Al-Mukhtasar · Tafsir · in Assamese
البينة
Al-Bayyinah
The Clear Proof · Medinan · 8 ayahs
98:1Page 598
لَمۡ يَكُنِ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَٱلۡمُشۡرِكِينَ مُنفَكِّينَ حَتَّىٰ تَأۡتِيَهُمُ ٱلۡبَيِّنَةُ ١
Those who disbelieved among the People of the Scripture and the polytheists were not to be parted [from misbelief]1 until there came to them clear evidence –
স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি নিজৰ ঐক্যতাৰ পৰা বিৰত থকা নাছিল।
98:2Page 598
رَسُولٞ مِّنَ ٱللَّهِ يَتۡلُواْ صُحُفٗا مُّطَهَّرَةٗ ٢
A Messenger from Allāh, reciting purified1 scriptures
এইটো স্পষ্ট প্ৰমাণ আৰু মুক্ত তথা পৰিপূৰ্ণ প্ৰমাণ যে, আল্লাহৰ প্ৰেৰিত এজন ৰাছুল পৱিত্ৰ ছহিফা বা পত্ৰবোৰ পঢ়ি শুনাব, যাক কেৱল আল্লাহৰ পৱিত্ৰ বান্দাইহে স্পৰ্শ কৰে।
যি ছহিফাবোৰত সত্য খবৰ আৰু উচিত আদেশ থাকে, যিয়ে মানুহক সেই পথ প্ৰদৰ্শন কৰে যাৰ ভিতৰত তেওঁলোকৰ সংশোধন আৰু হিদায়ত থাকে।
98:4Page 598
وَمَا تَفَرَّقَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ إِلَّا مِنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَةُ ٤
Nor did those who were given the Scripture become divided1 until after there had come to them clear evidence.
আৰু ইহুদী, যিহঁতক তাওৰাত দিয়া হৈছিল। আৰু খৃষ্টান, যিহঁতক ইঞ্জিল দিয়া হৈছিল। ইয়াৰ পিছতো সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছিল যে, সিহঁতলৈ আল্লাহৰ ৰাছুল আহিছে। গতিকে কিছুমান লোকে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কুফুৰীৰ পথত পৰিচালিত হৈছিল।
98:5Page 598
وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُواْ ٱلصَّلَوٰةَ وَيُؤۡتُواْ ٱلزَّكَوٰةَۚ وَذَٰلِكَ دِينُ ٱلۡقَيِّمَةِ ٥
And they were not commanded except to worship Allāh, [being] sincere to Him in religion, inclining to truth, and to establish prayer and to give zakāh. And that is the correct religion.
ইহুদী আৰু খৃষ্টানসকলৰ অপৰাধ আৰু বিদ্বেষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁতক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে যিবোৰৰ আদেশ সিহঁতৰ উভয় কিতাপত দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্কৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়েহে সিহঁতক যি আদেশ দিয়া হৈছিল, সেয়া প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰতা নাই।
98:6Page 598
إِنَّ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَٱلۡمُشۡرِكِينَ فِي نَارِ جَهَنَّمَ خَٰلِدِينَ فِيهَآۚ أُوْلَٰٓئِكَ هُمۡ شَرُّ ٱلۡبَرِيَّةِ ٦
Indeed, they who disbelieved among the People of the Scripture and the polytheists will be in the fire of Hell, abiding eternally therein. Those are the worst of creatures.
নিশ্চয় ( ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব তাৰ ভিতৰত স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তাৰ ৰাছুলক অস্বীকাৰ কৰিছে।
98:7Page 598
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ أُوْلَٰٓئِكَ هُمۡ خَيۡرُ ٱلۡبَرِيَّةِ ٧
Indeed, they who have believed and done righteous deeds - those are the best of creatures.
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকেই উত্তম সৃষ্টি।
98:8Page 599
جَزَآؤُهُمۡ عِندَ رَبِّهِمۡ جَنَّٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ لِمَنۡ خَشِيَ رَبَّهُۥ ٨
Their reward with their Lord will be gardens of perpetual residence beneath which rivers flow, wherein they will abide forever, Allāh being pleased with them and they with Him. That is for whoever has feared his Lord.
তেওঁলোকৰ প্ৰতিদান তেওঁলোকৰ পৱিত্ৰ আৰু উচ্চ প্ৰতিপালকৰ ওচৰত আছে, এনেকুৱা জান্নাত যাৰ অট্টালিকা আৰু গছবোৰৰ তলত নদীসমূহ প্ৰবাহিত হব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকৰ ঈমান আৰু ইবাদতৰ কাৰণে আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হব আৰু তেওঁলোকে আল্লাহৰ অসীম কৃপাৰ কাৰণে তাৰ প্ৰতি সন্তুষ্ট হব। যিয়ে তাৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষিদ্ধ কথাৰ পৰা বিৰত থাকে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences