Al-Mukhtasar · Tafsir · in Assamese
المطففين
Al-Mutaffifin
The Defrauding · Meccan · 36 ayahs
জোখ-মাখত কম দিয়া সকলৰ বাবে ধ্বংস আৰু ক্ষতি আছে।
83:2Page 587
ٱلَّذِينَ إِذَا ٱكۡتَالُواْ عَلَى ٱلنَّاسِ يَسۡتَوۡفُونَ ٢
Who, when they take a measure from people, take in full.
আৰু যিহঁতে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়। অলপো কম নলয়।
83:3Page 587
وَإِذَا كَالُوهُمۡ أَو وَّزَنُوهُمۡ يُخۡسِرُونَ ٣
But if they give by measure or by weight to them, they cause loss.
আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। আচলতে ৰাছুল চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদিনালৈ হিজৰত কৰিছিল তেতিয়া মদীনাবাসীৰ এনেকুৱা অৱস্থা আছিল।
83:4Page 587
أَلَا يَظُنُّ أُوْلَٰٓئِكَ أَنَّهُم مَّبۡعُوثُونَ ٤
Do they not think that they will be resurrected
এনেকুৱা কু-কৰ্মী সকলে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব বুলি বিশ্বাস নকৰে নেকি?
হিচাপ- নিকাচ আৰু পৰিণামৰ দিৱসটো হৈছে এক মহাদিৱস, কিয়নো তাত কঠিন পৰীক্ষা আৰু ভয়াৱহ পৰিস্থিতিৰে পাৰ হব লাগিব।
83:6Page 587
يَوۡمَ يَقُومُ ٱلنَّاسُ لِرَبِّ ٱلۡعَٰلَمِينَ ٦
The Day when mankind will stand before the Lord of the worlds?
সিদিনাখন সকলো সৃষ্টিয়ে হিচাপ- নিকাচৰ বাবে আল্লাহৰ আগত থিয় হব।
83:7Page 588
كـَلَّآ إِنَّ كِتَٰبَ ٱلۡفُجَّارِ لَفِي سِجِّينٖ ٧
No! Indeed, the record of the wicked is in sijjeen.
বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, মৃত্যুৰ পিছত জীৱিত হব নালাগিব। নিশ্চয় কাফিৰ আৰু মুনাফিক সকলৰ দৰে কু- কৰ্মী সকলৰ কৰ্ম পত্ৰ নিম্নভূমিৰ সংকীৰ্ণ স্থানত আছে।
হে ৰাছুল ! আপোনাক কিহে জনাব যে, ছিজ্জীন কি?
সিহঁতৰ কৰ্ম পত্ৰ এনেদৰে লিখা হব যে সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছি নহব।
সিদিনাখন অস্বীকাৰকাৰী সকলৰ বাবে আছে ক্ষতি আৰু ধ্বংস।
যিহঁতে পৰিণামৰ দিন অস্বীকাৰ কৰে, যিদিনা আল্লাহ তাআলাই তাৰ বান্দাসকলক সিহঁতে কৰা কৰ্মৰ প্ৰতিদান দিব।
83:12Page 588
وَمَا يُكَذِّبُ بِهِۦٓ إِلَّا كُلُّ مُعۡتَدٍ أَثِيمٍ ١٢
And none deny it except every sinful transgressor.
আৰু সেই দিৱসটোক কেৱল সিহঁতেই অস্বীকাৰ কৰে, যিসকল আল্লাহৰ সীমালংঘনকাৰী আৰু অতি পাপী ব্যক্তি।
83:13Page 588
إِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ١٣
When Our verses are recited to him, he says, "Legends of the former peoples."
যেতিয়া তেওঁলোকৰ আগত ৰাছুলৰ প্ৰতি প্ৰেৰিত আয়াতবোৰ পাঠ কৰা হয়, তেতিয়া সিহঁতে কয়ঃ এয়া বিগত সমুদায়ৰ কল্প-কাহানী, আল্লাহৰ পক্ষৰ পৰা অৱতীৰ্ণ নহয়।
83:14Page 588
كـَلَّاۖ بَلۡۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُواْ يَكۡسِبُونَ ١٤
No! Rather, the stain has covered their hearts of that which they were earning.1
বিষয়টো তেনেকুৱা নহয় যিদৰে এই অস্বীকাৰকাৰী সকলে ভাবিছে। বৰঞ্চ সত্য কথা হৈছে এওঁলোকৰ বিবেকৰ ওপৰত কু-কৰ্মৰ আৱৰণ পৰিছে। গতিকে এওঁলোকে অন্তৰেৰে সত্যৰ পৰ্যবেক্ষণ কৰিব নোৱাৰে।
83:15Page 588
كـَلَّآ إِنَّهُمۡ عَن رَّبِّهِمۡ يَوۡمَئِذٖ لَّمَحۡجُوبُونَ ١٥
No! Indeed, from their Lord, that Day, they will be partitioned.1
এয়া সত্য যে, সিহঁতক ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ দৰ্শনৰ পৰা বঞ্চিত কৰা হব।
83:16Page 588
ثُمَّ إِنَّهُمۡ لَصَالُواْ ٱلۡجَحِيمِ ١٦
Then indeed, they will [enter and] burn in Hellfire.
আৰু সিহঁত জাহান্নামত প্ৰবেশ কৰি তাৰ উত্তাপৰ সন্মুখীন হব।
83:17Page 588
ثُمَّ يُقَالُ هَٰذَا ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ ١٧
Then it will be said [to them], "This is what you used to deny."
তাৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতক ধমক দি কোৱা হবঃ এতিয়া তোমালোকে যি শাস্তি ভোগ কৰি আছা এইটো সেই শাস্তি যিটো পৃথিৱীত তোমালোকৰ ৰাছুলে তোমালোকক অৱগত কৰিছিল কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা।
83:18Page 588
كـَلَّآ إِنَّ كِتَٰبَ ٱلۡأَبۡرَارِ لَفِي عِلِّيِّينَ ١٨
No! Indeed, the record of the righteous is in ʿilliyyūn.
বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, হিচাপ- নিকাচ আৰু প্ৰতিদান একোৱেই নাই। নিশ্চয় সৎ লোকৰ কৰ্মপত্ৰ ইল্লিয়্যীনত আছে।
হে ৰাছুল ! আপোনাক কিহে জনাব যে, ইল্লিয়্যীন কি?
সিহঁতৰ কৰ্ম পত্ৰ এনেদৰে লিখা হব যে সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছি নহব।
এই কৰ্ম পত্ৰৰ ওচৰত প্ৰত্যেক আকাশৰ নিকটৱৰ্তী ফিৰিস্তা উপস্থিত থাকে।
নিশ্চয় অধিক আনুগত্যকাৰী সকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব যিটো হব চিৰস্থায়ী।
সুসজ্জিত আসনত বহি তেওঁলোকৰ প্ৰতিপালক তথা সকলো বস্তুৰ ফালে চাই থাকিব যিবোৰে তেওঁলোকৰ মন জয় কৰিব।
83:24Page 588
تَعۡرِفُ فِي وُجُوهِهِمۡ نَضۡرَةَ ٱلنَّعِيمِ ٢٤
You will recognize in their faces the radiance of pleasure.
আপুনি যেতিয়া তেওঁলোকক দেখিবলৈ পাব, তেতিয়া তেওঁলোকৰ মুখমণ্ডলৰ সৌন্দৰ্য আৰু সতেজ দেখিয়েই আপুনি তেওঁলোকৰ জীৱন আনন্দময় হোৱাৰ অনুমান কৰিব পাৰিব।
83:25Page 588
يُسۡقَوۡنَ مِن رَّحِيقٖ مَّخۡتُومٍ ٢٥
They will be given to drink [pure] wine1 [which was] sealed.
তেওঁলোকক তেওঁলোকৰ সেৱকে মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় সেৱন কৰাব।
83:26Page 588
خِتَٰمُهُۥ مِسۡكٞۚ وَفِي ذَٰلِكَ فَلۡيَتَنَافَسِ ٱلۡمُتَنَٰفِسُونَ ٢٦
The last of it1 is musk. So for this let the competitors compete.
তাৰ পৰা অন্তলৈকে মিছক বা কস্তুৰিৰ সুগন্ধি আহি থাকিব। এই মহত্বপূৰ্ণ পৰিণামৰ বাবে প্ৰতিযোগীতাৰ ইচ্ছুক সকলে প্ৰতিযোগীতাৰ বাবে প্ৰয়াস কৰিব লাগে। গতিকে এনেকুৱা কাম কৰিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই সন্তুষ্ট হয় আৰু এনেকুৱা কামৰ পৰা বিৰত থাকিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই অসন্তুষ্ট হয়।
আৰু এই মোহৰাবদ্ধ পানীয়ৰ লগত তাছনীম নিজৰাৰ পানী মিশ্ৰিত হব।
83:28Page 588
عَيۡنٗا يَشۡرَبُ بِهَا ٱلۡمُقَرَّبُونَ ٢٨
A spring from which those near [to Allāh] drink.
এইটো জান্নাতত থকা আটাইতকৈ উচ্চ স্থানৰ এটা নিজৰা। যাৰ বিশুদ্ধ পানী আল্লাহৰ নিকটৱৰ্তী বান্দাসকলে সেৱন কৰিব। যিহেতু অন্য সকলো ঈমানদাৰে তাৰ মিশ্ৰিত পানী সেৱন কৰিব।
83:29Page 588
إِنَّ ٱلَّذِينَ أَجۡرَمُواْ كَانُواْ مِنَ ٱلَّذِينَ ءَامَنُواْ يَضۡحَكُونَ ٢٩
Indeed, those who committed crimes used to laugh at those who believed.
নিশ্চয় যিহঁতে কুফুৰীৰ পথত অটুট থাকি অপৰাধ কৰিছে সিহঁতে মুমিনসলক ঠাট্টা কৰি উপহাস কৰিছিল।
83:30Page 588
وَإِذَا مَرُّواْ بِهِمۡ يَتَغَامَزُونَ ٣٠
And when they passed by them, they would exchange derisive glances.
আৰু যেতিয়া মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া ঠাট্টা আৰু উপহাস স্বৰূপে পৰস্পৰে চকু টিপি ইংগিত দিছিল।
83:31Page 588
وَإِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمُ ٱنقَلَبُواْ فَكِهِينَ ٣١
And when they returned to their people, they would return jesting.
আৰু যেতিয়া পৰিয়াললৈ ওভতিছিল তেতিয়া সিহঁতৰ কুফুৰী আৰু মুমিনসকলক কৰা পৰিহাসৰ আনন্দ লৈ ওভতিছিল।
83:32Page 588
وَإِذَا رَأَوۡهُمۡ قَالُوٓاْ إِنَّ هَٰٓؤُلَآءِ لَضَآلُّونَ ٣٢
And when they saw them, they would say, "Indeed, those are truly lost."
আৰু যেতিয়া মুছলমানক দেখিছিল তেতিয়া কৈছিলঃ এওঁলোকে সঠিক পথৰ পৰা পথভ্ৰষ্ট হোৱা লোক। কিয়নো এওঁলোকে নিজ পিতৃ-পুৰুষৰ ধৰ্ম ত্যাগ কৰিছে।
83:33Page 588
وَمَآ أُرۡسِلُواْ عَلَيۡهِمۡ حَٰفِظِينَ ٣٣
But they had not been sent as guardians over them.
যিহেতু আল্লাহ তাআলাই সিহঁতক ইমানদাৰ সকলে কি কৰে তাক চোৱাৰ দায়িত্ব দিয়া নাই তথাপিও সিহঁতে এনেকুৱা কথা কয়।
83:34Page 588
فَٱلۡيَوۡمَ ٱلَّذِينَ ءَامَنُواْ مِنَ ٱلۡكُفَّارِ يَضۡحَكُونَ ٣٤
So Today1 those who believed are laughing at the disbelievers,
সেয়েহে ক্বিয়ামতৰ দিনা মুমিনসকলে কাফিৰসকলৰ প্ৰতি উপহাস কৰিব, যিদৰে পৃথিৱীত কাফিৰসকলে তেওঁলোকৰ প্ৰতি উপহাস কৰিছিল।
আসনত বহি আল্লাহ তাআলাই তেওঁলোকৰ বাবে প্ৰস্তুত কৰা নিয়ামত বা অৱদানবোৰ চাই থাকিব।
83:36Page 589
هَلۡ ثُوِّبَ ٱلۡكُفَّارُ مَا كَانُواْ يَفۡعَلُونَ ٣٦
Have the disbelievers [not] been rewarded [this Day] for what they used to do?
নিশ্চয় কাফিৰ বিলাকক সিহঁতৰ সেই কামৰ পৰিণাম অপমানজনক শাস্তিৰূপে দিয়া হৈছে যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences