Al-MukhtasarAl‑A'raf · 7:123–152

Al-Mukhtasar · Tafsir · in Assamese

Al-A'raf 7:123–152

7:123Page 165

قَالَ فِرۡعَوۡنُ ءَامَنتُم بِهِۦ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّ هَٰذَا لَمَكۡرٞ مَّكَرۡتُمُوهُ فِي ٱلۡمَدِينَةِ لِتُخۡرِجُواْ مِنۡهَآ أَهۡلَهَاۖ فَسَوۡفَ تَعۡلَمُونَ ١٢٣

Said Pharaoh, "You believed in him1 before I gave you permission. Indeed, this is a conspiracy which you conspired in the city to expel therefrom its people. But you are going to know.

যেতিয়া তেওঁলোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলে, তেতিয়া ফিৰআউনে তেওঁলোকক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতে তোমালোকে মূছাক বিশ্বাস কৰিলা? নিশ্চয় মূছাৰ প্ৰতি তোমালোকৰ ঈমান আৰু তেওঁ লৈ অহা চৰীয়তক মানি লোৱাটো হৈছে এটা ষড়যন্ত্ৰ, যিটো তোমালোকে মূছাৰ লগত মিলি ৰচিছা, এই নগৰৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে। এতেকে হে যাদুকৰসকল! অতিশীঘ্ৰে তোমালোকে জানিবলৈ পাবা যে, তোমালোকে ইয়াৰ পৰিবৰ্তে কেনেকুৱা কষ্ট আৰু শাস্তি ভোগ কৰা।

7:124Page 165

لَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ ثُمَّ لَأُصَلِّبَنَّكُمۡ أَجۡمَعِينَ ١٢٤

I will surely cut off your hands and your feet on opposite sides; then I will surely crucify you all."

মই অৱশ্যে তোমালোকৰ প্ৰত্যকৰে সোঁহাত আৰু বাওঁ ভৰি অথবা বাওঁহাত আৰু সোঁ ভৰি কাটি দিম। তাৰ পিছত তোমালোকক খেজুৰ গছত ওলমাই থম। এয়া কৰিম তোমালোকক শাস্তি দিয়াৰ বাবে আৰু যিসকলে তোমালোকক এই অৱস্থাত দেখিব সেইসকলক ভয় দেখুৱাৰ উদ্দেশ্যে।

7:125Page 165

قَالُوٓاْ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ ١٢٥

They said, "Indeed, to our Lord we will return.

যাদুকৰসকলে ফিৰআউনৰ এই ধমকৰ উত্তৰ দি ক'লেঃ নিশ্চয় আমি একমাত্ৰ আমাৰ প্ৰতিপালকৰ পিনেই প্ৰত্যাৱৰ্তন কৰিম। এতেকে তোমাৰ ধমকৰ প্ৰতি আমি একো ভ্ৰুক্ষেপ নকৰো।

7:126Page 165

وَمَا تَنقِمُ مِنَّآ إِلَّآ أَنۡ ءَامَنَّا بِـَٔايَٰتِ رَبِّنَا لَمَّا جَآءَتۡنَاۚ رَبَّنَآ أَفۡرِغۡ عَلَيۡنَا صَبۡرٗا وَتَوَفَّنَا مُسۡلِمِينَ ١٢٦

And you do not resent us except because we believed in the signs of our Lord when they came to us. Our Lord, pour upon us patience1 and let us die as Muslims [in submission to You]."

হে ফিৰআউন! তোমাৰ ওচৰত আমাৰ অপৰাধ কেৱল এইটো যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনক সত্য বুলি স্বীকাৰ কৰিছো, যিটো মূছা আলাইহিছ ছালামৰ মাধ্যমত আমাৰ ওচৰত আহি পাইছে। যদি এইটো কোনো দোষ অথবা গুনাহ হয়, তেন্তে সঁচাই আমি গুনাহগাৰ। তাৰ পিছত তেওঁলোকে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিবলৈ ধৰিলে। হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, যাতে আমি ধৈৰ্যশীল হৈ সত্যৰ ওপৰত অটল থাকিব পাৰো। (হে আল্লাহ!) তোমাৰ ওপৰত নিজকে সমৰ্পিত কৰা অৱস্থাত আৰু তোমাৰ আদেশ পালন কৰা অৱস্থাত লগতে তোমাৰ ৰাছুলৰ অনুসৰণ কৰা অৱস্থাত আমাক মৃত্যু প্ৰদান কৰিবা।

7:127Page 165

وَقَالَ ٱلۡمَلَأُ مِن قَوۡمِ فِرۡعَوۡنَ أَتَذَرُ مُوسَىٰ وَقَوۡمَهُۥ لِيُفۡسِدُواْ فِي ٱلۡأَرۡضِ وَيَذَرَكَ وَءَالِهَتَكَۚ قَالَ سَنُقَتِّلُ أَبۡنَآءَهُمۡ وَنَسۡتَحۡيِۦ نِسَآءَهُمۡ وَإِنَّا فَوۡقَهُمۡ قَٰهِرُونَ ١٢٧

And the eminent among the people of Pharaoh said, "Will you leave Moses and his people to cause corruption in the land and abandon you and your gods?" [Pharaoh] said, "We will kill their sons and keep their women alive; and indeed, we are subjugators over them."

ফিৰআউন সম্প্ৰদায়ৰ প্ৰমূখ নেতাসকলে ফিৰআউনক মূছা আলাইহিছ ছালাম আৰু মুমিনসকলৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি ক'লেঃ আপুনি মূছা আৰু তেওঁৰ সম্প্ৰদায়ক এনেকৈ বিপৰ্যয় সৃষ্টি কৰিবলৈ, লগতে আপোনাক আৰু আপোনাৰ ইলাহৰ পৰা বিচ্যুত হ'বলৈ এৰি দিব নেকি, যাতে সিহঁতে এক আল্লাহৰ ইবাদতৰ প্ৰতি মানুহক আহ্বান কৰিব পাৰে? ফিৰআউনে ক'লেঃ আমি বনী ইছৰাঈলৰ পুত্ৰসকলক হত্যা কৰিম আৰু কন্যাসকলক আমাৰ সেৱা কৰিবলৈ জীৱিত ৰাখিম। নিশ্চয় আমি শক্তি আৰু প্ৰভূত্বৰ ক্ষেত্ৰত সিহঁততকৈ উৰ্দ্ধত আৰু আমিয়ে বিজয়প্ৰাপ্ত।

7:128Page 165

قَالَ مُوسَىٰ لِقَوۡمِهِ ٱسۡتَعِينُواْ بِٱللَّهِ وَٱصۡبِرُوٓاْۖ إِنَّ ٱلۡأَرۡضَ لِلَّهِ يُورِثُهَا مَن يَشَآءُ مِنۡ عِبَادِهِۦۖ وَٱلۡعَٰقِبَةُ لِلۡمُتَّقِينَ ١٢٨

Said Moses to his people, "Seek help through Allāh and be patient. Indeed, the earth belongs to Allāh. He causes to inherit it whom He wills of His servants. And the [best] outcome is for the righteous."

মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উপদেশ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যাতে তেওঁ তোমালোকৰ বিপদ দূৰ কৰি দিয়ে তথা তোমালোকৰ উপকাৰ কৰে। লগতে যি বিপদ তোমালোকৰ ওচৰত আহিছে তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। কিয়নো এই পৃথিৱী কেৱল এক আল্লাহৰ, ফিৰআউন তথা আন কাৰোবাৰ নহয় যে, সি যি ইচ্ছা কৰিব তাকেই কৰিব। আল্লাহে নিজ ইচ্ছানুসাৰে ইয়াত মানুহক অৱকাশ দিয়ে। কিন্তু পৃথিৱীত উত্তম পৰিণাম কেৱল মুমিনসকলৰ বাবে, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই পৃথিৱী তেওঁলোকৰেই, যদিও তেওঁলোকে কিছুমান বিপদ-আপদ আৰু পৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰিব লাগে।

7:129Page 165

قَالُوٓاْ أُوذِينَا مِن قَبۡلِ أَن تَأۡتِيَنَا وَمِنۢ بَعۡدِ مَا جِئۡتَنَاۚ قَالَ عَسَىٰ رَبُّكُمۡ أَن يُهۡلِكَ عَدُوَّكُمۡ وَيَسۡتَخۡلِفَكُمۡ فِي ٱلۡأَرۡضِ فَيَنظُرَ كَيۡفَ تَعۡمَلُونَ ١٢٩

They said, "We have been harmed before you came to us and after you have come to us." He said, "Perhaps your Lord will destroy your enemy and grant you succession in the land and see how you will do."

মূছা আলাইহিছ ছালামৰ সম্প্ৰদায় বনী ইছৰাঈলে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! আমি তোমাৰ পূৰ্বেও ফিৰআউনৰ দ্বাৰা নিৰ্যাতিত আছিলো, সি আমাৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত ৰাখিছিল, আৰু তুমি অহাৰ পিছতো আমি নিৰ্যাতিত হৈ আছো। মূছা আলাইহিছ ছালামে সিহঁতক আনন্দৰ সংবাদ প্ৰদান কৰি উপদেশ দিলে যে, আশা কৰা যায়, তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰু ফিৰআউনক আৰু তাৰ সম্প্ৰদায়ক ধ্বংস কৰিব, আৰু সিহঁতৰ পিছত তোমালোকক পৃথিৱীৰ আধিপত্য দান কৰিব, আৰু তেওঁ তোমালোকক পৰীক্ষা কৰিব যে, ইয়াৰ পিছত তোমালোক তেওঁৰ কৃতজ্ঞ হোৱা নে অকৃতজ্ঞ।

7:130Page 165

وَلَقَدۡ أَخَذۡنَآ ءَالَ فِرۡعَوۡنَ بِٱلسِّنِينَ وَنَقۡصٖ مِّنَ ٱلثَّمَرَٰتِ لَعَلَّهُمۡ يَذَّكَّرُونَ ١٣٠

And We certainly seized1 the people of Pharaoh with years of famine and a deficiency in fruits that perhaps they would be reminded.

নিশ্চয় আমি ফিৰআউন সম্প্ৰদায়ক শুকান আৰু দুৰ্ভিক্ষৰ জৰিয়তে শাস্তি প্ৰদান কৰিছিলো তথা ফলমূল আৰু শস্য উৎপাদন হ্ৰাস কৰি পৰীক্ষা কৰিছিলো। যাতে সিহঁতে চিন্তা কৰে আৰু শিক্ষা লয় যে, এই সকলোবোৰ সিহঁতৰ কুফুৰীৰ শাস্তিস্বৰূপে আহিছে আৰু যাতে সিহঁতে আল্লাহৰ ওচৰত তাওবা কৰে।

7:131Page 166

فَإِذَا جَآءَتۡهُمُ ٱلۡحَسَنَةُ قَالُواْ لَنَا هَٰذِهِۦۖ وَإِن تُصِبۡهُمۡ سَيِّئَةٞ يَطَّيَّرُواْ بِمُوسَىٰ وَمَن مَّعَهُۥٓۗ أَلَآ إِنَّمَا طَٰٓئِرُهُمۡ عِندَ ٱللَّهِ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ١٣١

But when good [i.e., provision] came to them, they said, "This is ours [by right]." And if a bad [condition] struck them, they saw an evil omen in Moses and those with him. Unquestionably, their fortune is with Allāh, but most of them do not know.

যেতয়িা ফিৰআউন সম্প্ৰদায়ে ফলমূল আৰু খাদ্যদ্ৰৱ্য প্ৰচুৰ পৰিমাণে পায় আৰু বস্তুৰ দাম কমি যায়, তেতিয়া সিহঁতে কয় যে, আমাক এইবোৰ এই কাৰণে দিয়া হৈছে যে, আমি ইয়াৰ যোগ্য। আনহাতে খৰাং, দুৰ্ভিক্ষ, অধিক বেমাৰ-আজাৰ আদি বিপদ-আপদ আহিলে মূছা আলাইহিছ ছালামক আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলক অমঙ্গল বুলি কয়। প্ৰকৃততে সিহঁতে যি লাভ কৰে সেয়া আল্লাহৰ নিৰ্ণয়ৰ ফলতে লাভ কৰে। এই ক্ষেত্ৰত সিহঁতৰো কোনো ক্ষমতা নাই আৰু মূছা আলাইহিছ ছালামৰো কোনো অধিকাৰ নাই, কেৱল মূছা আলাইহিছ ছালামৰ দুআৰ বাহিৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কথা নাজানে, সেই কাৰণেই সিহঁতে ইয়াক আল্লাহৰ বাহিৰে আনৰ লগত সম্পৃক্ত কৰে।

7:132Page 166

وَقَالُواْ مَهۡمَا تَأۡتِنَا بِهِۦ مِنۡ ءَايَةٖ لِّتَسۡحَرَنَا بِهَا فَمَا نَحۡنُ لَكَ بِمُؤۡمِنِينَ ١٣٢

And they said, "No matter what sign you bring us with which to bewitch us, we will not be believers in you."

ফিৰআউন সম্প্ৰদায়ে সত্যৰ লগত শত্ৰুতা পোষণ কৰি মূছা আলাইহিছ ছালামক ক'লেঃ আমাৰ ধৰ্মক ভুল প্ৰমাণিত কৰিবলৈ আৰু তাৰ পৰা আমাক বিমুখ কৰিবলৈ, লগতে তুমি যি লৈ আহিছা তাৰ সত্যতা সাব্যস্ত কৰিবলৈ তুমি আমাৰ ওচৰত যি নিদৰ্শন আৰু প্ৰমাণ লৈ আহিবা, সেয়া আমি কেতিয়াও সত্য বুলি মানি নলওঁ।

7:133Page 166

فَأَرۡسَلۡنَا عَلَيۡهِمُ ٱلطُّوفَانَ وَٱلۡجَرَادَ وَٱلۡقُمَّلَ وَٱلضَّفَادِعَ وَٱلدَّمَ ءَايَٰتٖ مُّفَصَّلَٰتٖ فَٱسۡتَكۡبَرُواْ وَكَانُواْ قَوۡمٗا مُّجۡرِمِينَ ١٣٣

So We sent upon them the flood and locusts and lice and frogs and blood as distinct signs, but they were arrogant and were a criminal people.

ফলত আমি সিহঁতৰ ওপৰত সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ কৰাৰ কাৰণে ইমান পানী বৰ্ষণ কৰিছিলো যে, সিহঁতৰ সকলো খেতি-পথাৰ আৰু ফলৰ বাগান ডুবি গৈছিল। আৰু সিহঁতৰ ওচৰত পঙ্গপাল প্ৰেৰণ কৰিছিলো যিবোৰে সিহঁতৰ ফচল খাই পেলাইছিল। লগতে প্ৰেৰণ কৰিছিলো ওকণি, যিবোৰে খেতি ধ্বংস কৰিছিল আৰু মানুহৰ চুলিৰ মাজত থাকি সিহঁতক কষ্ট দিছিল। আৰু প্ৰেৰণ কৰিছিলো প্ৰচুৰ পৰিমাণে ভেকুলী, ফলত সিহঁতৰ পাত্ৰবোৰত ভৰি পৰিছিল আৰু সিহঁতৰ খাদ্যদ্ৰৱ্য নষ্ট কৰিছিল, আৰু সিহঁতৰ টোপনি নাইকীয়া হৈছিল। আৰু প্ৰেৰণ কৰিছিলো তেজ, ফলত সিহঁতৰ কুঁৱা আৰু নদ-নদীসমূহ ৰক্তময় হৈ পৰিছিল। আমি এইবোৰ পৃথক পৃথক বিভিন্ন নিদৰ্শন প্ৰেৰণ কৰিছিলো, যিবোৰ একাধিক্ৰমে এটাৰ পিছত এটা আহিছিল। কিন্তু এই সকলোবোৰ শাস্তি অহাৰ পিছতো সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাত আৰু মূছা আলাইহিছ ছালামে লৈ অহা বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিবলৈ অহংকাৰ কৰিলে। দৰাচলতে সিহঁত আছিল পাপিষ্ঠ সম্প্ৰদায়, কুকৰ্মত লিপ্ত আছিল, সত্যৰ পথ অৱলম্বন কৰা নাছিল।

7:134Page 166

وَلَمَّا وَقَعَ عَلَيۡهِمُ ٱلرِّجۡزُ قَالُواْ يَٰمُوسَى ٱدۡعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَۖ لَئِن كَشَفۡتَ عَنَّا ٱلرِّجۡزَ لَنُؤۡمِنَنَّ لَكَ وَلَنُرۡسِلَنَّ مَعَكَ بَنِيٓ إِسۡرَٰٓءِيلَ ١٣٤

And when the punishment descended upon them, they said, "O Moses, invoke for us your Lord by what He has promised you. If you [can] remove the punishment from us, we will surely believe you, and we will send with you the Children of Israel."

যেতিয়া এইবোৰ শাস্তি আহিল তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামৰ ওচৰত আহি ক'লেঃ হে মূছা! তোমাক দান কৰা বিশেষ নবুওৱতৰ মাধ্যমত আৰু তাওবাৰ ফলত শাস্তি উঠাই লোৱাৰ যি প্ৰতিশ্ৰুতি তোমাক দিয়া হৈছে তাৰ জৰিয়তে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ এই শাস্তি উঠাই লোৱাৰ বাবে দুআ কৰা। যদি তুমি আমাৰ পৰা এই শাস্তি দূৰ কৰিব পাৰা তেন্তে আমি অৱশ্যে তোমাৰ প্ৰতি ঈমান পোষণ কৰিম, লগতে বনী ইছৰাঈলক স্বাধীনতা প্ৰদান কৰি তোমাৰ লগত যাবলৈ দিম।

7:135Page 166

فَلَمَّا كَشَفۡنَا عَنۡهُمُ ٱلرِّجۡزَ إِلَىٰٓ أَجَلٍ هُم بَٰلِغُوهُ إِذَا هُمۡ يَنكُثُونَ ١٣٥

But when We removed the punishment from them until a term which they were to reach,1 then at once they broke their word.

সিহঁতক সাগৰত ডুবাই মৰাৰ আগত, আমি যেতিয়া সিহঁতক এটা নিৰ্দিষ্ট সময়ৰ বাবে সিহঁতৰ শাস্তি উঠাই লৈছিলো, হঠাৎ সিহঁতৰ কথাৰ সুৰ সলনি হ'ল, আৰু সিহঁতে মূছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰাৰ প্ৰতিশ্ৰুতি আৰু বনী ইছৰাঈলক তেওঁৰ সৈতে প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ পৰা বিমুখ হৈ গ'ল, অথচ সিহঁতেই প্ৰতিশ্ৰুতি দিছিল। ফলত সিহঁত কুফৰৰ ওপৰতে অটল থাকিল আৰু বনী ইছৰাঈলক মূছা আলাইহিছ ছলামৰ লগত প্ৰেৰণ নকৰিলে।

7:136Page 166

فَٱنتَقَمۡنَا مِنۡهُمۡ فَأَغۡرَقۡنَٰهُمۡ فِي ٱلۡيَمِّ بِأَنَّهُمۡ كَذَّبُواْ بِـَٔايَٰتِنَا وَكَانُواْ عَنۡهَا غَٰفِلِينَ ١٣٦

So We took retribution from them, and We drowned them in the sea because they denied Our signs and were heedless of them.

সিহঁতক ধ্বংস কৰাৰ নিৰ্ধাৰিত সময় যেতিয়া আহি পৰিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ শাস্তি অৱতীৰ্ণ কৰিলো আৰু সিহঁতক সাগৰত ডুবাই মাৰিলো, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, আৰু ইয়াৰ দ্বাৰা সাব্যস্ত হোৱা সত্যৰ পৰা বিমুখ হৈছিল, যাৰ মাজত কোনো সন্দেহ নাছিল।

7:137Page 166

وَأَوۡرَثۡنَا ٱلۡقَوۡمَ ٱلَّذِينَ كَانُواْ يُسۡتَضۡعَفُونَ مَشَٰرِقَ ٱلۡأَرۡضِ وَمَغَٰرِبَهَا ٱلَّتِي بَٰرَكۡنَا فِيهَاۖ وَتَمَّتۡ كَلِمَتُ رَبِّكَ ٱلۡحُسۡنَىٰ عَلَىٰ بَنِيٓ إِسۡرَٰٓءِيلَ بِمَا صَبَرُواْۖ وَدَمَّرۡنَا مَا كَانَ يَصۡنَعُ فِرۡعَوۡنُ وَقَوۡمُهُۥ وَمَا كَانُواْ يَعۡرِشُونَ ١٣٧

And We caused the people who had been oppressed to inherit the eastern regions of the land and the western ones, which We had blessed. And the good word [i.e., decree] of your Lord was fulfilled for the Children of Israel because of what they had patiently endured. And We destroyed [all] that Pharaoh and his people were producing and what they had been building.

আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল ভাৱি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলো। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। আৰু এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ {وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ}আৰু আমি সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছো।

7:138Page 167

وَجَٰوَزۡنَا بِبَنِيٓ إِسۡرَٰٓءِيلَ ٱلۡبَحۡرَ فَأَتَوۡاْ عَلَىٰ قَوۡمٖ يَعۡكُفُونَ عَلَىٰٓ أَصۡنَامٖ لَّهُمۡۚ قَالُواْ يَٰمُوسَى ٱجۡعَل لَّنَآ إِلَٰهٗا كَمَا لَهُمۡ ءَالِهَةٞۚ قَالَ إِنَّكُمۡ قَوۡمٞ تَجۡهَلُونَ ١٣٨

And We took the Children of Israel across the sea; then they came upon a people intent in devotion to [some] idols of theirs. They [the Children of Israel] said, "O Moses, make for us a god just as they have gods." He said, "Indeed, you are a people behaving ignorantly.

আমি বনী ইছৰাঈলক সাগৰ পাৰ কৰাইছিলো, যেতিয়া মূছা আলাইহিছ ছালামে তেওঁৰ লাঠিৰে সাগৰক আঘাত কৰিছিল, ফলত সাগৰ দ্বিখণ্ডিত হৈ পৰিছিল। এতেকে সাগৰ পাৰ হোৱাৰ পিছত তেওঁলোকে এনেকুৱা এটা জাতিৰ ওচৰেৰে অতিক্ৰম কৰিলে যিসকলে আল্লাহৰ বাহিৰে মূৰ্তি পূজাত লিপ্ত আছিল। সেয়া দেখি বনী ইছৰাঈলে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! আমাৰ বাবেও এটা মূৰ্তি নিৰ্ধাৰণ কৰি দিয়ক, যাতে আমি আল্লাহৰ বাহিৰে তাৰ উপাসনা কৰিব পাৰি, যিদৰে এইসকল লোকৰ ওচৰত বহুতো মূৰ্তি আছে, যিবোৰক ইহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! বাস্তৱতে তোমালোক আল্লাহৰ সন্মান, তেওঁৰ তাওহীদৰ মহত্ব আৰু তেওঁৰ লগত অংশী স্থাপন কৰাৰ আৰু তেওঁৰ বাহিৰে আন বস্তুৰ উপাসনা কৰাৰ ক্ষতি সম্পৰ্কে অৱগত নহয়।

7:139Page 167

إِنَّ هَٰٓؤُلَآءِ مُتَبَّرٞ مَّا هُمۡ فِيهِ وَبَٰطِلٞ مَّا كَانُواْ يَعۡمَلُونَ ١٣٩

Indeed, those [worshippers] - destroyed is that in which they are [engaged], and worthless is whatever they were doing."

নিশ্চয় এইসকল লোক, যিসকলে মূৰ্তি পূজাত লিপ্ত হৈ আছে, আল্লাহৰ বাহিৰে আনৰ ইবাদতত লিপ্ত হোৱাৰ কাৰণে ধ্বংস হৈ যাব। লগতে সিহঁতৰ সকলো নেক আমল ব্যৰ্থ হৈ যাব, কাৰণ সিহঁতে আল্লাহৰ লগত আনক অংশী স্থাপন কৰিছে।

7:140Page 167

قَالَ أَغَيۡرَ ٱللَّهِ أَبۡغِيكُمۡ إِلَٰهٗا وَهُوَ فَضَّلَكُمۡ عَلَى ٱلۡعَٰلَمِينَ ١٤٠

He said, "Is it other than Allāh I should desire for you as a god1 while He has preferred you over the worlds?"

মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ বাবে আল্লাহৰ বাহিৰে আন কোনো উপাস্য কেনেকৈ সন্ধান কৰিম, যাৰ তোমালোকে ইবাদত কৰিবা; অথচ তোমালোকে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছা। আৰু আল্লাহে তোমালোকক তোমালোকৰ সময়ৰ সকলো লোকৰ ওপৰত প্ৰাধান্য দিছে, লগতে তেওঁ তোমালোকৰ শত্ৰু ধ্বংস কৰি তোমালোকক পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰিছে আৰু ইয়াৰ উত্তৰাধিকাৰী বনাই তোমালোকৰ ওপৰত অনুগ্ৰহ কৰিছে।

7:141Page 167

وَإِذۡ أَنجَيۡنَٰكُم مِّنۡ ءَالِ فِرۡعَوۡنَ يَسُومُونَكُمۡ سُوٓءَ ٱلۡعَذَابِ يُقَتِّلُونَ أَبۡنَآءَكُمۡ وَيَسۡتَحۡيُونَ نِسَآءَكُمۡۚ وَفِي ذَٰلِكُم بَلَآءٞ مِّن رَّبِّكُمۡ عَظِيمٞ ١٤١

And [recall, O Children of Israel], when We saved you from the people of Pharaoh, [who were] afflicting you with the worst torment - killing your sons and keeping your women alive. And in that was a great trial from your Lord.

হে বনী ইছৰাঈল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ অপমানজনক ব্যৱহাৰৰ পৰা মুক্তি প্ৰদান কৰিছিলো। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু তোমালোকৰ কন্যা সন্তানক সিহঁতে নিজৰ সেৱাৰ বাবে জীৱিত ৰাখিছিল। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ পৰা এই মুক্তি আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ বাবে এটা ডাঙৰ পৰীক্ষা, যিটোৱে তোমালোকৰ পৰা কৃতজ্ঞতা দাবী কৰে।

7:142Page 167

۞ وَوَٰعَدۡنَا مُوسَىٰ ثَلَٰثِينَ لَيۡلَةٗ وَأَتۡمَمۡنَٰهَا بِعَشۡرٖ فَتَمَّ مِيقَٰتُ رَبِّهِۦٓ أَرۡبَعِينَ لَيۡلَةٗۚ وَقَالَ مُوسَىٰ لِأَخِيهِ هَٰرُونَ ٱخۡلُفۡنِي فِي قَوۡمِي وَأَصۡلِحۡ وَلَا تَتَّبِعۡ سَبِيلَ ٱلۡمُفۡسِدِينَ ١٤٢

And We made an appointment with Moses for thirty nights and perfected them by [the addition of] ten; so the term of his Lord was completed as forty nights. And Moses said to his brother Aaron, "Take my place among my people, do right [by them],1 and do not follow the way of the corrupters."

আল্লাহে তেওঁৰ ৰাছুল মূছাৰ লগত কথা পাতিবলৈ তেওঁক ত্ৰিশ ৰাতিৰ শপত দিলে, তাৰ পিছত দহ ৰাতি আৰু বৃদ্ধি কৰি এই সময় পৰিপূৰ্ণ কৰিলে, ফলত এয়া মুঠ চল্লিশ ৰাতি হল। প্ৰতিপালকৰ লগত কথা পাতিবলৈ যোৱাৰ সময়ত মূছাই তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ হে হাৰূন! মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধি হৈ থাকিবা, মানুহক উত্তম নেতৃত্ব প্ৰদান কৰি, নম্ৰ ব্যৱহাৰৰ মাজেৰে সিহঁতক সংশোধন কৰিবা। আৰু সেই সকল লোকৰ পথ অনুসৰণ নকৰিবা যিসকলে পাপ কৰ্ম কৰি বিপৰ্যয় সৃষ্টি কৰে। লগতে সেই সকলৰো সহায়ক নহবা যিসকলে অবাধ্যতা কৰি ফুৰে।

7:143Page 167

وَلَمَّا جَآءَ مُوسَىٰ لِمِيقَٰتِنَا وَكَلَّمَهُۥ رَبُّهُۥ قَالَ رَبِّ أَرِنِيٓ أَنظُرۡ إِلَيۡكَۚ قَالَ لَن تَرَىٰنِي وَلَٰكِنِ ٱنظُرۡ إِلَى ٱلۡجَبَلِ فَإِنِ ٱسۡتَقَرَّ مَكَانَهُۥ فَسَوۡفَ تَرَىٰنِيۚ فَلَمَّا تَجَلَّىٰ رَبُّهُۥ لِلۡجَبَلِ جَعَلَهُۥ دَكّٗا وَخَرَّ مُوسَىٰ صَعِقٗاۚ فَلَمَّآ أَفَاقَ قَالَ سُبۡحَٰنَكَ تُبۡتُ إِلَيۡكَ وَأَنَا۠ أَوَّلُ ٱلۡمُؤۡمِنِينَ ١٤٣

And when Moses arrived at Our appointed time and his Lord spoke to him, he said, "My Lord, show me [Yourself] that I may look at You." [Allāh] said, "You will not see Me,1 but look at the mountain; if it should remain in place, then you will see Me." But when his Lord appeared to the mountain, He rendered it level,2 and Moses fell unconscious. And when he awoke, he said, "Exalted are You! I have repented to You, and I am the first [among my people] of the believers."3

মূছা আলাইহিছ ছালাম যেতিয়া নিৰ্ধাৰিত চল্লিশ ৰাতি সময়ছোৱাত নিজ প্ৰতিপালকৰ লগত কথা কোৱাৰ সৌভাগ্য লাভ কৰিবলৈ আহিলে, আৰু আল্লাহে তেওঁৰ লগত আদেশ-নিষেধ সম্পৰ্কীয় যি ক'ব লগা আছিল সেয়া কলে, তেতিয়া মূছা আলাইহিছ ছালামৰ অন্তৰত তেওঁৰ প্ৰতিপালকক দেখিবলৈ ইচ্ছা জাগিল। আৰু তেওঁক দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ পিছত আল্লাহে উত্তৰ দিলেঃ তুমি পাৰ্থিৱ জীৱনত মোক দেখিব নোৱাৰিবা। কাৰণ তোমাৰ ওচৰত সেই সক্ষমতা নাই। বৰং তুমি সৌ পৰ্বতটোৰ পিনে চোৱা, মই তাত জ্যোতি প্ৰকাশ কৰিম, যদি সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু নিজ স্থানতে স্থিৰ থাকে তেন্তে তুমি মোক দেখিবলৈ পাবা। আনহাতে সেইটো যদি সমতল ভুমিত পৰিণত হয় তেন্তে তুমি মোক এই পৃথিৱীত দেখিবলৈ নাপাবা। এতেকে আল্লাহে যেতিয়া পৰ্বতত জ্যোতি প্ৰকাশ কৰিলে, পৰ্বত সমতল ভূমিত পৰিণত হ'ল। আৰু মূছা আলাইহিছ ছালাম সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে, তেতিয়া ক'লেঃ হে মোৰ প্ৰতিপালক! মই তোমাক সেই সকলো বস্তুৰ পৰা পৱিত্ৰ বুলি ভাৱো, যিবোৰ তোমাৰ উপযুক্ত নহয়। মই পাৰ্থিৱ জীৱনত তোমাক দেখিবলৈ বিচাৰি যি অপৰাধ কৰিছো তাৰ পৰা মই এতিয়াই তাওবা কৰিছো। আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলৰ মাজত ময়ে প্ৰথম।

7:144Page 168

قَالَ يَٰمُوسَىٰٓ إِنِّي ٱصۡطَفَيۡتُكَ عَلَى ٱلنَّاسِ بِرِسَٰلَٰتِي وَبِكَلَٰمِي فَخُذۡ مَآ ءَاتَيۡتُكَ وَكُن مِّنَ ٱلشَّٰكِرِينَ ١٤٤

[Allāh] said, "O Moses, I have chosen you over the people with My messages and My words [to you]. So take what I have given you and be among the grateful."

আল্লাহে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! মই তোমাক সিহঁতৰ ওচৰত প্ৰেৰণ কৰাৰ সময়ত মোৰ ৰিছালত পৌঁচাই দিয়াৰ বাবে নিৰ্বাচন কৰিছো আৰু তোমাক সকলো মানুহৰ ওপৰত প্ৰাধান্য দিছো। লগতে তোমাক মোৰ লগত প্ৰত্যক্ষৰূপে কথা কোৱাৰ সৌভাগ্য প্ৰদান কৰিছো। এতেকে মই তোমাক যি প্ৰদান কৰিছো সেয়া সন্মান সহকাৰে গ্ৰহণ কৰা আৰু এই মহা প্ৰতিদানৰ বাবে তুমি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

7:145Page 168

وَكَتَبۡنَا لَهُۥ فِي ٱلۡأَلۡوَاحِ مِن كُلِّ شَيۡءٖ مَّوۡعِظَةٗ وَتَفۡصِيلٗا لِّكُلِّ شَيۡءٖ فَخُذۡهَا بِقُوَّةٖ وَأۡمُرۡ قَوۡمَكَ يَأۡخُذُواْ بِأَحۡسَنِهَاۚ سَأُوْرِيكُمۡ دَارَ ٱلۡفَٰسِقِينَ ١٤٥

And We wrote for him on the tablets [something] of all things - instruction and explanation for all things, [saying], "Take them with determination and order your people to take the best of it. I will show you the home of the defiantly disobedient."1

আমি মূছাৰ বাবে, কাঠ অথবা এই জাতীয় কিছুমান ফলকত দ্বীন তথা দুনিয়া সম্পৰ্কীয় সেই সকলো বিধি-বিধান লিখি দিছিলো, যিবোৰৰ প্ৰয়োজন বনী ইছৰাঈলৰ আছিল, যাতে শিক্ষা অন্বেষণকাৰী সকলে শিক্ষা লাভ কৰে আৰু যিবোৰ আদেশৰ বিস্তাৰিত বিৱৰণ আৱশ্যক হয় সেইবোৰ পাব পাৰে। এতেকে হে মূছা! এই তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। আৰু তোমাৰ সম্প্ৰদায় বনী ইছৰাঈলক আদেশ দিয়া যে, সিহঁতে যাতে ইয়াত থকা উত্তম বিষয়বোৰ গ্ৰহণ কৰে, যিবোৰৰ প্ৰতিদান বৰ ডাঙৰ। যেনে- পৰিপূৰ্ণৰূপে আদেশ পালন কৰা, ধৈৰ্য ধাৰণ কৰা, ক্ষমা কৰা। অতিশীঘ্ৰে মই তোমালোকক সেই সকল লোকৰ পৰিণাম দেখুৱাম, যিসকলে মোৰ আদেশৰ বিৰুদ্ধাচৰণ কৰিছে, আৰু মোৰ আনুগত্যৰ পৰা ওলাই গৈছে। তথা সিহঁতৰ ধ্বংস আৰু বিনাশৰ দৃশ্যও তোমালোকক দেখুৱাম।

7:146Page 168

سَأَصۡرِفُ عَنۡ ءَايَٰتِيَ ٱلَّذِينَ يَتَكَبَّرُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَإِن يَرَوۡاْ كُلَّ ءَايَةٖ لَّا يُؤۡمِنُواْ بِهَا وَإِن يَرَوۡاْ سَبِيلَ ٱلرُّشۡدِ لَا يَتَّخِذُوهُ سَبِيلٗا وَإِن يَرَوۡاْ سَبِيلَ ٱلۡغَيِّ يَتَّخِذُوهُ سَبِيلٗاۚ ذَٰلِكَ بِأَنَّهُمۡ كَذَّبُواْ بِـَٔايَٰتِنَا وَكَانُواْ عَنۡهَا غَٰفِلِينَ ١٤٦

I will turn away from My signs those who are arrogant upon the earth without right; and if they should see every sign, they will not believe in it. And if they see the way of consciousness,1 they will not adopt it as a way; but if they see the way of error, they will adopt it as a way. That is because they have denied Our signs and they were heedless of them.

মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ পুথিৰ আয়াতসমূহ বুজিবলৈ মই সেই সকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই লব। আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব। আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈয়ো অমনোযোগী আছিল।

7:147Page 168

وَٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَلِقَآءِ ٱلۡأٓخِرَةِ حَبِطَتۡ أَعۡمَٰلُهُمۡۚ هَلۡ يُجۡزَوۡنَ إِلَّا مَا كَانُواْ يَعۡمَلُونَ ١٤٧

Those who denied Our signs and the meeting of the Hereafter - their deeds have become worthless. Are they recompensed except for what they used to do?

যিসকলে আমাৰ ৰাছুলসকলক সত্যায়ন কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু কিয়ামতৰ দিনা আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সিহঁতৰ সেই সকলো আমল বিনষ্ট হৈছে, যিবোৰৰ ইবাদতৰ অন্তৰ্ভুক্ত আছিল। এতেকে সিহঁতে ইয়াৰ প্ৰতিফল নাপাব, কাৰণ ইয়াৰ চৰ্ত নাইকীয়া হৈছে, আৰু সেয়া হৈছে ঈমান। কিয়ামতৰ দিনা সিহঁতক কেৱল সিহঁতৰ কুফৰ আৰু শ্বিৰ্কৰেই প্ৰতিদান দিয়া হ'ব যিবোৰ সিহঁতে কৰিছিল। আৰু সেই প্ৰতিদান হৈছে, জাহান্নামত চিৰস্থায়ী অৱস্থান।

7:148Page 168

وَٱتَّخَذَ قَوۡمُ مُوسَىٰ مِنۢ بَعۡدِهِۦ مِنۡ حُلِيِّهِمۡ عِجۡلٗا جَسَدٗا لَّهُۥ خُوَارٌۚ أَلَمۡ يَرَوۡاْ أَنَّهُۥ لَا يُكَلِّمُهُمۡ وَلَا يَهۡدِيهِمۡ سَبِيلًاۘ ٱتَّخَذُوهُ وَكَانُواْ ظَٰلِمِينَ ١٤٨

And the people of Moses made, after [his departure], from their ornaments a calf - an image having a lowing sound. Did they not see that it could neither speak to them nor guide them to a way? They took it [for worship], and they were wrongdoers.

মূছা আলাইহিছ ছালাম তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিবলৈ যোৱাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে নিজৰ অলংকাৰৰ দ্বাৰা এটা গৰু পোৱালীৰ প্ৰতিমা সাজিলে, যাৰ মাজত প্ৰাণো নাছিল আৰু কোনো শব্দও নাছিল। সিহঁতে এই কথাটো গম পোৱা নাছিল নেকি যে, এই দামুৰীটোৱে কথাও কব নোৱাৰে আৰু কোনো প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ ভাল বেয়া পথও নেদেখুৱায়, লগতে কোনো উপকাৰও নকৰে আৰু কোনো বিপদ-আপদো দূৰ নকৰে। সিহঁতে সেইটোক উপাস্য হিচাপে গ্ৰহণ কৰিছিল তথা ইয়াৰ দ্বাৰা সিহঁতে নিজৰ ওপৰতে অন্যায় কৰিছিল।

7:149Page 168

وَلَمَّا سُقِطَ فِيٓ أَيۡدِيهِمۡ وَرَأَوۡاْ أَنَّهُمۡ قَدۡ ضَلُّواْ قَالُواْ لَئِن لَّمۡ يَرۡحَمۡنَا رَبُّنَا وَيَغۡفِرۡ لَنَا لَنَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ ١٤٩

And when regret overcame them1 and they saw that they had gone astray, they said, "If our Lord does not have mercy upon us and forgive us, we will surely be among the losers."

যেতিয়া সিহঁতে লজ্জিত হ'ল আৰু অস্বস্তিবোধ কৰিলে তথা নিজৰ ভুল বুজি পালে যে, আল্লাহৰ লগত দামুৰীটোক অংশী কৰি সিহঁতে পোন পথৰ পৰা আঁতৰি গৈছে, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি কবলৈ ধৰিলেঃ যদি আমাৰ প্ৰতিপালকে আমাৰ ওপৰত দয়া নকৰে আৰু তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান নকৰে, লগতে দামুৰীটোক পূজা কৰি আমি যি গুনাহ কৰিছো সেয়া যদি ক্ষমা নকৰে তেন্তে নিশ্চয় আমি পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।

7:150Page 169

وَلَمَّا رَجَعَ مُوسَىٰٓ إِلَىٰ قَوۡمِهِۦ غَضۡبَٰنَ أَسِفٗا قَالَ بِئۡسَمَا خَلَفۡتُمُونِي مِنۢ بَعۡدِيٓۖ أَعَجِلۡتُمۡ أَمۡرَ رَبِّكُمۡۖ وَأَلۡقَى ٱلۡأَلۡوَاحَ وَأَخَذَ بِرَأۡسِ أَخِيهِ يَجُرُّهُۥٓ إِلَيۡهِۚ قَالَ ٱبۡنَ أُمَّ إِنَّ ٱلۡقَوۡمَ ٱسۡتَضۡعَفُونِي وَكَادُواْ يَقۡتُلُونَنِي فَلَا تُشۡمِتۡ بِيَ ٱلۡأَعۡدَآءَ وَلَا تَجۡعَلۡنِي مَعَ ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ ١٥٠

And when Moses returned to his people, angry and grieved, he said, "How wretched is that by which you have replaced me after [my departure]. Were you impatient over the matter of your Lord?" And he threw down the tablets and seized his brother by [the hair of] his head, pulling him toward him. [Aaron] said, "O son of my mother, indeed the people overpowered me and were about to kill me, so let not the enemies rejoice over me1 and do not place me among the wrongdoing people."

মূছা আলাইহিছ ছালাম যেতিয়া তেওঁৰ প্ৰতিপালকক সাক্ষাত কৰি নিজ সম্প্ৰদায়ৰ পিনে উভতি আহিলে, আৰু তেওঁৰ সম্প্ৰদায়ক দামুৰীৰ পূজা পাঠ কৰা দেখি তেওঁ ক্ষুব্ধ আৰু ক্ৰোধান্বিত হৈ ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই গুচি যোৱাৰ পিছত তোমালোকে এইটো বৰ বেয়া পৰিস্থিতি সৃষ্টি কৰিছা। কিয়নো ইয়াৰ পৰিণাম হৈছে বিনাশ আৰু দুৰ্ভাগ্য। তোমালোকে মোৰ অপেক্ষাত নিৰাশ হৈ দামুৰীৰ পূজা পাঠ আৰম্ভ কৰিছা নেকি? ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ লিখিত ফলকসমূহ দলিয়াই দি তেওঁৰ ভাতৃ হাৰূনৰ দাঢ়ি আৰু মূৰত ধৰি টানিবলৈ ধৰিলে, কিয়নো তেওঁ সিহঁতৰ ওচৰত থকাৰ পিছতো সিহঁতক দামুৰীৰ পূজা পাঠৰ পৰা বিৰত ৰাখিব পৰা নাছিল। তেতিয়া হাৰূন আলাইহিছ ছালামে মূছা আলাইহিছ ছালামৰ ওচৰত ওজৰ পেচ কৰি লগতে নম্ৰ ব্যৱহাৰ দাবী কৰি ক'লেঃ হে মোৰ সহোদৰ! সম্প্ৰদায়ৰ লোকসকলে মোক দুৰ্বল বুলি ভাৱি ভ্ৰুক্ষেপ কৰা নাছিল, আৰু মোক হত্যা কৰাৰ উপক্ৰম হৈছিল। এতেকে আপুনি মোক এনেকুৱা শাস্তি নিদিব যাৰ ফলত মোৰ শত্ৰুসকলে হাঁহিবলৈ অৱকাশ পাব। লগতে ক্ৰোধান্বিত হৈ মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত নকৰিব, যিসকলে আল্লাহৰ বাহিৰে আনৰ পূজা কৰি যালিমসকলৰ অন্তৰ্ভুক্ত হৈছে।

7:151Page 169

قَالَ رَبِّ ٱغۡفِرۡ لِي وَلِأَخِي وَأَدۡخِلۡنَا فِي رَحۡمَتِكَۖ وَأَنتَ أَرۡحَمُ ٱلرَّٰحِمِينَ ١٥١

[Moses] said, "My Lord, forgive me and my brother and admit us into Your mercy, for You are the most merciful of the merciful."

তাৰ পিছত মূছা আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাৰ তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।

7:152Page 169

إِنَّ ٱلَّذِينَ ٱتَّخَذُواْ ٱلۡعِجۡلَ سَيَنَالُهُمۡ غَضَبٞ مِّن رَّبِّهِمۡ وَذِلَّةٞ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُفۡتَرِينَ ١٥٢

Indeed, those who took the calf [for worship] will obtain anger from their Lord and humiliation in the life of this world, and thus do We recompense the inventors [of falsehood].

যিসকলে দামুৰীটোক উপাস্য কৰি লৈ পূজা পাঠ কৰিছিল, সেইসকল লোকে নিজ প্ৰতিপালকক অসন্তুষ্টি আৰু অপমান কৰাৰ কাৰণে অনতিপলমে সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা চৰম ক্ৰোধ আৰু পাৰ্থিৱ জীৱনত লাঞ্ছনাৰ সন্মুখীন হ'ব। মিছা ৰচনা কৰি আল্লাহৰ লগত সম্পৃক্ত কৰা ব্যক্তিসকলক আমি এইদৰেই প্ৰতিদান দিওঁ।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском