Al-MukhtasarAl‑A'raf · 7:1–42

Al-Mukhtasar · Tafsir · in Assamese

الأعراف

Al-A'raf

The Heights · Meccan · 206 ayahs

7:1Page 151

الٓمٓصٓ ١

Alif, Lām, Meem, Ṣād.1

এই বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

7:2Page 151

كِتَٰبٌ أُنزِلَ إِلَيۡكَ فَلَا يَكُن فِي صَدۡرِكَ حَرَجٞ مِّنۡهُ لِتُنذِرَ بِهِۦ وَذِكۡرَىٰ لِلۡمُؤۡمِنِينَ ٢

[This is] a Book revealed to you, [O Muḥammad] - so let there not be in your breast distress therefrom - that you may warn thereby and as a reminder to the believers.

কোৰআন এখন পুথি, হে ৰাছুল! যিটো আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহব লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই পুথিখন এই কাৰণে অৱতীৰ্ণ কৰিছে যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰে, আৰু প্ৰমাণ সাব্যস্ত কৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল তেওঁলোকেই গ্ৰহণ কৰে।

7:3Page 151

ٱتَّبِعُواْ مَآ أُنزِلَ إِلَيۡكُم مِّن رَّبِّكُمۡ وَلَا تَتَّبِعُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَۗ قَلِيلٗا مَّا تَذَكَّرُونَ ٣

Follow, [O mankind], what has been revealed to you from your Lord and do not follow other than Him any allies. Little do you remember.

হে মানৱ! সেই পুথিৰ অনুসৰণ কৰা, যিটো আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, লগতে নবীৰ ছুন্নত অনুযায়ী আমল কৰা। আনহাতে নিজৰ প্ৰবৃত্তিৰ বাসনা অনুযায়ী সেইসকল চয়তান আৰু পাষণ্ডৰ অনুসৰণ নকৰিবা, যিবোৰক তোমালোকে সহায়ক বুলি ভবা। সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ গৈ তোমালোকে সেইটোক এৰি দিয়া যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় তোমালোকে একেবাৰেই কম শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি তোমালোকে শিক্ষা গ্ৰহণ কৰিলাহেঁতেন তেন্তে অসত্যক সত্যৰ ওপৰত প্ৰাধান্য নিদিলাহেঁতেন আৰু ৰাছুলে যি লৈ আহিছে সেয়া মানিলাহেঁতেন আৰু তাৰ ওপৰত আমল কৰিলাহেঁতেন আৰু ইয়াৰ বাহিৰে সকলো পৰিত্যাগ কৰিলাহেঁতেন।

7:4Page 151

وَكَم مِّن قَرۡيَةٍ أَهۡلَكۡنَٰهَا فَجَآءَهَا بَأۡسُنَا بَيَٰتًا أَوۡ هُمۡ قَآئِلُونَ ٤

And how many cities have We destroyed, and Our punishment came to them at night or while they were sleeping at noon.

অসংখ্য গাওঁক আমি আমাৰ শাস্তিৰ জৰিয়তে ধ্বংস কৰিছো, যেতিয়া সিহঁতে কুফুৰী তথা পথভ্ৰষ্টতাত অটল আছিল। এতেকে ৰাতিত অথবা দিনৰ ভাগত সিহঁত যেতিয়া অমনোযোগী হৈ আছিল সেই সময়ত সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল। সিহঁতে নিজেও নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰেও কোনো উপকাৰ কৰিব পৰা নাছিল।

7:5Page 151

فَمَا كَانَ دَعۡوَىٰهُمۡ إِذۡ جَآءَهُم بَأۡسُنَآ إِلَّآ أَن قَالُوٓاْ إِنَّا كُنَّا ظَٰلِمِينَ ٥

And their declaration when Our punishment came to them was only that they said, "Indeed, we were wrongdoers!"

এতেকে শাস্তি অহাৰ পিছত সিহঁতে এই কথা স্বীকাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব যে, সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল।

7:6Page 151

فَلَنَسۡـَٔلَنَّ ٱلَّذِينَ أُرۡسِلَ إِلَيۡهِمۡ وَلَنَسۡـَٔلَنَّ ٱلۡمُرۡسَلِينَ ٦

Then We will surely question those to whom [a message] was sent, and We will surely question the messengers.

এতেকে আমি ক্বিয়ামতৰ দিনা সেই সকলো উম্মতক সুধিম, যিসকলৰ ওচৰত আমি ৰাছুল প্ৰেৰণ কৰিছিলো, যে সিহঁতে ৰাছুলসকলক কিদৰে সঁহাৰি জনাইছিল। আৰু ৰাছুল সকলকো সুধিম যে, তেওঁলোকক যিটো পৌঁচাই দিবলৈ আদেশ কৰিছিলো তেওঁলোকে সেয়া পৌঁচাই দিছিল নে নাই আৰু তেওঁলোকৰ জাতিয়ে তেওঁলোকক কি উত্তৰ দিছিল।

7:7Page 151

فَلَنَقُصَّنَّ عَلَيۡهِم بِعِلۡمٖۖ وَمَا كُنَّا غَآئِبِينَ ٧

Then We will surely relate [their deeds] to them with knowledge, and We were not [at all] absent.

এতেকে আমি সকলো সৃষ্টিৰ সন্মুখত, নিজৰ জ্ঞান অনুসাৰে সিহঁতৰ কৰ্ম বৰ্ণনা কৰিম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে আমি অৱগত। একোৱে আমাৰ পৰা গোপন নহয়। আৰু আমি কেতিয়াও তাৰ পৰা অন্তৰ্ধান হোৱা নাছিলো।

7:8Page 151

وَٱلۡوَزۡنُ يَوۡمَئِذٍ ٱلۡحَقُّۚ فَمَن ثَقُلَتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ٨

And the weighing [of deeds] that Day will be the truth. So those whose scales are heavy - it is they who will be the successful.

তথা ক্বিয়ামতৰ দিনা কৰ্মবোৰক ন্যায় ভাবে ওজন কৰা হ'ব আৰু কাৰো লগত অন্যায় অত্যাচাৰ কৰা নহ'ব। এতেকে তুলাচনীত যাৰ ছোৱাব গুনাহতকৈ গধূৰ হ'ব, তেনেকুৱা ব্যক্তিসকলেই উদ্দেশ্য পূৰণত সফল হ'ব তথা ভয়ৰ পৰা মুক্তি পাব।

7:9Page 151

وَمَنۡ خَفَّتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُم بِمَا كَانُواْ بِـَٔايَٰتِنَا يَظۡلِمُونَ ٩

And those whose scales are light - they are the ones who will lose themselves for what injustice they were doing toward Our verses.

কিন্তু যাৰ গুনাহ ছোৱাতকৈ গধূৰ হ'ব, সেই সকলেই ক্বিয়ামতৰ দিনা নিজৰ সৰ্বনাশ কৰিব, সিহঁতৰ এই পৰিণাম আল্লাহৰ আয়াত অস্বীকাৰ কৰাৰ ফলত হ'ব।

7:10Page 151

وَلَقَدۡ مَكَّنَّٰكُمۡ فِي ٱلۡأَرۡضِ وَجَعَلۡنَا لَكُمۡ فِيهَا مَعَٰيِشَۗ قَلِيلٗا مَّا تَشۡكُرُونَ ١٠

And We have certainly established you upon the earth and made for you therein ways of livelihood. Little are you grateful.

হে আদম সন্তান আমিয়ে পৃথিৱীত তোমালোকক প্ৰতিষ্ঠিত কৰিছো, লগতে তোমালোকৰ বাবে জীৱনোপকৰণ সৃষ্টি কৰিছো। ফলত তোমালোকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। কিন্তু তোমালোকৰ কৃতজ্ঞতা তেনেই তাকৰ।

7:11Page 151

وَلَقَدۡ خَلَقۡنَٰكُمۡ ثُمَّ صَوَّرۡنَٰكُمۡ ثُمَّ قُلۡنَا لِلۡمَلَٰٓئِكَةِ ٱسۡجُدُواْ لِأٓدَمَ فَسَجَدُوٓاْ إِلَّآ إِبۡلِيسَ لَمۡ يَكُن مِّنَ ٱلسَّٰجِدِينَ ١١

And We have certainly created you, [O mankind], and given you [human] form. Then We said to the angels, "Prostrate to Adam"; so they prostrated, except for Iblees.1 He was not of those who prostrated.

হে মানৱ! আমিয়ে তোমালোকৰ আদি পিতা আদমক সৃষ্টি কৰিছো, তেওঁক সৰ্বোত্তম আকৃতি প্ৰদান কৰিছো। তাৰ পিছত তেওঁৰ সন্মানাৰ্থে ফিৰিস্তাসকলক ছাজদা কৰিবলৈ আদেশ কৰিলো। তেতিয়া সকলো ফিৰিস্তাই মানি ললে আৰু ছাজদাহ কৰিলে। কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে।

7:12Page 152

قَالَ مَا مَنَعَكَ أَلَّا تَسۡجُدَ إِذۡ أَمَرۡتُكَۖ قَالَ أَنَا۠ خَيۡرٞ مِّنۡهُ خَلَقۡتَنِي مِن نَّارٖ وَخَلَقۡتَهُۥ مِن طِينٖ ١٢

[Allāh] said, "What prevented you from prostrating when I commanded you?" [Satan] said, "I am better than him. You created me from fire and created him from clay [i.e., earth]."

আল্লাহে ইবলীছক ভৰ্ৎসনাৰে ক'লেঃ যিহেতু মই তোমাক আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিলো, তেতিয়াহলে তুমি কিয় অস্বীকাৰ কৰিলা? ইবলীছে উত্তৰ প্ৰদান কৰি ক'লেঃ কাৰণ মই এওঁতকৈ উত্তম। কিয়নো তুমি মোক জুইৰ দ্বাৰা সৃষ্টি কৰিছা, আৰু এওঁক সৃষ্টি কৰিছা মাটিৰ দ্বাৰা। গতিকে জুই মাটিতকৈ উত্তম।

7:13Page 152

قَالَ فَٱهۡبِطۡ مِنۡهَا فَمَا يَكُونُ لَكَ أَن تَتَكَبَّرَ فِيهَا فَٱخۡرُجۡ إِنَّكَ مِنَ ٱلصَّٰغِرِينَ ١٣

[Allāh] said, "Descend from it [i.e., Paradise], for it is not for you to be arrogant therein. So get out; indeed, you are of the debased."

আল্লাহে তাক ক'লেঃ জান্নাতৰ পৰা আঁতৰ হোৱা। তুমি ইয়াত অহংকাৰ কৰিব নোৱাৰা, কিয়নো এইটো উত্তম তথা পৱিত্ৰ লোক সকলৰ বাসস্থান। তুমি ইয়াত থকাটো সমীচীন নহয়। হে ইবলীছ! তুমি হৈছা ঘৃণাৰ পাত্ৰ অতিকৈ নিকৃষ্ট। যদিও তুমি নিজকে আদমতকৈ উত্তম বুলি ভবা।

7:14Page 152

قَالَ أَنظِرۡنِيٓ إِلَىٰ يَوۡمِ يُبۡعَثُونَ ١٤

[Satan] said, "Reprieve me until the Day they are resurrected."

ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! তেন্তে তুমি মোক পুনৰুত্থান দিৱস লৈকে অৱকাশ দিয়া, যাতে মই যিমানক পথভ্ৰষ্ট কৰিবলৈ সক্ষম পথভ্ৰষ্ট কৰিব পাৰো।

7:15Page 152

قَالَ إِنَّكَ مِنَ ٱلۡمُنظَرِينَ ١٥

[Allāh] said, "Indeed, you are of those reprieved."

আল্লাহে তাক ক'লেঃ হে ইবলীছ! যোৱা তোমাক অৱকাশ দিয়া হ'ল। তোমাৰ মৃত্যু এতিয়া সেইদিনাই হ'ব যিদিনা শিঙাত প্ৰথম ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টিয়ে মৃত্যুবৰণ কৰিব। কেৱল সৃষ্টিকৰ্তা অকলেই জীৱিত থাকিব।

7:16Page 152

قَالَ فَبِمَآ أَغۡوَيۡتَنِي لَأَقۡعُدَنَّ لَهُمۡ صِرَٰطَكَ ٱلۡمُسۡتَقِيمَ ١٦

[Satan] said, "Because You have put me in error, I will surely sit in wait for them [i.e., mankind] on Your straight path.

ইবলীছে ক'লেঃ মই তোমাৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আদমক ছাজদাহ কৰিবলৈ দিয়া তোমাৰ আদেশ অৱমাননা কৰিছিলো। এতেকে আদম সন্তানক তোমাৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিবলৈ মই সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিম। যাতে ময়ো সিহঁতক সেইদৰে পথভ্ৰষ্ট কৰিব পাৰো যিদৰে মই সিহঁতৰ পিতৃ আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত পথভ্ৰষ্ট হৈছিলো।

7:17Page 152

ثُمَّ لَأٓتِيَنَّهُم مِّنۢ بَيۡنِ أَيۡدِيهِمۡ وَمِنۡ خَلۡفِهِمۡ وَعَنۡ أَيۡمَٰنِهِمۡ وَعَن شَمَآئِلِهِمۡۖ وَلَا تَجِدُ أَكۡثَرَهُمۡ شَٰكِرِينَ ١٧

Then I will come to them from before them and from behind them and on their right and on their left, and You will not find most of them grateful [to You]."

তাৰ পিছত মই সিহঁতৰ চাৰিওফালৰ পৰা আগমন কৰিম আৰু সিহঁতক আখিৰাতৰ পৰা বিমুখ কৰাৰ প্ৰয়াস কৰিম। পৃথিৱীৰ মোহত পেলাবলৈ যত্ন কৰিম আৰু সিহঁতৰ অন্তৰত সন্দেহ সংশয় সৃষ্টি কৰিম। লগতে সিহঁতক প্ৰবৃত্তিৰ দাসত পৰিণত কৰিম। আৰু হে ৰব্ব! মই সিহঁতৰ মাজত কুফৰক ইমান প্ৰশ্ৰয় দিম যে, অধিকাংশই তোমাৰ কৃতজ্ঞতা জ্ঞাপন নকৰিব।

7:18Page 152

قَالَ ٱخۡرُجۡ مِنۡهَا مَذۡءُومٗا مَّدۡحُورٗاۖ لَّمَن تَبِعَكَ مِنۡهُمۡ لَأَمۡلَأَنَّ جَهَنَّمَ مِنكُمۡ أَجۡمَعِينَ ١٨

[Allāh] said, "Depart from it [i.e., Paradise], reproached and expelled. Whoever follows you among them - I will surely fill Hell with you, all together."

আল্লাহে ক'লেঃ হে ইবলীছ! তুমি জান্নাতৰ পৰা অপমানিত লাঞ্ছিত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত হৈ ওলাই যোৱা। ক্বিয়ামতৰ দিনা মই জাহান্নামক তোমাৰ আৰু সেই সকলৰ লোকৰ দ্বাৰা ভৰিম, যিসকলে তোমাৰ অনুসৰণ কৰিব আৰু তোমাৰ কথা মতে মোৰ আদেশ অৱমাননা কৰিব।

7:19Page 152

وَيَٰٓـَٔادَمُ ٱسۡكُنۡ أَنتَ وَزَوۡجُكَ ٱلۡجَنَّةَ فَكُلَا مِنۡ حَيۡثُ شِئۡتُمَا وَلَا تَقۡرَبَا هَٰذِهِ ٱلشَّجَرَةَ فَتَكُونَا مِنَ ٱلظَّٰلِمِينَ ١٩

And "O Adam, dwell, you and your wife, in Paradise and eat from wherever you will but do not approach this tree, lest you be among the wrongdoers."

আল্লাহে আদমক ক'লেঃ হে আদম! তুমি নিজৰ পত্নীৰ সৈতে জান্নাতত বসবাস কৰা, ইয়াত থকা পৱিত্ৰ বস্তুসমূহৰ পৰা যি ইচ্ছা ভক্ষণ কৰা, কিন্তু সৌ সেইজোপা (কোনো এটা নিৰ্দিষ্ট গছৰ পিনে ইংগিত কৰি কলে) গছৰ ফল ভক্ষণ নকৰিবা। এতেকে মই নিষেধ কৰাৰ পিছতো যদি তোমালোকে তাৰ পৰা ভক্ষণ কৰা তেন্তে তোমালোক উভয়ে আল্লাহৰ সীমা লঙ্ঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হ'বা।

7:20Page 152

فَوَسۡوَسَ لَهُمَا ٱلشَّيۡطَٰنُ لِيُبۡدِيَ لَهُمَا مَا وُۥرِيَ عَنۡهُمَا مِن سَوۡءَٰتِهِمَا وَقَالَ مَا نَهَىٰكُمَا رَبُّكُمَا عَنۡ هَٰذِهِ ٱلشَّجَرَةِ إِلَّآ أَن تَكُونَا مَلَكَيۡنِ أَوۡ تَكُونَا مِنَ ٱلۡخَٰلِدِينَ ٢٠

But Satan whispered to them to make apparent to them that which was concealed from them of their private parts. He said, "Your Lord did not forbid you this tree except that you become angels or become of the immortal."

ইবলীছে তেওঁলোকৰ মনত কুমন্ত্ৰণা দিলে, যাতে ইয়াৰ দ্বাৰা তেওঁলোকৰ গোপনীয় অংগ প্ৰকাশ পায়। তেওঁলোকক ক'লেঃ আল্লাহে তোমালোকক এই বৃক্ষৰ ফল খাবলৈ এই কাৰণে নিষেধ কৰিছে যাতে তোমালোকে ফিৰিস্তা হৈ নোযোৱা। অথবা যাতে জান্নাতৰ চিৰস্থায়ী বাসিন্দা হৈ নোযোৱা।

7:21Page 152

وَقَاسَمَهُمَآ إِنِّي لَكُمَا لَمِنَ ٱلنَّٰصِحِينَ ٢١

And he swore [by Allāh] to them, "Indeed, I am to you from among the sincere advisors."

লগতে তেওঁলোকৰ সন্মুখত আল্লাহৰ শপত খাই ক'লে যে, মই তোমালোকক যি কৈছো, সেয়া কেৱল এই কাৰণে কৈছো যে মই তোমালোকৰ শুভাকাংক্ষী।

7:22Page 152

فَدَلَّىٰهُمَا بِغُرُورٖۚ فَلَمَّا ذَاقَا ٱلشَّجَرَةَ بَدَتۡ لَهُمَا سَوۡءَٰتُهُمَا وَطَفِقَا يَخۡصِفَانِ عَلَيۡهِمَا مِن وَرَقِ ٱلۡجَنَّةِۖ وَنَادَىٰهُمَا رَبُّهُمَآ أَلَمۡ أَنۡهَكُمَا عَن تِلۡكُمَا ٱلشَّجَرَةِ وَأَقُل لَّكُمَآ إِنَّ ٱلشَّيۡطَٰنَ لَكُمَا عَدُوّٞ مُّبِينٞ ٢٢

So he made them fall, through deception. And when they tasted of the tree, their private parts became apparent to them, and they began to fasten together over themselves from the leaves of Paradise. And their Lord called to them, "Did I not forbid you from that tree and tell you that Satan is to you a clear enemy?"

এইদৰে চয়তানে তেওঁলোকক প্ৰৱঞ্চনাৰে সেই স্থানৰ পৰা প্ৰস্থান কৰালে, য’ত তেওঁলোক আছিল। তেওঁলোকে নিষেধকৃত গছৰ ফল খোৱাৰ লগে লগে তেওঁলোকৰ আবৃত গোপনীয় অংগ প্ৰকাশ হৈ গল। তেতিয়া উভয়ে নিজৰ শৰীৰ জান্নাতৰ পাতেৰে ঢাকিবলৈ ধৰিলে, যাতে লজ্জাস্থান ঢাকিব পাৰে। এই দেখি আল্লাহে সিহঁতক মাতি ক'লেঃ মই তোমালোকক এই বৃক্ষৰ পৰা বাৰণ কৰা নাছিলো নে? লগতে এই কথা কোৱা নাছিলো নে যে, চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু?

7:23Page 153

قَالَا رَبَّنَا ظَلَمۡنَآ أَنفُسَنَا وَإِن لَّمۡ تَغۡفِرۡ لَنَا وَتَرۡحَمۡنَا لَنَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ ٢٣

They said, "Our Lord, we have wronged ourselves, and if You do not forgive us and have mercy upon us, we will surely be among the losers."

আদম আৰু হাৱাই ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি নিষিদ্ধ কৰা গছৰ ফল ভক্ষণ কৰি আমি নিজৰ ওপৰতে অন্যায় কৰিছো। যদি তুমি আমাৰ গুনাহ ক্ষমা নকৰা আৰু আমাৰ ওপৰত কৃপা নকৰা তেন্তে আমাৰ ইহকাল আৰু পৰকাল দুয়ো বিনষ্ট হৈ যাব আৰু ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।

7:24Page 153

قَالَ ٱهۡبِطُواْ بَعۡضُكُمۡ لِبَعۡضٍ عَدُوّٞۖ وَلَكُمۡ فِي ٱلۡأَرۡضِ مُسۡتَقَرّٞ وَمَتَٰعٌ إِلَىٰ حِينٖ ٢٤

[Allāh] said, "Descend, being to one another enemies. And for you on the earth is a place of settlement and enjoyment [i.e., provision] for a time."

তেতিয়া আল্লাহে আদম, হাৱা তথা ইবলীছক সম্বোধন কৰি ক'লেঃ তোমালোকে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। তোমালোকে ইজনে সিজনৰ শত্ৰু। আৰু তোমালোকে তাত এটা নিৰ্দিষ্ট সময় লৈকে অৱস্থান কৰিব লাগিব আৰু তাত থকা বস্তুবোৰৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা।

7:25Page 153

قَالَ فِيهَا تَحۡيَوۡنَ وَفِيهَا تَمُوتُونَ وَمِنۡهَا تُخۡرَجُونَ ٢٥

He said, "Therein you will live, and therein you will die, and from it you will be brought forth."

আল্লাহে আদম, হাৱা আৰু তেওঁলোকৰ সন্তানসকলক সম্বোধন কৰি কৈছেঃ আল্লাহে নিৰ্ধাৰিত কৰা সময় লৈকে তোমালোকে এই পৃথিৱীতে বাস কৰিব লাগিব। আৰু ইয়াতে মৃত্যুবৰণ কৰিবা আৰু ইয়াতে তোমালোকক দাফন কৰা হ'ব। আৰু এই কবৰৰ পৰাই তোমালোকে ক্বিয়ামতৰ দিনা পুনৰুত্থিত হ'বা।

7:26Page 153

يَٰبَنِيٓ ءَادَمَ قَدۡ أَنزَلۡنَا عَلَيۡكُمۡ لِبَاسٗا يُوَٰرِي سَوۡءَٰتِكُمۡ وَرِيشٗاۖ وَلِبَاسُ ٱلتَّقۡوَىٰ ذَٰلِكَ خَيۡرٞۚ ذَٰلِكَ مِنۡ ءَايَٰتِ ٱللَّهِ لَعَلَّهُمۡ يَذَّكَّرُونَ ٢٦

O children of Adam, We have bestowed upon you clothing to conceal your private parts and as adornment. But the clothing of righteousness - that is best. That is from the signs of Allāh that perhaps they will remember.

হে আদম সন্তান! আমি তোমালোকৰ বাবে আৱশ্যক বস্ত্ৰ বনাইছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে। লগতে বনাইছো পৰিপূৰক বস্ত্ৰ, যিবোৰে তোমালোকক সৌন্দৰ্যময় কৰি তোলে। শাৰীৰিক পোছাকতকৈ তাক্বৱাৰ পোছাক (অৰ্থাৎ আল্লাহৰ আদেশ পালন কৰা তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা) হৈছে উত্তম। উল্লেখিত পোছাক হৈছে আল্লাহৰ অন্যতম নিদৰ্শন, লগতে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ। যাতে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা আৰু তেওঁৰ কৃতজ্ঞতা কৰা।

7:27Page 153

يَٰبَنِيٓ ءَادَمَ لَا يَفۡتِنَنَّكُمُ ٱلشَّيۡطَٰنُ كَمَآ أَخۡرَجَ أَبَوَيۡكُم مِّنَ ٱلۡجَنَّةِ يَنزِعُ عَنۡهُمَا لِبَاسَهُمَا لِيُرِيَهُمَا سَوۡءَٰتِهِمَآۚ إِنَّهُۥ يَرَىٰكُمۡ هُوَ وَقَبِيلُهُۥ مِنۡ حَيۡثُ لَا تَرَوۡنَهُمۡۗ إِنَّا جَعَلۡنَا ٱلشَّيَٰطِينَ أَوۡلِيَآءَ لِلَّذِينَ لَا يُؤۡمِنُونَ ٢٧

O children of Adam, let not Satan tempt you as he removed your parents from Paradise, stripping them of their clothing1 to show them their private parts. Indeed, he sees you, he and his tribe, from where you do not see them. Indeed, We have made the devils allies to those who do not believe.

হে আদম সন্তান! চয়তানে যাতে তোমালোকক তাক্বৱাৰ পোছাক আৰু শাৰীৰিক পোছাক পৰিত্যাগ কৰাই এই গুনাহক সৌন্দৰ্যময় কৰি প্ৰলুব্ধ কৰিব নোৱাৰে। কিয়নো সি তোমালোকৰ পিতৃ- মাতৃক নিষিদ্ধ বৃক্ষৰ ফল ভক্ষণ কৰা কাৰ্যক সৌন্দৰ্যময় কৰি প্ৰৱঞ্চনা কৰিছিল। ফলত তেওঁলোক জান্নাতৰ পৰা বহিষ্কৃত হৈছিল আৰু তেওঁলোকৰ গুপ্তাঙ্গ প্ৰকাশ পাইছিল। প্ৰকৃততে চয়তান আৰু তাৰ সন্তানবোৰে তোমালোকক দেখা পায়, কিন্তু তোমালোকেহে সিহঁতক দেখা নোপোৱা। এতেকে তোমালোকে সিহঁতৰ পৰা সাৱধান থাকিব লাগিব। লগতে আমি চয়তানক এনেকুৱা লোকৰ বন্ধু বনাই দিছো যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে। আনহাতে সৎকৰ্ম কৰা ঈমান্দাৰ সকলৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে।

7:28Page 153

وَإِذَا فَعَلُواْ فَٰحِشَةٗ قَالُواْ وَجَدۡنَا عَلَيۡهَآ ءَابَآءَنَا وَٱللَّهُ أَمَرَنَا بِهَاۗ قُلۡ إِنَّ ٱللَّهَ لَا يَأۡمُرُ بِٱلۡفَحۡشَآءِۖ أَتَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ ٢٨

And when they commit an immorality, they say, "We found our fathers doing it, and Allāh has ordered us to do it." Say, "Indeed, Allāh does not order immorality. Do you say about Allāh that which you do not know?"

যেতিয়া মুশ্বৰিকসকলে শ্বিৰ্ক তথা নিৰ্বস্ত্ৰ হৈ তাৱাফ আদিৰ দৰে ঘৃণনীয় কাম কৰে, তেতিয়া সিহঁতে প্ৰমাণস্বৰূপে কয় যে, এইদৰে সিহঁতৰ পূৰ্ব পুৰুষেও কৰিছিল আৰু আল্লাহেও সিহঁতক এইদৰে কৰাৰ আদেশ দিছে। হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওঁক যে, আল্লাহে কেতিয়াও গুনাহৰ আদেশ নিদিয়ে, বৰং নিষেধহে কৰে। তেন্তে কেনেকৈ তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা আৰোপ কৰা? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা কথা সম্পৃক্ত কৰা নেকি, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই।

7:29Page 153

قُلۡ أَمَرَ رَبِّي بِٱلۡقِسۡطِۖ وَأَقِيمُواْ وُجُوهَكُمۡ عِندَ كُلِّ مَسۡجِدٖ وَٱدۡعُوهُ مُخۡلِصِينَ لَهُ ٱلدِّينَۚ كَمَا بَدَأَكُمۡ تَعُودُونَ ٢٩

Say, [O Muḥammad], "My Lord has ordered justice and that you direct yourselves [to the Qiblah] at every place [or time] of prostration, and invoke Him, sincere to Him in religion." Just as He originated you, you will return [to life] -

হে মুহাম্মদ! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আল্লাহে ন্যায়ৰ আদেশ দিয়ে, গুনাহ তথা নিৰ্লজ্জতাৰ নহয়। লগতে তেওঁ আদেশ দিছে যে, তোমালোকে সাধাৰণতে নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা, বিশেষকৈ মছজিদত তেওঁৰ ইবাদত কৰিবা, আৰু তেওঁৰেই আনুগত্য কৰিবা তথা কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা। যিদৰে তেওঁ তোমালোকক অস্তিত্ব প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকক আকৌ পুনৰ্জীৱিত কৰিব। কিয়নো প্ৰথমবাৰ সৃষ্টি কৰা সত্ত্বাই দ্বিতীয়বাৰ সৃষ্টি কৰাটো কোনো ডাঙৰ বিষয় নহয়।

7:30Page 153

فَرِيقًا هَدَىٰ وَفَرِيقًا حَقَّ عَلَيۡهِمُ ٱلضَّلَٰلَةُۚ إِنَّهُمُ ٱتَّخَذُواْ ٱلشَّيَٰطِينَ أَوۡلِيَآءَ مِن دُونِ ٱللَّهِ وَيَحۡسَبُونَ أَنَّهُم مُّهۡتَدُونَ ٣٠

A group [of you] He guided, and a group deserved [to be in] error. Indeed, they [i.e., the latter] had taken the devils as allies instead of Allāh while they thought that they were guided.

আল্লাহে মানুহক দুটা দলত বিভক্ত কৰিছে। তোমালোকৰ মাজৰ এটা দলক সঠিক পথ দেখুৱাইছে, সিহঁতৰ বাবে হিদায়তৰ মাধ্যম যোগান ধৰিছে আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিছে। আনহাতে দ্বিতীয় দলৰ ভাগ্যত পথভ্ৰষ্টতা লিখিছে, কিয়নো সিহঁতে আল্লাহক এৰি চয়তানক নিজৰ বন্ধু কৰি লৈছে, আৰু সঁচা মিছা পাৰ্থক্য নকৰি তাৰেই অনুসৰণ কৰিছে। লগতে এইটো ধাৰণা পোষণ কৰিছে যে, সিহঁতেই সৎ পথত পৰিচালিত।

7:31Page 154

۞ يَٰبَنِيٓ ءَادَمَ خُذُواْ زِينَتَكُمۡ عِندَ كُلِّ مَسۡجِدٖ وَكُلُواْ وَٱشۡرَبُواْ وَلَا تُسۡرِفُوٓاْۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُسۡرِفِينَ ٣١

O children of Adam, take your adornment [i.e., wear your clothing] at every masjid,1 and eat and drink, but be not excessive. Indeed, He likes not those who commit excess.

হে আদম সন্তান! ছালাত তথা তাৱাফৰ সময়ত তোমালোকে এনেকুৱা পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ কাপোৰ পৰিধান কৰা, যি কাপোৰে তোমালোকৰ লজ্জাস্থান ঢাকি ৰাখে আৰু তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰে। লগতে পানাহাৰ সম্পৰ্কীয় যিবোৰ বস্তু আল্লাহে তোমালোকৰ বাবে হালাল কৰিছে, তাৰ পৰা তোমালোকে যিমান ইচ্ছা পানাহৰ কৰা। কিন্তু এই ক্ষেত্ৰত ন্যায়ৰ সীমা অতিক্ৰম নকৰিবা। লগতে হালাল অতিক্ৰম কৰি হাৰামৰ পিনে নাযাবা। নিশ্চয় আল্লাহে সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে।

7:32Page 154

قُلۡ مَنۡ حَرَّمَ زِينَةَ ٱللَّهِ ٱلَّتِيٓ أَخۡرَجَ لِعِبَادِهِۦ وَٱلطَّيِّبَٰتِ مِنَ ٱلرِّزۡقِۚ قُلۡ هِيَ لِلَّذِينَ ءَامَنُواْ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا خَالِصَةٗ يَوۡمَ ٱلۡقِيَٰمَةِۗ كَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ ٣٢

Say, "Who has forbidden the adornment of [i.e., from] Allāh which He has produced for His servants and the good [lawful] things of provision?" Say, "They are for those who believed during the life of this world, exclusively [for them] on the Day of Resurrection." Thus do We detail the verses for a people who know.

হে ৰাছুল! যিসকল মুশ্বৰিকে আল্লাহে হালাল কৰা খোৱা বস্তু আৰু বস্ত্ৰ আদিক হাৰাম বুলি কয়, সিহঁতৰ ধাৰণাৰ খণ্ডন কৰি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰা বস্ত্ৰবোৰক কোনে হাৰাম কৰিছে? লগতে পানাহাৰৰ সেই পৱিত্ৰ বস্তুবোৰক কোনে হাৰাম কৰিছে যিবোৰক আল্লাহে তোমালোকৰ বাবে জীৱিকা হিচাপে নিৰ্ধাৰণ কৰিছে? হে ৰাছুল! আপুনি কৈ দিয়ক যে, এই পৃথিৱীত এইবোৰ বস্তু মুমিনসকলেও উপভোগ কৰিব আৰু আন আন লোকসকলেও। কিন্তু আখিৰাতত কেৱল মুমিনসকলেহে উপভোগ কৰিব। তাত কাফিৰসকলৰ কোনো অংশীদাৰ নাথাকিব। কিয়নো জান্নাত কাফিৰসকলৰ ওপৰত হাৰাম। এই বিৱৰণৰ দৰেই আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰো সেই সকল লোকৰ বাবে, যিসকলে উপলব্ধি কৰিব পাৰে, কিয়নো কেৱল তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে।

7:33Page 154

قُلۡ إِنَّمَا حَرَّمَ رَبِّيَ ٱلۡفَوَٰحِشَ مَا ظَهَرَ مِنۡهَا وَمَا بَطَنَ وَٱلۡإِثۡمَ وَٱلۡبَغۡيَ بِغَيۡرِ ٱلۡحَقِّ وَأَن تُشۡرِكُواْ بِٱللَّهِ مَا لَمۡ يُنَزِّلۡ بِهِۦ سُلۡطَٰنٗا وَأَن تَقُولُواْ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ ٣٣

Say, "My Lord has only forbidden immoralities - what is apparent of them and what is concealed - and sin,1 and oppression without right, and that you associate with Allāh that for which He has not sent down authority, and that you say about Allāh that which you do not know."

আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক যিসকলে আল্লাহৰ হালাল বস্তুবোৰক হাৰাম বুলি কয়ঃ নিশ্চয় আল্লাহে বান্দাৰ ওপৰত অশ্লীলতাক হাৰাম কৰিছে লগতে সকলো প্ৰকাৰ গুনাহ প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য হাৰাম কৰিছে। মানুহৰ প্ৰতি অন্যায় আৰু সিহঁতৰ প্ৰাণ, সম্পদ আৰু প্ৰতিষ্ঠাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাকো হাৰাম কৰিছে। লগতে তথ্যহীনভাৱে আল্লাহৰ লগত কাকো অংশী স্থাপন কৰাকো হাৰাম কৰিছে আৰু জ্ঞান অৰ্জন নকৰাকৈ আল্লাহৰ নামসমূহ, ছিফাতসমূহ ( গুণসমূহ), কৰ্ম তথা তেওঁৰ চৰীয়ত সম্পৰ্কে কথা কবলৈও নিষিদ্ধ কৰিছে।

7:34Page 154

وَلِكُلِّ أُمَّةٍ أَجَلٞۖ فَإِذَا جَآءَ أَجَلُهُمۡ لَا يَسۡتَأۡخِرُونَ سَاعَةٗ وَلَا يَسۡتَقۡدِمُونَ ٣٤

And for every nation is a [specified] term. So when their time has come, they will not remain behind an hour, nor will they precede [it].

প্ৰত্যেক যুগ আৰু প্ৰজন্মৰ বাবে এটা নিৰ্ধাৰিত সময় আছে। যেতিয়া সেই নিৰ্ধাৰিত সময় শেষ হৈ যায়, তেতিয়া তাৰ পৰা অকণো পিছোৱাবও নোৱাৰে আৰু অলপ আগুৱাবও নোৱাৰে।

7:35Page 154

يَٰبَنِيٓ ءَادَمَ إِمَّا يَأۡتِيَنَّكُمۡ رُسُلٞ مِّنكُمۡ يَقُصُّونَ عَلَيۡكُمۡ ءَايَٰتِي فَمَنِ ٱتَّقَىٰ وَأَصۡلَحَ فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٣٥

O children of Adam, if there come to you messengers from among you relating to you My verses [i.e., scriptures and laws], then whoever fears Allāh and reforms - there will be no fear concerning them, nor will they grieve.

হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰত মোৰ ৰাছুল আহিব, আৰু তেওঁ তোমালোকৰ সম্প্ৰদায়ৰ মাজৰ পৰাই হ'ব আৰু তেওঁ তোমালোকক সেই পুথি পাঠ কৰি শুনাব যিটো তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে, তেতিয়া তোমালোকে সেইটো মানিবা আৰু তেওঁলোকৰ অনুসৰণ কৰিবা। যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব লগতে নিজৰ আমলসমূহ সংশোধন কৰিব, ক্বিয়ামতৰ দিনা তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীৰ আনন্দ উপভোগ কৰিব নোৱাৰাৰ কাৰণে কোনো চিন্তাও নহ'ব।

7:36Page 154

وَٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَٱسۡتَكۡبَرُواْ عَنۡهَآ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٣٦

But the ones who deny Our verses and are arrogant toward them - those are the companions of the Fire; they will abide therein eternally.

আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু তাৰ প্ৰতি ঈমান পোষণ কৰা নাই লগতে অহংকাৰ কৰি ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক আমলো কৰা নাই, সেই সকল লোক চিৰস্থায়ী জাহান্নামী হ'ব।

7:37Page 154

فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِـَٔايَٰتِهِۦٓۚ أُوْلَٰٓئِكَ يَنَالُهُمۡ نَصِيبُهُم مِّنَ ٱلۡكِتَٰبِۖ حَتَّىٰٓ إِذَا جَآءَتۡهُمۡ رُسُلُنَا يَتَوَفَّوۡنَهُمۡ قَالُوٓاْ أَيۡنَ مَا كُنتُمۡ تَدۡعُونَ مِن دُونِ ٱللَّهِۖ قَالُواْ ضَلُّواْ عَنَّا وَشَهِدُواْ عَلَىٰٓ أَنفُسِهِمۡ أَنَّهُمۡ كَانُواْ كَٰفِرِينَ ٣٧

And who is more unjust than one who invents about Allāh a lie or denies His verses? Those will attain their portion of the decree1 until, when Our messengers [i.e., angels] come to them to take them in death, they will say, "Where are those you used to invoke besides Allāh?" They will say, "They have departed from us," and will bear witness against themselves that they were disbelievers.

সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আল্লাহৰ সমকক্ষ স্থিৰ কৰে, অথবা তেওঁৰ অপূৰ্ণতাৰ দাবী কৰে নাইবা এনেকুৱা কোনো কথা কয়, যিটো তেওঁ কোৱা নাই। অথবা তেওঁৰ স্পষ্ট তথা সঠিক পথ দেখুৱা নিদৰ্শনসমূহক অস্বীকাৰ কৰে। এই সকল লোকে মঙ্গল অমঙ্গল সকলো উপভোগ কৰিব, যিবোৰ লৌহে মাহফুজত সিহঁতৰ বাবে লিপিবদ্ধ কৰা হৈছে। কিন্তু যেতিয়া মৃত্যুৰ ফিৰিস্তাই তেওঁৰ সহায়ক ফিৰিস্তাসকলৰ লগত তাৰ প্ৰাণ হৰণ কৰিবলৈ তাৰ ওচৰত উপস্থিত হ'ব, তেতিয়া তেওঁলোকে তাক ভৰ্ৎসনা কৰি ক'বঃ তুমি যিবোৰ উপাস্যৰ উপাসনা কৰিছিলা সেইবোৰ এতিয়া ক’ত? আহ্বান কৰা সিহঁতক, যাতে তোমাৰ উপকাৰ হয়। মুশ্বৰিকসকলে তেতিয়া ফিৰিস্তাসকলক ক'বঃ আমাৰ সকলো উপাস্য পলায়ন কৰিছে যিবোৰৰ আমি উপাসনা কৰিছিলোঁ। আমি নাজানো সিহঁত এতিয়া ক'ত আছে, আৰু সিহঁতে নিজেই স্বীকাৰ কৰিব যে, সিহঁত কাফিৰ আছিল। কিন্তু সিহঁতৰ এই স্বীকাৰোক্তি সিহঁতৰ বিৰুদ্ধেই প্ৰমাণ সাব্যস্ত হ'ব। আৰু ইয়াৰ দ্বাৰা সিহঁতৰ একো উপকাৰ সাধন নহ'ব।

7:38Page 155

قَالَ ٱدۡخُلُواْ فِيٓ أُمَمٖ قَدۡ خَلَتۡ مِن قَبۡلِكُم مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِ فِي ٱلنَّارِۖ كُلَّمَا دَخَلَتۡ أُمَّةٞ لَّعَنَتۡ أُخۡتَهَاۖ حَتَّىٰٓ إِذَا ٱدَّارَكُواْ فِيهَا جَمِيعٗا قَالَتۡ أُخۡرَىٰهُمۡ لِأُولَىٰهُمۡ رَبَّنَا هَٰٓؤُلَآءِ أَضَلُّونَا فَـَٔاتِهِمۡ عَذَابٗا ضِعۡفٗا مِّنَ ٱلنَّارِۖ قَالَ لِكُلّٖ ضِعۡفٞ وَلَٰكِن لَّا تَعۡلَمُونَ ٣٨

[Allāh] will say, "Enter among nations which had passed on before you of jinn and mankind into the Fire." Every time a nation enters, it will curse its sister1 until, when they have all overtaken one another therein, the last of them2 will say about the first of them,3 "Our Lord, these had misled us, so give them a double punishment of the Fire." He will say, "For each is double, but you do not know."

ফিৰিস্তাই সিহঁতক ক'বঃ হে মুশ্বৰিকসকল! মানৱ তথা জিনসকলৰ মাজৰ যিবোৰে তোমালোকৰ পূৰ্বে কুফৰ তথা পথভ্ৰষ্টতাৰ পথত পৰিচালিত হৈছিল, সিহঁতৰ সৈতে তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা, তাত যেতিয়াই কোনো জাতিয়ে প্ৰৱেশ কৰিব, তেতিয়া সিহঁতে তাৰ পূৰ্বৱৰ্তী জাতিক অভিশাপ কৰিব। অৱশেষত সিহঁত সকলোৱে যেতিয়া একত্ৰিত হ'ব, তেতিয়া পিছত প্ৰৱেশকাৰী সকলে (অনুসাৰী তথা নিম্নবৰ্গৰ লোকসকলে) আগত প্ৰৱেশকাৰী সকল (নেতা তথা প্ৰধানসকল)ৰ বিষয়ে ক'বঃ হে আমাৰ প্ৰতিপালক! এইসকল নেতাই আমাক সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিছিল, এতেকে যিহেতু ইহঁতে আমাক পথভ্ৰষ্ট কৰিছিল, ফলত ইহঁতক দ্বিগুণ শাস্তি দিয়ক। আল্লাহে ক'বঃ প্ৰত্যেক দলেই দ্বিগুণ শাস্তি উপভোগ কৰিব, কিন্তু তোমালোকে সেয়া নাজানা আৰু উপলব্ধিও কৰিব পৰা নাই।

7:39Page 155

وَقَالَتۡ أُولَىٰهُمۡ لِأُخۡرَىٰهُمۡ فَمَا كَانَ لَكُمۡ عَلَيۡنَا مِن فَضۡلٖ فَذُوقُواْ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡسِبُونَ ٣٩

And the first of them will say to the last of them, "Then you had not any favor over us, so taste the punishment for what you used to earn."

নেতাসকলে অনুসাৰীসকলক উদ্দেশ্যি ক'বঃ হে অনুসাৰীসকল! আমাৰ তুলনাত তোমালোকৰ কোনো প্ৰাধান্যতা নাই, যাৰ ফলত তোমালোকৰ শাস্তি হ্ৰাস পাব। ইয়াত কেৱল কৰ্ম অনুসাৰে ফল পোৱা যায়। অসত্যক অনুসৰণ কৰাৰ কোনো ওজৰ-আপত্তি ইয়াত কামত নাহিব। এতেকে আমাৰ দৰে তোমালোকেও শাস্তিৰ সোৱাদ উপভোগ কৰা, সেই কুফৰ তথা গুনাহৰ কাৰণে যিবোৰ তোমালোকে কৰিছিলা।

7:40Page 155

إِنَّ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَٱسۡتَكۡبَرُواْ عَنۡهَا لَا تُفَتَّحُ لَهُمۡ أَبۡوَٰبُ ٱلسَّمَآءِ وَلَا يَدۡخُلُونَ ٱلۡجَنَّةَ حَتَّىٰ يَلِجَ ٱلۡجَمَلُ فِي سَمِّ ٱلۡخِيَاطِۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُجۡرِمِينَ ٤٠

Indeed, those who deny Our verses and are arrogant toward them - the gates of Heaven will not be opened for them, nor will they enter Paradise until a camel enters into the eye of a needle [i.e., never]. And thus do We recompense the criminals.

যিসকলে আমাৰ স্পষ্ট আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু আৰু সেই মতে আমল কৰিবলৈ অহংকাৰ কৰিছে, সিহঁত সকলো ধৰণৰ কল্যাণৰ পৰা নিৰাশ। কুফৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আকাশৰ দুৱাৰো খোলা নহ'ব আৰু যেতিয়া মৃত্যুবৰণ কৰিব তেতিয়া সিহঁতৰ আত্মাৰ বাবেও খোলা নহ'ব। সিহঁতে তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট (যিটো ডাঙৰ জন্তু) বেজীৰ জলাৰে (যিহেতু এইটো নিচেই সংকীৰ্ণ পথ) নোসোমায়। নিশ্চিতভাৱে এয়া অসম্ভৱ। এইদৰে সিহঁতে জান্নাতত প্ৰৱেশ কৰাটোও অসম্ভৱ। এইদৰেই আল্লাহে মহা পাপিষ্ঠ সকলক শাস্তি প্ৰদান কৰে।

7:41Page 155

لَهُم مِّن جَهَنَّمَ مِهَادٞ وَمِن فَوۡقِهِمۡ غَوَاشٖۚ وَكَذَٰلِكَ نَجۡزِي ٱلظَّٰلِمِينَ ٤١

They will have from Hell a bed and over them coverings [of fire]. And thus do We recompense the wrongdoers.

এই অস্বীকাৰকাৰী অহংকাৰী সকলৰ বাবে জাহান্নামত থাকিব জুইৰ বিছনা আৰু তাত থাকিব জুইৰ চাদৰ। এনেকুৱা শাস্তি আমি সেই সকল কাফিৰক প্ৰদান কৰো, যিসকলে আল্লাহক অস্বীকাৰ কৰি তেওঁৰ পৰা বিমুখ হৈ তেওঁৰ সীমালঙ্ঘন কৰে।

7:42Page 155

وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَا نُكَلِّفُ نَفۡسًا إِلَّا وُسۡعَهَآ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ ٤٢

But those who believed and did righteous deeds - We charge no soul except [within] its capacity. Those are the companions of Paradise; they will abide therein eternally.

যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সক্ষম অনুযায়ী নেক আমল কৰিছে (যদিও আল্লাহে কোনো বান্দাক সাধ্যাতীত বোজা বহণৰ আদেশ নিদিয়ে), সেই সকল লোকেই হৈছে জান্নাতৰ অধিবাসী, য’ত তেওঁলোক চিৰকাল থাকিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском