Al-MukhtasarAd‑Duhaa · 93:1–11

Al-Mukhtasar · Tafsir · in Assamese

الضحى

Ad-Duhaa

The Morning Hours · Meccan · 11 ayahs

93:1Page 596

وَٱلضُّحَىٰ ١

By the morning brightness

আল্লাহ তাআলাই দিনৰ প্ৰথম ভাগৰ শপত কৰিছে।

93:2Page 596

وَٱلَّيۡلِ إِذَا سَجَىٰ ٢

And [by] the night when it covers with darkness,1

আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে।

93:3Page 596

مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ ٣

Your Lord has not taken leave of you, [O Muḥammad], nor has He detested [you].

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তুষ্ট বা খঙও কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিক সকলে কৈছিল।

93:4Page 596

وَلَلۡأٓخِرَةُ خَيۡرٞ لَّكَ مِنَ ٱلۡأُولَىٰ ٤

And the Hereafter is better for you than the first [life].

আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ পৃথিৱীতকৈ উত্তম। কিয়নো এনেকুৱা অনুগ্ৰহ যিটো কেতিয়াও শেষ নহয়।

93:5Page 596

وَلَسَوۡفَ يُعۡطِيكَ رَبُّكَ فَتَرۡضَىٰٓ ٥

And your Lord is going to give you, and you will be satisfied.

আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰদায়ক প্ৰচুৰ পৰিমাণে অনূগ্ৰহ প্ৰদান কৰিব যে, আপুনি সন্তুষ্ট হৈ যাব।

93:6Page 596

أَلَمۡ يَجِدۡكَ يَتِيمٗا فَـَٔاوَىٰ ٦

Did He not find you an orphan and give [you] refuge?

নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেতিয়া আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ, তাৰ পিছত আপোনাৰ খুড়া আবু তালিবৰ ছাঁ প্ৰদান কৰিছিল।

93:7Page 596

وَوَجَدَكَ ضَآلّٗا فَهَدَىٰ ٧

And He found you lost and guided [you],

আৰু আপোনাক এনেকুৱা অৱস্থাত পাইছিল যে, আপুনি কিতাপ আৰু ঈমান সম্পৰ্কে অৱগত নাছিল। সেয়েহে আপোনাক সেইবোৰ কথা শিকাই দিছে যিবোৰ আপুনি জনা নাছিল।

93:8Page 596

وَوَجَدَكَ عَآئِلٗا فَأَغۡنَىٰ ٨

And He found you poor and made [you] self-sufficient.

আৰু আপোনাক দুখীয়া পাইছিল, তাৰ পিছত তেৱেঁই আপোনাক ধনী বনাই দিছে।

93:9Page 596

فَأَمَّا ٱلۡيَتِيمَ فَلَا تَقۡهَرۡ ٩

So as for the orphan, do not oppress [him].

এতেকে কোনো এতিমৰ লগত দূৰ্ব্যৱহাৰ আৰু অপমান নকৰিব।

93:10Page 596

وَأَمَّا ٱلسَّآئِلَ فَلَا تَنۡهَرۡ ١٠

And as for the petitioner,1 do not repel [him].

আৰু কোনো ভিখাৰীক ধমক নিদিব।

93:11Page 596

وَأَمَّا بِنِعۡمَةِ رَبِّكَ فَحَدِّثۡ ١١

But as for the favor of your Lord, report [it].

আল্লাহৰ অনুগ্ৰহৰ কৃতজ্ঞতা পালন কৰিব আৰু তাক বৰ্ণনা কৰিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском