Al-Mukhtasar · Tafsir · in Assamese
Taha 20:67–114
20:67Page 316
فَأَوۡجَسَ فِي نَفۡسِهِۦ خِيفَةٗ مُّوسَىٰ ٦٧
And he sensed within himself apprehension, did Moses.
এতেকে সিহঁতৰ এই কৰ্ম দেখি মূছা আলাইহিচ্ছালামৰ অন্তৰত ভয় অনুভৱ হ'বলৈ ধৰিলে।
20:68Page 316
قُلۡنَا لَا تَخَفۡ إِنَّكَ أَنتَ ٱلۡأَعۡلَىٰ ٦٨
We [i.e., Allāh] said, "Fear not. Indeed, it is you who are superior.
তেতিয়া আল্লাহে মূছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক'লেঃ তুমি যিটো অনুভৱ কৰি আছা, সেইটোক ভয় নকৰিবা। হে মূছা! নিশ্চয় তুমিয়েই সিহঁতক পৰাস্ত কৰি বিজয় লাভ কৰিবা।
20:69Page 316
وَأَلۡقِ مَا فِي يَمِينِكَ تَلۡقَفۡ مَا صَنَعُوٓاْۖ إِنَّمَا صَنَعُواْ كَيۡدُ سَٰحِرٖۖ وَلَا يُفۡلِحُ ٱلسَّاحِرُ حَيۡثُ أَتَىٰ ٦٩
And throw what is in your right hand; it will swallow up what they have crafted. What they have crafted is but the trick of a magician, and the magician will not succeed wherever he is."
তোমাৰ সোঁ হাতত যিডাল লাখুটি আছে, সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ড সাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁতে যি বনাইছে সেইবোৰ যাদুৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। এতেকে যাদুকৰ য’তে নাথাকক কিয়, সিহঁত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব।
20:70Page 316
فَأُلۡقِيَ ٱلسَّحَرَةُ سُجَّدٗا قَالُوٓاْ ءَامَنَّا بِرَبِّ هَٰرُونَ وَمُوسَىٰ ٧٠
So the magicians fell down in prostration.1 They said, "We have believed in the Lord of Aaron and Moses."
এতেকে মূছা আলাইহিচ্ছালামে তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত সেই লাখুটিডাল এডাল প্ৰকাণ্ড সাপ হৈ যাদুকৰসকলৰ সৰু সৰু সাপবোৰক এফালৰ পৰা গিলি খাবলৈ ধৰিলে। এতেকে যাদুকৰসকলে যেতিয়া পতিয়ন গ'ল যে, মূছাৰ ওচৰত যি আছে সেয়া যাদু নহয়, বৰং সেয়া হৈছে আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিদৰ্শন, তেতিয়া সিহঁতে আল্লাহৰ বাবে ছাজদাত পৰি ক'লেঃ আমি ঈমান পোষণ কৰিলোঁ মূছা আৰু হাৰূনৰ প্ৰতিপালকৰ প্ৰতি তথা গোটেই সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি।
20:71Page 316
قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَۖ فَلَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ فِي جُذُوعِ ٱلنَّخۡلِ وَلَتَعۡلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابٗا وَأَبۡقَىٰ ٧١
[Pharaoh] said, "You believed him [i.e., Moses] before I gave you permission. Indeed, he is your leader who has taught you magic. So I will surely cut off your hands and your feet on opposite sides, and I will crucify you on the trunks of palm trees, and you will surely know which of us is more severe in [giving] punishment and more enduring."
ফিৰআউনে যাদুকৰসকলৰ ঈমানক নাকচ কৰি আৰু সিহঁতক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতেই তোমালোকে মূছাৰ প্ৰতি ঈমান আনিলা? হে যাদুকৰসকল! মোৰ এতিয়া বিশ্বাস হৈছে নিশ্চয় মূছাই হৈছে তোমালোকৰ প্ৰতিনিধি, যিয়ে তোমালোকক যাদু শিকাইছে। মই তোমালোকৰ প্ৰত্যেকৰে হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটিম, আৰু তোমালোকৰ শৰীৰক মৃত্যু নোহোৱালৈকে খেজুৰ গছৰ কাণ্ডত ওলোমাই ৰাখিম, আৰু তোমালোকৰ এই শাস্তি যাতে মানুহৰ বাবে শিক্ষামূলক হয়। তেতিয়াহে তোমালোকে গম পাবা, আমাৰ মাজৰ কোনে অধিক কঠোৰ আৰু স্থায়ী শাস্তি প্ৰদান কৰিব পাৰে, মই নে মূছাৰ প্ৰতিপালক?
20:72Page 316
قَالُواْ لَن نُّؤۡثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلۡبَيِّنَٰتِ وَٱلَّذِي فَطَرَنَاۖ فَٱقۡضِ مَآ أَنتَ قَاضٍۖ إِنَّمَا تَقۡضِي هَٰذِهِ ٱلۡحَيَوٰةَ ٱلدُّنۡيَآ ٧٢
They said, "Never will we prefer you over what has come to us of clear proofs and [over] He who created us.1 So decree whatever you are to decree. You can only decree for this worldly life.
যাদুকৰসকলে ফিৰআউনক ক'লেঃ হে ফিৰআউন! আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহি পৰিছে, সেইবোৰৰ অনুসৰণৰ ওপৰত আমি কেতিয়াও তোমাৰ অনুসৰণক প্ৰাধান্য দিব নোৱাৰোঁ। তথা যিজন আল্লাহে আমাক সৃষ্টি কৰিছে, তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক অগ্ৰাধিকাৰ নিদিওঁ। এতেকে তুমি আমাৰ সৈতে যি আচৰণ কৰিব বিচৰা কৰা। এই ধ্বংসশীল জীৱনতেই কেৱল তুমি আমাৰ ওপৰত শাসন কৰিব পাৰিবা, আৰু জানি থোৱা! অতিশীঘ্ৰে তোমাৰ এই ৰাজত্ব বিনষ্ট হ'ব।
20:73Page 316
إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغۡفِرَ لَنَا خَطَٰيَٰنَا وَمَآ أَكۡرَهۡتَنَا عَلَيۡهِ مِنَ ٱلسِّحۡرِۗ وَٱللَّهُ خَيۡرٞ وَأَبۡقَىٰٓ ٧٣
Indeed, we have believed in our Lord that He may forgive us our sins and what you compelled us [to do] of magic. And Allāh is better and more enduring."1
নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, আশা কৰোঁ তেওঁ আমাৰ বিগত গুনাহসমূহ যেনে কুফৰী আদি ক্ষমা কৰিব তথা আমাৰ যাদুকৰ্মৰ পাপবোৰ মাৰ্জনা কৰিব, যিটো শিকিবলৈ আৰু অভ্যাস কৰিবলৈ তথা যাৰ দ্বাৰা মূছাক পৰাস্ত কৰিবলৈ তুমি আমাক বাধ্য কৰিছিলা। আল্লাহে তাতোকৈ অধিক প্ৰতিফল দান কৰিব যিবোৰৰ তুমি প্ৰতিশ্ৰুতি দিছিলা, তথা তেওঁ তাতোকৈও অধিক স্থায়ী আৰু কঠিন শাস্তি দিবলৈ সক্ষম, যিটো শাস্তিৰ ধমক তুমি আমাক প্ৰদান কৰিছা।
20:74Page 316
إِنَّهُۥ مَن يَأۡتِ رَبَّهُۥ مُجۡرِمٗا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ ٧٤
Indeed, whoever comes to his Lord as a criminal - indeed, for him is Hell; he will neither die therein nor live.
এতেকে মূল কথা হৈছে, যিয়ে কিয়ামতৰ দিনা কাফিৰ অৱস্থাত আল্লাহৰ ওচৰত আহিব, তাৰ বাবে আছে জাহান্নাম, য’ত সি প্ৰৱেশ কৰিব আৰু চিৰকাল অৱস্থান কৰিব, তাত শাস্তিৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও তাৰ মৃত্যু নহ'ব, ইপিনে পৱিত্ৰ জীৱনো লাভ নকৰিব।
20:75Page 316
وَمَن يَأۡتِهِۦ مُؤۡمِنٗا قَدۡ عَمِلَ ٱلصَّٰلِحَٰتِ فَأُوْلَٰٓئِكَ لَهُمُ ٱلدَّرَجَٰتُ ٱلۡعُلَىٰ ٧٥
But whoever comes to Him as a believer having done righteous deeds - for those will be the highest degrees [in position]:
আনহাতে যিয়ে নিজ প্ৰতিপালকৰ ওচৰত মুমিন অৱস্থাত আহিব তথা সৎকৰ্ম কৰি উপস্থিত হ'ব, তেনেকুৱা মহান গুণবিশিষ্ট ব্যক্তিসকলৰ বাবে আছে উচ্চ স্থান তথা উচ্চ মৰ্যাদা।
20:76Page 316
جَنَّٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ ٧٦
Gardens of perpetual residence beneath which rivers flow, wherein they abide eternally. And that is the reward of one who purifies himself.1
সেই উচ্চ মৰ্যাদাৰ দ্বাৰা সেই প্ৰতিষ্ঠিত জান্নাতক বুজোৱা হৈছে যাৰ অট্টালিকসমূহৰ তলদেশত আছে জলপ্ৰবাহ আৰু তাত তেওঁলোক চিৰকাল বসবাস কৰিব। উক্ত প্ৰতিদান প্ৰত্যেক সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে কুফৰী আৰু পাপকৰ্মৰ পৰা নিজকে পৱিত্ৰ ৰাখিব।
20:77Page 317
وَلَقَدۡ أَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنۡ أَسۡرِ بِعِبَادِي فَٱضۡرِبۡ لَهُمۡ طَرِيقٗا فِي ٱلۡبَحۡرِ يَبَسٗا لَّا تَخَٰفُ دَرَكٗا وَلَا تَخۡشَىٰ ٧٧
And We had inspired to Moses, "Travel by night with My servants and strike for them a dry path through the sea; you will not fear being overtaken [by Pharaoh] nor be afraid [of drowning]."
নিশ্চয় আমি মূছাৰ প্ৰতি অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই মোৰ বান্দাসকলক লগত লৈ মিচৰৰ পৰা ৰাওনা হোৱা, যাতে কোনেও একো গম নাপায়। আৰু সাগৰত তোমাৰ লাখুটিৰে আঘাত কৰি তেওঁলোকৰ বাবে শুকান ৰাস্তা বনাই লোৱা, তথা সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে আৰু কোনো ভয়-ভীতি নোহোৱাকৈ আগুৱাই যোৱা, এই ভয় কেতিয়াও নকৰিবা যে, ফিৰআউনে তোমালোকক ধৰিব পাৰিব অথবা তোমালোক সাগৰত ডুবি যাবা।
20:78Page 317
فَأَتۡبَعَهُمۡ فِرۡعَوۡنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلۡيَمِّ مَا غَشِيَهُمۡ ٧٨
So Pharaoh pursued them with his soldiers, and there covered them from the sea that which covered them,1
ইপিনে ফিৰআউনে নিজৰ সৈন্যবাহিনীক লৈ তেওঁলোকক চোঁচা ল'লে, ফলত সাগৰে তাক আৰু তাৰ সৈন্যবাহিনীক এনেকৈ ডুবাই মাৰিলে যাৰ বাস্তৱিকতা কেৱল আল্লাহেই জানে। অৱশেষত সিহঁতৰ সকলোৱে ডুবি গ'ল আৰু ধ্বংস হ'ল, আনহাতে মূছা আৰু তেওঁৰ সঙ্গীসকল সুকলমে পাৰ হৈ গ'ল।
20:79Page 317
وَأَضَلَّ فِرۡعَوۡنُ قَوۡمَهُۥ وَمَا هَدَىٰ ٧٩
And Pharaoh led his people astray and did not guide [them].
ফিৰআউনে নিজৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল, সিহঁতৰ সন্মুখত কুফৰী কৰ্মক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিল তথা অসত্যৰ জৰিয়তে প্ৰবঞ্চিত কৰিছিল। সি কেতিয়াও সত্যৰ পথ দেখুৱা নাছিল।
20:80Page 317
يَٰبَنِيٓ إِسۡرَٰٓءِيلَ قَدۡ أَنجَيۡنَٰكُم مِّنۡ عَدُوِّكُمۡ وَوَٰعَدۡنَٰكُمۡ جَانِبَ ٱلطُّورِ ٱلۡأَيۡمَنَ وَنَزَّلۡنَا عَلَيۡكُمُ ٱلۡمَنَّ وَٱلسَّلۡوَىٰ ٨٠
O Children of Israel, We delivered you from your enemy, and We made an appointment with you1 at the right side of the mount, and We sent down to you manna and quails,
আমি বনী ইছৰাঈলক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ পিচত ক'লোঃ হে বনী ইছৰাঈল! আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিছোঁ। তথা তুৰ পৰ্বতৰ কাষত অৱস্থিত উপত্যকাৰ সোঁফালে মূছাৰ লগত কথাপোকথন কৰিম বুলি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। লগতে তীহৰ ময়দানত আমি আমাৰ নিয়ামতৰ পৰা তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ মৌৰ দৰে মিঠা পানীয় আৰু বটা চৰাইৰ দৰে সৰু চৰাইৰ পৱিত্ৰ মাংস।
20:81Page 317
كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقۡنَٰكُمۡ وَلَا تَطۡغَوۡاْ فِيهِ فَيَحِلَّ عَلَيۡكُمۡ غَضَبِيۖ وَمَن يَحۡلِلۡ عَلَيۡهِ غَضَبِي فَقَدۡ هَوَىٰ ٨١
[Saying], "Eat from the good things with which We have provided you and do not transgress [or oppress others] therein, lest My anger should descend upon you. And he upon whom My anger descends has certainly fallen [i.e., perished]."
আমি তোমালোকক যিবোৰ হালাল খাদ্য প্ৰদান কৰিছোঁ, তাৰ পৰা সোৱাদ লগা বস্তুবোৰ তোমালোকে ভক্ষণ কৰা, তথা আমি তোমালোকৰ বাবে যিবোৰ বস্তু বৈধ কৰিছোঁ সেইবোৰক এৰি আমি হাৰাম কৰা বস্তুবোৰৰ পিনে কেতিয়াও ঢাপলি নেমেলিবা। অন্যথা তোমালোকৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, আৰু (জানি থোৱা) যাৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, নিশ্চিতভাৱে তাৰ সৰ্বনাশ হ'ব, লগতে পৃথিৱী আৰু আখিৰাতত সি দুৰ্ভগীয়া হ'ব।
20:82Page 317
وَإِنِّي لَغَفَّارٞ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا ثُمَّ ٱهۡتَدَىٰ ٨٢
But indeed, I am the Perpetual Forgiver of whoever repents and believes and does righteousness and then continues in guidance.
যিয়ে তাওবা কৰি মোৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে আৰু ঈমান পোষণ কৰিছে তথা সৎকৰ্ম কৰিছে আৰু সত্যৰ ওপৰত সুদৃঢ় আছিল, নিঃসন্দেহে মই তেনেকুৱা লোকৰ প্ৰতি অধিক ক্ষমাশীল তথা মাৰ্জনাকাৰী।
20:83Page 317
۞ وَمَآ أَعۡجَلَكَ عَن قَوۡمِكَ يَٰمُوسَىٰ ٨٣
[Allāh said], "And what made you hasten from your people, O Moses?"
হে মূছা! তুমি তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ কিয় ইমান খৰখেদাকৈ আগতে আহিলা?
20:84Page 317
قَالَ هُمۡ أُوْلَآءِ عَلَىٰٓ أَثَرِي وَعَجِلۡتُ إِلَيۡكَ رَبِّ لِتَرۡضَىٰ ٨٤
He said, "They are close upon my tracks, and I hastened to You, my Lord, that You be pleased."
মূছা আলাইহিচ্ছালামে ক'লেঃ তেওঁলোক মোৰ পিচে পিচে আহি আছে, অনতিপলমে তেওঁলোক আহি মোক লগ ধৰিব। মই মোৰ সম্প্ৰদায়ৰ আগতে তোমাৰ ওচৰলৈ এই কাৰণে আহিছোঁ, যাতে তুমি মোৰ আগতীয়াকৈ অহাৰ আগ্ৰহ দেখি সন্তুষ্ট হোৱা।
20:85Page 317
قَالَ فَإِنَّا قَدۡ فَتَنَّا قَوۡمَكَ مِنۢ بَعۡدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِيُّ ٨٥
[Allāh] said, "But indeed, We have tried your people after you [departed], and the Sāmirī1 has led them astray."
আল্লাহে ক'লেঃ তুমি তোমাৰ পিচফালে এৰি থৈ অহা সম্প্ৰদায়ক, আমি দামুৰী পূজাৰ পৰীক্ষাত পতিত কৰিছোঁ। দৰাচলতে ছামিৰীয়ে সিহঁতক এই পূজাৰ পিনে আহ্বান কৰিছে, তথা ইয়াৰ দ্বাৰা সি সিহঁতক পথভ্ৰষ্ট কৰিছে।
20:86Page 317
فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوۡمِهِۦ غَضۡبَٰنَ أَسِفٗاۚ قَالَ يَٰقَوۡمِ أَلَمۡ يَعِدۡكُمۡ رَبُّكُمۡ وَعۡدًا حَسَنًاۚ أَفَطَالَ عَلَيۡكُمُ ٱلۡعَهۡدُ أَمۡ أَرَدتُّمۡ أَن يَحِلَّ عَلَيۡكُمۡ غَضَبٞ مِّن رَّبِّكُمۡ فَأَخۡلَفۡتُم مَّوۡعِدِي ٨٦
So Moses returned to his people, angry and grieved.1 He said, "O my people, did your Lord not make you a good promise?2 Then, was the time [of its fulfillment] too long for you, or did you wish that wrath from your Lord descend upon you, so you broke your promise [of obedience] to me?"
এতেকে মূছা আলাইহিচ্ছালামে দুখ মনেৰে আৰু ক্ৰোধান্বিত হৈ নিজৰ সম্প্ৰদায়ৰ অভিমূখে ৰাওনা হ'ল। মূছা আলাইহিচ্ছাম আহি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহে তোমালোকক ভাল প্ৰতিশ্ৰুতি দিয়া নাছিলনে যে, তেওঁ তোমালোকৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব? দীৰ্ঘ সময় অতিবাহিত হোৱাৰ কাৰণে পাহৰি গৈছা নেকি? অথবা তোমালোকে এই কৰ্মৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ গজব অৱতীৰ্ণ হোৱাটো কামনা কৰা নেকি, যাতে তোমালোকে শাস্তিত পতিত হোৱা, সেইকাৰণেই তোমালোকে আনুগত্যৰ ওপৰত অবিচল থকাৰ যি প্ৰতিশ্ৰুতি মই দিছিলোঁ সেইটো ভঙ্গ কৰিছা?!
20:87Page 317
قَالُواْ مَآ أَخۡلَفۡنَا مَوۡعِدَكَ بِمَلۡكِنَا وَلَٰكِنَّا حُمِّلۡنَآ أَوۡزَارٗا مِّن زِينَةِ ٱلۡقَوۡمِ فَقَذَفۡنَٰهَا فَكَذَٰلِكَ أَلۡقَى ٱلسَّامِرِيُّ ٨٧
They said, "We did not break our promise to you by our will, but we were made to carry burdens from the ornaments of the people [of Pharaoh], so we threw them [into the fire], and thus did the Sāmirī throw."
মূছাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ হে মূছা! আমি আপোনাৰ প্ৰতিশ্ৰুতি নিজ ইচ্ছানুসাৰে ভংগ কৰা নাই, বৰং বাধ্যত পৰিহে ভংগ কৰিছোঁ। দৰাচলতে আমাৰ ওচৰত ফিৰআউন জাতিৰ আ-অলংকাৰৰ ভাৰি বোজা আছিল, যিবোৰৰ পৰা হাত সাৰিবলৈ আমি সেইবোৰক এটা গাতত নিক্ষেপ কৰিছিলোঁ। এতেকে যিদৰে আমি নিক্ষেপ কৰিছিলোঁ, ঠিক সেইদৰে ছামিৰিয়েও তাৰ ওচৰত থকা জিব্ৰীল আলাইহিচ্ছালামৰ ঘোঁৰাৰ খুৰৰ মাটি নিক্ষেপ কৰিছিল।
20:88Page 318
فَأَخۡرَجَ لَهُمۡ عِجۡلٗا جَسَدٗا لَّهُۥ خُوَارٞ فَقَالُواْ هَٰذَآ إِلَٰهُكُمۡ وَإِلَٰهُ مُوسَىٰ فَنَسِيَ ٨٨
And he extracted for them [the statue of] a calf which had a lowing sound, and they said, "This is your god and the god of Moses, but he forgot."
ইয়াৰ পিচত ছামেৰীয়ে বনী ইছৰাঈলৰ বাবে সেই আ-অলংকাৰৰ দ্বাৰা এটা দামুৰি সাজিলে, যাৰ ভিতৰত ৰূহ (জীৱন) নাছিল কিন্তু গৰুৰ দৰে মাত উলিয়াইছিল। ছামেৰীৰ এই কৰ্ম দেখি আকৰ্ষিত হোৱা লোকসকলে ক'লেঃ এইটোৱে হৈছে মূছা আৰু তোমালোকৰ প্ৰতিপালক। মূছাই এইটোক ইয়াতে পাহৰি এৰি গৈছে।
20:89Page 318
أَفَلَا يَرَوۡنَ أَلَّا يَرۡجِعُ إِلَيۡهِمۡ قَوۡلٗا وَلَا يَمۡلِكُ لَهُمۡ ضَرّٗا وَلَا نَفۡعٗا ٨٩
Did they not see that it could not return to them any speech [i.e., response] and that it did not possess for them any harm or benefit?
যিসকল লোকে দামুৰিৰ ফিতনাত পৰি তাৰ পূজা-পাঠ আৰম্ভ কৰিছিল, সিহঁতে লক্ষ্য কৰা নাইনে যে, এই দামুৰিটোৱে কথাও ক'ব নোৱাৰে, তথা কোনো কথাৰ উত্তৰো দিব নোৱাৰে, আনকি নিজকে অথবা আনক কোনো বিপদৰ পৰাও ৰক্ষা কৰিব নোৱাৰে, নাইবা নিজৰ অথবা আনৰ উপকাৰো সাধিব নোৱাৰে?
20:90Page 318
وَلَقَدۡ قَالَ لَهُمۡ هَٰرُونُ مِن قَبۡلُ يَٰقَوۡمِ إِنَّمَا فُتِنتُم بِهِۦۖ وَإِنَّ رَبَّكُمُ ٱلرَّحۡمَٰنُ فَٱتَّبِعُونِي وَأَطِيعُوٓاْ أَمۡرِي ٩٠
And Aaron had already told them before [the return of Moses], "O my people, you are only being tested by it, and indeed, your Lord is the Most Merciful, so follow me and obey my order."
আনহাতে হাৰূন আলাইহিচ্ছালামেও মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে সিহঁতক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী, সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয়। এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনুসৰণ কৰা, তথা তেওঁৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰ ক্ষেত্ৰত মোৰ আদেশ পালন কৰা।
20:91Page 318
قَالُواْ لَن نَّبۡرَحَ عَلَيۡهِ عَٰكِفِينَ حَتَّىٰ يَرۡجِعَ إِلَيۡنَا مُوسَىٰ ٩١
They said, "We will never cease being devoted to it [i.e., the calf] until Moses returns to us."
দামুৰিৰ পূজা-পাঠত লিপ্ত লোকসকলে উত্তৰ দি ক'লেঃ মূছা উভতি নহালৈকে আমি ইয়াৰ ইবাদত কৰিয়ে থাকিম।
20:92Page 318
قَالَ يَٰهَٰرُونُ مَا مَنَعَكَ إِذۡ رَأَيۡتَهُمۡ ضَلُّوٓاْ ٩٢
[Moses] said, "O Aaron, what prevented you, when you saw them going astray,
মূছা আলাইহিচ্ছালাম (উভতি অহাৰ পিচত) তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ তুমি যিহেতু লক্ষ্য কৰিছিলা যে, সিহঁতে আল্লাহক এৰি দামুৰিৰ পূজা-পাঠত লিপ্ত হৈছে, তাৰ পিচতো তুমি সিহঁতক কিয় বাধা দিয়া নাছিলা?
20:93Page 318
أَلَّا تَتَّبِعَنِۖ أَفَعَصَيۡتَ أَمۡرِي ٩٣
From following me? Then have you disobeyed my order?"
সিহঁতক এৰি মোৰ লগত সাক্ষাৎ কৰিলাহেঁতেন। তুমি মোৰ সেই আদেশ অমান্য কৰিছিলা নেকি, যিটো আদেশ মই তোমাক সিহঁতৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ সময়ত দিছিলোঁ?
20:94Page 318
قَالَ يَبۡنَؤُمَّ لَا تَأۡخُذۡ بِلِحۡيَتِي وَلَا بِرَأۡسِيٓۖ إِنِّي خَشِيتُ أَن تَقُولَ فَرَّقۡتَ بَيۡنَ بَنِيٓ إِسۡرَٰٓءِيلَ وَلَمۡ تَرۡقُبۡ قَوۡلِي ٩٤
[Aaron] said, "O son of my mother, do not seize [me] by my beard or by my head. Indeed, I feared that you would say, 'You caused division among the Children of Israel, and you did not observe [or await] my word.'"
মূছা আলাইহিচ্ছালামে যেতিয়া তেওঁৰ ভাতৃৰ দাঢ়ি আৰু মূৰৰ চুলি খামুচি ধৰি নিজৰ ফালে টানি তেওঁক ভৰ্ৎসনা কৰি আছিল, তেতিয়া হাৰূনে তেওঁৰ ওচৰত কৃপা কৰাৰ আবেদন জনাই ক'লেঃ আপুনি অনুগ্ৰহ কৰি মোৰ দাঢ়ি আৰু চুলি ধৰি নাটানিব। কিয়নো সিহঁতৰ সৈতে অৱস্থান কৰা সম্পৰ্কে মোৰ ওচৰত উপযুক্ত কাৰণ আছে। দৰাচলতে মই যদি সিহঁতক এৰি গুচি গলোহেঁতেন তেন্তে সিহঁত বিভিন্ন দলত বিভক্ত হ'লহেঁতেন। তেতিয়া আপুনি মোক দোষাৰোপ কৰিলেহেঁতেন যে, ময়েই সিহঁতক বিভক্ত কৰিছোঁ, তথা আপোনাৰ উপদেশৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাই।
মূছা আলাইহিচ্ছালামে ছামেৰীক উদ্দেশ্যি ক'লেঃ হে ছামেৰী! তোমাৰ আকৌ কি হ'ল, তুমি যি কৰ্মটো কৰিছা, এইটো কৰিবলৈ তোমাক কিহে অনুপ্ৰেৰণা যোগাইছে?
20:96Page 318
قَالَ بَصُرۡتُ بِمَا لَمۡ يَبۡصُرُواْ بِهِۦ فَقَبَضۡتُ قَبۡضَةٗ مِّنۡ أَثَرِ ٱلرَّسُولِ فَنَبَذۡتُهَا وَكَذَٰلِكَ سَوَّلَتۡ لِي نَفۡسِي ٩٦
He said, "I saw what they did not see, so I took a handful [of dust] from the track of the messenger1 and threw it,2 and thus did my soul entice me."
ছামেৰীয়ে মূছা আলাইহিচ্ছালামক ক'লেঃ মই সেইটো প্ৰত্যক্ষ কৰিছোঁ যিটো সিহঁতে প্ৰত্যক্ষ কৰা নাই। মই জিব্ৰীলক ঘোঁৰাৰ ওপৰত দেখিছোঁ আৰু তেওঁৰ ঘোঁৰাৰ পদ চিহ্নৰ এমুঠি মাটি সংগ্ৰহ কৰিছোঁ, সেই মাটি আ-অলংকাৰেৰে নিৰ্মিত দামুৰিৰ অৱয়বত নিক্ষেপ কৰিছোঁ। এতেকে ইয়াৰ দ্বাৰা এটা দামুৰিৰ শৰীৰ সৃষ্টি হ'ল, যিটো হাম্বা হাম্বা মাতিছিল। মই যি কৰিছোঁ সেইটো মোৰ মনে মোৰ বাবে সৌন্দৰ্যময় কৰি দিছিল।
20:97Page 318
قَالَ فَٱذۡهَبۡ فَإِنَّ لَكَ فِي ٱلۡحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَۖ وَإِنَّ لَكَ مَوۡعِدٗا لَّن تُخۡلَفَهُۥۖ وَٱنظُرۡ إِلَىٰٓ إِلَٰهِكَ ٱلَّذِي ظَلۡتَ عَلَيۡهِ عَاكِفٗاۖ لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِي ٱلۡيَمِّ نَسۡفًا ٩٧
[Moses] said, "Then go. And indeed, it is [decreed] for you in [this] life to say, 'No contact.'1 And indeed, you have an appointment [in the Hereafter] you will not fail to keep. And look at your 'god' to which you remained devoted. We will surely burn it and blow it [i.e., its ashes] into the sea with a blast.
মূছা আলাইহিচ্ছালামে ছামেৰীক ক'লেঃ তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাৰ শাস্তি হৈছে ওৰে জীৱন এইটো কৈ থাকিবা, “মই কাকো স্পৰ্শ নকৰোঁ, কোনেও যেন মোক স্পৰ্শ নকৰে”। আছুতীয়াকৈ জীৱন-যাপন কৰিবা। তথা কিয়ামতৰ দিনা তোমাৰ বাবে আছে এটা প্ৰতিশ্ৰুতি, সেইদিনা তোমাৰ হিচাপ হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব। আল্লাহে এই প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰিব। তুমি তোমাৰ এই দামুৰিটোৰ পিনে চোৱা, যাক তুমি আল্লাহৰ বাহিৰে উপাস্য বুলি গ্ৰহণ কৰি ইবাদত কৰিছিলা। আমি ইয়াক অগ্নিত নিক্ষেপ কৰিম, অৱশেষত ই গলি তৰল হৈ যাব। তেতিয়া আমি ইয়াক সাগৰত নিক্ষেপ কৰিম, যাতে ইয়াৰ কোনো চিহ্ন অৱশিষ্ট নাথাকে।
20:98Page 318
إِنَّمَآ إِلَٰهُكُمُ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۚ وَسِعَ كُلَّ شَيۡءٍ عِلۡمٗا ٩٨
Your god is only Allāh, except for whom there is no deity. He has encompassed all things in knowledge."
হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰকৃত প্ৰতিপালক হৈছে সেই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ নিজ জ্ঞানৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। এতেকে পৱিত্ৰ আল্লাহৰ জ্ঞানৰ পৰিসৰৰ পৰা কোনো বস্তুৱেই ওলাবলৈ সক্ষম নহয়।
20:99Page 319
كَذَٰلِكَ نَقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ مَا قَدۡ سَبَقَۚ وَقَدۡ ءَاتَيۡنَٰكَ مِن لَّدُنَّا ذِكۡرٗا ٩٩
Thus, [O Muḥammad], We relate to you from the news of what has preceded. And We have certainly given you from Us a message [i.e., the Qur’ān].
হে ৰাছুল! যিদৰে আমি আপোনাৰ সন্মুখত মূছা আৰু ফিৰআউন তথা সিহঁতৰ সম্প্ৰদায়ৰ বিষয়ে আলোকপাত কৰিলোঁ, ঠিক সেইদৰে আপোনাক সিহঁতৰ পূৰ্বে অহা আম্বীয়া আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ বিষয়েও বহু কথা অৱগত কৰাইছোঁ, যাতে ইয়াৰ দ্বাৰা আপুনি সান্তনা লভিব পাৰে, নিশ্চয় আমি আপোনাক আমাৰ ফালৰ পৰা কোৰআন প্ৰদান কৰিছোঁ, যাৰ দ্বাৰা উপদেশ গ্ৰহণকাৰীয়ে উপদেশ গ্ৰহণ কৰে।
20:100Page 319
مَّنۡ أَعۡرَضَ عَنۡهُ فَإِنَّهُۥ يَحۡمِلُ يَوۡمَ ٱلۡقِيَٰمَةِ وِزۡرًا ١٠٠
Whoever turns away from it - then indeed, he will bear on the Day of Resurrection a burden [i.e., great sin],
আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনৰ পৰা যিয়ে বিমুখ হ'ব, আৰু ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, তথা ইয়াৰ মাজত থকা শিক্ষাৰ প্ৰতি আমল নকৰিব, তেনেকুৱা ব্যক্তিয়ে কিয়ামতৰ দিনা মহাপাপ বহন কৰি আহিব, আৰু সি কষ্টদায়ক শাস্তিৰ উপযুক্ত হৈ আহিব।
20:101Page 319
خَٰلِدِينَ فِيهِۖ وَسَآءَ لَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ حِمۡلٗا ١٠١
[Abiding] eternally therein,1 and evil it is for them on the Day of Resurrection as a load -
সিহঁত চিৰকাল শাস্তিৰ মাজত অৱস্থান কৰিব, কিমান যে নিকৃষ্ট বোজা সেইটো যিটো সিহঁতে কিয়ামতৰ দিনা বহন কৰিব।
20:102Page 319
يَوۡمَ يُنفَخُ فِي ٱلصُّورِۚ وَنَحۡشُرُ ٱلۡمُجۡرِمِينَ يَوۡمَئِذٖ زُرۡقٗا ١٠٢
The Day the Horn will be blown. And We will gather the criminals, that Day, blue-eyed.1
পুনৰুত্থানৰ বাবে ফিৰিস্তাই যিদিনা শিঙাত দ্বিতীয়বাৰ ফুঁ দিব, সেইদিনা আমি কাফিৰসকলক এনেকুৱা অৱস্থাত একত্ৰিত কৰিম যে, কিয়ামতৰ ভয়ৱহতাৰ সন্মুখীন হোৱাৰ কাৰণে সিহঁতৰ শৰীৰ তথা চকুৰ ৰং নীলা হৈ পৰিব।
20:103Page 319
يَتَخَٰفَتُونَ بَيۡنَهُمۡ إِن لَّبِثۡتُمۡ إِلَّا عَشۡرٗا ١٠٣
They will murmur among themselves, "You remained not but ten [days in the world]."
সিহঁতে ইজনে সিজনক কাণত ফুচফুচাই ক'বঃ মৃত্যুৰ পিচত বাৰঝাখত তোমালোকে কেৱল দহদিন মানহে অতিবাহিত কৰিছা, ইয়াতকৈ বেছি নহয়।
20:104Page 319
نَّحۡنُ أَعۡلَمُ بِمَا يَقُولُونَ إِذۡ يَقُولُ أَمۡثَلُهُمۡ طَرِيقَةً إِن لَّبِثۡتُمۡ إِلَّا يَوۡمٗا ١٠٤
We are most knowing of what they say when the best of them in manner [i.e., wisdom or speech] will say, "You remained not but one day."
সিহঁতে ফুচফুচাই কি কথা ক'ব সেয়া আমি ভালদৰেই জানো, সিহঁতৰ কোনো বিষয়েই আমাৰ পৰা গোপন নহয়। এনেতে সিহঁতৰ মাজৰ বুদ্ধিমান ব্যক্তিয়ে ক'বঃ তোমালোকে বাৰঝাখত কেৱলমাত্ৰ এদিনহে অৱস্থান কৰিছিলা, ইয়াতকৈ অধিক নহয়।
20:105Page 319
وَيَسۡـَٔلُونَكَ عَنِ ٱلۡجِبَالِ فَقُلۡ يَنسِفُهَا رَبِّي نَسۡفٗا ١٠٥
And they ask you about the mountains, so say, "My Lord will blow them away with a blast.1
হে ৰাছুল! সিহঁতে আপোনাক কিয়ামতৰ দিনা পৰ্বতবোৰৰ কি অৱস্থা হ'ব বুলি প্ৰশ্ন কৰে, আপুনি সিহঁতক কৈ দিয়কঃ মোৰ প্ৰতিপালকে পৰ্বতবোৰক নিৰ্মূল কৰি উৰুৱাই দিব, আৰু সেইবোৰ ধূলি কণাত পৰিণত হ'ব।
ফলত সেইবোৰ সমতল ভূমিত পৰিণত হ'ব, তাত কোনো ঘৰ-দুৱাৰো নাথাকিব আৰু কোনো উদ্ভিদো গজালি নেমেলিব।
20:107Page 319
لَّا تَرَىٰ فِيهَا عِوَجٗا وَلَآ أَمۡتٗا ١٠٧
You will not see therein a depression or an elevation."
হে প্ৰত্যক্ষকাৰী ব্যক্তি! তুমি সেই সমতল ভূমিত কোনো খলা-বমা দেখিবলৈ নাপাবা তথা কোনো ওখ-নিচ বিচাৰি নাপাবা।
20:108Page 319
يَوۡمَئِذٖ يَتَّبِعُونَ ٱلدَّاعِيَ لَا عِوَجَ لَهُۥۖ وَخَشَعَتِ ٱلۡأَصۡوَاتُ لِلرَّحۡمَٰنِ فَلَا تَسۡمَعُ إِلَّا هَمۡسٗا ١٠٨
That Day, they [i.e., everyone] will follow [the call of] the Caller1 [with] no deviation therefrom, and [all] voices will be stilled before the Most Merciful, so you will not hear except a whisper [of footsteps].
সেইদিনা মানুহে একত্ৰিত হোৱাৰ স্থানলৈ আহ্বানকাৰীৰ আহ্বানক অনুসৰণ কৰি দৌৰি আগুৱাই যাব। এই আহ্বানক অনুসৰণৰ পৰা কোনেও সিহঁতক বিৰত ৰাখিব নোৱাৰিব। ৰহমানৰ ভয়ত সকলোৱে মৌনতা অৱলম্বন কৰিব। এতেকে সেইদিনা ৰিণিকি-ৰিণিকি অহা শব্দৰ বাহিৰে অতিৰিক্ত একো শুনা নাযাব।
20:109Page 319
يَوۡمَئِذٖ لَّا تَنفَعُ ٱلشَّفَٰعَةُ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَٰنُ وَرَضِيَ لَهُۥ قَوۡلٗا ١٠٩
That Day, no intercession will benefit except [that of] one to whom the Most Merciful has given permission and has accepted his word.
সেই মহা দিৱসটোত কোনো মধ্যস্ততাকাৰীৰ মধ্যস্ততা কামত নাহিব, কেৱল সেই মধ্যস্ততাকাৰীৰ বাহিৰে যাক স্বয়ং আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান কৰিব, তথা মধ্যস্ততা সম্পৰ্কীয় তেওঁৰ যাৱতীয় কথাত তেওঁ সন্তুষ্ট হ'ব।
20:110Page 319
يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يُحِيطُونَ بِهِۦ عِلۡمٗا ١١٠
He [i.e., Allāh] knows what is [presently] before them and what will be after them,1 but they do not encompass it [i.e., what He knows] in knowledge.
পৱিত্ৰ আল্লাহে ভালদৰেই জানে মানুহে কিয়ামত সম্পৰ্কীয় কি কি বিষয়ৰ সন্মুখীন হ'ব, তথা এই বিষয়েও ভালদৰে অৱগত যে, সিহঁতে পৃথিৱীত কি এৰি থৈ আহিছে। আনহাতে বান্দাই কিন্তু আল্লাহৰ সত্ত্বাগত দিশ আৰু তেওঁৰ গুণাৱলীক সম্পূৰ্ণৰূপে আয়ত্ব কৰিব নোৱাৰে।
20:111Page 319
۞ وَعَنَتِ ٱلۡوُجُوهُ لِلۡحَيِّ ٱلۡقَيُّومِۖ وَقَدۡ خَابَ مَنۡ حَمَلَ ظُلۡمٗا ١١١
And [all] faces will be humbled before the Ever-Living, the Self-Sustaining.1 And he will have failed who carries injustice.2
বান্দাসকলে সেই সত্ত্বাৰ সন্মুখত শিৰনত হৈ থিয় দিব, বিনয়ভাৱ প্ৰকাশ কৰিব, যি সত্ত্বাই কেতিয়াও মৃত্যুবৰণ নকৰিব, তেৱেঁই বান্দাসকলৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। তথা সেই ব্যক্তি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত, যিয়ে নিজকে বিনাশৰ পথত ঠেলি দি গুনাহৰ বোজা বহন কৰিছে।
20:112Page 319
وَمَن يَعۡمَلۡ مِنَ ٱلصَّٰلِحَٰتِ وَهُوَ مُؤۡمِنٞ فَلَا يَخَافُ ظُلۡمٗا وَلَا هَضۡمٗا ١١٢
But he who does of righteous deeds while he is a believer - he will neither fear injustice nor deprivation.
আনহাতে যিয়ে সৎকৰ্ম কৰিব তথা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তেনেকুৱা ব্যক্তিয়ে পৰিপূৰ্ণভাৱে নিজৰ প্ৰতিফল লাভ কৰিব। তেওঁ নকৰা কোনো গুনাহৰ শাস্তি ভোগ কৰিব লাগিব বুলি কোনো ধৰণৰ ভয় নাথাকিব, তথা তেওঁ কৰা সৎকৰ্মৰ ছোৱাবও হ্ৰাস কৰা নহ'ব।
20:113Page 319
وَكَذَٰلِكَ أَنزَلۡنَٰهُ قُرۡءَانًا عَرَبِيّٗا وَصَرَّفۡنَا فِيهِ مِنَ ٱلۡوَعِيدِ لَعَلَّهُمۡ يَتَّقُونَ أَوۡ يُحۡدِثُ لَهُمۡ ذِكۡرٗا ١١٣
And thus We have sent it down as an Arabic Qur’ān1 and have diversified therein the warnings that perhaps they will avoid [sin] or it would cause them remembrance.
যিদৰে আমি পূৰ্বৱৰ্তী লোকসকলৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছোঁ, সেইদৰে আমি এই কোৰআনখনক স্পষ্ট আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত আমি বিভিন্ন প্ৰকাৰৰ সতৰ্কবাণী যেনে ধমক আৰু ভয় দেখুৱাবলৈ বৰ্ণনা দিছোঁ, যাতে সিহঁতে আল্লাহক ভয় কৰে, আৰু কোৰআনখন যাতে সিহঁতৰ বাবে উপদেশ হয়, যাৰ পৰা সিহঁতে শিক্ষা লাভ কৰিব।
20:114Page 320
فَتَعَٰلَى ٱللَّهُ ٱلۡمَلِكُ ٱلۡحَقُّۗ وَلَا تَعۡجَلۡ بِٱلۡقُرۡءَانِ مِن قَبۡلِ أَن يُقۡضَىٰٓ إِلَيۡكَ وَحۡيُهُۥۖ وَقُل رَّبِّ زِدۡنِي عِلۡمٗا ١١٤
So high [above all] is Allāh, the Sovereign,1 the Truth.2 And, [O Muḥammad], do not hasten with [recitation of] the Qur’ān before its revelation is completed to you, and say, "My Lord, increase me in knowledge."
এতেকে আল্লাহ সুউচ্চ, পৱিত্ৰ তথা প্ৰতাপী। তেওঁ মালিক, সকলো বস্তু তেওঁৰেই অধীনস্থ। তেওঁ সত্য, তেওঁৰ সকলো কথা সত্য। মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰা সকলো বিষয়ৰ পৰা তেওঁ মহাঊৰ্দ্ধত। হে ৰাছুল! জিব্ৰীলে আপোনালৈ কোনো বিষয় সম্পূৰ্ণভাৱে পৌঁচাই দিয়াৰ পূৰ্বে আপুনি তেওঁৰ সৈতে কোৰআন পাঠ কৰাত খৰধৰ নকৰিব। বৰং আপুনি এইটো কওক যে, হে মোৰ প্ৰতিপালক! তুমি মোক যি জ্ঞান দান কৰিছা, ইয়াৰ লগতে আৰু অধিক জ্ঞান প্ৰদান কৰা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences