Al-Mukhtasar · Tafsir · in Assamese
الأنفال
Al-Anfal
The Spoils of War · Medinan · 75 ayahs
8:1Page 177
يَسۡـَٔلُونَكَ عَنِ ٱلۡأَنفَالِۖ قُلِ ٱلۡأَنفَالُ لِلَّهِ وَٱلرَّسُولِۖ فَٱتَّقُواْ ٱللَّهَ وَأَصۡلِحُواْ ذَاتَ بَيۡنِكُمۡۖ وَأَطِيعُواْ ٱللَّهَ وَرَسُولَهُۥٓ إِن كُنتُم مُّؤۡمِنِينَ ١
They ask you, [O Muḥammad], about the bounties [of war]. Say, "The [decision concerning] bounties is for Allāh and the Messenger." So fear Allāh and amend that which is between you and obey Allāh and His Messenger, if you should be believers.
হে ৰাছুল! আপোনাৰ সঙ্গীসকলে আপোনাক সুধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্টন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্টন কৰা হ'ব? হে ৰাছুল! আপুনি তেওঁলোকক উত্তৰ প্ৰদান কৰি কওঁক, যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে। সেইবোৰ ব্যয় কৰা আৰু বন্টন কৰাৰ দায়িত্ব হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। তোমালোকৰ কাম হৈছে মানি লোৱা আৰু আদেশ পালন কৰা। এতেকে হে মুমিনসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। আৰু তোমালোকৰ মাজত থকা পৰস্পৰ বিবাদ আৰু দূৰত্বক প্ৰেম, ভাতৃত্ববোধ, উত্তম ব্যৱহাৰ আৰু মাৰ্জনাৰ জৰিয়তে সংশোধন কৰা। যদি তোমালোকে প্ৰকৃত মুমিন তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। কিয়নো ঈমানে আনুগত্য কৰাত আৰু গুনাহৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহিত কৰে। জনা উচিত যে, উক্ত বিষয় সম্পৰ্কে প্ৰশ্নবোৰ বদৰৰ যুদ্ধৰ পিছত উত্থাপন হৈছিল।
8:2Page 177
إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتۡ قُلُوبُهُمۡ وَإِذَا تُلِيَتۡ عَلَيۡهِمۡ ءَايَٰتُهُۥ زَادَتۡهُمۡ إِيمَٰنٗا وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ ٢
The believers are only those who, when Allāh is mentioned, their hearts become fearful, and when His verses are recited to them, it increases them in faith; and upon their Lord they rely -
বাস্তৱতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। কল্যাণ পাবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
8:3Page 177
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ ٣
The ones who establish prayer, and from what We have provided them, they spend.
যিসকলে পৰিপূৰ্ণৰূপে যথাসময়ত ছালাত আদায় কৰে, আৰু আমি প্ৰদান কৰা ধনৰ পৰা সেইসমূহ শিতানত ব্যয় কৰে, যত ব্যয় কৰা ওৱাজীব অথবা মুস্তাহাব।
8:4Page 177
أُوْلَٰٓئِكَ هُمُ ٱلۡمُؤۡمِنُونَ حَقّٗاۚ لَّهُمۡ دَرَجَٰتٌ عِندَ رَبِّهِمۡ وَمَغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ ٤
Those are the believers, truly. For them are degrees [of high position] with their Lord and forgiveness and noble provision.
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই হৈছে প্ৰকৃত মুমিন। কিয়নো তেওঁলোকৰ মাজত ঈমান আৰু ইছলামৰ বাহ্যিক বৈশিষ্ট্যসমূহ মজুত আছে। প্ৰতিদানস্বৰূপে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত ওখ ওখ অট্টালিকা লাভ কৰিব। গুনাহৰ পৰা ক্ষমা লাভ কৰিব আৰু উত্তম জীৱিকা লাভ কৰিব। এইবোৰ হৈছে সেইসমূহ নিয়ামত যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি থৈছে।
8:5Page 177
كَمَآ أَخۡرَجَكَ رَبُّكَ مِنۢ بَيۡتِكَ بِٱلۡحَقِّ وَإِنَّ فَرِيقٗا مِّنَ ٱلۡمُؤۡمِنِينَ لَكَٰرِهُونَ ٥
[It1 is] just as when your Lord brought you out of your home [for the battle of Badr] in truth, while indeed, a party among the believers were unwilling,
যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্টন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলক প্ৰদান কৰিছে। ঠিক সেইদৰে হে ৰাছুল! মদীনাৰ পৰা ওলাই গৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মুমিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল।
8:6Page 177
يُجَٰدِلُونَكَ فِي ٱلۡحَقِّ بَعۡدَ مَا تَبَيَّنَ كَأَنَّمَا يُسَاقُونَ إِلَى ٱلۡمَوۡتِ وَهُمۡ يَنظُرُونَ ٦
Arguing with you concerning the truth after it had become clear, as if they were being driven toward death while they were looking on.
হে ৰাছুল! মুমিনসকলৰ এই দলটোৱে মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰা সম্পৰ্কে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, অথচ তেওঁলোকৰ সন্মুখত এইটো স্পষ্ট হৈ পৰিছিল যে, যুদ্ধ হ'বই। এনেকুৱা ভাৱ হৈছিল যে, তেওঁলোকক মৃত্যুৰ পিনে খেদি লৈ যোৱা হৈছে আৰু তেওঁলোকে মৃত্যুক স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। কাৰণ তেওঁলোকে যুদ্ধৰ বাবে ওলোৱাটো অন্তকৰণে অপছন্দ কৰিছিল। কিয়নো তেওঁলোক ইয়াৰ বাবে প্ৰস্তুত নাছিল। আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল।
8:7Page 177
وَإِذۡ يَعِدُكُمُ ٱللَّهُ إِحۡدَى ٱلطَّآئِفَتَيۡنِ أَنَّهَا لَكُمۡ وَتَوَدُّونَ أَنَّ غَيۡرَ ذَاتِ ٱلشَّوۡكَةِ تَكُونُ لَكُمۡ وَيُرِيدُ ٱللَّهُ أَن يُحِقَّ ٱلۡحَقَّ بِكَلِمَٰتِهِۦ وَيَقۡطَعَ دَابِرَ ٱلۡكَٰفِرِينَ ٧
[Remember, O believers], when Allāh promised you one of the two groups1 - that it would be yours - and you wished that the unarmed one would be yours. But Allāh intended to establish the truth by His words and to eliminate the disbelievers
হে বাদানুবাদকাৰী মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মুশ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হব যাত্ৰীদল, তাত থকা সা-সম্পত্তিৰ তোমালোকে গনিমতস্বৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোক বিজয়প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয়নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয়ন্ত্ৰণত লব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক যুদ্ধৰ যি আদেশ দিয়া হৈছিল সেইটো বাস্তৱায়িত হওঁক। আৰু তোমালোকে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা। আৰু সিহঁতৰ মাজৰ বহুতক বন্দী বনাই লোৱা যাতে ইছলামৰ শক্তি প্ৰকাশ্যভাৱে প্ৰতিষ্ঠা হয়।
8:8Page 177
لِيُحِقَّ ٱلۡحَقَّ وَيُبۡطِلَ ٱلۡبَٰطِلَ وَلَوۡ كَرِهَ ٱلۡمُجۡرِمُونَ ٨
That He should establish the truth and abolish falsehood, even if the criminals disliked it.
যাতে ইছলাম আৰু মুছলিমসকলক বিজয় প্ৰদান কৰি সত্য প্ৰতিষ্ঠা কৰিব পাৰে, লগতে অসত্যক অসত্য প্ৰমাণ কৰি মিছা সাব্যস্ত কৰিব পাৰে। যদিও মুশ্বৰিকসকলে এয়া অপছন্দ কৰে, কিন্তু আল্লাহে এয়া প্ৰকাশ কৰিবই।
8:9Page 178
إِذۡ تَسۡتَغِيثُونَ رَبَّكُمۡ فَٱسۡتَجَابَ لَكُمۡ أَنِّي مُمِدُّكُم بِأَلۡفٖ مِّنَ ٱلۡمَلَٰٓئِكَةِ مُرۡدِفِينَ ٩
[Remember] when you were asking help of your Lord, and He answered you, "Indeed, I will reinforce you with a thousand from the angels, following one another."
হে মুমিনসকল! বদৰৰ দিনটো মনত আছেনে, যেতিয়া তোমালোকে শত্ৰুৰ বিৰুদ্ধে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিছিলা, তেতিয়া আল্লাহে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল, আৰু তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তোমালোকক এহেজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যিসকল ধাৰাবাহিকভাৱে আগমন কৰিব।
8:10Page 178
وَمَا جَعَلَهُ ٱللَّهُ إِلَّا بُشۡرَىٰ وَلِتَطۡمَئِنَّ بِهِۦ قُلُوبُكُمۡۚ وَمَا ٱلنَّصۡرُ إِلَّا مِنۡ عِندِ ٱللَّهِۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ ١٠
And Allāh made it not but good tidings and so that your hearts would be assured thereby. And victory is not but from Allāh. Indeed, Allāh is Exalted in Might and Wise.
হে মুমিনসকল! ফিৰিস্তাৰ জৰিয়তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃত সহায়ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰ অন্তৰে সন্তুষ্টি তথা প্ৰশান্তি লাভ কৰে, লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয়। নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
8:11Page 178
إِذۡ يُغَشِّيكُمُ ٱلنُّعَاسَ أَمَنَةٗ مِّنۡهُ وَيُنَزِّلُ عَلَيۡكُم مِّنَ ٱلسَّمَآءِ مَآءٗ لِّيُطَهِّرَكُم بِهِۦ وَيُذۡهِبَ عَنكُمۡ رِجۡزَ ٱلشَّيۡطَٰنِ وَلِيَرۡبِطَ عَلَىٰ قُلُوبِكُمۡ وَيُثَبِّتَ بِهِ ٱلۡأَقۡدَامَ ١١
[Remember] when He overwhelmed you with drowsiness [giving] security from Him and sent down upon you from the sky, rain by which to purify you and remove from you the evil [suggestions] of Satan and to make steadfast your hearts and plant firmly thereby your feet.
হে মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয়ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্তৰৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময়ত তোমালোকৰ শৰীৰ অটল থাকে। আৰু তোমালোকৰ ভৰি যাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটিত তোমালোকৰ ভৰি পুত নাখায়। বৰষুণৰ জৰিয়তে সেই মাটিক জমাই দিয়া হৈছিল।
8:12Page 178
إِذۡ يُوحِي رَبُّكَ إِلَى ٱلۡمَلَٰٓئِكَةِ أَنِّي مَعَكُمۡ فَثَبِّتُواْ ٱلَّذِينَ ءَامَنُواْۚ سَأُلۡقِي فِي قُلُوبِ ٱلَّذِينَ كَفَرُواْ ٱلرُّعۡبَ فَٱضۡرِبُواْ فَوۡقَ ٱلۡأَعۡنَاقِ وَٱضۡرِبُواْ مِنۡهُمۡ كُلَّ بَنَانٖ ١٢
[Remember] when your Lord inspired to the angels, "I am with you, so strengthen those who have believed. I will cast terror into the hearts of those who disbelieved, so strike [them] upon the necks and strike from them every fingertip."1
হে নবী! যেতিয়া আপোনাৰ প্ৰতিপালকে সেইসকল ফিৰিস্তাৰ প্ৰতি অহী কৰিছিল, যিসকলক বদৰৰ দিনা মুমিনসকলৰ সহায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, হে ফিৰিস্তাসকল! মোৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে। এতেকে মুমিনসকলৰ শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হোৱা। মই অতিশীঘ্ৰে কাফিৰসকলৰ অন্তৰত ভয় সৃষ্টি কৰিম। এতেকে হে মুমিনসকল! কাফিৰসকলৰ শিৰচ্ছেদ কৰি যোৱা, যাতে সিহঁত মৃত্যুবৰণ কৰে। আৰু সিহঁতৰ হাড় আৰু শৰীৰৰ অংগ প্ৰত্যঙ্গত প্ৰহাৰ কৰা যাতে সিহঁতে যুদ্ধ কৰিবলৈ অসমৰ্থ হয়।
8:13Page 178
ذَٰلِكَ بِأَنَّهُمۡ شَآقُّواْ ٱللَّهَ وَرَسُولَهُۥۚ وَمَن يُشَاقِقِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ ١٣
That is because they opposed Allāh and His Messenger. And whoever opposes Allāh and His Messenger - indeed, Allāh is severe in penalty.
কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয়নো সিহঁতে আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁতক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্টদায়ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ।
8:14Page 178
ذَٰلِكُمۡ فَذُوقُوهُ وَأَنَّ لِلۡكَٰفِرِينَ عَذَابَ ٱلنَّارِ ١٤
"That [is yours], so taste it." And indeed for the disbelievers is the punishment of the Fire.
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতাকাৰী সকল! এইটোৱে তোমালোকৰ শাস্তি। পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কুফৰ তথা পাপিষ্ঠ অৱস্থাত মৃত্যুবৰণ কৰা তেন্তে আখিৰাতত আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি।
8:15Page 178
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُواْ زَحۡفٗا فَلَا تُوَلُّوهُمُ ٱلۡأَدۡبَارَ ١٥
O you who have believed, when you meet those who disbelieve advancing [in battle], do not turn to them your backs [in flight].
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যুদ্ধৰ ময়দানত যেতিয়া মুশ্বৰিকসকলৰ লগত তোমালোকৰ মুকাবিলা হ'ব, তেতিয়া পৰাজয় স্বীকাৰ নকৰিবা আৰু পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন নকৰিবা। বৰং দৃঢ়তাৰে সিহঁতৰ লগত মুকাবিলা কৰিবা আৰু ধৈৰ্য ধাৰণ কৰিবা। কিয়নো আল্লাহৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে।
8:16Page 178
وَمَن يُوَلِّهِمۡ يَوۡمَئِذٖ دُبُرَهُۥٓ إِلَّا مُتَحَرِّفٗا لِّقِتَالٍ أَوۡ مُتَحَيِّزًا إِلَىٰ فِئَةٖ فَقَدۡ بَآءَ بِغَضَبٖ مِّنَ ٱللَّهِ وَمَأۡوَىٰهُ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمَصِيرُ ١٦
And whoever turns his back to them on such a day, unless swerving [as a strategy] for war or joining [another] company, has certainly returned with anger [upon him] from Allāh, and his refuge is Hell - and wretched is the destination.
যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে সেইটো সুকীয়া কথা, যেনে- শত্ৰু পক্ষই যাতে ভাৱে যে, তেওঁলোক পলায়ন কৰি আছে, অথচ তেওঁলোক উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।
8:17Page 179
فَلَمۡ تَقۡتُلُوهُمۡ وَلَٰكِنَّ ٱللَّهَ قَتَلَهُمۡۚ وَمَا رَمَيۡتَ إِذۡ رَمَيۡتَ وَلَٰكِنَّ ٱللَّهَ رَمَىٰ وَلِيُبۡلِيَ ٱلۡمُؤۡمِنِينَ مِنۡهُ بَلَآءً حَسَنًاۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ١٧
And you did not kill them, but it was Allāh who killed them.1 And you threw not, [O Muḥammad], when you threw, but it was Allāh who threw2 that He might test the believers with a good test.3 Indeed, Allāh is Hearing and Knowing.
হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। আৰু হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁতৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তুতি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, লগতে কোনটো কামত তোমালোকৰ কল্যাণ আছে সেই বিষয়েও তেওঁ সম্যক অৱগত।
8:18Page 179
ذَٰلِكُمۡ وَأَنَّ ٱللَّهَ مُوهِنُ كَيۡدِ ٱلۡكَٰفِرِينَ ١٨
That [is so], and [also] that Allāh will weaken the plot of the disbelievers.
উক্ত সকলো বিষয়, যেনে- মুশ্বৰিকসকলক হত্যা কৰা, সিহঁতৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁত পৰাজিত হৈ পলায়ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটিত হৈছে। আল্লাহেই সেই সকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে।
8:19Page 179
إِن تَسۡتَفۡتِحُواْ فَقَدۡ جَآءَكُمُ ٱلۡفَتۡحُۖ وَإِن تَنتَهُواْ فَهُوَ خَيۡرٞ لَّكُمۡۖ وَإِن تَعُودُواْ نَعُدۡ وَلَن تُغۡنِيَ عَنكُمۡ فِئَتُكُمۡ شَيۡـٔٗا وَلَوۡ كَثُرَتۡ وَأَنَّ ٱللَّهَ مَعَ ٱلۡمُؤۡمِنِينَ ١٩
If you [disbelievers] seek the decision [i.e., victory] - the decision [i.e., defeat] has come to you. And if you desist [from hostilities], it is best for you; but if you return [to war], We will return, and never will you be availed by your [large] company at all, even if it should increase; and [that is] because Allāh is with the believers.
হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
8:20Page 179
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَطِيعُواْ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَوَلَّوۡاْ عَنۡهُ وَأَنتُمۡ تَسۡمَعُونَ ٢٠
O you who have believed, obey Allāh and His Messenger and do not turn from him while you hear [his order].
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ত পতিত হৈ তেওঁৰ পৰা বিমুখ নহবা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূহ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয়।
8:21Page 179
وَلَا تَكُونُواْ كَٱلَّذِينَ قَالُواْ سَمِعۡنَا وَهُمۡ لَا يَسۡمَعُونَ ٢١
And do not be like those who say, "We have heard," while they do not hear.
হে মুমিনসকল! সেইসকল মুনাফিক আৰু মুশ্বৰিকৰ দৰে নহবা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছো, অথচ সিহঁতে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নুশুনে যে, শুনা বস্তুৰ পৰা উপকাৰ সাধন হব।
8:22Page 179
۞ إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلصُّمُّ ٱلۡبُكۡمُ ٱلَّذِينَ لَا يَعۡقِلُونَ ٢٢
Indeed, the worst of living creatures in the sight of Allāh are the deaf and dumb who do not use reason [i.e., the disbelievers].
পৃথিৱীত চলাফুৰা কৰা সকলো সৃষ্টিৰ ভিতৰত আটাইতকৈ নিকৃষ্ট সৃষ্টি হৈছে সেইসকল বধিৰ, যিসকলে সত্য স্বীকাৰ কৰাৰ উদ্দেশ্যে নুশুনে আৰু বোবা, কথা কব নোৱাৰে। এনেকুৱা প্ৰকৃতিৰ লোকেই আল্লাহৰ আদেশ নিষেধ বুজিব নোৱাৰে।
8:23Page 179
وَلَوۡ عَلِمَ ٱللَّهُ فِيهِمۡ خَيۡرٗا لَّأَسۡمَعَهُمۡۖ وَلَوۡ أَسۡمَعَهُمۡ لَتَوَلَّواْ وَّهُم مُّعۡرِضُونَ ٢٣
Had Allāh known any good in them, He would have made them hear. And if He had made them hear, they would [still] have turned away, while they were refusing.
আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হব পাৰিলেহেঁতেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁতেন। কিন্তু তেওঁ জানে যে, সিহঁতৰ মাজত কোনো কল্যাণ নাই। ধৰা হল আল্লাহে সিহঁতক শুনালে, তথাপিও সিহঁতে বিদ্বেষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মুখ ঘূৰাই ল’লেহেঁতেন।
8:24Page 179
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱسۡتَجِيبُواْ لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمۡ لِمَا يُحۡيِيكُمۡۖ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَحُولُ بَيۡنَ ٱلۡمَرۡءِ وَقَلۡبِهِۦ وَأَنَّهُۥٓ إِلَيۡهِ تُحۡشَرُونَ ٢٤
O you who have believed, respond to Allāh and to the Messenger when he calls you to that which gives you life. And know that Allāh intervenes between a man and his heart and that to Him you will be gathered.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰিব যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। আৰু পতিয়ন যোৱা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈয়ো সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বিয়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হব। আৰু তেওঁ তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
8:25Page 179
وَٱتَّقُواْ فِتۡنَةٗ لَّا تُصِيبَنَّ ٱلَّذِينَ ظَلَمُواْ مِنكُمۡ خَآصَّةٗۖ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ ٢٥
And fear a trial1 which will not strike those who have wronged among you exclusively, and know that Allāh is severe in penalty.
হে মুমিনসকল! তোমালোকে সেই শাস্তিক ভয় কৰা, যিটো তোমালোকৰ মাজৰ কেৱল পাপিষ্ঠসকলৰ ওপৰতেই নাহিব, বৰং সিহঁতৰ লগতে অন্যান্য লোক সকলো ক্ষতিগ্ৰস্ত হব। এইটো সেই সময়ত হব, যেতিয়া চাৰিওফালে অন্যায়-অত্যাচাৰ দেখা যাব কিন্তু কোনেও প্ৰতিৰোধ কৰিবলৈ প্ৰয়াস নকৰিব। জানি থোৱা! পাপিষ্ঠসকলক নিশ্চয় আল্লাহে কঠোৰ শাস্তি প্ৰদান কৰিব। এতেকে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকা।
8:26Page 180
وَٱذۡكُرُوٓاْ إِذۡ أَنتُمۡ قَلِيلٞ مُّسۡتَضۡعَفُونَ فِي ٱلۡأَرۡضِ تَخَافُونَ أَن يَتَخَطَّفَكُمُ ٱلنَّاسُ فَـَٔاوَىٰكُمۡ وَأَيَّدَكُم بِنَصۡرِهِۦ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِ لَعَلَّكُمۡ تَشۡكُرُونَ ٢٦
And remember when you were few and oppressed in the land, fearing that people might abduct you, but He sheltered you, supported you with His victory, and provided you with good things - that you might be grateful.
হে মুমিনসকল! তোমালোকে সেই সময়ক স্মৰণ কৰা, যেতিয়া তোমালোকে মক্কাত সংখ্যালঘু আছিলা, মক্কাৰ অধিবাসীসকলে তোমালোকক দুৰ্বল ভাৱি আছিল আৰু নিৰ্যাতন কৰি আছিল। তোমালোকে ভয় কৰি আছিলা যে, শত্ৰুৱে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰে নেকি, তেতিয়া আল্লাহে তোমালোকক মদীনাৰ ৰূপত এটা আশ্ৰয়স্থল দান কৰিলে। আৰু তোমালোকক বিভিন্ন যুদ্ধত শত্ৰুৰ বিৰুদ্ধে সহায় কৰি শক্তিশালী কৰিছে, উদাহৰণস্বৰূপে বদৰৰ দিনা। আৰু তোমালোকক উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে। যুদ্ধলব্ধ সম্পদো ইয়াৰেই অন্তৰ্ভুক্ত। যাতে তোমালোকে আল্লাহৰ নিয়ামতৰ চুকৰীয়া আদায় কৰা, ফলত তেওঁ তোমালোকক আৰু অধিক দান কৰিব। তেওঁৰ অকৃতজ্ঞ নহবা, অন্যথা অনুগ্ৰহৰ পৰা বঞ্চিত কৰিব আৰু শাস্তি প্ৰদান কৰিব।
8:27Page 180
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَخُونُواْ ٱللَّهَ وَٱلرَّسُولَ وَتَخُونُوٓاْ أَمَٰنَٰتِكُمۡ وَأَنتُمۡ تَعۡلَمُونَ ٢٧
O you who have believed, do not betray Allāh and the Messenger or betray your trusts while you know [the consequence].
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশসমূহ অগ্ৰাহ্য কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত নাথাকি বিশ্বাসঘাতকতা নকৰিবা। আৰু তোমালোকৰ ওচৰত ৰখা আমানত সম্পৰ্কে খিয়ানত নকৰিবা। যদি তোমালোকে জানি বুজি বিশ্বাসঘাতকতা কৰা তেন্তে তোমালোক বিশ্বাসঘাতক সকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
8:28Page 180
وَٱعۡلَمُوٓاْ أَنَّمَآ أَمۡوَٰلُكُمۡ وَأَوۡلَٰدُكُمۡ فِتۡنَةٞ وَأَنَّ ٱللَّهَ عِندَهُۥٓ أَجۡرٌ عَظِيمٞ ٢٨
And know that your properties and your children are but a trial and that Allāh has with Him a great reward.
হে মুমিনসকল! জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি তোমালোকৰ বাবে আপদ আৰু পৰীক্ষা। কিয়নো এইবোৰে তোমালোকক আখিৰাতৰ আমলত বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰেৰণা যোগায়। জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নোহোৱা।
8:29Page 180
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِن تَتَّقُواْ ٱللَّهَ يَجۡعَل لَّكُمۡ فُرۡقَانٗا وَيُكَفِّرۡ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَيَغۡفِرۡ لَكُمۡۗ وَٱللَّهُ ذُو ٱلۡفَضۡلِ ٱلۡعَظِيمِ ٢٩
O you who have believed, if you fear Allāh, He will grant you a criterion1 and will remove from you your misdeeds and forgive you. And Allāh is the possessor of great bounty.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰ মাজত পাৰ্থক্য কৰাত অসুবিধা নহব। তোমালোকৰ বেয়া কৰ্মসমূহ মচি দিব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰহশীল। তেওঁৰ মহানুগ্ৰহ সমূহৰ অন্যতম হৈছে জান্নাত, যিটো তেওঁ নিজৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তুত কৰি থৈছে।
8:30Page 180
وَإِذۡ يَمۡكُرُ بِكَ ٱلَّذِينَ كَفَرُواْ لِيُثۡبِتُوكَ أَوۡ يَقۡتُلُوكَ أَوۡ يُخۡرِجُوكَۚ وَيَمۡكُرُونَ وَيَمۡكُرُ ٱللَّهُۖ وَٱللَّهُ خَيۡرُ ٱلۡمَٰكِرِينَ ٣٠
And [remember, O Muḥammad], when those who disbelieved plotted against you to restrain you or kill you or evict you [from Makkah]. But they plan, and Allāh plans. And Allāh is the best of planners.
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে আপোনাক কয়েদ কৰিবলৈ অথবা হত্যা কৰিবলৈ নাইবা দেশান্তৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। সিহঁতে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল আৰু আল্লাহে সিহঁতৰ ষড়যন্ত্ৰক সিহঁতৰ বিৰুদ্ধেই কাৰ্যকৰি কৰি আছিল। আৰু আল্লাহেও কৌশল কৰি আছিল, নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী।
8:31Page 180
وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا قَالُواْ قَدۡ سَمِعۡنَا لَوۡ نَشَآءُ لَقُلۡنَا مِثۡلَ هَٰذَآ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٣١
And when Our verses are recited to them, they say, "We have heard. If we willed, we could say [something] like this. This is not but legends of the former peoples."
যেতিয়া সিহঁতৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে সত্যৰ প্ৰতি বিদ্বেষ আৰু অহংকাৰ পোষণ কৰি কয়ঃ এনেকুৱা বাণী আমি আগতেও শুনিছো, এই কোৰআনৰ দৰে বাণী আমি ইচ্ছা কৰিলে আমিও কব পাৰো। এই কোৰআন অতীত কালৰ মিছা কাহিনীৰ বাহিৰে আন একো নহয়। গতিকে আমি কেতিয়াও ইয়াৰ প্ৰতি বিশ্বাস স্থাপন নকৰো।
8:32Page 180
وَإِذۡ قَالُواْ ٱللَّهُمَّ إِن كَانَ هَٰذَا هُوَ ٱلۡحَقَّ مِنۡ عِندِكَ فَأَمۡطِرۡ عَلَيۡنَا حِجَارَةٗ مِّنَ ٱلسَّمَآءِ أَوِ ٱئۡتِنَا بِعَذَابٍ أَلِيمٖ ٣٢
And [remember] when they said, "O Allāh, if this should be the truth from You, then rain down upon us stones from the sky or bring us a painful punishment."
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে কৈছিলঃ হে আল্লাহ! যদি মুহাম্মদে লৈ অহা দ্বীন সত্য, তেনেহ'লে তুমি আকাশৰ পৰা শিল বৰ্ষাই আমাক ধ্বংস কৰি দিয়া নাইবা আমাক কঠোৰ শাস্তি বিহা। দৰাচলতে সিহঁতে এই কথা সিহঁতৰ অস্বীকাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কৈছিল।
8:33Page 180
وَمَا كَانَ ٱللَّهُ لِيُعَذِّبَهُمۡ وَأَنتَ فِيهِمۡۚ وَمَا كَانَ ٱللَّهُ مُعَذِّبَهُمۡ وَهُمۡ يَسۡتَغۡفِرُونَ ٣٣
But Allāh would not punish them while you, [O Muḥammad], are among them, and Allāh would not punish them while they seek forgiveness.
হে মুহাম্মদ! আপুনি সিহঁতৰ মাজত উপস্থিত থকা লৈকে আল্লাহে আপোনাৰ উম্মতক এনেকুৱা শাস্তি প্ৰদান নকৰিব যিটোৰ দ্বাৰা সিহঁত নিৰ্মূল হৈ যাব, তেওঁলোকে মুছলিমেই হওঁক অথবা অমুছলিম। আপোনাৰ উপস্থিতি হৈছে সিহঁতৰ বাবে গেৰান্টী। আনহাতে যেতিয়ালৈকে সিহঁতে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব।
8:34Page 181
وَمَا لَهُمۡ أَلَّا يُعَذِّبَهُمُ ٱللَّهُ وَهُمۡ يَصُدُّونَ عَنِ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ وَمَا كَانُوٓاْ أَوۡلِيَآءَهُۥٓۚ إِنۡ أَوۡلِيَآؤُهُۥٓ إِلَّا ٱلۡمُتَّقُونَ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ٣٤
But why should Allāh not punish them while they obstruct [people] from al-Masjid al-Ḥarām and they were not [fit to be] its guardians? Its [true] guardians are not but the righteous, but most of them do not know.
সিহঁতক শাস্তি কিয় দিয়া নহব, অথচ সিহঁতে এনেকুৱা কাম কৰিছে যিটো শাস্তিযোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মুশ্বৰিকসকল আল্লাহৰ অলী কেতিয়াও নহয়। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মুশ্বৰিকসকলে এই সম্পৰ্কে অৱগত নহয়, সেই কাৰণেই সিহঁতে দাবী কৰে যে, সিহঁত আল্লাহৰ অলী, অথচ সিহঁত আল্লাহৰ অলী নহয়।
8:35Page 181
وَمَا كَانَ صَلَاتُهُمۡ عِندَ ٱلۡبَيۡتِ إِلَّا مُكَآءٗ وَتَصۡدِيَةٗۚ فَذُوقُواْ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡفُرُونَ ٣٥
And their prayer at the House [i.e., the Kaʿbah] was not except whistling and handclapping. So taste the punishment for what you disbelieved [i.e., practiced of deviations].
মছজিদে হাৰামৰ ওচৰত মুশ্বৰিকসকলৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। এতেকে হে মুশ্বৰিকসকল! আল্লাহৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ ফলত এতিয়া তোমালোকে বদৰৰ দিনা হত্যা আৰু বন্দী ৰূপত শাস্তি ভোগ কৰা।
8:36Page 181
إِنَّ ٱلَّذِينَ كَفَرُواْ يُنفِقُونَ أَمۡوَٰلَهُمۡ لِيَصُدُّواْ عَن سَبِيلِ ٱللَّهِۚ فَسَيُنفِقُونَهَا ثُمَّ تَكُونُ عَلَيۡهِمۡ حَسۡرَةٗ ثُمَّ يُغۡلَبُونَۗ وَٱلَّذِينَ كَفَرُوٓاْ إِلَىٰ جَهَنَّمَ يُحۡشَرُونَ ٣٦
Indeed, those who disbelieve spend their wealth to avert [people] from the way of Allāh. So they will spend it; then it will be for them a [source of] regret; then they will be overcome. And those who have disbelieved - unto Hell they will be gathered.
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, সিহঁতে নিজৰ ধন মানুহক আল্লাহৰ পথলৈ অহাত বাধা দিয়াৰ বাবে ব্যয় কৰে। এতেকে সিহঁতে এইদৰেই ব্যয় কৰি থাকিব কিন্তু সিহঁতৰ মনোকামনা পূৰণ নহব। অৱশেষত সিহঁতৰ এই ধন ব্যয় কৰাৰ পৰিণাম পৰিতাপৰ বাহিৰে আন একো নহব। কাৰণ ধনো ব্যয় হল আৰু উপকাৰো নহল। তাৰ পিছত মুছলিমসকলক বিজয় প্ৰদান কৰি সিহঁতক পৰাস্ত কৰা হব। যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, ক্বিয়ামাতৰ দিনা সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব। তাত সিহঁত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences