Al-MukhtasarAt‑Tin · 95:1–8

Al-Mukhtasar · Tafsir · in Assamese

التين

At-Tin

The Fig · Meccan · 8 ayahs

95:1Page 597

وَٱلتِّينِ وَٱلزَّيۡتُونِ ١

By the fig and the olive1

আল্লাহে তীন আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে লগতে যায়তুন তথা ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিছ ছালামক প্ৰৰণ কৰা হৈছিল।

95:2Page 597

وَطُورِ سِينِينَ ٢

And [by] Mount Sinai

আৰু চিনাই পৰ্বতৰ শপত কৰিছে, যাৰ ওচৰত আল্লাহৰ নবী মুছা আলাইহিছ ছালামৰ লগত কথাপোকথন হৈছিল।

95:3Page 597

وَهَٰذَا ٱلۡبَلَدِ ٱلۡأَمِينِ ٣

And [by] this secure city [i.e., Makkah],

আৰু সন্মানিত নগৰ মক্কাৰ শপত কৰিছে, য'ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছিল আৰু যত প্ৰৱেশ কৰিলে মানুহে নিৰাপত্তা অনুভৱ কৰে।

95:4Page 597

لَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ فِيٓ أَحۡسَنِ تَقۡوِيمٖ ٤

We have certainly created man in the best of stature;1

আমি মানুহক সৱাতোকৈ সন্তুলিত সংৰচনাৰ সৈতে আৰু সৱাতোকৈ উত্তম ৰূপত সৃষ্টি কৰিছো।

95:5Page 597

ثُمَّ رَدَدۡنَٰهُ أَسۡفَلَ سَٰفِلِينَ ٥

Then We return him to the lowest of the low,1

তাৰ পিছত আমি তাক পৃথিৱীত বৃদ্ধ আৰু অক্ষমতাৰ বসয়লৈ ওভতাই দিওঁ। গতিকে সিহঁতে নিজৰ শৰীৰৰ পৰা উপকৃত হব নোৱাৰে। যিদৰে সেই সময়ত উপকৃত হব নোৱাৰে যেতিয়া তাৰ ফিতৰত প্ৰকৃতি বিনষ্ট হৈ যাব আৰু জাহান্নামত প্ৰৱেশ কৰিব লাগিব।

95:6Page 597

إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فَلَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونٖ ٦

Except for those who believe and do righteous deeds, for they will have a reward uninterrupted.

কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকে যদিও বৃদ্ধ হৈ যায় তেওঁলোকৰ বাবে নিৰবিচ্ছিন্ন প্ৰতিদান আছে। অৰ্থাৎ জান্নাত আছে। কিয়নো তেওঁলোকে নিজৰ ফিতৰতক পৱিত্ৰ কৰি লৈছে।

95:7Page 597

فَمَا يُكَذِّبُكَ بَعۡدُ بِٱلدِّينِ ٧

So what yet causes you to deny the Recompense?1

হে মানৱ, তোমাক কোনটো বস্তুৱে পৰিণামৰ দিনক অস্বীকাৰ কৰিবলৈ উদগনি দিয়ে। যিহেতু তুমি তাৰ ক্ষমতাৰ বহুতো নিদৰ্শন দেখিছা?

95:8Page 597

أَلَيۡسَ ٱللَّهُ بِأَحۡكَمِ ٱلۡحَٰكِمِينَ ٨

Is not Allāh the most just of judges?

আল্লাহে ক্বিয়ামতৰ দিনক পৰিণামৰ দিন বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ মহান বিচাৰক আৰু আটাইতকৈ ন্যায়পৰায়ণ নহয়নে? এইটো বুজা ঠিক হব নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলক সিহঁতৰ মাজত বিচাৰ নকৰাকৈ এনেই এৰি দিব আৰু ভাল কৰ্মীক তাৰ ভাল কাৰ্য আৰু বেয়া কৰ্মীক তাৰ বেয়া কৰ্মৰ পৰিণাম দিয়া নহবনে?

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском