Al-Mukhtasar · Tafsir · in Assamese
Al-Waqi'ah 56:89–96
56:89Page 537
فَرَوۡحٞ وَرَيۡحَانٞ وَجَنَّتُ نَعِيمٖ ٨٩
Then [for him is] rest and bounty and a garden of pleasure.
তেন্তে তেওঁৰ বাবে আছে এনেকুৱা শান্তি যাৰ পিছত কোনো ধৰণৰ ক্লান্তি নাথাকিব। আৰু আছে উত্তম জীৱিকা আৰু ৰহমত। সর্বোপৰি জান্নাত, যাৰ মাজত তেওঁ নিজৰ চাহিদানুযায়ী নিয়ামতসমূহ উপভোগ কৰিব পাৰিব।
56:90–91Page 537
وَأَمَّآ إِن كَانَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ ٩٠
And if he was of the companions of the right,
فَسَلَٰمٞ لَّكَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ ٩١
Then [the angels will say], "Peace for you; [you are] from the companions of the right."
যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।
56:92Page 537
وَأَمَّآ إِن كَانَ مِنَ ٱلۡمُكَذِّبِينَ ٱلضَّآلِّينَ ٩٢
But if he was of the deniers [who were] astray,
পক্ষান্তৰে যদি মৃত ব্যক্তি ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা বিষয়ৰ প্ৰতি মিথ্যাৰোপকাৰী হয় তথা সৰল পথৰ পৰা পথভ্রষ্ট হয়।
তেনেহ’লে তাক আপ্যায়ন কৰা হ’ব উতলা গৰম পানীৰে।
আৰু সি জাহান্নামৰ অগ্নিত দগ্ধ হ’ব।
হে নবী! আমি আপোনাক যি ঘটনা বৰ্ণনা কৰিছোঁ; সেইটো এনেকুৱা সত্য য’ত কোনো ধৰণৰ সন্দেহ নাই।
গতিকে আপুনি নিজ প্ৰতিপালকৰ মহান নামৰ পৱিত্রতা বৰ্ণনা কৰক, আৰু তেওঁক দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰক।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences