Al-Mukhtasar · Tafsir · in Assamese
Yusuf 12:82–111
12:82Page 245
وَسۡـَٔلِ ٱلۡقَرۡيَةَ ٱلَّتِي كُنَّا فِيهَا وَٱلۡعِيرَ ٱلَّتِيٓ أَقۡبَلۡنَا فِيهَاۖ وَإِنَّا لَصَٰدِقُونَ ٨٢
And ask the city in which we were and the caravan in which we came - and indeed, we are truthful.'"
হে আমাৰ পিতৃ! আমাৰ কথা সঁচা নে মিছা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিচৰবাসী সকলক সুধিব পাৰে, যত আমি অৱস্থান কৰিছিলো। আৰু সেই যাত্ৰীদলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছো। সকলোৱে আপোনাক সেই কথাই কব, যি কথা আমি আপোনাক অৱগত কৰালো। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য।
12:83Page 245
قَالَ بَلۡ سَوَّلَتۡ لَكُمۡ أَنفُسُكُمۡ أَمۡرٗاۖ فَصَبۡرٞ جَمِيلٌۖ عَسَى ٱللَّهُ أَن يَأۡتِيَنِي بِهِمۡ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ ٨٣
[Jacob] said, "Rather, your souls have enticed you to something, so patience is most fitting. Perhaps Allāh will bring them to me all together. Indeed, it is He who is the Knowing, the Wise."
পিতৃয়ে সিহঁতক ক'লেঃ চুৰিৰ কথা যে তোমালোক কৈ আছা, এয়া সত্য নহয়। বৰং তোমালোকৰ অন্তৰে তোমালোকৰ বাবে শোভনীয় কৰি দিছে যে, ইয়াৰ বিৰুদ্ধেও তোমালোকে চক্ৰান্ত কৰা যিদৰে তোমালোকে ইতিপূৰ্বে ইউছুফৰ লগত কৰিছিলা। গতিকে মই উত্তম পন্থাৰে ধৈৰ্য ধাৰণ কৰিলো। আল্লাহৰ বাহিৰে আন কাৰো ওচৰত মই অভিযোগ দাঙি নধৰো। আশা কৰো আল্লাহে সিহঁত সকলোকে মোৰ ওচৰলৈ ঘূৰাই আনিব। ইউছুফ, তেওঁৰ সহোদৰ আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃক। নিশ্চয় তেৱেঁই মোৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। মোৰ সমস্যা সমাধানত তেওঁ মহাপ্ৰজ্ঞাৱান।
12:84Page 245
وَتَوَلَّىٰ عَنۡهُمۡ وَقَالَ يَٰٓأَسَفَىٰ عَلَىٰ يُوسُفَ وَٱبۡيَضَّتۡ عَيۡنَاهُ مِنَ ٱلۡحُزۡنِ فَهُوَ كَظِيمٞ ٨٤
And he turned away from them and said, "Oh, my sorrow over Joseph," and his eyes became white1 from grief, for he was [of that] a suppressor.2
সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লেঃ হায় আফছোচ! ইউছুফৰ বিৰহত কিমান মই চিন্তিত। ইউছুফৰ অনুপস্থিতিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশক বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকাই ৰাখিছিল।
12:85Page 245
قَالُواْ تَٱللَّهِ تَفۡتَؤُاْ تَذۡكُرُ يُوسُفَ حَتَّىٰ تَكُونَ حَرَضًا أَوۡ تَكُونَ مِنَ ٱلۡهَٰلِكِينَ ٨٥
They said, "By Allāh, you will not cease remembering Joseph until you become fatally ill or become of those who perish."
ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।
12:86Page 245
قَالَ إِنَّمَآ أَشۡكُواْ بَثِّي وَحُزۡنِيٓ إِلَى ٱللَّهِ وَأَعۡلَمُ مِنَ ٱللَّهِ مَا لَا تَعۡلَمُونَ ٨٦
He said, "I only complain of my suffering and my grief to Allāh, and I know from Allāh that which you do not know.
পিতৃয়ে সিহঁতক ক'লেঃ মোৰ অসহনীয় বেদনা আৰু দুখৰ অভিযোগ মই আল্লাহৰ বাহিৰে আন কাৰো ওচৰত উত্থাপন নকৰো। আল্লাহৰ অনুগ্ৰহ, উপকাৰ আৰু বিপদগ্ৰস্ত লোকৰ প্ৰাৰ্থনা কবূল কৰা সম্পৰ্কে মই আল্লাহৰ এনেকুৱা কিছুমান তথ্য জানো যিবোৰ তোমালোকে নাজানা।
12:87Page 246
يَٰبَنِيَّ ٱذۡهَبُواْ فَتَحَسَّسُواْ مِن يُوسُفَ وَأَخِيهِ وَلَا تَاْيۡـَٔسُواْ مِن رَّوۡحِ ٱللَّهِۖ إِنَّهُۥ لَا يَاْيۡـَٔسُ مِن رَّوۡحِ ٱللَّهِ إِلَّا ٱلۡقَوۡمُ ٱلۡكَٰفِرُونَ ٨٧
O my sons, go and find out about Joseph and his brother and despair not of relief from Allāh. Indeed, no one despairs of relief from Allāh except the disbelieving people."
পিতৃয়ে সিহঁতক ক'লেঃ হে মোৰ পুত্ৰসকল! যোৱা আৰু ইউছুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে অৱশ্যে তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব, ইয়াৰ পৰা নিৰাশ নহবা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়। কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়।
12:88Page 246
فَلَمَّا دَخَلُواْ عَلَيۡهِ قَالُواْ يَٰٓأَيُّهَا ٱلۡعَزِيزُ مَسَّنَا وَأَهۡلَنَا ٱلضُّرُّ وَجِئۡنَا بِبِضَٰعَةٖ مُّزۡجَىٰةٖ فَأَوۡفِ لَنَا ٱلۡكَيۡلَ وَتَصَدَّقۡ عَلَيۡنَآۖ إِنَّ ٱللَّهَ يَجۡزِي ٱلۡمُتَصَدِّقِينَ ٨٨
So when they entered upon him [i.e., Joseph], they said, "O ʿAzeez, adversity has touched us and our family, and we have come with goods poor in quality, but give us full measure and be charitable to us. Indeed, Allāh rewards the charitable."
এতেকে সিহঁতে পিতৃ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁত ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছো। অলপ মূল্য লৈ আহিছো। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।
12:89Page 246
قَالَ هَلۡ عَلِمۡتُم مَّا فَعَلۡتُم بِيُوسُفَ وَأَخِيهِ إِذۡ أَنتُمۡ جَٰهِلُونَ ٨٩
He said, "Do you know what you did with Joseph and his brother when you were ignorant?"
সিহঁতৰ কথা শুনি ইউছুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল। আৰু নিজৰ পৰিচয় দিলে। আৰু সিহঁতক ক'লেঃ তোমালোকৰ মনত আছেনে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোক সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা?
12:90Page 246
قَالُوٓاْ أَءِنَّكَ لَأَنتَ يُوسُفُۖ قَالَ أَنَا۠ يُوسُفُ وَهَٰذَآ أَخِيۖ قَدۡ مَنَّ ٱللَّهُ عَلَيۡنَآۖ إِنَّهُۥ مَن يَتَّقِ وَيَصۡبِرۡ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ ٩٠
They said, "Are you indeed Joseph?" He said, "I am Joseph, and this is my brother. Allāh has certainly favored us. Indeed, he who fears Allāh and is patient, then indeed, Allāh does not allow to be lost the reward of those who do good."
এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি, তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।
12:91Page 246
قَالُواْ تَٱللَّهِ لَقَدۡ ءَاثَرَكَ ٱللَّهُ عَلَيۡنَا وَإِن كُنَّا لَخَٰطِـِٔينَ ٩١
They said, "By Allāh, certainly has Allāh preferred you over us, and indeed, we have been sinners."
তেওঁৰ ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লেঃ আল্লাহৰ শপত! নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে, আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছো, সেই ক্ষেত্ৰত আমি আছিলো অন্যায়কাৰী।
12:92Page 246
قَالَ لَا تَثۡرِيبَ عَلَيۡكُمُ ٱلۡيَوۡمَۖ يَغۡفِرُ ٱللَّهُ لَكُمۡۖ وَهُوَ أَرۡحَمُ ٱلرَّٰحِمِينَ ٩٢
He said, "No blame will there be upon you today. May Allāh forgive you; and He is the most merciful of the merciful.
ইউছুফ আলাইহিছ ছালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লেঃ আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনাও কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। তেৱেঁই পৱিত্ৰ আল্লাহ, মহা দয়াৱান।
12:93Page 246
ٱذۡهَبُواْ بِقَمِيصِي هَٰذَا فَأَلۡقُوهُ عَلَىٰ وَجۡهِ أَبِي يَأۡتِ بَصِيرٗا وَأۡتُونِي بِأَهۡلِكُمۡ أَجۡمَعِينَ ٩٣
Take this, my shirt, and cast it over the face of my father; he will become seeing. And bring me your family, all together."
এতেকে তেওঁ যেতিয়া গম পালে যে, তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিচ প্ৰদান কৰি ক'লেঃ মোৰ এই কামিচটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা, দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে। তাৰ পিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা।
12:94Page 246
وَلَمَّا فَصَلَتِ ٱلۡعِيرُ قَالَ أَبُوهُمۡ إِنِّي لَأَجِدُ رِيحَ يُوسُفَۖ لَوۡلَآ أَن تُفَنِّدُونِ ٩٤
And when the caravan departed [from Egypt], their father said,1 "Indeed, I find the smell of Joseph [and would say that he was alive] if you did not think me weakened in mind."
যাত্ৰীদল যেতিয়া মিচৰৰ পৰা ৰাওনা হ'ল আৰু তাৰ পৰা ওলাই আহিল, তেতিয়া ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰসকলক আৰু তেওঁৰ ওচৰত থকা লোকসকলক ক'লেঃ যদি তোমালোকে মোক মতিভ্ৰম হোৱা বুলি সন্দেহ নকৰা তথা বৃদ্ধ বয়সত মগজুৰ বিকৃতি হোৱা বুলি নভৱা তেন্তে শুনা! মই ইউছুফৰ সুগন্ধি পাই আছো।
12:95Page 246
قَالُواْ تَٱللَّهِ إِنَّكَ لَفِي ضَلَٰلِكَ ٱلۡقَدِيمِ ٩٥
They said, "By Allāh, indeed you are in your [same] old error."
তেওঁৰ ওচৰত উপস্থিত থকা পুত্ৰসকলে ক'লেঃ আল্লাহৰ শপত! আপুনি ইউছুফৰ প্ৰেম আৰু তাক দেখা পোৱাৰ হেঁপাহত সেই পুৰণি ভ্ৰমতে লিপ্ত হৈ আছে।
12:96Page 247
فَلَمَّآ أَن جَآءَ ٱلۡبَشِيرُ أَلۡقَىٰهُ عَلَىٰ وَجۡهِهِۦ فَٱرۡتَدَّ بَصِيرٗاۖ قَالَ أَلَمۡ أَقُل لَّكُمۡ إِنِّيٓ أَعۡلَمُ مِنَ ٱللَّهِ مَا لَا تَعۡلَمُونَ ٩٦
And when the bearer of good tidings1 arrived, he cast it over his face, and he returned [once again] seeing. He said, "Did I not tell you that I know from Allāh that which you do not know?"
এতেকে যেতিয়া সুসংবাদবাহী ব্যক্তি আহি পালে আৰু ইউছুফৰ কামিচ তেওঁৰ মুখমণ্ডলত জাপি দিলে তেতিয়া তেওঁৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেতিয়া তেওঁ পুত্ৰসকলক উদ্দেশ্যি ক'লেঃ মই তোমালোকক কোৱা নাছিলোনে যে, আল্লাহৰ অনুগ্ৰহ আৰু কৃপা সম্পৰ্কে মই যি জানো তোমালোকে সেয়া নাজানা?
12:97Page 247
قَالُواْ يَٰٓأَبَانَا ٱسۡتَغۡفِرۡ لَنَا ذُنُوبَنَآ إِنَّا كُنَّا خَٰطِـِٔينَ ٩٧
They said, "O our father, ask for us forgiveness of our sins; indeed, we have been sinners."
ইয়াকূব আলাইহিছ ছালামৰ পুত্ৰসকলে তেওঁলোকৰ পিতৃৰ সন্মুখত ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত কৰা অনিষ্টৰ ক্ষমা বিচাৰি ক'লেঃ হে আমাৰ পিতৃ! আমাৰ বিগত গুনাহৰ বাবে আল্লাহৰ ওচৰত আমাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আমি ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত যি ব্যৱহাৰ কৰিছিলো সেই ক্ষেত্ৰত আমি অন্যায়কাৰী তথা অপৰাধী আছিলো।
12:98Page 247
قَالَ سَوۡفَ أَسۡتَغۡفِرُ لَكُمۡ رَبِّيٓۖ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٩٨
He said, "I will ask forgiveness for you from my Lord. Indeed, it is He who is the Forgiving, the Merciful."
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ অৱশ্যে মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
12:99Page 247
فَلَمَّا دَخَلُواْ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيۡهِ أَبَوَيۡهِ وَقَالَ ٱدۡخُلُواْ مِصۡرَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ ٩٩
And when they entered upon Joseph, he took his parents to himself [i.e., embraced them] and said, "Enter Egypt, Allāh willing, safe [and secure]."
ইয়াকূব আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকল নিজ দেশৰ পৰা ইউছুফৰ ওচৰলৈ যোৱাৰ বাবে মিচৰলৈ ৰাওনা হ'ল। যেতিয়া তেওঁলোক ইউছুফৰ ওচৰত গৈ পালে, তেতিয়া ইউছুফে তেওঁৰ পিতৃ-মাতৃক আঁকোৱালি ললে। লগতে তেওঁ নিজ ভাতৃসকলক আৰু পৰিয়ালক উদ্দেশ্যি ক'লেঃ আল্লাহৰ ওপৰত ভৰসা কৰি শান্তি আৰু নিৰাপত্তাৰ সৈতে মিচৰত প্ৰৱেশ কৰা, ইয়াত তোমালোকৰ কোনো কষ্ট নহ'ব।
12:100Page 247
وَرَفَعَ أَبَوَيۡهِ عَلَى ٱلۡعَرۡشِ وَخَرُّواْ لَهُۥ سُجَّدٗاۖ وَقَالَ يَٰٓأَبَتِ هَٰذَا تَأۡوِيلُ رُءۡيَٰيَ مِن قَبۡلُ قَدۡ جَعَلَهَا رَبِّي حَقّٗاۖ وَقَدۡ أَحۡسَنَ بِيٓ إِذۡ أَخۡرَجَنِي مِنَ ٱلسِّجۡنِ وَجَآءَ بِكُم مِّنَ ٱلۡبَدۡوِ مِنۢ بَعۡدِ أَن نَّزَغَ ٱلشَّيۡطَٰنُ بَيۡنِي وَبَيۡنَ إِخۡوَتِيٓۚ إِنَّ رَبِّي لَطِيفٞ لِّمَا يَشَآءُۚ إِنَّهُۥ هُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ ١٠٠
And he raised his parents upon the throne, and they bowed to him in prostration.1 And he said, "O my father, this is the explanation of my vision of before. My Lord has made it reality. And He was certainly good to me when He took me out of prison and brought you [here] from bedouin life after Satan had induced [estrangement] between me and my brothers. Indeed, my Lord is Subtle2 in what He wills. Indeed, it is He who is the Knowing, the Wise.
তথা নিজৰ পিতৃ-মাতৃক তেওঁৰ সিংহাসনত বহোৱালে। তেওঁক তেওঁৰ পিতৃ-মাতৃ আৰু এঘাৰ ভাতৃয়ে ছাজদাহ কৰি সেৱা জনালে। জানি থোৱা উচিত যে, এই ছাজদাহ আছিল সন্মানৰ বাবে, ইবাদতৰ বাবে নহয়। তথা আল্লাহৰ আদেশ পালন কৰিবলৈহে কৰিছিল, যিদৰে সপোনত দেখুৱা হৈছিল। সেই কাৰণেই ইউছুফে তেওঁৰ পিতৃক কৈছিলঃ আপোনালোকে ছাজদাৰ জৰিয়তে জনোৱা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকক গাওঁৰ পৰা ইয়ালৈ আনি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে। অথচ চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক নিজ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সুক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
12:101Page 247
۞ رَبِّ قَدۡ ءَاتَيۡتَنِي مِنَ ٱلۡمُلۡكِ وَعَلَّمۡتَنِي مِن تَأۡوِيلِ ٱلۡأَحَادِيثِۚ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ أَنتَ وَلِيِّۦ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۖ تَوَفَّنِي مُسۡلِمٗا وَأَلۡحِقۡنِي بِٱلصَّٰلِحِينَ ١٠١
My Lord, You have given me [something] of sovereignty and taught me of the interpretation of dreams. Creator of the heavens and earth, You are my protector in this world and the Hereafter. Cause me to die a Muslim and join me with the righteous."
তাৰ পিছত ইউছুফে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোক মিচৰৰ ৰাজত্ব প্ৰদান কৰিছা, আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা এই দুয়োকে পূৰ্বৰ কোনো নমুনা অবিহনেই উদ্ভাৱন কৰা উদ্ভাৱক। পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক তুমিয়েই, আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱন কাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা। লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকল নবী আছিল আৰু আন আন পূণ্যৱান লোকসকলৰ লগত সাক্ষাৎ কৰাবা।
12:102Page 247
ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهِ إِلَيۡكَۖ وَمَا كُنتَ لَدَيۡهِمۡ إِذۡ أَجۡمَعُوٓاْ أَمۡرَهُمۡ وَهُمۡ يَمۡكُرُونَ ١٠٢
That is from the news of the unseen which We reveal, [O Muḥammad], to you. And you were not with them when they put together their plan while they conspired.
হে ৰাছুল! ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আমিয়েই আপোনাৰ প্ৰতি অহি কৰিছো। এই সম্পৰ্কে আপোনাৰ একো জ্ঞান নাছিল। কাৰণ সেই সময়ত আপুনি ইউছুফৰ ভাতৃসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে ইউছুফক কুঁৱাত নিক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু এই ক্ষেত্ৰত সিহঁতে ডাঙৰ চক্ৰান্ত ৰচিছিল। আৰু আমি আপোনাক এই সম্পৰ্কে অহী কৰি জনালো।
12:103Page 247
وَمَآ أَكۡثَرُ ٱلنَّاسِ وَلَوۡ حَرَصۡتَ بِمُؤۡمِنِينَ ١٠٣
And most of the people, although you strive [for it], are not believers.
হে ৰাছুল! আপুনি যিমানেই প্ৰয়াস নকৰক কিয়, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। গতিকে সিহঁতৰ ঈমান পোষণ নকৰাৰ শোকত আপুনি নিজকে ধ্বংস নকৰিব।
12:104Page 248
وَمَا تَسۡـَٔلُهُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۚ إِنۡ هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ ١٠٤
And you do not ask of them for it any payment. It is not except a reminder to the worlds.
সিহঁতৰ বোধশক্তি থাকিলে নিশ্চয় সিহঁতে আপোনাৰ প্ৰতি ঈমান আনিলেহেঁতেন। কাৰণ হে ৰাছুল! আপুনি সিহঁতৰ পৰা কোৰআন তথা ধৰ্ম-প্ৰচাৰৰ নামত কোনো পাৰিশ্ৰমিক নিবিচাৰে। কোৰআন হৈছে গোটেই বিশ্ববাসীৰ বাবে উপদেশমূলক শিক্ষা।
12:105Page 248
وَكَأَيِّن مِّنۡ ءَايَةٖ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ يَمُرُّونَ عَلَيۡهَا وَهُمۡ عَنۡهَا مُعۡرِضُونَ ١٠٥
And how many a sign within the heavens and earth do they pass over while they, therefrom, are turning away.
আল্লাহ তাআলাৰ তাওহীদ সম্পৰ্কীয় বহুতো নিদৰ্শন আকাশমণ্ডল তথা পৃথিৱীত প্ৰসাৰিত হৈ আছে। মানুহে সেইবোৰৰ ওচৰেৰে চলাফুৰা কৰে কিন্তু সেইবোৰৰ পৰা শিক্ষা লোৱাৰ প্ৰয়াস নকৰে। আৰু সেইবোৰৰ প্ৰতি মনোযোগও নিদিয়ে।
12:106Page 248
وَمَا يُؤۡمِنُ أَكۡثَرُهُم بِٱللَّهِ إِلَّا وَهُم مُّشۡرِكُونَ ١٠٦
And most of them believe not in Allāh except while they associate others with Him.
অধিকাংশ লোকে এই কথা বিশ্বাস কৰে যে, আল্লাহেই সৃষ্টিকৰ্তা আৰু জীৱিকাদাতা, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে আন আন মূৰ্তি তথা প্ৰতিমাৰো পূজা পাঠ কৰে। লগতে সিহঁতে এই দাবী কৰে যে, আল্লাহৰ সন্তান আছে। অথচ তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
12:107Page 248
أَفَأَمِنُوٓاْ أَن تَأۡتِيَهُمۡ غَٰشِيَةٞ مِّنۡ عَذَابِ ٱللَّهِ أَوۡ تَأۡتِيَهُمُ ٱلسَّاعَةُ بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ ١٠٧
Then do they feel secure that there will not come to them an overwhelming [aspect] of the punishment of Allāh or that the Hour will not come upon them suddenly while they do not perceive?
এই মুশ্বৰিকসকলে নিশ্চিন্ত হৈ গৈছে নেকি যে, পৃথিৱীত সিহঁতৰ ওপৰত এনেকুৱা কোনো শাস্তি নাহিব বুলি, যি শাস্তিয়ে সকলোকে সামৰি লব, আৰু যি শাস্তিক সিহঁতে প্ৰতিৰোধ কৰিব নোৱাৰিব। অথবা হঠাৎ আহিব পৰা ক্বিয়ামতৰ পৰাও নিশ্চিন্ত হৈছে নেকি, যি ক্বিয়ামত সম্পৰ্কে সিহঁতে অকণো সংকেত নাপাব যে তাৰ বাবে সিহঁতে প্ৰস্তুতি লব। এইবোৰৰ পৰা নিশ্চিন্ত হৈ থকাৰ কাৰণে সিহঁতে ঈমান পোষণ নকৰে নেকি?
12:108Page 248
قُلۡ هَٰذِهِۦ سَبِيلِيٓ أَدۡعُوٓاْ إِلَى ٱللَّهِۚ عَلَىٰ بَصِيرَةٍ أَنَا۠ وَمَنِ ٱتَّبَعَنِيۖ وَسُبۡحَٰنَ ٱللَّهِ وَمَآ أَنَا۠ مِنَ ٱلۡمُشۡرِكِينَ ١٠٨
Say, "This is my way; I invite to Allāh with insight, I and those who follow me. And exalted is Allāh; and I am not of those who associate others with Him."
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলক আপুনি আল্লাহৰ পিনে আহ্বান কৰি আছে, এইটোৱে মোৰ পথ, যিটোৰ পিনে মই মানুহক আহ্বান কৰোঁ। স্পষ্ট প্ৰমাণৰ সৈতে মই ইয়াৰ পিনে আহ্বান কৰোঁ, লগতে মোৰ অনুসৰণকাৰীসকলে, আৰু মোৰ পথ অৱলম্বনকাৰীসকলে, মোৰ পন্থাত আমলকাৰীসকলেও ইয়াৰ পিনেই আহ্বান কৰে। আল্লাহ প্ৰত্যেক সেইসমূহ বিষয়ৰ পৰা পৱিত্ৰ যিবোৰ তেওঁৰ মহামহিম সত্ত্বাৰ বাবে উপযুক্ত নহয় অথবা যিবোৰ তেওঁৰ পৰিপূৰ্ণতাৰ বাবে ত্ৰুটিযুক্ত। মই আল্লাহৰ লগত শ্বিৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত নহয়। বৰং মই তেওঁৰ তাওহীদ প্ৰতিষ্ঠাকাৰীসকলৰ অন্তৰ্ভুক্ত।
12:109Page 248
وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِم مِّنۡ أَهۡلِ ٱلۡقُرَىٰٓۗ أَفَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبۡلِهِمۡۗ وَلَدَارُ ٱلۡأٓخِرَةِ خَيۡرٞ لِّلَّذِينَ ٱتَّقَوۡاْۚ أَفَلَا تَعۡقِلُونَ ١٠٩
And We sent not before you [as messengers] except men to whom We revealed from among the people of cities. So have they1 not traveled through the earth and observed how was the end of those before them? And the home of the Hereafter is best for those who fear Allāh; then will you not reason?
হে নবী! আপোনাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকহে নবী হিচাপে প্ৰেৰণ কৰিছিলো, ফিৰিস্তাসকলক নহয়। তেওঁলোকৰ পিনে অহী কৰিছিলো যিদৰে আপোনাৰ পিনে অহী কৰো। তেওঁলোক নগৰৰেই অধিবাসী আছিল, গাওঁলীয়া নহয়। তেওঁলোকৰ সম্প্ৰদায়সমূহে তেওঁলোকক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰি দিছিলো। আপোনাক অস্বীকাৰকাৰী সকলে পৃথিৱীত চলাফুৰা নকৰে নেকি, যাতে দেখা পায় যে, পুৰ্বৱৰ্তী লোকসকলৰ কেনেকুৱা পৰিণাম হৈছিল আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰিলেহেঁতেন? আখিৰাতৰ নিয়ামতসমূহ সেইসকল লোকৰ বাবে কল্যাণকৰ যিসকলে পৃথিৱীত আল্লাহক ভয় কৰে। তোমালোকে বুজি নোপোৱা নেকি যে, আল্লাহৰ মহান আদেশৰ প্ৰতি আমল কৰাৰ নিমিত্তে ঈমান পোষণ কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা অৰ্থাৎ শ্বিৰ্কৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰাটো হৈছে কল্যাণকৰ।
12:110Page 248
حَتَّىٰٓ إِذَا ٱسۡتَيۡـَٔسَ ٱلرُّسُلُ وَظَنُّوٓاْ أَنَّهُمۡ قَدۡ كُذِبُواْ جَآءَهُمۡ نَصۡرُنَا فَنُجِّيَ مَن نَّشَآءُۖ وَلَا يُرَدُّ بَأۡسُنَا عَنِ ٱلۡقَوۡمِ ٱلۡمُجۡرِمِينَ ١١٠
[They continued] until, when the messengers despaired and were certain that they had been denied, there came to them Our victory, and whoever We willed was saved. And Our punishment cannot be repelled from the people who are criminals.
আমি প্ৰেৰণ কৰা ৰাছুলসকলৰ শত্ৰুসকলক অৱকাশ দি থাকো, সেই কাৰণেই আমি সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰো। এতেকে যেতিয়া সিহঁতৰ বিনাশ কাৰ্যত পলম হয়, আনকি ৰাছুলসকলেও সিহঁতৰ বিনাশৰ পৰা নিৰাশ হয়, ইপিনে কাফিৰসকলেও পূৰ্ণ বিশ্বাসত উপনীত হয় যে, ৰাছুলে অস্বীকাৰকাৰী সকলক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু মুমিনসকলক মুক্তিৰ যি অঙ্গীকাৰ দিছিল সেয়া আছিল মিছা দাবী, তেতিয়াই ৰাছুলৰ ওচৰত আমাৰ সহায় আহি পৰে, ফলত ৰাছুলক আৰু মুমিনসকলক সেই বিনাশৰ পৰা ৰক্ষা কৰা হয়। আমাৰ শাস্তি যেতিয়া অপৰাধীৰ ওপৰত অৱতীৰ্ণ হয় সেয়া কেতিয়াও প্ৰতিৰোধ কৰা সম্ভৱ নহয়।
12:111Page 248
لَقَدۡ كَانَ فِي قَصَصِهِمۡ عِبۡرَةٞ لِّأُوْلِي ٱلۡأَلۡبَٰبِۗ مَا كَانَ حَدِيثٗا يُفۡتَرَىٰ وَلَٰكِن تَصۡدِيقَ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَتَفۡصِيلَ كُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ لِّقَوۡمٖ يُؤۡمِنُونَ ١١١
There was certainly in their stories a lesson for those of understanding. Never was it [i.e., the Qur’ān] a narration invented, but a confirmation of what was before it and a detailed explanation of all things and guidance and mercy for a people who believe.
ৰাছুলসকল আৰু তেওঁলোকৰ সম্প্ৰদায়সমূহৰ বৰ্ণনাত, তথা ইউছুফ আলাইহিছ ছালাম আৰু তেওঁৰ ভাতৃসকলৰ বিৱৰণত মহা উপদেশ তথা শিক্ষা আছে, যাৰ পৰা কেৱল বিবেকৱান লোকসকলেই উপকৃত হয়। এই বিবৃত ঘটনাবোৰে প্ৰমাণ কৰে যে, কোৰআন কেতিয়াও এনেকুৱা বাণী নহয় যিটো মনেসজা তথা আল্লাহৰ প্ৰতি মিছা সম্পৃক্ত। বৰং ই হৈছে আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ ঐশী পুথিসমূহৰ সমৰ্থক, তথা ই হৈছে বিস্তাৰিত বিৱৰণ, চৰীয়তৰ যি যি বিধানৰ বিস্তাৰিত বিৱৰণ প্ৰয়োজন। সকলো ধৰণৰ কল্যাণৰ পথপ্ৰদৰ্শক। মুমিনসকলৰ বাবে ৰহমত। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences