Al-MukhtasarAl‑An'am · 6:114–143

Al-Mukhtasar · Tafsir · in Assamese

Al-An'am 6:114–143

6:114Page 142

أَفَغَيۡرَ ٱللَّهِ أَبۡتَغِي حَكَمٗا وَهُوَ ٱلَّذِيٓ أَنزَلَ إِلَيۡكُمُ ٱلۡكِتَٰبَ مُفَصَّلٗاۚ وَٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَعۡلَمُونَ أَنَّهُۥ مُنَزَّلٞ مِّن رَّبِّكَ بِٱلۡحَقِّۖ فَلَا تَكُونَنَّ مِنَ ٱلۡمُمۡتَرِينَ ١١٤

[Say], "Then is it other than Allāh I should seek as judge while it is He who has revealed to you the Book [i.e., the Qur’ān] explained in detail?" And those to whom We [previously] gave the Scripture know that it is sent down from your Lord in truth, so never be among the doubters.

হে ৰাছুল! আপুনি এইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে আন আন উপাস্যৰো উপাসনা কৰে, এইটো যুক্তি সংগত হ'ব পাৰেনে যে, আল্লাহৰ বাহিৰে আন কাৰোবাক মোৰ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰক হিচাপে গ্ৰহণ কৰিম, অথচ আল্লাহেই তোমালোকৰ প্ৰতি সকলো বিষয় পূৰ্ণৰূপে বৰ্ণনাকাৰী পুথি (কোৰআন) অৱতীৰ্ণ কৰিছে। ইয়াহুদীসকলক প্ৰদান কৰিছিল তাওৰাত আৰু খৃষ্টানসকলক প্ৰদান কৰিছিল ইঞ্জীল, সিহঁতে জানে যে, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই পুথিৰ সত্যতাৰ প্ৰমাণ সিহঁতৰ পুথিতে লিপিবদ্ধ আছে। এতেকে আমি আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছো, সেই বিষয়ে আপুনি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব।

6:115Page 142

وَتَمَّتۡ كَلِمَتُ رَبِّكَ صِدۡقٗا وَعَدۡلٗاۚ لَّا مُبَدِّلَ لِكَلِمَٰتِهِۦۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ١١٥

And the word of your Lord has been fulfilled in truth and in justice. None can alter His words, and He is the Hearing, the Knowing.

কোৰআন, বৰ্ণনা তথা সূচনাৰ ক্ষেত্ৰত সত্যতাৰ সৰ্বোচ্চ শৃঙ্গত উপনীত হৈছে। তেওঁৰ কথাক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। তেওঁ বান্দাৰ কথা শ্ৰৱণকাৰী আৰু সেই সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ শীঘ্ৰেই সেই সকল লোকক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব যিসকলে তেওঁৰ শব্দ পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰে।

6:116Page 142

وَإِن تُطِعۡ أَكۡثَرَ مَن فِي ٱلۡأَرۡضِ يُضِلُّوكَ عَن سَبِيلِ ٱللَّهِۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ هُمۡ إِلَّا يَخۡرُصُونَ ١١٦

And if you obey most of those upon the earth, they will mislead you from the way of Allāh. They follow not except assumption, and they are not but misjudging.1

ধৰি লোৱা হ'ল হে ৰাছুল! আপুনি পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰা আৰম্ভ কৰিলে, তেন্তে জানি থওঁক, সিহঁতেই আপোনাক আল্লাহৰ দ্বীনৰ পথভ্ৰষ্ট কৰিব। কাৰণ আগৰ পৰাই আল্লাহৰ এই ৰীতি চলি আহিছে যে, সত্য কেৱল সংখ্যালঘুৰ ওচৰত থাকে। অধিকাংশ লোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, যাৰ কোনো ভিত্তি নাই। সিহঁতে ভাৱে যে, সিহঁতৰ উপাস্যবোৰে সিহঁতক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। অথচ এই বিষয়ত সিহঁতে মিছাৰ আশ্ৰয় লৈছে।

6:117Page 142

إِنَّ رَبَّكَ هُوَ أَعۡلَمُ مَن يَضِلُّ عَن سَبِيلِهِۦۖ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ ١١٧

Indeed, your Lord is most knowing of who strays from His way, and He is most knowing of the [rightly] guided.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে কোন তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোন হিদায়ত প্ৰাপ্ত হৈছে। এই বিষয়ে তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

6:118Page 142

فَكُلُواْ مِمَّا ذُكِرَ ٱسۡمُ ٱللَّهِ عَلَيۡهِ إِن كُنتُم بِـَٔايَٰتِهِۦ مُؤۡمِنِينَ ١١٨

So eat of that [meat] upon which the name of Allāh has been mentioned,1 if you are believers in His verses [i.e., revealed law].

এতেকে হে মানৱজাতি! যদিহে তোমালোকে স্পষ্ট প্ৰমাণসমূহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা তেন্তে সেই মাংস ভক্ষণ কৰা যিটোক যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছিল।

6:119Page 143

وَمَا لَكُمۡ أَلَّا تَأۡكُلُواْ مِمَّا ذُكِرَ ٱسۡمُ ٱللَّهِ عَلَيۡهِ وَقَدۡ فَصَّلَ لَكُم مَّا حَرَّمَ عَلَيۡكُمۡ إِلَّا مَا ٱضۡطُرِرۡتُمۡ إِلَيۡهِۗ وَإِنَّ كَثِيرٗا لَّيُضِلُّونَ بِأَهۡوَآئِهِم بِغَيۡرِ عِلۡمٍۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِٱلۡمُعۡتَدِينَ ١١٩

And why should you not eat of that upon which the name of Allāh has been mentioned while He has explained in detail to you what He has forbidden you, excepting that to which you are compelled.1 And indeed do many lead [others] astray through their [own] inclinations without knowledge. Indeed, your Lord - He is most knowing of the transgressors.

হে মুমিনসকল! আল্লাহৰ নামত যবেহ কৰা জন্তুৰ (মাংস) খাবলৈ তোমালোকক কিহে বাৰণ কৰিছে, অথচ আল্লাহে তোমালোকৰ বাবে যি যি হাৰাম কৰিছে সেয়া স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে সেইবোৰ তোমালোকে পৰিত্যাগ কৰা উচিত। কিন্তু খাবলৈ বাধ্য হ'লে সেয়া সুকীয়া কথা। কিয়নো বিশেষ আৱশ্যকতাই হাৰাম বস্তুকো হালাল কৰি দিয়ে। প্ৰকৃততে অধিকাংশ মুশ্বৰিকসকলে অজ্ঞাতাৰ কাৰণে নিজৰ তথ্যহীন মন্তব্যৰ জৰিয়তে সিহঁতৰ অনুসাৰী সকলক সত্যৰ পৰা আঁতৰত ৰাখে। উদাহৰণস্বৰূপে আল্লাহে হাৰাম কৰা বস্তুক সিহঁতে হালাল বুলি কয়ঃ যেনে মৃত জীৱ-জন্তু। আনহাতে তেওঁ হালাল কৰা বস্তুক হাৰাম বুলি কয়ঃ যেনে, বাহীৰা, অচীলা আৰু হামী আদি (এইবোৰ সেইসমূহ জন্তুক কোৱা হয় যিবোৰ অজ্ঞতা যুগত আৰববাসীয়ে মূৰ্তিৰ নামত এৰিছিল)। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে নিশ্চিতভাৱে ভালদৰেই জানে যিসকলে তেওঁৰ সীমালংঘন কৰে। অৱশ্যে তেওঁ সিহঁতক সীমালংঘন কৰাৰ প্ৰতিদান দিব।

6:120Page 143

وَذَرُواْ ظَٰهِرَ ٱلۡإِثۡمِ وَبَاطِنَهُۥٓۚ إِنَّ ٱلَّذِينَ يَكۡسِبُونَ ٱلۡإِثۡمَ سَيُجۡزَوۡنَ بِمَا كَانُواْ يَقۡتَرِفُونَ ١٢٠

And leave [i.e., desist from] what is apparent of sin and what is concealed thereof. Indeed, those who earn [blame for] sin will be recompensed for that which they used to commit.

হে মানৱ! প্ৰকাশ্য তথা অপ্ৰকাশ্য পাপকৰ্মৰ পৰা বিৰত থাকা। নিশ্চয় যিসকলে প্ৰকাশ্য তথা অপ্ৰকাশ্যভাৱে গুনাহ কৰে, আল্লাহে সিহঁতক গুনাহৰ প্ৰতিদান অৱশ্যে প্ৰদান কৰিব।

6:121Page 143

وَلَا تَأۡكُلُواْ مِمَّا لَمۡ يُذۡكَرِ ٱسۡمُ ٱللَّهِ عَلَيۡهِ وَإِنَّهُۥ لَفِسۡقٞۗ وَإِنَّ ٱلشَّيَٰطِينَ لَيُوحُونَ إِلَىٰٓ أَوۡلِيَآئِهِمۡ لِيُجَٰدِلُوكُمۡۖ وَإِنۡ أَطَعۡتُمُوهُمۡ إِنَّكُمۡ لَمُشۡرِكُونَ ١٢١

And do not eat of that upon which the name of Allāh has not been mentioned, for indeed, it is grave disobedience. And indeed do the devils inspire their allies [among men] to dispute with you. And if you were to obey them, indeed, you would be associators [of others with Him].1

হে মুছলিমসকল! তোমালোকে সেইবোৰ জন্তুৰ মাংস ভক্ষণ নকৰিবা যিবোৰ যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। যদিও বেলেগৰ নাম লোৱা হওঁক বা নহওঁক। এনেকুৱা মাংস ভক্ষণ কৰিলে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হৈ তেওঁৰ অবাধ্যতাত পতিত হয়। প্ৰকৃততে চয়তানে তাৰ সহায়ক সকলৰ অন্তৰত সংশয় সৃষ্টি কৰে, যাতে সিহঁতে তোমালোকৰ লগত মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে তৰ্ক কৰিব পাৰে। হে মুছলিমসকল! মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে সিহঁতে সৃষ্টি কৰা সংশয়ৰ যদি তোমালোকে অনুসৰণ কৰা তেন্তে তোমালোকেও শ্বিৰ্কত সিহঁতৰ শ্ৰেণীভুক্ত হৈ যাবা।

6:122Page 143

أَوَمَن كَانَ مَيۡتٗا فَأَحۡيَيۡنَٰهُ وَجَعَلۡنَا لَهُۥ نُورٗا يَمۡشِي بِهِۦ فِي ٱلنَّاسِ كَمَن مَّثَلُهُۥ فِي ٱلظُّلُمَٰتِ لَيۡسَ بِخَارِجٖ مِّنۡهَاۚ كَذَٰلِكَ زُيِّنَ لِلۡكَٰفِرِينَ مَا كَانُواْ يَعۡمَلُونَ ١٢٢

And is one who was dead and We gave him life and made for him light by which to walk among the people like one who is in darkness, never to emerge therefrom? Thus it has been made pleasing to the disbelievers that which they were doing.

যি ব্যক্তি আল্লাহৰ হিদায়তৰ পূৰ্বে মৃত আছিল –কুফৰ, অজ্ঞাতা আৰু গুনাহত পতিত থকাৰ কাৰণে- তাৰ পিছত আমি তাক ঈমান তথা জ্ঞান আৰু আনুগত্যৰ পথ দেখুৱাই হিদায়তৰ দ্বাৰা জীৱিত কৰিছো, তেওঁ সেই ব্যক্তিৰ দৰে হ'ব পাৰে নেকি যিয়ে কুফৰ তথা অজ্ঞাতা আৰু কুকৰ্মৰ অন্ধকাৰত পতিত হৈ আছে আৰু তাৰ পৰা ওলাই আহিবলৈয়ো তাৰ ওচৰত কোনো শক্তি নাই, সকলো পথ তাৰ ওচৰত একেই লাগি আছে লগতে চাৰিওফালে অন্ধকাৰেই অন্ধকাৰ। যিদৰে এইসকল মুশ্বৰিকৰ বাবে শ্বিৰ্ক তথা মৃত জীৱ-জন্তুৰ মাংস খোৱা আৰু তথ্যহীন তৰ্ক কৰা সৌন্দৰ্যময় কৰি দিয়া হৈছে, ঠিক সেইদৰে কাফিৰ সকলৰ বাবেও সিহঁতৰ পাপকৰ্মক সৌন্দৰ্যময় কৰি দিয়া হৈছে, যাতে কিয়ামতৰ দিনা সিহঁতক ইয়াৰ পৰিবৰ্তে যন্ত্ৰণাদায়ক শাস্তি দিয়া যায়।

6:123Page 143

وَكَذَٰلِكَ جَعَلۡنَا فِي كُلِّ قَرۡيَةٍ أَكَٰبِرَ مُجۡرِمِيهَا لِيَمۡكُرُواْ فِيهَاۖ وَمَا يَمۡكُرُونَ إِلَّا بِأَنفُسِهِمۡ وَمَا يَشۡعُرُونَ ١٢٣

And thus We have placed within every city the greatest of its criminals to conspire therein. But they conspire not except against themselves, and they perceive [it] not.

যিদৰে মক্কাৰ মুশ্বৰিক নেতা সকলে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা সৃষ্টি কৰিছিল, ঠিক সেইদৰে আমি প্ৰতিটো জনপদতে নেতা আৰু প্ৰধান বনাইছো, যিসকলে চয়তানৰ পথত আহ্বান কৰে তথা ৰাছুল আৰু তেওঁৰ অনুসাৰী সকলৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰে, কিন্তু প্ৰকৃততে এই চক্ৰান্ত সিহঁতৰ নিজৰ বিৰুদ্ধেই প্ৰযোজ্য হ'ব। কিন্তু প্ৰবৃত্তিৰ অনুসৰণ আৰু অজ্ঞানতাৰ ফলত সিহঁতে এই কথা উপলব্ধি কৰিব নোৱাৰে।

6:124Page 143

وَإِذَا جَآءَتۡهُمۡ ءَايَةٞ قَالُواْ لَن نُّؤۡمِنَ حَتَّىٰ نُؤۡتَىٰ مِثۡلَ مَآ أُوتِيَ رُسُلُ ٱللَّهِۘ ٱللَّهُ أَعۡلَمُ حَيۡثُ يَجۡعَلُ رِسَالَتَهُۥۗ سَيُصِيبُ ٱلَّذِينَ أَجۡرَمُواْ صَغَارٌ عِندَ ٱللَّهِ وَعَذَابٞ شَدِيدُۢ بِمَا كَانُواْ يَمۡكُرُونَ ١٢٤

And when a sign comes to them, they say, "Never will we believe until we are given like that which was given to the messengers of Allāh." Allāh is most knowing of where [i.e., with whom] He places His message. There will afflict those who committed crimes debasement before Allāh and severe punishment for what they used to conspire.

যেতিয়া কাফিৰসকলৰ নেতাৰ ওচৰত আল্লাহৰ দ্বাৰা নবীৰ ওপৰত অৱতীৰ্ণ কোনো নিদৰ্শন আহে, তেতিয়া সিহঁতে কয়ঃ আমি কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে আমাকো নবীসকলৰ দৰে ৰিছালত তথা নবুওৱত প্ৰদান কৰা নহ'ব। আল্লাহে সিহঁতৰ এই কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কৈছে যে, তেৱেঁই ভালদৰে জানে কোন ৰিছালত পোৱাৰ যোগ্য আৰু কোনে এই দায়িত্ব পালন কৰিব পাৰিব, সেই ব্যক্তিকেই তেওঁ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰে। নিশ্চয় এইসকল পাপিষ্ঠই অহংকাৰবশতঃ সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে লগতে অপমান তথা চক্ৰান্ত কৰাৰ কাৰণে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব।

6:125Page 144

فَمَن يُرِدِ ٱللَّهُ أَن يَهۡدِيَهُۥ يَشۡرَحۡ صَدۡرَهُۥ لِلۡإِسۡلَٰمِۖ وَمَن يُرِدۡ أَن يُضِلَّهُۥ يَجۡعَلۡ صَدۡرَهُۥ ضَيِّقًا حَرَجٗا كَأَنَّمَا يَصَّعَّدُ فِي ٱلسَّمَآءِۚ كَذَٰلِكَ يَجۡعَلُ ٱللَّهُ ٱلرِّجۡسَ عَلَى ٱلَّذِينَ لَا يُؤۡمِنُونَ ١٢٥

So whoever Allāh wants to guide - He expands his breast to [contain] Islām; and whoever He wants to send astray1 - He makes his breast tight and constricted as though he were climbing into the sky. Thus does Allāh place defilement upon those who do not believe.

আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰা তাৰ ওচৰত এনে লাগে যেন সি বহু কষ্টৰে আকাশৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।

6:126Page 144

وَهَٰذَا صِرَٰطُ رَبِّكَ مُسۡتَقِيمٗاۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَذَّكَّرُونَ ١٢٦

And this is the path of your Lord, [leading] straight. We have detailed the verses for a people who remember.

হে ৰাছুল! এই দ্বীন যিটো আমি আপোনাক প্ৰদান কৰিছো, এইটোৱে আল্লাহৰ সুপথ, ইয়াত কোনো বক্ৰতা নাই। আমি নিদৰ্শনসমূহ সেই ব্যক্তিৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছো, যাক আল্লাহে বুজিবলৈ বিবেক প্ৰদান কৰিছে।

6:127Page 144

۞ لَهُمۡ دَارُ ٱلسَّلَٰمِ عِندَ رَبِّهِمۡۖ وَهُوَ وَلِيُّهُم بِمَا كَانُواْ يَعۡمَلُونَ ١٢٧

For them will be the Home of Peace [i.e., Paradise] with their Lord. And He will be their protecting friend because of what they used to do.

তেওঁলোকৰ বাবে আছে এনেকুৱা এটা ঘৰ, য’ত তেওঁলোকে সকলো অপ্ৰিয় বস্তুৰ পৰা দূৰত থাকিব। সেই ঘৰ হৈছে জান্নাত। তেওঁলোকে কৰা সত্কৰ্মৰ বিনিময়ত স্বয়ং আল্লাহেই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক হ'ব।

6:128Page 144

وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا يَٰمَعۡشَرَ ٱلۡجِنِّ قَدِ ٱسۡتَكۡثَرۡتُم مِّنَ ٱلۡإِنسِۖ وَقَالَ أَوۡلِيَآؤُهُم مِّنَ ٱلۡإِنسِ رَبَّنَا ٱسۡتَمۡتَعَ بَعۡضُنَا بِبَعۡضٖ وَبَلَغۡنَآ أَجَلَنَا ٱلَّذِيٓ أَجَّلۡتَ لَنَاۚ قَالَ ٱلنَّارُ مَثۡوَىٰكُمۡ خَٰلِدِينَ فِيهَآ إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٞ ١٢٨

And [mention, O Muḥammad], the Day when He will gather them together [and say], "O company of jinn, you have [misled] many of mankind." And their allies among mankind will say, "Our Lord, some of us made use of others, and we have [now] reached our term which You appointed for us." He will say, "The Fire is your residence, wherein you will abide eternally, except for what Allāh wills. Indeed, your Lord is Wise and Knowing."

হে ৰাছুল! স্মৰণ কৰক সেই দিনটোক, যিদিনা আল্লাহে সকলো মানৱ তথা জিনসকলক একত্ৰিত কৰিব, তাৰ পিছত ক'বঃ হে জিনসকল! তোমালোকে মানুহক বহু প্ৰকাৰে পথভ্ৰষ্ট কৰিছা আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছা। মানৱসকলৰ মাজৰ যিসকলে সিহঁতৰ অনুসৰণ কৰিছিল সিহঁতে উত্তৰ দি ক'বঃ হে আমাৰ প্ৰতিপালক! আমি প্ৰত্যেকেই পৰস্পৰে পৰস্পৰৰ পৰা উপকৃত হৈছিলো। জিনসকলে মানুহৰ আদেশ পালনৰ আনন্দ উপভোগ কৰিছিল, আনহাতে মানুহে নিজৰ ইচ্ছা মতে কিবা পাবলৈ সিহঁতক প্ৰয়োগ কৰিছিল। আৰু এইদৰে আমি এতিয়া নিৰ্ধাৰিত সময়ত উপনীত হৈছো যিটো তুমি আমাৰ বাবে নিৰ্ধাৰণ কৰিছিলা। এতেকে এইটো ক্বিয়ামতৰ দিন। আল্লাহে ক'বঃ তোমালোকৰ ঠিকনা হৈছে জাহান্নাম, তাত তোমালোকে চিৰকাল থাকিবা, কেৱল অকণমান সময়ৰ বাহিৰে যিটো তোমালোকৰ বাবে আল্লাহে অৱকাশ দিছিল, সেয়া হৈছে কবৰৰ পৰা উঠাৰ পিছত জাহান্নামত প্ৰৱেশ নকৰালৈকে সময়খিনি। এই সময়খিনিকেই আল্লাহে সিহঁতৰ চিৰস্থায়ী আৱাসস্থলৰ পৰা পৃথক কৰিছে। হে ৰাছুল! নিশ্চয় আপোনাৰ ৰব্ব পৰিচালনাৰ ক্ষেত্ৰত তথা নিৰ্ণয়ৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান, বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ, বিশেষকৈ যিসকল শাস্তিৰ যোগ্য।

6:129Page 144

وَكَذَٰلِكَ نُوَلِّي بَعۡضَ ٱلظَّٰلِمِينَ بَعۡضَۢا بِمَا كَانُواْ يَكۡسِبُونَ ١٢٩

And thus will We make some of the wrongdoers allies of others for what they used to earn.1

যিদৰে আমি জঘন্য পাপিষ্ঠ জিনক কিছুমান লোকৰ সহায়ক কৰি দিছো আৰু সিহঁতৰ আয়ত্ত্বাধীন কৰি দিছো যাতে সিহঁতে সিহঁতক পথভ্ৰষ্ট কৰিব পাৰে। সেইদৰে আমি প্ৰত্যেক অত্যাচাৰীৰ সহায়ক এজন অত্যাচাৰীয়ে বনাই দিওঁ, যিয়ে তাক কেৱল বেয়া কৰ্ম কৰাৰ প্ৰৰোচনা দিয়ে, আৰু সত্কৰ্মৰ পৰা ঘৃণা উপজায় আৰু বিৰত ৰাখে। দৰাচলতে এয়া সিহঁতৰ সেইসমূহ গুনাহৰ পৰিণাম, যিবোৰ সিহঁতে কৰি আছে।

6:130Page 144

يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ أَلَمۡ يَأۡتِكُمۡ رُسُلٞ مِّنكُمۡ يَقُصُّونَ عَلَيۡكُمۡ ءَايَٰتِي وَيُنذِرُونَكُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَاۚ قَالُواْ شَهِدۡنَا عَلَىٰٓ أَنفُسِنَاۖ وَغَرَّتۡهُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَشَهِدُواْ عَلَىٰٓ أَنفُسِهِمۡ أَنَّهُمۡ كَانُواْ كَٰفِرِينَ ١٣٠

"O company of jinn and mankind,1 did there not come to you messengers from among you, relating to you My verses and warning you of the meeting of this Day of yours?" They will say, "We bear witness against ourselves"; and the worldly life had deluded them, and they will bear witness against themselves that they were disbelievers.

ক্বিয়ামতৰ দিনা আমি সিহঁতক কমঃ হে মানৱ আৰু জিন সম্প্ৰদায়! তোমালোকৰ ওচৰত তোমালোকৰ (মানৱ জাতিৰ) মাজৰ পৰাই এনেকুৱা ৰাছুল অহা নাছিলনে, যিসকলে আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰিছিল আৰু তোমালোকক ক্বিয়ামতৰ দিনৰ সাক্ষাতৰ পৰা সাৱধান কৰিছিল? সিহঁতে ক'বঃ নিশ্চয় আহিছিল। আজি আমি নিজেই নিজৰ বিৰুদ্ধে সাক্ষি দিওঁ যে, তোমাৰ ৰাছুলসকলে তোমাৰ বাৰ্তা আমালৈ পৌঁচাই দিছিল আৰু আজি আমি এই ক্বিয়ামতক বিশ্বাসো কৰিছো, কিন্তু তেতিয়া আমি তোমাৰ ৰাছুলক আৰু ক্বিয়ামত দিৱসৰ এই সাক্ষাতক অস্বীকাৰ কৰিছিলো। দৰাচলতে সিহঁতে পাৰ্থিৱ জীৱনৰ আ-অলংকাৰ, সৌন্দৰ্য আৰু ধ্বংসশীল সা-সুবিধাৰ মোহত পৰি আছিল। কিন্তু আজি সিহঁতে নিজেই নিজৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিছে যে, সিহঁতে পৃথিৱীত আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু এতিয়াৰ স্বীকৃতি আৰু ঈমানে সিহঁতক একো উপকাৰ নকৰিব। কাৰণ উপকৃত হোৱাৰ সময় সমাপ্ত হৈছে।

6:131Page 144

ذَٰلِكَ أَن لَّمۡ يَكُن رَّبُّكَ مُهۡلِكَ ٱلۡقُرَىٰ بِظُلۡمٖ وَأَهۡلُهَا غَٰفِلُونَ ١٣١

That is because your Lord would not destroy the cities for wrongdoing1 while their people were unaware.

মানৱ আৰু জিন জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি এই কাৰণে প্ৰমাণ সাব্যস্ত কৰা হৈছে যে, কোনো ব্যক্তিক যাতে এই অৱস্থাত শাস্তি দিয়া নহয় যে তাৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰা হোৱা নাছিল আৰু তাৰ ওচৰত দ্বীন পৌঁচা নাছিল। আমি প্ৰত্যেক উম্মতকেই সিহঁতৰ ওচৰত ৰাছুল প্ৰেৰণ কৰাৰ পিছতহে শাস্তি প্ৰদান কৰো।

6:132Page 145

وَلِكُلّٖ دَرَجَٰتٞ مِّمَّا عَمِلُواْۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا يَعۡمَلُونَ ١٣٢

And for all are degrees [i.e., positions resulting] from what they have done. And your Lord is not unaware of what they do.

সিহঁতৰ মাজৰ প্ৰত্যেকৰে বাবে আছে কৰ্মানুসাৰে মৰ্যদা। কম অন্যায়কাৰী ব্যক্তি, অধিক অন্যায়কাৰীৰ সমান হ'ব নোৱাৰে। তথা অনুসৰণকাৰী আৰু যাৰ অনুসৰণ কৰা হৈছে দুয়ো সমান হ'ব নোৱাৰে। যিদৰে সকলো নেক আমলকাৰীৰ প্ৰতিদান সমান নহয়। আপোনাৰ প্ৰতিপালক সিহঁতৰ কৰ্মৰ পৰা অমনোযোগী নহয়, বৰং তেওঁ সিহঁতৰ বিষয়ে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ সিহঁতক সিহঁতৰ আমলৰ প্ৰতিদান দিব।

6:133Page 145

وَرَبُّكَ ٱلۡغَنِيُّ ذُو ٱلرَّحۡمَةِۚ إِن يَشَأۡ يُذۡهِبۡكُمۡ وَيَسۡتَخۡلِفۡ مِنۢ بَعۡدِكُم مَّا يَشَآءُ كَمَآ أَنشَأَكُم مِّن ذُرِّيَّةِ قَوۡمٍ ءَاخَرِينَ ١٣٣

And your Lord is the Free of need, the possessor of mercy. If He wills, He can do away with you and give succession after you to whomever He wills, just as He produced you from the descendants of another people.

হে ৰাছুল! আপোনাৰ প্ৰতিপালক বান্দাসকলৰ পৰা অমুখাপেক্ষী, সিহঁতৰ পৰা তেওঁৰ একোৱেই পাবলগীয়া নাই, সিহঁতৰ ইবাদতৰো প্ৰয়োজন নাই আৰু সিহঁতৰ অস্বীকাৰেও তেওঁক একো ক্ষতি কৰিব নোৱাৰে। তেওঁ অমুখাপেক্ষী হোৱাৰ পিছতো তেওঁ সিহঁতৰ প্ৰতি দয়াশীল। হে অবাধ্য আৰু পাপিষ্ঠ বান্দাসকল! যদি তেওঁ তোমালোকক বিনাশ কৰিব বিচাৰে তেন্তে শাস্তি প্ৰেৰণ কৰি তোমালোকক নিৰ্মূল কৰিব পাৰে আৰু তোমালোকক ধ্বংস কৰাৰ পিছত, নিজ ইচ্ছানুসাৰে এনেকুৱা লোকক সৃষ্টি কৰিব পাৰে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। ঠিক সেইদৰেই যিদৰে তোমালোকক তোমালোকৰ পূৰ্বৱৰ্তী বংশৰ পৰা সৃষ্টি কৰিছে।

6:134Page 145

إِنَّ مَا تُوعَدُونَ لَأٓتٖۖ وَمَآ أَنتُم بِمُعۡجِزِينَ ١٣٤

Indeed, what you are promised is coming, and you will not cause failure [to Allāh].1

হে কাফিৰসকল! তোমালোকক যি পুনৰ্জীৱন, পুনৰুত্থান, হিচাপ-নিকাচ আৰু শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো অৱশ্যে হ'ব। তোমালোকে কদাপিও প্ৰতিপালকৰ গ্ৰেপ্তাৰীৰ পৰা পলায়ন কৰিব নোৱাৰা। তেওঁ তোমালোকক আগচুলিত ধৰি শাস্তিত প্ৰৱেশ কৰাব।

6:135Page 145

قُلۡ يَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَامِلٞۖ فَسَوۡفَ تَعۡلَمُونَ مَن تَكُونُ لَهُۥ عَٰقِبَةُ ٱلدَّارِۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّٰلِمُونَ ١٣٥

Say, "O my people, work according to your position; [for] indeed, I am working. And you are going to know who will have succession in the home.1 Indeed, the wrongdoers will not succeed."

হে ৰাছুল! কওক যে, হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে নিজৰ অৱস্থাত আৰু কুফৰ তথা পথভ্ৰষ্টতাত অটল থাকা, অৱশ্যে মই স্পষ্টৰূপে বাৰ্তা পৌঁচাই প্ৰমাণ সাব্যস্ত কৰিছো। এতেকে তোমালোকৰ পথভ্ৰষ্টতা তথা কুফুৰীৰ প্ৰতি মই কোনো ভ্ৰুক্ষেপ নকৰো। ময়ো সেই সত্যৰ ওপৰত অটল থাকিম যিটো মোৰ ওচৰত আছে। এতেকে অনতিপলমে তোমালোকে জানিবলৈ পাবা যে পৃথিৱীত কোনে সহায় প্ৰাপ্ত হয় আৰু কোনে পৃথিৱীৰ উত্তৰাধিকাৰী লাভ কৰে আৰু কোনে আখিৰাতত আনন্দ উপভোগ কৰিব। এই কথা নিশ্চিত যে, মুশ্বৰিকসকল পৃথিৱী আৰু আখিৰাতত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। বৰং ক্ষতিগ্ৰস্ততা হ'ব সিহঁতৰ পৰিণাম। যদিও পৃথিৱীত সিহঁতে তোমালোকৰ দৰেই অনুগ্ৰহসমূহৰ পৰা উপকৃত হয়।

6:136Page 145

وَجَعَلُواْ لِلَّهِ مِمَّا ذَرَأَ مِنَ ٱلۡحَرۡثِ وَٱلۡأَنۡعَٰمِ نَصِيبٗا فَقَالُواْ هَٰذَا لِلَّهِ بِزَعۡمِهِمۡ وَهَٰذَا لِشُرَكَآئِنَاۖ فَمَا كَانَ لِشُرَكَآئِهِمۡ فَلَا يَصِلُ إِلَى ٱللَّهِۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَآئِهِمۡۗ سَآءَ مَا يَحۡكُمُونَ ١٣٦

And they [i.e., the polytheists] assign to Allāh from that which He created of crops and livestock a share and say, "This is for Allāh," by their claim, "and this is for our 'partners' [associated with Him]." But what is for their "partners" does not reach Allāh, while what is for Allāh - this reaches their "partners." Evil is that which they rule.

মুশ্বৰিকসকলে এটা নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে, সিহঁতে আল্লাহে সৃষ্টি কৰা খেতি আৰু জীৱ-জন্তুৰ মাজত ভাগ-বটৱাৰা কৰিবলৈ আৰম্ভ কৰিছে। ফলত সিহঁতে দাবী কৰে যে, এটা অংশ আল্লাহৰ বাবে আৰু আনটো সিহঁতৰ মূৰ্তি তথা বেদীৰ বাবে নিৰ্দিষ্ট। এতেকে সিহঁতৰ দেৱ-দেৱীৰ বাবে নিৰ্দিষ্ট অংশ, আল্লাহে আদেশ কৰা শিতানত খৰচ হ'ব নোৱাৰে, যেনেঃ দুখীয়া নিচলা, ফকীৰ, মিছকীনৰ বাবে। আনহাতে আল্লাহৰ বাবে নিৰ্দিষ্ট অংশ কিন্তু সিহঁতৰ দেৱ-দেৱী তথা সিহঁতৰ হিতত ব্যয় কৰে। সিহঁতৰ এই ভাগ-বটৱাৰা আৰু সিদ্ধান্ত কিমান যে নিকৃষ্ট।

6:137Page 145

وَكَذَٰلِكَ زَيَّنَ لِكَثِيرٖ مِّنَ ٱلۡمُشۡرِكِينَ قَتۡلَ أَوۡلَٰدِهِمۡ شُرَكَآؤُهُمۡ لِيُرۡدُوهُمۡ وَلِيَلۡبِسُواْ عَلَيۡهِمۡ دِينَهُمۡۖ وَلَوۡ شَآءَ ٱللَّهُ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ ١٣٧

And likewise, to many of the polytheists their partners1 have made [to seem] pleasing the killing of their children in order to bring about their destruction and to cover them with confusion in their religion. And if Allāh had willed, they would not have done so. So leave them and that which they invent.

যিদৰে চয়তানে মুশ্বৰিকসকলৰ বাবে অন্যায়পূৰ্ণ সিদ্ধান্তক সৌন্দৰ্যময় কৰি দিছে, ঠিক সেইদৰে বহুতো মুশ্বৰিকৰ বাবে সিহঁতে অংশী স্থাপন কৰা চয়তানে দৰিদ্ৰতাৰ ভয় দেখুৱাই নিজ সন্তান হত্যা কৰাক সৌন্দৰ্যময় কৰি দিছে। যাতে সিহঁতক এনেকুৱা প্ৰাণৰ হত্যাৰ অপৰাধত পেলাই ধ্বংস কৰিব পাৰে যিটোক আল্লাহে হত্যা কৰা অবৈধ ঘোষণা কৰিছে। যাতে সিহঁতৰ ওচৰত সিহঁতৰ ধৰ্মক সংশয়পূৰ্ণ কৰিব পাৰে, ফলত সিহঁতে বৈধ আৰু অবৈধৰ মাজত পাৰ্থক্য বুজি নাপায়। যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতে এইটো কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আল্লাহে এটা মহৎ উদ্দেশ্যৰ ফলত এনেকুৱা কৰা নাই। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ প্ৰতি আৰোপ কৰা অপবাদসমূহৰ প্ৰতি মনোযোগ নিদিব। কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ কোনো ক্ষতি নহ'ব। সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত অৰ্পন কৰক।

6:138Page 146

وَقَالُواْ هَٰذِهِۦٓ أَنۡعَٰمٞ وَحَرۡثٌ حِجۡرٞ لَّا يَطۡعَمُهَآ إِلَّا مَن نَّشَآءُ بِزَعۡمِهِمۡ وَأَنۡعَٰمٌ حُرِّمَتۡ ظُهُورُهَا وَأَنۡعَٰمٞ لَّا يَذۡكُرُونَ ٱسۡمَ ٱللَّهِ عَلَيۡهَا ٱفۡتِرَآءً عَلَيۡهِۚ سَيَجۡزِيهِم بِمَا كَانُواْ يَفۡتَرُونَ ١٣٨

And they say, "These animals1 and crops are forbidden; no one may eat from them except whom we will," by their claim. And there are those [camels] whose backs are forbidden [by them]2 and those upon which the name of Allāh is not mentioned3 - [all of this] an invention of untruth about Him.4 He will punish them for what they were inventing.

মুশ্বৰিকসকলে আৰু কৈছেঃ এইবোৰ জীৱ-জন্তু আৰু খেতি-বাতি হৈছে নিষিদ্ধ, ইয়াক কেৱল সেই ব্যক্তিয়ে ভক্ষণ কৰিব পাৰিব যাক মূৰ্তিবোৰৰ সেৱকসকলে অনুমতি প্ৰদান কৰিব। এইটো সিহঁতৰ ধাৰণা আৰু মনেসজা কথা। সিহঁতে আৰু কৈছে যে, এইবোৰ জন্তুৰ পিঠিত আৰোহণ কৰা তথা সিহঁতৰ পিঠিত বোজা বহন কৰাও হাৰাম। এইবোৰ জন্তুৰ দ্বাৰা সিহঁতে বাহীৰাহ (বাহীৰাহ কোৱা হয় এনেকুৱা উটনীক যাৰ পাঁচটা পোৱালী হোৱাৰ পিছত কাণ ফালি এৰি দিয়া হয়), ছায়েবাহ (সেই উটক কোৱা হয় যাক মূৰ্তিৰ নামত এৰি দিয়া হয়) আৰু হামী (সেই পুংলিঙ্গ উটক কোৱা হয় যাৰ দ্বাৰা দহটা পোৱালী জন্ম পাইছে, তাৰ পিছত তাক এৰি দিয়া হৈছে) বুজাইছে। এইবোৰ জন্তুক যবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নামৰ পৰিবৰ্তে সিহঁতৰ মূৰ্তিবোৰৰ নাম লৈছিল। এই সকলোবোৰ সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি সংঘটিত কৰিছিল যে, এইবোৰ আল্লাহে আদেশ কৰিছে। আল্লাহে সিহঁতক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছে।

6:139Page 146

وَقَالُواْ مَا فِي بُطُونِ هَٰذِهِ ٱلۡأَنۡعَٰمِ خَالِصَةٞ لِّذُكُورِنَا وَمُحَرَّمٌ عَلَىٰٓ أَزۡوَٰجِنَاۖ وَإِن يَكُن مَّيۡتَةٗ فَهُمۡ فِيهِ شُرَكَآءُۚ سَيَجۡزِيهِمۡ وَصۡفَهُمۡۚ إِنَّهُۥ حَكِيمٌ عَلِيمٞ ١٣٩

And they say, "What is in the bellies of these animals1 is exclusively for our males and forbidden to our females. But if it is [born] dead, then all of them have shares therein." He will punish them for their description.2 Indeed, He is Wise and Knowing.

সিহঁতে এই কথাও কৈছে যে, এইবোৰ ছায়েবাহ আৰু বাহীৰাহ আদি জন্তুৰ গৰ্ভৰ পৰা যদি কোনো পোৱালী জীৱিত জন্ম লাভ কৰে তেন্তে সেয়া পুৰুষসকলৰ বাবে বৈধ হ'ব আৰু মহিলাসকলৰ বাবে অবৈধ। আনহাতে যদি মৃত জন্ম হয় তেন্তে পুৰুষ মহিলা উভয়ে উপকৃত হ'ব পাৰে। সিহঁতৰ এইবোৰ মিছা অপবাদৰ যি দণ্ড হোৱা উচিত সেয়া আল্লাহে অতিশীঘ্ৰে সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ বান্দাসকলৰ সকলো বিষয় নিয়ন্ত্ৰণত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ সকলো বিষয়ে অৱগত।

6:140Page 146

قَدۡ خَسِرَ ٱلَّذِينَ قَتَلُوٓاْ أَوۡلَٰدَهُمۡ سَفَهَۢا بِغَيۡرِ عِلۡمٖ وَحَرَّمُواْ مَا رَزَقَهُمُ ٱللَّهُ ٱفۡتِرَآءً عَلَى ٱللَّهِۚ قَدۡ ضَلُّواْ وَمَا كَانُواْ مُهۡتَدِينَ ١٤٠

They will have lost who killed their children in foolishness without knowledge and prohibited what Allāh had provided for them, inventing untruth about Allāh. They have gone astray and were not [rightly] guided.

সিহঁত বিধ্বংস হৈছে, যিসকলে নুবুজাকৈ আৰু অজ্ঞানতাৰ কাৰণে নিজৰ সন্তান হত্যা কৰিছে আৰু আল্লাহে প্ৰদান কৰা জীৱ-জন্তুক মিছা অপবাদ জাপি দি হাৰাম কৰিছে। এতেকে সিহঁত নিশ্চিতভাৱে সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু সিহঁত হিদায়ত পোৱাৰ যোগ্যই নাছিল।

6:141Page 146

۞ وَهُوَ ٱلَّذِيٓ أَنشَأَ جَنَّٰتٖ مَّعۡرُوشَٰتٖ وَغَيۡرَ مَعۡرُوشَٰتٖ وَٱلنَّخۡلَ وَٱلزَّرۡعَ مُخۡتَلِفًا أُكُلُهُۥ وَٱلزَّيۡتُونَ وَٱلرُّمَّانَ مُتَشَٰبِهٗا وَغَيۡرَ مُتَشَٰبِهٖۚ كُلُواْ مِن ثَمَرِهِۦٓ إِذَآ أَثۡمَرَ وَءَاتُواْ حَقَّهُۥ يَوۡمَ حَصَادِهِۦۖ وَلَا تُسۡرِفُوٓاْۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُسۡرِفِينَ ١٤١

And He it is who causes gardens to grow, [both] trellised and untrellised, and palm trees and crops of different [kinds of] food and olives and pomegranates, similar and dissimilar. Eat of [each of] its fruit when it yields and give its due [zakāh] on the day of its harvest. And be not excessive.1 Indeed, He does not like those who commit excess.

তেৱেঁই আল্লাহ, যিজনে লতা জাতীয় বাগান সৃষ্টি কৰিছে, যিবোৰ মাটিত প্ৰসাৰিত হয়। লগতে কাণ্ড জাতীয় বাগান সৃষ্টি কৰিছে যিবোৰ মাটিৰ পৰা ওপৰত থাকে। তেৱেঁই খেজুৰ গছ সৃষ্টি কৰিছে, তেৱেঁই খেতি সৃষ্টি কৰিছে, যিবোৰৰ ৰঙ-ৰূপ আৰু সোৱাদ বিভিন্ন প্ৰকাৰৰ হয়। তেৱেঁই যাইতুন আৰু ডালিম সৃষ্টি কৰিছে, দুয়োৰে পাতবোৰ দেখাত একেই কিন্তু ফলৰ সোৱাদ বেলেগ বেলেগ। হে মানৱ জাতি! যেতিয়া এইবোৰ গছত ফল আহে তেতিয়া তোমালোকে সেইবোৰ ভক্ষণ কৰা, আৰু ফল চপোৱাৰ দিনা তাৰ যাকাত আদায় কৰিবা। লগতে ভক্ষণ তথা ব্যয় কৰাৰ ক্ষেত্ৰত চৰীয়তৰ সীমালঙ্ঘন নকৰিবা। কিয়নো আল্লাহে তেওঁৰ সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে বৰং সিহঁতক ঘৃণা কৰে। নিশ্চয় যিয়ে এইবোৰ সৃষ্টি কৰিছে, তেৱেঁই এইবোৰক বান্দাসকলৰ বাবে হালাল কৰিছে। মুশ্বৰিকসকলে এইবোৰক হাৰাম কৰাৰ কোনো অধিকাৰ নাই।

6:142Page 146

وَمِنَ ٱلۡأَنۡعَٰمِ حَمُولَةٗ وَفَرۡشٗاۚ كُلُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ وَلَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ ١٤٢

And of the grazing livestock are carriers [of burdens] and those [too] small. Eat of what Allāh has provided for you and do not follow the footsteps of Satan.1 Indeed, he is to you a clear enemy.

তেৱেঁই এনেকুৱা জীৱ-জন্তু সৃষ্টি কৰিছে, যিবোৰৰ পিঠিত বোজা বহন কৰা যায়। যেনেঃ ডাঙৰ উঁট। আৰু এনেকুৱাও জীৱ-জন্তু সৃষ্টি কৰিছে যিবোৰৰ পিঠীত বোজা বহন কৰা সম্ভৱ নহয়, যেনেঃ পোৱালী উট, ছাগলী আদি। হে মানৱজাতি! আল্লাহে প্ৰদান কৰা এইবোৰ জন্তুৰ মাজৰ যিবোৰ হালাল সেইবোৰ তোমালোকে ভক্ষণ কৰা, লগতে হালাল বস্তুক হাৰাম আৰু হাৰাম বস্তুক হালাল কৰাৰ ক্ষেত্ৰত তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, যিদৰে মুশ্বৰিকসকলে কৰে। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু, সি বিচাৰে তোমালোকে এনেকুৱা কাম কৰি আল্লাহৰ অবাধ্যতা কৰা।

6:143Page 147

ثَمَٰنِيَةَ أَزۡوَٰجٖۖ مِّنَ ٱلضَّأۡنِ ٱثۡنَيۡنِ وَمِنَ ٱلۡمَعۡزِ ٱثۡنَيۡنِۗ قُلۡ ءَآلذَّكَرَيۡنِ حَرَّمَ أَمِ ٱلۡأُنثَيَيۡنِ أَمَّا ٱشۡتَمَلَتۡ عَلَيۡهِ أَرۡحَامُ ٱلۡأُنثَيَيۡنِۖ نَبِّـُٔونِي بِعِلۡمٍ إِن كُنتُمۡ صَٰدِقِينَ ١٤٣

[They are] eight mates - of the sheep, two and of the goats, two. Say, "Is it the two males He has forbidden or the two females or that which the wombs of the two females contain? Inform me with knowledge, if you should be truthful."

তেৱেঁই তোমালোকৰ বাবে আঠ প্ৰকাৰ জন্তু সৃষ্টি কৰিছে, ভেৰাৰ দুটা, ছাগলীৰ দুটা, মাইকী আৰু মতা। হে ৰাছুল! মুশ্বৰিকসকলক কওঁক যে, মতা হোৱাৰ কাৰণে উভয় প্ৰকাৰ জন্তুৰ মতাক আল্লাহে হাৰাম কৰিছে নেকি? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে তেন্তে সিহঁতক কওঁক যে, তেন্তে তোমালোকে মাইকীবোৰক কিয় হাৰাম কৰা? নে তেওঁ মাইকীবোৰক মাইকী হোৱাৰ কাৰণে হাৰাম কৰিছে? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে, তেন্তে সিহঁতক কওঁক, তেন্তে তোমালোকে মতাবোৰক কিয় হাৰাম বুলি গণ্য কৰা? অথবা তেওঁ সেইবোৰ পোৱালীক হাৰাম কৰিছে নেকি, যিবোৰ উভয় প্ৰকাৰৰ মাইকীয়ে গৰ্ভ ধাৰণ কৰে? সেইবোৰ এই কাৰণে এইবোৰ হাৰাম নেকি যে গৰ্ভত আছে? যদি সিহঁতে কয় যে, হয়; তেন্তে আপুনি সিহঁতক প্ৰশ্ন কৰক যে, সকলো পোৱালী দেখুন গৰ্ভৰ পৰাই জন্ম লাভ কৰে তেন্তে তোমালোকে এনেকুৱা কিয় কৰা যে, কেতিয়াবা মতাক হাৰাম বুলি কোৱা আকৌ কেতিয়াবা মাইকীক হাৰাম বুলি কোৱা। হে মুশ্বৰিকসকল! যদি তোমালোকৰ এই দাবী সত্য হয় যে, এইবোৰক আল্লাহে হাৰাম কৰিছে তেন্তে তোমালোকে কোৱাচোন, তোমালোকে কোনটো সঠিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском