Al-Mukhtasar · Tafsir · in Assamese
Al-Anfal 8:37–68
8:37Page 181
لِيَمِيزَ ٱللَّهُ ٱلۡخَبِيثَ مِنَ ٱلطَّيِّبِ وَيَجۡعَلَ ٱلۡخَبِيثَ بَعۡضَهُۥ عَلَىٰ بَعۡضٖ فَيَرۡكُمَهُۥ جَمِيعٗا فَيَجۡعَلَهُۥ فِي جَهَنَّمَۚ أُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ٣٧
[It is] so that Allāh may distinguish the wicked from the good and place the wicked some of them upon others and heap them all together and put them into Hell. It is those who are the losers.
এইসকল কাফিৰ যিসকলে নিজৰ ধন আল্লাহৰ পথত বাধা সৃষ্টি কৰিবলৈ ব্যয় কৰে, সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব, যাতে আল্লাহে অপৱিত্ৰ কাফিৰসকলৰ পৰা পৱিত্ৰ মুমিনসকলক পৃথক কৰিব পাৰে। অপৱিত্ৰ ব্যক্তি, কৰ্ম আৰু অপৱিত্ৰ সম্পদ একত্ৰিত কৰি স্তূপত পৰিণত কৰিব। তাৰ পিছত জাহান্নামৰ অগ্নিত নিক্ষেপ কৰিব। এইসকলেই হৈছে ক্ষতিগ্ৰস্ত, কিয়নো সিহঁতে ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি কৰিব।
8:38Page 181
قُل لِّلَّذِينَ كَفَرُوٓاْ إِن يَنتَهُواْ يُغۡفَرۡ لَهُم مَّا قَدۡ سَلَفَ وَإِن يَعُودُواْ فَقَدۡ مَضَتۡ سُنَّتُ ٱلۡأَوَّلِينَ ٣٨
Say to those who have disbelieved [that] if they cease, what has previously occurred will be forgiven for them. But if they return [to hostility] - then the precedent of the former [rebellious] peoples has already taken place.1
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে, সিহঁতে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা পৰিত্যাগ কৰে আৰু মুমিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে তেন্তে আল্লাহে সিহঁতৰ বিগত সকলো গুনাহ ক্ষমা কৰি দিব। কিয়নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফ হৈ যায়। আৰু যদি সিহঁত কুফুৰী অৱস্থালৈ আকৌ ঘূৰি যায় তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতি তো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’। সিহঁতে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কুফুৰীৰ ওপৰত অটল আছিল তেতিয়া আল্লাহে সিহঁতক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।
8:39Page 181
وَقَٰتِلُوهُمۡ حَتَّىٰ لَا تَكُونَ فِتۡنَةٞ وَيَكُونَ ٱلدِّينُ كُلُّهُۥ لِلَّهِۚ فَإِنِ ٱنتَهَوۡاْ فَإِنَّ ٱللَّهَ بِمَا يَعۡمَلُونَ بَصِيرٞ ٣٩
And fight against them until there is no fitnah1 and [until] the religion [i.e., worship], all of it, is for Allāh.2 And if they cease - then indeed, Allāh is Seeing of what they do.
হে মুমিনসকল! তোমালোকৰ শত্ৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা, যেতিয়ালৈকে শ্বিৰ্ক আৰু মুছলিমসকলক আল্লাহৰ পথত বাধা দিয়াৰ কাম বন্ধ নহব। আৰু পৰিপূৰ্ণৰূপে দ্বীন আৰু আনুগত্য আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে, য'ত তেওঁৰ কোনো অংশীদাৰ নাই। যদি কাফিৰসকলে শ্বিৰ্ক আৰু আল্লাহৰ পথত বাধা দিয়া বন্ধ কৰে তেন্তে সিহঁতক এৰি দিয়া। কিয়নো নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
8:40Page 181
وَإِن تَوَلَّوۡاْ فَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ مَوۡلَىٰكُمۡۚ نِعۡمَ ٱلۡمَوۡلَىٰ وَنِعۡمَ ٱلنَّصِيرُ ٤٠
But if they turn away - then know that Allāh is your protector. Excellent is the protector, and excellent is the helper.
যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা দিয়াৰ পৰা বিৰত থকাৰ বাবে যি আদেশ সিহঁতক দিয়া হৈছে তাৰ পৰা মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! বিশ্বাস কৰা নিশ্চয় আল্লাহে তোমালোকক সিহঁতৰ বিৰুদ্ধে সহায় কৰিব। আল্লাহ যাৰ সংৰক্ষক তাতকৈ উত্তম সংৰক্ষক আন কাৰো নাই। আৰু তেওঁ যাৰ সহায়ক, তাৰ বাবে তেওঁ যে কিমান উত্তম সহায়ক। এতেকে তেওঁ যাক সুৰক্ষা প্ৰদান কৰিব তেৱেঁই সফল, আৰু তেওঁ যাক সহায় কৰিব তেৱেঁই বিজয়ী।
8:41Page 182
۞ وَٱعۡلَمُوٓاْ أَنَّمَا غَنِمۡتُم مِّن شَيۡءٖ فَأَنَّ لِلَّهِ خُمُسَهُۥ وَلِلرَّسُولِ وَلِذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَٱبۡنِ ٱلسَّبِيلِ إِن كُنتُمۡ ءَامَنتُم بِٱللَّهِ وَمَآ أَنزَلۡنَا عَلَىٰ عَبۡدِنَا يَوۡمَ ٱلۡفُرۡقَانِ يَوۡمَ ٱلۡتَقَى ٱلۡجَمۡعَانِۗ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ٤١
And know that anything you obtain of war booty - then indeed, for Allāh is one fifth of it and for the Messenger1 and for [his] near relatives2 and the orphans, the needy, and the [stranded] traveler,3 if you have believed in Allāh and in that which We sent down to Our Servant4 on the day of criterion [i.e., decisive encounter] - the day when the two armies met [at Badr]. And Allāh, over all things, is competent.
হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিনা অৱতীৰ্ণ কৰিছিলো, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়ত সামৰ্থৱান।
8:42Page 182
إِذۡ أَنتُم بِٱلۡعُدۡوَةِ ٱلدُّنۡيَا وَهُم بِٱلۡعُدۡوَةِ ٱلۡقُصۡوَىٰ وَٱلرَّكۡبُ أَسۡفَلَ مِنكُمۡۚ وَلَوۡ تَوَاعَدتُّمۡ لَٱخۡتَلَفۡتُمۡ فِي ٱلۡمِيعَٰدِ وَلَٰكِن لِّيَقۡضِيَ ٱللَّهُ أَمۡرٗا كَانَ مَفۡعُولٗا لِّيَهۡلِكَ مَنۡ هَلَكَ عَنۢ بَيِّنَةٖ وَيَحۡيَىٰ مَنۡ حَيَّ عَنۢ بَيِّنَةٖۗ وَإِنَّ ٱللَّهَ لَسَمِيعٌ عَلِيمٌ ٤٢
[Remember] when you were on the near side of the valley, and they were on the farther side, and the caravan was lower [in position] than you. If you had made an appointment [to meet], you would have missed the appointment. But [it was] so that Allāh might accomplish a matter already destined - that those who perished [through disbelief] would perish upon evidence and those who lived [in faith] would live upon evidence; and indeed, Allāh is Hearing and Knowing.
তথা সেই সময়টোক স্মৰণ কৰা, যেতিয়া তোমালোক উপত্যকাৰ সেইটো স্থানত আছিলা যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্নৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোক প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময়দানত মুখামুখি কৰিলে, যাতে সেই কামটো পূৰ্ণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায়ত বিজয়প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁতে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায়। প্ৰকৃততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দান কৰিব।
8:43Page 182
إِذۡ يُرِيكَهُمُ ٱللَّهُ فِي مَنَامِكَ قَلِيلٗاۖ وَلَوۡ أَرَىٰكَهُمۡ كَثِيرٗا لَّفَشِلۡتُمۡ وَلَتَنَٰزَعۡتُمۡ فِي ٱلۡأَمۡرِ وَلَٰكِنَّ ٱللَّهَ سَلَّمَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٤٣
[Remember, O Muḥammad], when Allāh showed them to you in your dream as few; and if He had shown them to you as many, you [believers] would have lost courage and would have disputed in the matter [of whether to fight], but Allāh saved [you from that]. Indeed, He is Knowing of that within the breasts.
তথা হে ৰাছুল! আপোনাৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰক, যেতিয়া আল্লাহে আপোনাক সপোনত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল আৰু আপুনি এই সংবাদ মুমিনসকলক দিয়াত তেওঁলোকে ইয়াক মঙ্গলময় আৰু সুসংবাদ বুলি ভাৱিছিল। ফলত শত্ৰুৰ লগত মুখামুখি কৰাৰ আৰু মুকাবিলা কৰাৰ সংকল্প আৰু মজবুত হৈ গল। যদি আল্লাহে আপোনাক মুশ্বৰিকসকলৰ সংখ্যা অধিক দেখুৱালেহেঁতেন তেন্তে আপোনাৰ সঙ্গীসকলে সাহস হেৰুৱালেহেঁতেন আৰু তেওঁলোকে যুদ্ধক ভয় কৰিলেহেঁতেন। কিন্তু আল্লাহে তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিলে আৰু ব্যৰ্থতাৰ পৰাও সুৰক্ষিত কৰিলে। সেই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ সংখ্যাবল কমকৈ দেখুৱাইছিল। নিশ্চয় আল্লাহ অন্তৰ সম্পৰ্কে সম্যক অৱগত, আৰু অন্তৰৰ গোপন তথ্য সম্পৰ্কেও সৰ্বজ্ঞ।
8:44Page 182
وَإِذۡ يُرِيكُمُوهُمۡ إِذِ ٱلۡتَقَيۡتُمۡ فِيٓ أَعۡيُنِكُمۡ قَلِيلٗا وَيُقَلِّلُكُمۡ فِيٓ أَعۡيُنِهِمۡ لِيَقۡضِيَ ٱللَّهُ أَمۡرٗا كَانَ مَفۡعُولٗاۗ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ ٤٤
And [remember] when He showed them to you, when you met, as few in your eyes, and He made you [appear] as few in their eyes so that Allāh might accomplish a matter already destined. And to Allāh are [all] matters returned.
তথা হে মুমিনসকল! সেই সময়টোক স্মৰণ কৰা, মুকাবিলাৰ সময়ত আল্লাহে যেতিয়া তোমালোকৰ চকুত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোক যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁত এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয়টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মুশ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মুমিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলো কৰ্ম আল্লাহৰ পিনেই উভতি যায়, যাতে তেওঁ কুকৰ্মকাৰীক কুকৰ্মৰ প্ৰতিদান দিয়ে আৰু সৎকৰ্মকাৰীক সৎকৰ্মৰ প্ৰতিদান দিয়ে।
8:45Page 182
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا لَقِيتُمۡ فِئَةٗ فَٱثۡبُتُواْ وَٱذۡكُرُواْ ٱللَّهَ كَثِيرٗا لَّعَلَّكُمۡ تُفۡلِحُونَ ٤٥
O you who have believed, when you encounter a company [from the enemy forces], stand firm and remember Allāh much that you may be successful.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে কাফিৰ আক্ৰমণকাৰী সকলৰ মুখামুখি হ'বা তেতিয়া তোমালোকে দৃঢ়ভাৱে অটল থাকিবা, কাপুৰুষালী নেদেখুৱাবা। লগতে আল্লাহক বেছি বেছি স্মৰণ কৰিবা আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবা। কিয়নো তেৱেঁই সিহঁতৰ ওপৰত তোমালোকক বিজয় দান কৰিবলৈ সক্ষম। যাতে তেওঁ তোমালোকক তোমালোকৰ উদ্দেশ্যত সফল কৰে, আৰু যিটোক তোমালোকে ভয় কৰা সেইটোৰ পৰা তোমালোকক ৰক্ষা কৰে।
8:46Page 183
وَأَطِيعُواْ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَنَٰزَعُواْ فَتَفۡشَلُواْ وَتَذۡهَبَ رِيحُكُمۡۖ وَٱصۡبِرُوٓاْۚ إِنَّ ٱللَّهَ مَعَ ٱلصَّٰبِرِينَ ٤٦
And obey Allāh and His Messenger, and do not dispute and [thus] lose courage and [then] your strength would depart; and be patient. Indeed, Allāh is with the patient.
তোমালোকে কথা, কৰ্মত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয়নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁলোকক সহায়-সহযোগিতা কৰে। আল্লাহে যিসকলক সহায় কৰে, প্ৰকৃততে তেওঁলোকে বিজয় প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত।
8:47Page 183
وَلَا تَكُونُواْ كَٱلَّذِينَ خَرَجُواْ مِن دِيَٰرِهِم بَطَرٗا وَرِئَآءَ ٱلنَّاسِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِۚ وَٱللَّهُ بِمَا يَعۡمَلُونَ مُحِيطٞ ٤٧
And do not be like those who came forth from their homes insolently and to be seen by people and avert [them] from the way of Allāh. And Allāh is encompassing1 of what they do.
আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানুহক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁতে মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে, আল্লাহে সিহঁতৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে, সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
8:48Page 183
وَإِذۡ زَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ وَقَالَ لَا غَالِبَ لَكُمُ ٱلۡيَوۡمَ مِنَ ٱلنَّاسِ وَإِنِّي جَارٞ لَّكُمۡۖ فَلَمَّا تَرَآءَتِ ٱلۡفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيۡهِ وَقَالَ إِنِّي بَرِيٓءٞ مِّنكُمۡ إِنِّيٓ أَرَىٰ مَا لَا تَرَوۡنَ إِنِّيٓ أَخَافُ ٱللَّهَۚ وَٱللَّهُ شَدِيدُ ٱلۡعِقَابِ ٤٨
And [remember] when Satan made their deeds pleasing to them and said, "No one can overcome you today from among the people, and indeed, I am your protector." But when the two armies sighted each other, he turned on his heels and said, "Indeed, I am disassociated from you. Indeed, I see what you do not see; indeed, I fear Allāh. And Allāh is severe in penalty."
হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, সি অচিৰেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তান সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছো যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।
8:49Page 183
إِذۡ يَقُولُ ٱلۡمُنَٰفِقُونَ وَٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٌ غَرَّ هَٰٓؤُلَآءِ دِينُهُمۡۗ وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَإِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٤٩
[Remember] when the hypocrites and those in whose hearts was disease [i.e., arrogance and disbelief] said, "Their religion has deluded those [Muslims]." But whoever relies upon Allāh - then indeed, Allāh is Exalted in Might and Wise.
তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈ আছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সংখ্যালঘু তথা অস্ত্ৰ পাতি কম থকাৰ পিছতো সংখ্যাগৰিষ্ঠ তথা সসস্ত্ৰ বাহিনীৰ লগত বিজয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰৱঞ্চনা কৰিছে। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত নেৰিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
8:50Page 183
وَلَوۡ تَرَىٰٓ إِذۡ يَتَوَفَّى ٱلَّذِينَ كَفَرُواْ ٱلۡمَلَٰٓئِكَةُ يَضۡرِبُونَ وُجُوهَهُمۡ وَأَدۡبَٰرَهُمۡ وَذُوقُواْ عَذَابَ ٱلۡحَرِيقِ ٥٠
And if you could but see when the angels take the souls of those who disbelieved...1 They are striking their faces and their backs and [saying], "Taste the punishment of the Burning Fire.
হে ৰাছুল! আপুনি যদি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।
8:51Page 183
ذَٰلِكَ بِمَا قَدَّمَتۡ أَيۡدِيكُمۡ وَأَنَّ ٱللَّهَ لَيۡسَ بِظَلَّٰمٖ لِّلۡعَبِيدِ ٥١
That is for what your hands have put forth [of evil] and because Allāh is not ever unjust to [His] servants."
হে কাফিৰসকল! তোমালোকৰ প্ৰাণ হৰণৰ সময়ত যি কষ্ট তথা কবৰৰ শাস্তি আৰু আখিৰাতৰ অগ্নিদগ্ধমূলক শাস্তিৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ কৰ্মকাণ্ড। চিৰ সত্য এই যে, আল্লাহে কেতিয়াও মানুহৰ ওপৰত অন্যায় নকৰে। বৰং সিহঁতৰ মাজত ইনচাফ সহকাৰে ফয়চালা কৰে, তেওঁ হৈছে ন্যায়পৰায়ণ ফয়চালাকাৰী।
8:52Page 183
كَدَأۡبِ ءَالِ فِرۡعَوۡنَ وَٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمۡۚ إِنَّ ٱللَّهَ قَوِيّٞ شَدِيدُ ٱلۡعِقَابِ ٥٢
[Theirs is] like the custom of the people of Pharaoh and of those before them. They disbelieved in the signs of Allāh, so Allāh seized them for their sins. Indeed, Allāh is Powerful and severe in penalty.
এই কাফিৰসকলৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নহয়, বৰং প্ৰত্যেক যুগ তথা সকলো ঠাইৰ কাফিৰৰ ক্ষেত্ৰতত আল্লাহৰ এইটোৱেই নীতি। এতেকে ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা উম্মতৰ ওপৰতো শাস্তি আহিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতৰ গুনাহৰ কাৰণে মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমান হৈ সিহঁতক গ্ৰেপ্তাৰ কৰিলে আৰু সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিলে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁৰ ওপৰত কাৰো শক্তি নাখাটে আৰু তেওঁক কোনেও পৰাজিতও কৰিব নোৱাৰে। তেওঁ অবাধ্যতাকাৰীসকলক কঠোৰ শাস্তি দিয়ে।
8:53Page 184
ذَٰلِكَ بِأَنَّ ٱللَّهَ لَمۡ يَكُ مُغَيِّرٗا نِّعۡمَةً أَنۡعَمَهَا عَلَىٰ قَوۡمٍ حَتَّىٰ يُغَيِّرُواْ مَا بِأَنفُسِهِمۡ وَأَنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ٥٣
That is because Allāh would not change a favor which He had bestowed upon a people until they change what is within themselves. And indeed, Allāh is Hearing and Knowing.
এই কষ্টদায়ক শাস্তি এই কাৰণে যে, আল্লাহে যেতিয়া কোনো জাতিক অনুগ্ৰহ দান কৰে, তেওঁ সেই অনুগ্ৰহ তেতিয়ালৈকে কাঢ়ি নলয়, যেতিয়ালৈকে সিহঁতে ঈমানৰ পৰা, দ্বীনৰ ওপৰত দৃঢ় থকাৰ পৰা আৰু নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ দৰে পৱিত্ৰ অৱস্থাৰ পৰা বেয়া অৱস্থালৈ ৰূপান্তৰিত নহয়, যেনেঃ আল্লাহৰ লগত কুফুৰী কৰা, তেওঁৰ অবাধ্যতা কৰা, তেওঁৰ অনুগ্ৰহৰ অকৃতজ্ঞতা কৰা ইত্যাদি। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
8:54Page 184
كَدَأۡبِ ءَالِ فِرۡعَوۡنَ وَٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَذَّبُواْ بِـَٔايَٰتِ رَبِّهِمۡ فَأَهۡلَكۡنَٰهُم بِذُنُوبِهِمۡ وَأَغۡرَقۡنَآ ءَالَ فِرۡعَوۡنَۚ وَكُلّٞ كَانُواْ ظَٰلِمِينَ ٥٤
[Theirs is] like the custom of the people of Pharaoh and of those before them. They denied the signs of their Lord, so We destroyed them for their sins, and We drowned the people of Pharaoh. And all [of them] were wrongdoers.
এই কাফিৰসকলৰ অৱস্থা, ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বৰ সেইসকল অস্বীকাৰকাৰী সম্প্ৰদায়ৰ দৰে, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছে, বিশেষকৈ ফিৰআউনৰ অনুসাৰীসকলক সাগৰত ডুবাই মাৰিছিল। দৰাচলতে ফিৰআউনৰ অনুসাৰীসকল আৰু সিহঁতৰ পূৰ্বে অস্বীকাৰকাৰী সকলো সম্প্ৰদায় আছিল অন্যায়কাৰী বা জালিম, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু শ্বিৰ্ক কৰিছিল। সেই কাৰণেই সিহঁত শাস্তিৰ সন্মুখীন হৈছিল, আৰু সেই শাস্তি ভোগও কৰিছিল।
8:55Page 184
إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلَّذِينَ كَفَرُواْ فَهُمۡ لَا يُؤۡمِنُونَ ٥٥
Indeed, the worst of living creatures in the sight of Allāh are those who have disbelieved, and they will not [ever] believe-
পৃথিৱীত বিচৰণ কৰা আটাইতকৈ নিকৃষ্ট হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। এতেকে সিহঁতৰ ওচৰত সকলো প্ৰকাৰ নিদৰ্শন আহিলেও সিহঁতে ঈমান পোষণ নকৰিব। কিয়নো সিহঁত কুফৰৰ ওপৰত অটল আছে, লগতে সিহঁতৰ বাবে হিদায়তৰ সকলো উপায় যেনে- বিবেক, কাণ আৰু চকু আদি নিষ্ক্ৰিয় হৈ গৈছে।
8:56Page 184
ٱلَّذِينَ عَٰهَدتَّ مِنۡهُمۡ ثُمَّ يَنقُضُونَ عَهۡدَهُمۡ فِي كُلِّ مَرَّةٖ وَهُمۡ لَا يَتَّقُونَ ٥٦
The ones with whom you made a treaty but then they break their pledge every time, and they do not fear Allāh.
যিসকলৰ লগত আপুনি সন্ধি তথা প্ৰতিশ্ৰুতি কৰিছে (যেনে বনী কুৰাইজা), কিন্তু সিহঁতে বাৰে বাৰে সেই সন্ধি উলংঘা কৰে, আৰু সিহঁতে আল্লাহক ভয় নকৰে। প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নকৰে, লগতে সন্ধিৰ প্ৰতিও গুৰুত্বাৰোপ নকৰে।
8:57Page 184
فَإِمَّا تَثۡقَفَنَّهُمۡ فِي ٱلۡحَرۡبِ فَشَرِّدۡ بِهِم مَّنۡ خَلۡفَهُمۡ لَعَلَّهُمۡ يَذَّكَّرُونَ ٥٧
So if you, [O Muḥammad], gain dominance over them in war, disperse by [means of] them those behind them that perhaps they will be reminded.1
এতেকে হে ৰাছুল! এনেকুৱা প্ৰতিশ্ৰুতি ভঙ্গকাৰী লোকক যদি আপুনি ৰণক্ষেত্ৰত পায় তেন্তে সিহঁতক শিক্ষাপ্ৰদ শাস্তি বিহিব, যাতে আন আন লোকসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আপোনাৰ লগত যুদ্ধ কৰাৰ তথা আপোনাৰ শত্ৰুসকলক সহায় কৰাৰ সাহস কৰিব নোৱাৰে।
8:58Page 184
وَإِمَّا تَخَافَنَّ مِن قَوۡمٍ خِيَانَةٗ فَٱنۢبِذۡ إِلَيۡهِمۡ عَلَىٰ سَوَآءٍۚ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡخَآئِنِينَ ٥٨
If you [have reason to] fear from a people betrayal, throw [their treaty] back to them, [putting you] on equal terms.1 Indeed, Allāh does not like traitors.
আৰু হে ৰাছুল! আপুনি যিসকলৰ লগত সন্ধি কৰিছে, সিহঁতৰ ফালৰ পৰা বিশ্বাসঘাতকতা (সন্ধি ভঙ্গ) কৰাৰ আশংকা হয়, লগতে এই সম্পৰ্কে কিছু গতিবিধিও লক্ষ্য কৰে, তেন্তে আপুনি সিহঁতক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ জাননী দি দিয়ক। যাতে এই সম্পৰ্কে সিহঁতেও সমানেই অৱগত থাকে। আৰু জানি থওঁক! সিহঁতক অৱগত নকৰালৈকে সিহঁতৰ ওপৰত আক্ৰমণ নকৰিব। কিয়নো অৱগত নকৰাকৈ আক্ৰমণ কৰাটো হৈছে বিশ্বাসঘাতকতা। আৰু আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিসকলক ভাল নাপায়, বৰং সিহঁতক ঘৃণা কৰে। এতেকে আপুনি বিশ্বাসঘাতকতাৰ পৰা বিৰত থাকক।
8:59Page 184
وَلَا يَحۡسَبَنَّ ٱلَّذِينَ كَفَرُواْ سَبَقُوٓاْۚ إِنَّهُمۡ لَا يُعۡجِزُونَ ٥٩
And let not those who disbelieve think they will escape. Indeed, they will not cause failure [to Allāh].
যিসকলে কুফুৰীত লিপ্ত হৈছে, সিহঁতে যেন এইটো নাভাৱে যে, সিহঁতে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাইছে, লগতে আল্লাহৰ গ্ৰেপ্তাৰী সীমাৰেখাৰ পৰা ওলাই যোৱাত সফল হৈছে। সিহঁতে আল্লাহৰ পৰাও বাচিব নোৱাৰে আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰে। আল্লাহে সিহঁতক যিকোনো উপায়ে জবাবদিহি কৰিব।
8:60Page 184
وَأَعِدُّواْ لَهُم مَّا ٱسۡتَطَعۡتُم مِّن قُوَّةٖ وَمِن رِّبَاطِ ٱلۡخَيۡلِ تُرۡهِبُونَ بِهِۦ عَدُوَّ ٱللَّهِ وَعَدُوَّكُمۡ وَءَاخَرِينَ مِن دُونِهِمۡ لَا تَعۡلَمُونَهُمُ ٱللَّهُ يَعۡلَمُهُمۡۚ وَمَا تُنفِقُواْ مِن شَيۡءٖ فِي سَبِيلِ ٱللَّهِ يُوَفَّ إِلَيۡكُمۡ وَأَنتُمۡ لَا تُظۡلَمُونَ ٦٠
And prepare against them whatever you are able of power and of steeds of war1 by which you may terrify the enemy of Allāh and your enemy and others besides them whom you do not know [but] whom Allāh knows. And whatever you spend in the cause of Allāh will be fully repaid to you, and you will not be wronged.
তথা হে মুমিনসকল! তোমালোকে যিমান সম্ভৱ ইয়াৰ বাবে সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ যুগুত কৰা, আৰু সিহঁতৰ বাবে সেইসকল ঘোঁড়া প্ৰস্তুত ৰাখিবা যিবোৰ তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ লালন পালন কৰিছা। যাতে তোমালোকে কাফিৰসকলৰ মাজৰ আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক ভয় দেখুৱাব পাৰা, যিসকলে সদায় তোমালোকক ক্ষতি কৰাৰ অপেক্ষাত থাকে। তথা ইয়াৰ দ্বাৰা যাতে আন আন সম্প্ৰদায়কো ভয় দেখুৱাব পাৰা, যিসকলক তোমালোকে চিনি নোপোৱা, তথা তোমালোকে এইটোও নাজানা যে, সিহঁতে নিজৰ অন্তৰত তোমালোকৰ বিৰুদ্ধে কিমান শত্ৰুতা পোষণ কৰে। সিহঁতক আৰু সিহঁতৰ অন্তৰত থকা গোপন শত্ৰুতাক কেৱল আল্লাহেই ভালদৰে জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা, কম হওঁক বা বেছি, আল্লাহে সেয়া পৃথিৱীতেই তোমালোকক প্ৰতিদান দিব আৰু আখিৰাতত ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। এতেকে আল্লাহৰ পথত ব্যয় কৰিবলৈ অগ্ৰসৰ হোৱা।
8:61Page 184
۞ وَإِن جَنَحُواْ لِلسَّلۡمِ فَٱجۡنَحۡ لَهَا وَتَوَكَّلۡ عَلَى ٱللَّهِۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٦١
And if they incline to peace, then incline to it [also] and rely upon Allāh. Indeed, it is He who is the Hearing, the Knowing.
যদি সিহঁতে সন্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু যুদ্ধ ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, তেন্তে আপুনিও এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰু সিহঁতৰ লগত সন্ধি কৰক, লগত আল্লাহৰ ওপৰত ভৰসা কৰক, তেওঁক বিশ্বাস কৰক, তেওঁ কেতিয়াও আপোনাক অসহায় অৱস্থাত নেৰিব। নিশ্চয় তেওঁ সিহঁতৰ সকলো কথা শ্ৰৱণ কৰে, লগতে সিহঁতৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
8:62Page 185
وَإِن يُرِيدُوٓاْ أَن يَخۡدَعُوكَ فَإِنَّ حَسۡبَكَ ٱللَّهُۚ هُوَ ٱلَّذِيٓ أَيَّدَكَ بِنَصۡرِهِۦ وَبِٱلۡمُؤۡمِنِينَ ٦٢
But if they intend to deceive you - then sufficient for you is Allāh. It is He who supported you with His help and with the believers
হে ৰাছুল! যদি সিহঁতে যুদ্ধ বিৰতি আৰু সন্ধিৰ সুযোগ লৈ আপোনাক প্ৰৱঞ্চনা কৰিব বিচাৰে তেন্তে সিহঁতৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই আপোনাৰ বাবে যথেষ্ট। তেৱেঁই আপোনাক সহায়ৰ জৰিয়তে শক্তিশালী কৰিছে, লগতে মুছলিম মুহাজিৰ আৰু আনচাৰৰ জৰিয়তে আপোনাক বল প্ৰদান কৰিছে।
8:63Page 185
وَأَلَّفَ بَيۡنَ قُلُوبِهِمۡۚ لَوۡ أَنفَقۡتَ مَا فِي ٱلۡأَرۡضِ جَمِيعٗا مَّآ أَلَّفۡتَ بَيۡنَ قُلُوبِهِمۡ وَلَٰكِنَّ ٱللَّهَ أَلَّفَ بَيۡنَهُمۡۚ إِنَّهُۥ عَزِيزٌ حَكِيمٞ ٦٣
And brought together their hearts. If you had spent all that is in the earth, you could not have brought their hearts together; but Allāh brought them together. Indeed, He is Exalted in Might and Wise.
আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্তৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে, যদি পৃথিৱীৰ সকলো ধন তেওঁলোকৰ অন্তৰসমূহ একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্তৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এই কাম কৰি দেখুৱালে। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
8:64Page 185
يَٰٓأَيُّهَا ٱلنَّبِيُّ حَسۡبُكَ ٱللَّهُ وَمَنِ ٱتَّبَعَكَ مِنَ ٱلۡمُؤۡمِنِينَ ٦٤
O Prophet, sufficient for you is Allāh and for whoever follows you of the believers.
হে নবী! আপোনাক তথা আপোনাৰ মুমিন সঙ্গীসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই যথেষ্ট। এতেকে আল্লাহৰ প্ৰতি বিশ্বাস ৰাখক আৰু তেওঁৰ প্ৰতি ভৰসা কৰক।
8:65Page 185
يَٰٓأَيُّهَا ٱلنَّبِيُّ حَرِّضِ ٱلۡمُؤۡمِنِينَ عَلَى ٱلۡقِتَالِۚ إِن يَكُن مِّنكُمۡ عِشۡرُونَ صَٰبِرُونَ يَغۡلِبُواْ مِاْئَتَيۡنِۚ وَإِن يَكُن مِّنكُم مِّاْئَةٞ يَغۡلِبُوٓاْ أَلۡفٗا مِّنَ ٱلَّذِينَ كَفَرُواْ بِأَنَّهُمۡ قَوۡمٞ لَّا يَفۡقَهُونَ ٦٥
O Prophet, urge the believers to battle. If there are among you twenty [who are] steadfast, they will overcome two hundred. And if there are among you one hundred [who are steadfast], they will overcome a thousand of those who have disbelieved because they are a people who do not understand.
হে নবী! মুমিনসকলক যুদ্ধৰ বাবে প্ৰেৰণা দিয়ক, তেওঁলোকৰ সংকল্প মজবুত কৰক, আৰু তেওঁলোকক উৎসাহ দিয়ক। হে মুমিনসকল! তোমালোকৰ বিশ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে কাফিৰসকলৰ দু শ জনক পৰাজিত কৰিব পাৰিব। আনহাতে তোমালোকৰ এ শ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে, কাফিৰসকলৰ এহেজাৰ জনক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কাৰণ কাফিৰসকলে নাজানে যে, আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰে আৰু শত্ৰুক নিৰ্মূল কৰি দিয়ে। সিহঁত যুদ্ধৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কেও অৱগত নহয়। সেই কাৰণেই সিহঁতে পৃথিৱীত মৰ্যদা পোৱাৰ কাৰণে যুদ্ধ কৰে।
8:66Page 185
ٱلۡـَٰٔنَ خَفَّفَ ٱللَّهُ عَنكُمۡ وَعَلِمَ أَنَّ فِيكُمۡ ضَعۡفٗاۚ فَإِن يَكُن مِّنكُم مِّاْئَةٞ صَابِرَةٞ يَغۡلِبُواْ مِاْئَتَيۡنِۚ وَإِن يَكُن مِّنكُمۡ أَلۡفٞ يَغۡلِبُوٓاْ أَلۡفَيۡنِ بِإِذۡنِ ٱللَّهِۗ وَٱللَّهُ مَعَ ٱلصَّٰبِرِينَ ٦٦
Now, Allāh has lightened [the hardship] for you, and He knows that among you is weakness. So if there are from you one hundred [who are] steadfast, they will overcome two hundred. And if there are among you a thousand, they will overcome two thousand by permission of Allāh. And Allāh is with the steadfast.
হে মুমিনসকল! এতিয়া আল্লাহে তোমালোকৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ পৰা বোজা লাঘৱ কৰিছে। এতিয়া তেওঁ অনিবাৰ্য কৰিছে তোমালোকৰ এজন ব্যক্তিয়ে সিহঁতৰ দহ জনৰ পৰিবৰ্তে দুজনৰ সন্মুখত দৃঢ়ভাৱে মুকাবিলা কৰিব লাগিব। এতেকে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে সিহঁতৰ দুশ জনক পৰাস্ত কৰিবলৈ সক্ষম। আৰু তোমালোকৰ মাজৰ এহেজাৰ ধৈৰ্যশীল ব্যক্তিয়ে আল্লাহৰ অনুমতিক্ৰমে সিহঁতৰ দুহেজাৰক পৰাস্ত কৰিবলৈ সক্ষম। নিশ্চয় আল্লাহৰ সহায় সমৰ্থন ধৈৰ্যশীল মুমিনৰ লগত থাকে।
8:67Page 185
مَا كَانَ لِنَبِيٍّ أَن يَكُونَ لَهُۥٓ أَسۡرَىٰ حَتَّىٰ يُثۡخِنَ فِي ٱلۡأَرۡضِۚ تُرِيدُونَ عَرَضَ ٱلدُّنۡيَا وَٱللَّهُ يُرِيدُ ٱلۡأٓخِرَةَۗ وَٱللَّهُ عَزِيزٌ حَكِيمٞ ٦٧
It is not for a prophet to have captives [of war] until he inflicts a massacre [upon Allāh's enemies] in the land. You [i.e., some Muslims] desire the commodities of this world,1 but Allāh desires [for you] the Hereafter. And Allāh is Exalted in Might and Wise.
যুদ্ধৰত কাফিৰসকলৰ অধিকাংশক হত্যা নকৰালৈকে সিহঁতক বন্দী বনোৱা কোনো নবীৰ বাবে উচিত নহয়। এইটো এই কাৰণে যাতে সিহঁতৰ অন্তৰত ভয় প্ৰৱেশ কৰে আৰু পুনৰ যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। হে মুমিনসকল! তোমালোকে বদৰৰ ময়দানৰ পৰা বন্দী কৰা শত্ৰুসকলৰ পৰা মুক্তিপণ লব বিচৰা, অথচ আল্লাহে আখিৰাত বিচাৰে, এইটো পাবলৈ হলে ইছলামক সহায় কৰিব লাগিব আৰু ইয়াক শক্তিশালী কৰিব লাগিব। আৰু আল্লাহ সত্ত্বাগত তথা বৈশিষ্ট্যগত ভাৱে মহাপৰাক্ৰমশালী, প্ৰভাৱশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
8:68Page 185
لَّوۡلَا كِتَٰبٞ مِّنَ ٱللَّهِ سَبَقَ لَمَسَّكُمۡ فِيمَآ أَخَذۡتُمۡ عَذَابٌ عَظِيمٞ ٦٨
If not for a decree from Allāh that preceded,1 you would have been touched for what you took by a great punishment.
যদি এই বিষয়ে আল্লাহৰ এই লিখিত ফয়চালা নাথাকিলেহেঁতেন যে, তোমালোকৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল তথা কয়েদীসকলক মুক্তি দিবলৈ মুক্তিপণ গ্ৰহণ কৰা উচিত, তেন্তে আল্লাহৰ কোনো নিৰ্দেশ অহাৰ পূৰ্বে যুদ্ধলব্ধ সম্পদ আৰু মুক্তিপণ গ্ৰহণ কৰিলে তোমালোকে কঠিন শাস্তিৰ সন্মুখীন হলাহেঁতেন।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences