is true.

নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ-সংশয়ৰ অৱকাশ নাই।

51:6Page 520

وَإِنَّ ٱلدِّينَ لَوَٰقِعٞ ٦

And indeed, the recompense is to occur.

নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায়ন হ’ব।

51:7Page 521

وَٱلسَّمَآءِ ذَاتِ ٱلۡحُبُكِ ٧

By the heaven containing pathways,1

লগতে আল্লাহে শপত খাইছে সৌন্দৰ্যময় তথা বহু পথবিশিষ্ট আকাশৰ।

51:8Page 521

إِنَّكُمۡ لَفِي قَوۡلٖ مُّخۡتَلِفٖ ٨

Indeed, you are in differing speech.1

হে মক্কাৰ অধিবাসীসকল! নিশ্চয় তোমালোকৰ কথাৰ মাজত বহুতো বিৰোধাভাস পোৱা যায়। তোমালোকে কেতিয়াবা কোৰআনক যাদু বুলি কোৱা, আকৌ কেতিয়াবা কবিতা বুলি কোৱা। আনহাতে কেতিয়াবা মুহাম্মদক যাদুকৰ বুলি কোৱা আৰু কেতিয়াবা তেওঁক কবি বুলি কোৱা।

51:9Page 521

يُؤۡفَكُ عَنۡهُ مَنۡ أُفِكَ ٩

Deluded away from it [i.e., the Qur’ān] is he who is deluded.

কোৰআন আৰু নবীৰ পৰা সেই ব্যক্তিকেই আঁতৰাই ৰখা হয়, যাক আল্লাহৰ জ্ঞানত আঁতৰাই ৰখা হৈছে। কাৰণ তেওঁ জানে, সি ঈমান পোষণ নকৰিব, সেইকাৰণেই তাক হিদায়তৰ তাওফীক দিয়া হোৱা নাই।

51:10Page 521

قُتِلَ ٱلۡخَرَّٰصُونَ ١٠

Destroyed are the misinformers1

সেইসকল মিছলীয়াৰ ওপৰত আল্লাহৰ অভিসম্পাত, যিসকলে কোৰআন আৰু নবীৰ বিষয়ে অসত্য কথা গাই ফুৰে।

51:11Page 521

ٱلَّذِينَ هُمۡ فِي غَمۡرَةٖ سَاهُونَ ١١

Who are within a flood [of confusion] and heedless.

যিসকলে অজ্ঞনতাৰ ফলত আখিৰাতৰ পৰা অমনোযোগী হৈ আছে। ইয়াক লৈ সিহঁতৰ কোনো ভ্ৰূক্ষেপ নাই।

51:12Page 521

يَسۡـَٔلُونَ أَيَّانَ يَوۡمُ ٱلدِّينِ ١٢

They ask, "When is the Day of Recompense?"

সিহঁতে সোধেঃ প্ৰতিদান দিৱস কেতিয়া বাস্তৱায়িত হ’ব? অথচ ইয়াৰ বাবে সিহঁতে কোনো ধৰণৰ প্ৰস্তুতিও লোৱা নাই।

51:13Page 521

يَوۡمَ هُمۡ عَلَى ٱلنَّارِ يُفۡتَنُونَ ١٣

[It is] the Day they will be tormented over the Fire

আল্লাহে সিহঁতৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কৈছেঃ যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব।

51:14Page 521

ذُوقُواْ فِتۡنَتَكُمۡ هَٰذَا ٱلَّذِي كُنتُم بِهِۦ تَسۡتَعۡجِلُونَ ١٤

[And will be told], "Taste your torment. This is that for which you were impatient."

সিহঁতক কোৱা হ’বঃ তোমালোকে শাস্তিৰ সোৱাদ লোৱা। এইটোৱে সেই শাস্তি, যিটোৰ পৰা তোমালোকক সতৰ্ক কৰিলে তোমালোকে উপহাস কৰি সোনকালে ইয়াৰ বাস্তৱায়ন বিচাৰিছিলা।

51:15Page 521

إِنَّ ٱلۡمُتَّقِينَ فِي جَنَّٰتٖ وَعُيُونٍ ١٥

Indeed, the righteous will be among gardens and springs,

আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে কিয়ামতৰ দিনা ঠাই লাভ কৰিব বাগানসমূহৰ মাজত আৰু প্ৰবাহিত প্ৰস্ৰৱনসমূহৰ মাজত।

51:16Page 521

ءَاخِذِينَ مَآ ءَاتَىٰهُمۡ رَبُّهُمۡۚ إِنَّهُمۡ كَانُواْ قَبۡلَ ذَٰلِكَ مُحۡسِنِينَ ١٦

Accepting what their Lord has given them. Indeed, they were before that doers of good.

তেওঁলোকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সন্মানিত প্ৰতিফল লাভ কৰিব। দৰাচলতে এই সন্মানিত প্ৰতিদানৰ পূৰ্বে তেওঁলোকে পৃথিৱীত সদাচাৰী আছিল।

51:17Page 521

كَانُواْ قَلِيلٗا مِّنَ ٱلَّيۡلِ مَا يَهۡجَعُونَ ١٧

They used to sleep but little of the night,1

তেওঁলোকে ৰাতিত চালাত আদায় কৰিছিল, খুবেই কম সময় টোপনিত কটাইছিল।

51:18Page 521

وَبِٱلۡأَسۡحَارِ هُمۡ يَسۡتَغۡفِرُونَ ١٨

And in the hours before dawn they would ask forgiveness,

লগতে ৰাতিৰ শেষাংশত আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল।

51:19Page 521

وَفِيٓ أَمۡوَٰلِهِمۡ حَقّٞ لِّلسَّآئِلِ وَٱلۡمَحۡرُومِ ١٩

And from their properties was [given] the right of the [needy] petitioner and the deprived.

তথা তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ বাবে নিৰ্দিষ্ট অংশ, যিসকলে কাৰণবশতঃ জীৱিকাৰ পৰা বঞ্চিত আছিল।

51:20Page 521

وَفِي ٱلۡأَرۡضِ ءَايَٰتٞ لِّلۡمُوقِنِينَ ٢٠

And on the earth are signs for the certain [in faith]

পৃথিৱীৰ মাজত লগতে ইয়াত আল্লাহে সৃষ্টি কৰা পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী, বৃক্ষ, গছ-গছনি আৰু জীৱ-জন্তু আদিৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন আছে, যিসকলে আল্লাহক স্ৰষ্টা হিচাপে বিশ্বাস কৰে।

51:21Page 521

وَفِيٓ أَنفُسِكُمۡۚ أَفَلَا تُبۡصِرُونَ ٢١

And in yourselves. Then will you not see?

হে মানৱজাতি! স্বয়ং তোমালোকৰ মাজতো আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, শিক্ষা গ্ৰহণ কৰিবলৈ সেইবোৰ তোমালোকে দেখা নোপোৱা নেকি?!

51:22Page 521

وَفِي ٱلسَّمَآءِ رِزۡقُكُمۡ وَمَا تُوعَدُونَ ٢٢

And in the heaven is your provision and whatever you are promised.

আকাশত আছে তোমালোকৰ বাবে পাৰ্থিৱ আৰু ধাৰ্মিক জীৱিকা। তথা ইয়াৰ মাজত প্ৰত্যেক সেইসমূহ কল্যাণ আৰু অকল্যাণ আছে, যিবোৰৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছে।

51:23Page 521

فَوَرَبِّ ٱلسَّمَآءِ وَٱلۡأَرۡضِ إِنَّهُۥ لَحَقّٞ مِّثۡلَ مَآ أَنَّكُمۡ تَنطِقُونَ ٢٣

Then by the Lord of the heaven and earth, indeed, it is truth - just as [sure as] it is that you are speaking.

আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত, নিশ্চয় আখিৰাতৰ জীৱন সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। ঠিক সেইদৰে, যিদৰে তোমালোকৰ কথা কোৱাত কোনো সন্দেহ নাই।

51:24Page 521

هَلۡ أَتَىٰكَ حَدِيثُ ضَيۡفِ إِبۡرَٰهِيمَ ٱلۡمُكۡرَمِينَ ٢٤

Has there reached you the story of the honored guests of Abraham?1 -

হে ৰাছুল! আপোনাৰ ওচৰলৈ ইব্ৰাহীম আলাইহিচ্ছালামৰ অতিথি ফিৰিস্তাসকলৰ বিষয়ে সংবাদ আহি পৰা নাইনে, যিসকলক তেখেতে আপ্যায়ন কৰিছিল?!

51:25Page 521

إِذۡ دَخَلُواْ عَلَيۡهِ فَقَالُواْ سَلَٰمٗاۖ قَالَ سَلَٰمٞ قَوۡمٞ مُّنكَرُونَ ٢٥

When they entered upon him and said, "[We greet you with] peace." He answered, "[And upon you] peace; [you are] a people unknown."

যেতিয়া তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হৈ ছালাম কৰিছিল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে ছালামৰ উত্তৰ প্ৰদান কৰি মনে মনে কৈছিল, এওঁলোক দেখোন অপৰিচিত লোক।

51:26Page 521

فَرَاغَ إِلَىٰٓ أَهۡلِهِۦ فَجَآءَ بِعِجۡلٖ سَمِينٖ ٢٦

Then he went to his family and came with a fat [roasted] calf.

ইপিনে অতিথিসকলে নজনাকৈ তেওঁ গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল, আৰু এটা স্বাস্থ্যৱান সম্পূৰ্ণ গো-পোৱালি (ভজা) লৈ অতিথিসকলৰ সন্মুখত উপস্থিত কৰিলে। তেওঁ ভাৱিছিল তেওঁলোক হৈছে মানৱ।

51:27Page 521

فَقَرَّبَهُۥٓ إِلَيۡهِمۡ قَالَ أَلَا تَأۡكُلُونَ ٢٧

And placed it near them; he said, "Will you not eat?"

ভজা গো-পোৱালিটো তেওঁলোকৰ পিনে আগুৱাই দিলে, আৰু তেওঁলোকক বিনম্ৰভাৱে ক'লেঃ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা খাদ্য আপোনালোকে নাখায় কিয়?!

51:28Page 521

فَأَوۡجَسَ مِنۡهُمۡ خِيفَةٗۖ قَالُواْ لَا تَخَفۡۖ وَبَشَّرُوهُ بِغُلَٰمٍ عَلِيمٖ ٢٨

And he felt from them apprehension.1 They said, "Fear not," and gave him good tidings of a learned boy.

তথাপিও যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ নকৰিলে, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে মনে মনে ভয় অনুভৱ কৰিলে, বিষয়টো তেওঁলোকে গম পাইছিল। গতিকে তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামক সান্তনা দি ক’লেঃ “ভয় নকৰিব, আমি আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক হিচাপে প্ৰেৰিত হৈছোঁ”। লগতে তেওঁলোকে তেওঁক আনন্দদায়ক সংবাদ এটা প্ৰদান কৰিলে। তেওঁলোকে ক’লেঃ তেওঁৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম লাভ কৰিব, যিজন জ্ঞানী হ’ব। ইয়াত যিজন পুত্ৰ সন্তানৰ সুসংবাদ দিয়া হৈছে, তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম।

51:29Page 521

فَأَقۡبَلَتِ ٱمۡرَأَتُهُۥ فِي صَرَّةٖ فَصَكَّتۡ وَجۡهَهَا وَقَالَتۡ عَجُوزٌ عَقِيمٞ ٢٩

And his wife approached with a cry [of alarm] and struck her face and said, "[I am] a barren old woman!"

যেতিয়া তেখেতৰ স্ত্ৰীয়ে সুসংবাদটো শুনা পালে, তেতিয়া তেওঁ আনন্দত চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখমণ্ডলত থপৰিয়াই আশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ “বৃদ্ধা বয়সত এজনী বন্ধ্যা নাৰীয়ে সন্তান জন্ম দিয়াটো সম্ভৱনে”?!

51:30Page 521

قَالُواْ كَذَٰلِكِ قَالَ رَبُّكِۖ إِنَّهُۥ هُوَ ٱلۡحَكِيمُ ٱلۡعَلِيمُ ٣٠

They said, "Thus has said your Lord; indeed, He is the Wise, the Knowing."

ফিৰিস্তাসকলে তেওঁক কলেঃ আমি আপোনাক যি সংবাদ দিছোঁ, সেইটো আপোনাৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। আল্লাহৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। সৃষ্টিজগতৰ বিষয়ে আৰু সিহঁতৰ হিত সম্পৰ্কে তেওঁ সৰ্বজ্ঞ।

51:31Page 522

۞ قَالَ فَمَا خَطۡبُكُمۡ أَيُّهَا ٱلۡمُرۡسَلُونَ ٣١

[Abraham] said, "Then what is your business [here], O messengers?"

ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ আপোনালোকে কি অভিযানত ওলাইছে, আপোনালোকৰ উদ্দেশ্য কি?

51:32Page 522

قَالُوٓاْ إِنَّآ أُرۡسِلۡنَآ إِلَىٰ قَوۡمٖ مُّجۡرِمِينَ ٣٢

They said, "Indeed, we have been sent to a people of criminals1

ফিৰিস্তাসকলে উত্তৰ প্ৰদান কৰি ক’লেঃ আল্লাহে আমাক এটা অপৰাধী সম্প্ৰদায়ৰ পিনে প্ৰেৰণ কৰিছে, যিসকলে জঘন্য অপৰাধত লিপ্ত আছে।

51:33Page 522

لِنُرۡسِلَ عَلَيۡهِمۡ حِجَارَةٗ مِّن طِينٖ ٣٣

To send down upon them stones of clay,

যাতে আমি সিহঁতৰ ওপৰত পকা মাটিৰ শিল নিক্ষেপ কৰোঁ।

51:34Page 522

مُّسَوَّمَةً عِندَ رَبِّكَ لِلۡمُسۡرِفِينَ ٣٤

Marked in the presence of your Lord for the transgressors."

হে ইব্ৰাহীম! আপোনাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছে, সেইসকল লোকৰ ওপৰত নিক্ষেপ কৰা হ’ব, যিসকলে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰিছে আৰু কুফৰী তথা পাপকৰ্মত লিপ্ত আছে।

51:35Page 522

فَأَخۡرَجۡنَا مَن كَانَ فِيهَا مِنَ ٱلۡمُؤۡمِنِينَ ٣٥

So We brought out whoever was in them [i.e., the cities] of the believers.

এতেকে লূত আলাইহিচ্ছালামৰ জনবসতিত থকা মুমিনসকলক আমি উলিয়াই আনিছিলোঁ, যাতে অপৰাধীসকলক দিয়া শাস্তিয়ে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে।

51:36Page 522

فَمَا وَجَدۡنَا فِيهَا غَيۡرَ بَيۡتٖ مِّنَ ٱلۡمُسۡلِمِينَ ٣٦

And We found not within them other than a [single] house of Muslims.1

আমি সেই জনবসতিত কেৱল এটাই মুছলিম পৰিয়াল পাইছিলোঁ। তেওঁলোক হৈছে লূত আলাইহিচ্ছালামৰ পৰিয়াল।

51:37Page 522

وَتَرَكۡنَا فِيهَآ ءَايَةٗ لِّلَّذِينَ يَخَافُونَ ٱلۡعَذَابَ ٱلۡأَلِيمَ ٣٧

And We left therein a sign for those who fear the painful punishment.

আমি লূত সম্প্ৰদায়ৰ জনবসতিত শাস্তিৰ কিছুমান চিহ্ন এৰিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল; যাতে সেইসকল লোকে ইয়াৰ দ্বাৰা শিক্ষা লাভ কৰে, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, আৰু তেওঁলোকে যেন এনেকুৱা কাম নকৰে যিবোৰ কাম সিহঁতে কৰিছিল; যাতে এনেকুৱা শাস্তিৰ পৰা ৰক্ষা পাব পাৰে।

51:38Page 522

وَفِي مُوسَىٰٓ إِذۡ أَرۡسَلۡنَٰهُ إِلَىٰ فِرۡعَوۡنَ بِسُلۡطَٰنٖ مُّبِينٖ ٣٨

And in Moses [was a sign], when We sent him to Pharaoh with clear authority.1

মূছা আলাইহিচ্ছালামৰ কাহিনতো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক স্পষ্ট দলিল-প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে।

51:39Page 522

فَتَوَلَّىٰ بِرُكۡنِهِۦ وَقَالَ سَٰحِرٌ أَوۡ مَجۡنُونٞ ٣٩

But he turned away with his supporters and said, "A magician or a madman."

কিন্তু ফিৰআউনে নিজৰ সৈন্যবাহিনী আৰু ক্ষমতাৰ অহংকাৰত সত্যৰ পৰা বিমুখ হ’ল, লগতে মুছা আলাইহিচ্ছালামৰ বিষয়ে ক’লেঃ এওঁ হৈছে এজন যাদুকৰ, মানুহক যাদু কৰে। অথবা এওঁ হৈছে এজন উন্মাদ ব্যক্তি, যিয়ে নিজৰ কথা নিজেই নুবুজে।

51:40Page 522

فَأَخَذۡنَٰهُ وَجُنُودَهُۥ فَنَبَذۡنَٰهُمۡ فِي ٱلۡيَمِّ وَهُوَ مُلِيمٞ ٤٠

So We took him and his soldiers and cast them into the sea, and he was blameworthy.

ফলত আমি ফিৰআউনক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ব কৰি সাগৰত নিক্ষেপ কৰিলোঁ আৰু সিহঁত ডুবি ধ্বংস হ’ল। দৰাচলতে ফিৰআউনে ভৰ্ৎসনাযোগ্য কামেই কৰিছিল, যেনে- ৰাছুলক অস্বীকাৰ কৰা, আৰু নিজকে উপাস্য বুলি দাবী কৰা।

51:41Page 522

وَفِي عَادٍ إِذۡ أَرۡسَلۡنَا عَلَيۡهِمُ ٱلرِّيحَ ٱلۡعَقِيمَ ٤١

And in ʿAad [was a sign], when We sent against them the barren wind.1

হূদ আলাইহিচ্ছালামৰ জাতি আদ সম্প্ৰদায়ৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে। আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ প্ৰচণ্ড বতাহ, সেই বতাহৰ মাজত পানীও নাছিল আৰু সেই বতাহে কোনো গছক ফল দিয়াৰ যোগ্যও এৰা নাছিল। দৰাচলতে সেই বতাহৰ মাজত কোনো ধৰণৰ কল্যাণ নাছিল।

51:42Page 522

مَا تَذَرُ مِن شَيۡءٍ أَتَتۡ عَلَيۡهِ إِلَّا جَعَلَتۡهُ كَٱلرَّمِيمِ ٤٢

It left nothing of what it came upon but that it made it like disintegrated ruins.

সেই বতাহে যি প্ৰাণ আৰু ধন-সম্পদৰ ওপৰেৰে অতিক্ৰম কৰিছিল, তাক ধ্বংস কৰিহে এৰিছিল আৰু সেই পূৰণি বস্তুৰ দৰে অৱস্থা কৰি দিছিল, যিটো পূৰণি হোৱাৰ ফলত টুকুৰা-টুকুৰ হৈ যায়।

51:43Page 522

وَفِي ثَمُودَ إِذۡ قِيلَ لَهُمۡ تَمَتَّعُواْ حَتَّىٰ حِينٖ ٤٣

And in Thamūd, when it was said to them, "Enjoy yourselves for a time."

এইদৰে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদ জাতিৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, যেতিয়া সিহঁতক কোৱা হৈছিলঃ নিৰ্ধাৰিত সময় অহাৰ পূৰ্বেই তোমালোকে নিজৰ জীৱন উপভোগ কৰি লোৱা।

51:44Page 522

فَعَتَوۡاْ عَنۡ أَمۡرِ رَبِّهِمۡ فَأَخَذَتۡهُمُ ٱلصَّٰعِقَةُ وَهُمۡ يَنظُرُونَ ٤٤

But they were insolent toward the command of their Lord, so the thunderbolt seized them while they were looking on.

সিহঁতে নিজ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিছিল, আৰু এই অহংকাৰেই সিহঁতক ঈমান পোষণ কৰাত আৰু আনুগত্য কৰাত বাধা প্ৰদান কৰিছিল। ফলত কঠিন শাস্তিৰ বজ্ৰপাতে সিহঁতক আগুৰি ধৰিছিল, অথচ সেই শাস্তিৰ বাবেই সিহঁতে অপেক্ষা কৰি আছিল। কিয়নো তিনিদিন পূৰ্বেই সিহঁতক এই শাস্তিৰ পৰা সতৰ্ক কৰা হৈছিল।

51:45Page 522

فَمَا ٱسۡتَطَٰعُواْ مِن قِيَامٖ وَمَا كَانُواْ مُنتَصِرِينَ ٤٥

And they were unable to arise, nor could they defend themselves.

সিহঁতে নিজৰ ওপৰত অহা শাস্তিকো প্ৰতিৰোধ কৰিব পৰা নাছিল, আৰু কেনেকৈ প্ৰতিৰোধ কৰিব, সিহঁতৰ ওচৰত এনেকুৱা কোনো শক্তিও নাছিল যে, ইয়াক বাধা দিব পাৰিব।

51:46Page 522

وَقَوۡمَ نُوحٖ مِّن قَبۡلُۖ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ ٤٦

And [We destroyed] the people of Noah before; indeed, they were a people defiantly disobedient.

এইসকল লোকৰ দৰেই আমি ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা সম্প্ৰদায় আছিল। সেইকাৰণেই সিহঁত তেওঁৰ শাস্তিৰ সন্মুখীন হৈছিল।

51:47Page 522

وَٱلسَّمَآءَ بَنَيۡنَٰهَا بِأَيۡيْدٖ وَإِنَّا لَمُوسِعُونَ ٤٧

And the heaven We constructed with strength,1 and indeed, We are [its] expander.

আমিয়েই আকাশ নিৰ্মাণ কৰিছোঁ, আৰু আমাৰ ক্ষমতাৰ বলত মজবুত বনাইছোঁ, তথা আমিয়েই ইয়াক চাৰিওফালে প্ৰসাৰিত কৰিছোঁ।

51:48Page 522

وَٱلۡأَرۡضَ فَرَشۡنَٰهَا فَنِعۡمَ ٱلۡمَٰهِدُونَ ٤٨

And the earth We have spread out, and excellent is the preparer.

আমিয়েই পৃথিৱীখনক ইয়াৰ অধিবাসীসকলৰ বাবে বিস্তৃত কৰি দিছোঁ আৰু বিছনাৰ দৰে পাৰি দিছোঁ। চোৱাচোন আমি কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী আৰু কিমান সুন্দৰকৈ আমি ইয়াক তেওঁলোকৰ বাবে পাৰি দিছোঁ।

51:49Page 522

وَمِن كُلِّ شَيۡءٍ خَلَقۡنَا زَوۡجَيۡنِ لَعَلَّكُمۡ تَذَكَّرُونَ ٤٩

And of all things We created two mates [i.e., counterparts]; perhaps you will remember.

আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, নৰ আৰু নাৰী, আকাশ আৰু পৃথিৱী, ভূ-পৃষ্ঠ আৰু সাগৰ, যাতে তোমালোকে আল্লাহৰ তাওহীদৰ প্ৰতি মনোযোগ দিয়া, যিজনে প্ৰত্যেক বস্তুকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে। তথা তেওঁৰ ক্ষমতাৰ প্ৰতি মনোযোগ দিয়া।

51:50Page 522

فَفِرُّوٓاْ إِلَى ٱللَّهِۖ إِنِّي لَكُم مِّنۡهُ نَذِيرٞ مُّبِينٞ ٥٠

So flee to Allāh.1 Indeed, I am to you from Him a clear warner.

গতিকে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আঁতৰি তেওঁৰ ছোৱাবৰ প্ৰতি অগ্ৰসৰ হোৱা আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যৰ পিনে ঢপলিয়াই আহা। হে মানৱজাতি! নিশ্চয় মই তোমালোকক তেওঁৰ শাস্তিৰ পৰা স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।

51:51Page 522

وَلَا تَجۡعَلُواْ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَۖ إِنِّي لَكُم مِّنۡهُ نَذِيرٞ مُّبِينٞ ٥١

And do not make [as equal] with Allāh another deity. Indeed, I am to you from Him a clear warner.

তোমালোকে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰিবলৈ কোনো উপাস্য গ্ৰহণ নকৰিবা। নিশ্চয় মই তোমালোকক এই বিষয়ে স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।

51:52Page 523

كَذَٰلِكَ مَآ أَتَى ٱلَّذِينَ مِن قَبۡلِهِم مِّن رَّسُولٍ إِلَّا قَالُواْ سَاحِرٌ أَوۡ مَجۡنُونٌ ٥٢

Similarly, there came not to those before them any messenger except that they said, "A magician or a madman."

মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত যেতিয়া কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল।

51:53Page 523

أَتَوَاصَوۡاْ بِهِۦۚ بَلۡ هُمۡ قَوۡمٞ طَاغُونَ ٥٣

Did they suggest it to them?1 Rather, they [themselves] are a transgressing people.

পূৰ্বৱৰ্তী কাফিৰসকলে ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ পৰৱৰ্তী কাফিৰসকলক উপদেশ দি থৈ গৈছে নেকি? নহয়, কেতিয়াও নহয়; বৰং সিহঁতৰ অবাধ্যতাই সিহঁতক এই কৰ্মত একত্ৰিত কৰিছে।

51:54Page 523

فَتَوَلَّ عَنۡهُمۡ فَمَآ أَنتَ بِمَلُومٖ ٥٤

So leave them, [O Muḥammad], for you are not to be blamed.

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক আওকাণ কৰক। ইয়াৰ ফলত আপোনাক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। কিয়নো আপোনাক যি বাৰ্তা পৌঁচাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল, সেইটো আপুনি পৌঁচাই দিছে।

51:55Page 523

وَذَكِّرۡ فَإِنَّ ٱلذِّكۡرَىٰ تَنفَعُ ٱلۡمُؤۡمِنِينَ ٥٥

And remind, for indeed, the reminder benefits the believers.

সিহঁতক আওকাণ কৰাৰ এইটো অৰ্থ নহয় যে, সিহঁতক ধৰ্মৰ কোনো কথাই নক’ব অথবা উপদেশ নিদিব, বৰং আপুনি সিহঁতক বুজাই থাকক আৰু উপদেশ দি যাওক। কিয়নো নিশ্চয় উপদেশে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক উপকৃত কৰে।

51:56Page 523

وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ ٥٦

And I did not create the jinn and mankind except to worship Me.

মই জিন আৰু মানৱক একমাত্ৰ মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ। মই সিহঁতক মোৰ সৈতে অংশীদাৰ স্থাপন কৰিবলৈ সৃষ্টি কৰা নাই।

51:57Page 523

مَآ أُرِيدُ مِنۡهُم مِّن رِّزۡقٖ وَمَآ أُرِيدُ أَن يُطۡعِمُونِ ٥٧

I do not want from them any provision, nor do I want them to feed Me.

মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰোঁ, আৰু এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক আহাৰ কৰাওক।

51:58Page 523

إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلۡقُوَّةِ ٱلۡمَتِينُ ٥٨

Indeed, it is Allāh who is the [continual] Provider,1 the firm possessor of strength.

নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ জীৱিকাদাতা। সকলোৱে তেওঁৰ জীৱিকাৰেই মুখাপেক্ষী। তেওঁ প্ৰবল সৰ্বশক্তিমান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। গোটেই মানৱ আৰু জিন জাতি তেওঁৰ ক্ষমতাৰ সন্মুখত শিৰ নতকাৰী।

51:59Page 523

فَإِنَّ لِلَّذِينَ ظَلَمُواْ ذَنُوبٗا مِّثۡلَ ذَنُوبِ أَصۡحَٰبِهِمۡ فَلَا يَسۡتَعۡجِلُونِ ٥٩

And indeed, for those who have wronged is a portion [of punishment] like the portion of their companions [i.e., predecessors], so let them not impatiently urge Me.

হে ৰাছুল! যিসকলে আপোনাক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, নিশ্চয় সিহঁতৰ বাবে আছে শাস্তিৰ এটা অংশ, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তী সঙ্গীসকলৰ বাবে আছিল। ইয়াৰ বাবে এটা সময় নিৰ্ধাৰিত আছে। গতিকে সেই সময় অহাৰ পূৰ্বেই তোমালোকে সেই শাস্তিৰ বাবে মোৰ ওচৰত খৰধৰ নকৰিবা।

51:60Page 523

فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِن يَوۡمِهِمُ ٱلَّذِي يُوعَدُونَ ٦٠

And woe to those who have disbelieved from their Day which they are promised.

কিয়ামতৰ দিনা বিনাশ আৰু ধ্বংস হৈছে সেইসকল লোকৰ বাবে, যিসকলে আল্লাহক নসাৎ কৰিছে আৰু সিহঁতৰ প্ৰতি আগমন কৰা ৰাছুলক অস্বীকাৰ কৰিছে, সেই দিৱসৰ শাস্তিৰ পৰাই সিহঁতক সতৰ্ক কৰা হৈছে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском