Al-MukhtasarAl‑Anbya · 21:1–49

Al-Mukhtasar · Tafsir · in Assamese

الأنبياء

Al-Anbya

The Prophets · Meccan · 112 ayahs

21:1Page 322

ٱقۡتَرَبَ لِلنَّاسِ حِسَابُهُمۡ وَهُمۡ فِي غَفۡلَةٖ مُّعۡرِضُونَ ١

[The time of] their account has approached for the people, while they are in heedlessness turning away.

কিয়ামতৰ দিনা হ'বলগীয়া মানুহৰ হিচাপ-নিকাচৰ সময় অতি ক্ষীপ্ৰতাৰে নিকটৱৰ্ত্তী হৈছে। তথাপিও মানুহে অৱহেলাত লিপ্ত হৈ আছে, আৰু আখিৰাতৰ পৰা বিমুখ হৈ পৃথিৱীকলৈ ব্যস্ত হৈ আছে।

21:2Page 322

مَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّن رَّبِّهِم مُّحۡدَثٍ إِلَّا ٱسۡتَمَعُوهُ وَهُمۡ يَلۡعَبُونَ ٢

No mention [i.e., revelation] comes to them anew from their Lord except that they listen to it while they are at play

যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআনৰ কোনো নতুন আয়াত অৱতীৰ্ণ হয়, তেতিয়াই সিহঁতে সেইটোক উপকৃত হোৱাৰ আশাৰে নুশুনে, বৰং অৱহেলা কৰি খেল-ধেমালিৰ সৈতে শ্ৰৱণ কৰে।

21:3Page 322

لَاهِيَةٗ قُلُوبُهُمۡۗ وَأَسَرُّواْ ٱلنَّجۡوَى ٱلَّذِينَ ظَلَمُواْ هَلۡ هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡۖ أَفَتَأۡتُونَ ٱلسِّحۡرَ وَأَنتُمۡ تُبۡصِرُونَ ٣

With their hearts distracted. And those who do wrong conceal their private conversation, [saying], "Is this [Prophet] except a human being like you? So would you approach magic while you are aware [of it]?"

সিহঁতে সেইটোক শুনিছে ঠিকেই, কিন্তু সিহঁতৰ অন্তৰ আছিল সম্পূৰ্ণৰূপে ইয়াৰ পৰা অমনোযোগী। কুফৰীৰ দ্বাৰা অন্যায়কাৰী লোকসকলে পৰস্পৰে কাণত ফুচফুচাই কয়ঃ নিজকে ৰাছুল বুলি দাবী কৰা এই লোকজন তোমালোকৰ দৰেই এজন মানুহ নহয় জানো? তেওঁ তোমালোকতকৈ পৃথক কোনো বৈশিষ্ট্যৰো অধিকাৰী নহয়। তেওঁ লৈ অহা বিষয়বোৰ হৈছে এক প্ৰকাৰ যাদু। এতেকে তোমালোকে এই কথা জনাৰ পিছতো তেওঁৰ অনুসৰণ কৰিবা নেকি যে, তেওঁ তোমালোকৰ দৰেই এজন মানুহ, তথা তেওঁ যি লৈ আহিছে সেইবোৰ হৈছে এক প্ৰকাৰ যাদু?

21:4Page 322

قَالَ رَبِّي يَعۡلَمُ ٱلۡقَوۡلَ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٤

He [the Prophet (ﷺ)] said, "My Lord knows whatever is said throughout the heaven and earth, and He is the Hearing, the Knowing."

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে গোপনে কি আলোচনা কৰা সেই বিষয়ে মোৰ প্ৰতিপালক ভালকৈয়ে অৱগত। কিয়নো আকাশমণ্ডল আৰু পৃথিৱীত থকা প্ৰত্যেকৰে মুখৰ পৰা যি ওলায় সেই সম্পৰ্কে তেওঁ সম্যক অৱগত। তেওঁ নিজ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ আমল সম্পৰ্কে জ্ঞাত, তেৱেঁই সিহঁতক ইয়াৰ প্ৰতিদান দিব।

21:5Page 322

بَلۡ قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمِۭ بَلِ ٱفۡتَرَىٰهُ بَلۡ هُوَ شَاعِرٞ فَلۡيَأۡتِنَا بِـَٔايَةٖ كَمَآ أُرۡسِلَ ٱلۡأَوَّلُونَ ٥

But they say, "[The revelation is but] a mixture of false dreams; rather, he has invented it; rather, he is a poet. So let him bring us a sign just as the previous [messengers] were sent [with miracles]."

দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেই সম্পৰ্কে সিহঁতে দোধোৰমোধোৰ অৱস্থাত আছে, সেয়ে কেতিয়াবা কয়ঃ এইবোৰ হৈছে মিশ্ৰিত সপোন, যাৰ কোনো ব্যাখ্যা নাই। আকৌ কেতিয়াবা কয়ঃ এইবোৰৰ কোনো বাস্তৱিকতা নাই, মুহাম্মদে নিজেই এইবোৰ ৰচনা কৰিছে। আকৌ কেতিয়াবা কয়ঃ তেওঁ এজন কবি। সঁচাই যদি তেওঁ এজন ৰাছুল তেন্তে পূৰ্বৱৰ্তী ৰাছুলসকলৰ দৰে তেওঁ আমাৰ ওচৰলৈ কোনো মুযিঝা (অলৌকিকতা) লৈ অহা উচিত। পূৰ্বৱৰ্তী ৰাছুলসকলে মুযিঝা লৈ আহিছিল, যেনে মূছাই আনিছিল লাখুটি আৰু চলেহ আলাইহিচ্ছালামে আনিছিল উট।

21:6Page 322

مَآ ءَامَنَتۡ قَبۡلَهُم مِّن قَرۡيَةٍ أَهۡلَكۡنَٰهَآۖ أَفَهُمۡ يُؤۡمِنُونَ ٦

Not a [single] city which We destroyed believed before them,1 so will they believe?

মুযিঝা দাবী কৰা এই ব্যক্তিসকলৰ পূৰ্বেও কিছুমান জনবসতি অতিবাহিত হৈছে যিসকলে মুযিঝা দাবী কৰিছিল কিন্তু সেইটো প্ৰকট হোৱাৰ পিছত সিহঁতে ঈমান পোষণ কৰা নাছিল। বৰং সিহঁতে সেইটোক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। তেনে পৰিস্থিতিত এইসকল লোকে ঈমান আনিব বুলি কেনেকৈ আশা কৰিব পাৰি?

21:7Page 322

وَمَآ أَرۡسَلۡنَا قَبۡلَكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِمۡۖ فَسۡـَٔلُوٓاْ أَهۡلَ ٱلذِّكۡرِ إِن كُنتُمۡ لَا تَعۡلَمُونَ ٧

And We sent not before you, [O Muḥammad], except men to whom We revealed [the message], so ask the people of the message [i.e., former scriptures] if you do not know.

হে ৰাছুল! আমি আপোনাৰ পূৰ্বে প্ৰেৰিত কৰা ৰাছুলসকল আছিল মানৱ সন্তান, যিসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ। আমি ফিৰিস্তাসকলক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাছিলোঁ। যদি তোমালোকে নাজানা তেন্তে তোমালোকৰ পূৰ্বে গ্ৰন্থপ্ৰাপ্ত আহলে কিতাবসকলক সুধি লোৱা।

21:8Page 322

وَمَا جَعَلۡنَٰهُمۡ جَسَدٗا لَّا يَأۡكُلُونَ ٱلطَّعَامَ وَمَا كَانُواْ خَٰلِدِينَ ٨

And We did not make them [i.e., the prophets] forms not eating food,1 nor were they immortal [on earth].

আমি প্ৰেৰণ কৰা ৰাছুলসকলক এনেকুৱা কোনো শৰীৰ দান কৰা নাছিলোঁ যে, তেওঁলোকক পানাহাৰৰ প্ৰয়োজন নহ'ব। বৰং তেওঁলোকেও আন আন লোকসকলৰ দৰেই খোৱা-বোৱা কৰিছিল। তথা তেওঁলোক এনেকুৱাও নাছিল যে, পৃথিৱীত অমৰ হৈ থাকিব আৰু কেতিয়াও মৃত্যুবৰণ নকৰিব।

21:9Page 322

ثُمَّ صَدَقۡنَٰهُمُ ٱلۡوَعۡدَ فَأَنجَيۡنَٰهُمۡ وَمَن نَّشَآءُ وَأَهۡلَكۡنَا ٱلۡمُسۡرِفِينَ ٩

Then1 We fulfilled for them the promise, and We saved them and whom We willed and destroyed the transgressors.

তাৰ পিছত ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আমি তেওঁলোকক আৰু মুমিনসকলৰ মাজৰ যিসকলক ইচ্ছা কৰিছিলোঁ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। আল্লাহৰ লগত কুফৰী কৰা তথা গুনাহৰ কৰ্মত লিপ্ত হৈ সীমালঙ্ঘন কৰা লোকসকলক ধ্বংস কৰিছিলোঁ।

21:10Page 322

لَقَدۡ أَنزَلۡنَآ إِلَيۡكُمۡ كِتَٰبٗا فِيهِ ذِكۡرُكُمۡۚ أَفَلَا تَعۡقِلُونَ ١٠

We have certainly sent down to you a Book [i.e., the Qur’ān] in which is your mention.1 Then will you not reason?

নিশ্চয় আমি তোমালোকৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যদি তোমালোকে ইয়াক সত্য বুলি মানি লোৱা আৰু ইয়াৰ মাজত যি আছে তাৰ প্ৰতি আমল কৰা তেন্তে তোমালোক অৱশ্যে মান-মৰ্যাদাৰ অধিকাৰী হ'বা। তোমালোকে এই কথাষাৰ বুজি নোপোৱানে? তেন্তে তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ মাজত থকা শিক্ষা অনুসাৰে আমল কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।

21:11Page 323

وَكَمۡ قَصَمۡنَا مِن قَرۡيَةٖ كَانَتۡ ظَالِمَةٗ وَأَنشَأۡنَا بَعۡدَهَا قَوۡمًا ءَاخَرِينَ ١١

And how many a city which was unjust1 have We shattered and produced after it another people.

বহুতো এনেকুৱা জনবসতিক আমি ধ্বংস কৰিছোঁ যিসকলে কুফৰী কৰাৰ জৰিয়তে অন্যায় কৰিছিল। আৰু সিহঁতৰ পিছত আমি অন্য সম্প্ৰদায়ক সৃষ্টি কৰিছিলোঁ।

21:12Page 323

فَلَمَّآ أَحَسُّواْ بَأۡسَنَآ إِذَا هُم مِّنۡهَا يَرۡكُضُونَ ١٢

And when they [i.e., its inhabitants] perceived Our punishment, at once they fled from it.

এতেকে আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস হোৱা লোকসকলে যেতিয়া নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে ধ্বংস হোৱাৰ পৰা ৰক্ষা পাবলৈ গাওঁ এৰি পলায়ন কৰিবলৈ ধৰিলে।

21:13Page 323

لَا تَرۡكُضُواْ وَٱرۡجِعُوٓاْ إِلَىٰ مَآ أُتۡرِفۡتُمۡ فِيهِ وَمَسَٰكِنِكُمۡ لَعَلَّكُمۡ تُسۡـَٔلُونَ ١٣

[Some angels said], "Do not flee but return to where you were given luxury and to your homes - perhaps you will be questioned."1

এতেকে সিহঁতক উপহাস কৰি কোৱা হ'লঃ দৌৰি পলায়ন নকৰিবা, বৰং তোমালোকে নিজৰ ভোগ-সামগ্ৰীৰ প্ৰতি উভতি যোৱা, যিবোৰ তোমালোকে উপভোগ কৰি আছিলা, তথা নিজৰ বাসস্থানলৈ উভতি যোৱা যাতে তোমালোকক তোমালোকৰ পাৰ্থিৱ জীৱন সম্পৰ্কে সোধ-পোচ কৰিব পৰা যায়।

21:14Page 323

قَالُواْ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ ١٤

They said, "O woe to us! Indeed, we were wrongdoers."

অন্যায়কাৰী এই লোকসকলে নিজৰ গুনাহ স্বীকাৰ কৰি ক'লেঃ হায় আমাৰ বিনাশ আৰু ক্ষতিগ্ৰস্ততা! নিশ্চয় আমি অন্যায়কাৰী আছিলোঁ, কাৰণ আমি আল্লাহৰ লগত কুফৰী কৰিছিলোঁ।

21:15Page 323

فَمَا زَالَت تِّلۡكَ دَعۡوَىٰهُمۡ حَتَّىٰ جَعَلۡنَٰهُمۡ حَصِيدًا خَٰمِدِينَ ١٥

And that declaration of theirs did not cease until We made them [as] a harvest [mowed down], extinguished [like a fire].

ইয়াৰ পিছত একেলেঠাৰিয়ে সিহঁতে নিজৰ গুনাহ স্বীকাৰ কৰিবলৈ ধৰিলে আৰু ধ্বংসৰ কাৰণে নিজৰ প্ৰতি অভিশাপ কৰিবলৈ ধৰিলে, অৱশেষত আমি সিহঁতক চপাই লোৱা খেতিৰ সদৃশ কৰি পেলালোঁ। সিহঁত মৃত অৱস্থাত পৰি আছিল, কোনো ধৰণৰ লৰচৰ কৰা নাছিল।

21:16Page 323

وَمَا خَلَقۡنَا ٱلسَّمَآءَ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا لَٰعِبِينَ ١٦

And We did not create the heaven and earth and that between them in play.

আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুক আমি খেল-ধেমালিৰ বাবে অথবা উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই, বৰং সেইবোৰক আমি আমাৰ ক্ষমতা আৰু সামৰ্থ প্ৰমাণ কৰিবলৈহে সৃষ্টি কৰিছোঁ।

21:17Page 323

لَوۡ أَرَدۡنَآ أَن نَّتَّخِذَ لَهۡوٗا لَّٱتَّخَذۡنَٰهُ مِن لَّدُنَّآ إِن كُنَّا فَٰعِلِينَ ١٧

Had We intended to take a diversion,1 We could have taken it from [what is] with Us - if [indeed] We were to do so.

পত্নী অথবা পুত্ৰ গ্ৰহণ কৰাৰ যদি আমাৰ ইচ্ছা থাকিলহেঁতেন, তেন্তে আমি আমাৰ ফালৰ পৰাই গ্ৰহণ কৰিলোহেঁতেন। কিন্তু আমি এইটো কেতিয়াও নকৰোঁ, কাৰণ আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।

21:18Page 323

بَلۡ نَقۡذِفُ بِٱلۡحَقِّ عَلَى ٱلۡبَٰطِلِ فَيَدۡمَغُهُۥ فَإِذَا هُوَ زَاهِقٞۚ وَلَكُمُ ٱلۡوَيۡلُ مِمَّا تَصِفُونَ ١٨

Rather, We dash the truth upon falsehood, and it destroys it,1 and thereupon it departs. And for you is destruction from that which you describe.2

বৰং আমি ৰাছুলৰ প্ৰতি প্ৰেৰণ কৰা সত্যক কাফিৰসকলৰ বাতিলৰ ওপৰত নিক্ষেপ কৰোঁ, ফলত বাতিল চূৰ্ণ-বিচূৰ্ণ হৈ যায়। আৰু ধ্বংসস্তুপত পৰিণত হয়। হেৰা আল্লাহৰ স্ত্ৰী আৰু পুত্ৰ দাবী কৰা ব্যক্তিসকল! তোমালোকৰ বাবে আছে বিনাশ, কিয়নো তোমালোকে এনেকুৱা কথা কৈছা, যিটোৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই তেওঁ অতি পৱিত্ৰ।

21:19Page 323

وَلَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَمَنۡ عِندَهُۥ لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ ١٩

To Him belongs whoever is in the heavens and the earth. And those near Him [i.e., the angels] are not prevented by arrogance from His worship, nor do they tire.

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ মহান আল্লাহৰ। তেওঁৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ নকৰে, তথা ক্লান্তবোধও নকৰে।

21:20Page 323

يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ ٢٠

They exalt [Him] night and day [and] do not slacken.

তেওঁলোক সদায় আল্লাহৰ পৱিত্ৰতাৰ গুণগান কৰে। কেতিয়াও বিৰক্ত নহয়।

21:21Page 323

أَمِ ٱتَّخَذُوٓاْ ءَالِهَةٗ مِّنَ ٱلۡأَرۡضِ هُمۡ يُنشِرُونَ ٢١

Or have they [i.e., men] taken for themselves gods from the earth who resurrect [the dead]?

বৰং মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা কিছুমান উপাস্য বনাই লৈছে, যিবোৰে কেতিয়াও মৃতক জীৱিত কৰিবলৈ সক্ষম নহয়। তেন্তে সিহঁতে কেনেকৈ এই বিৱশ উপাস্যবোৰৰ উপাসনা কৰে?!

21:22Page 323

لَوۡ كَانَ فِيهِمَآ ءَالِهَةٌ إِلَّا ٱللَّهُ لَفَسَدَتَاۚ فَسُبۡحَٰنَ ٱللَّهِ رَبِّ ٱلۡعَرۡشِ عَمَّا يَصِفُونَ ٢٢

Had there been within them [i.e., the heavens and earth] gods besides Allāh, they both would have been ruined. So exalted is Allāh, Lord of the Throne, above what they describe.

আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ বাহিৰে যদি একাধিক উপাস্য থাকিলহেঁতেন, তেন্তে নিশ্চয় পৰিচালনাত মতানৈক্য সৃষ্টি হ'লহেঁতেন। প্ৰকৃততে বাস্তৱতা ইয়াৰ বিপৰীত। এতেকে জানি থোৱা! আৰচৰ প্ৰতিপালক মহান আল্লাহ মুশ্বৰিকসকলৰ মিছা অপবাদৰ পৰা পৱিত্ৰ, তেওঁৰ কোনো অংশীদাৰ নাই।

21:23Page 323

لَا يُسۡـَٔلُ عَمَّا يَفۡعَلُ وَهُمۡ يُسۡـَٔلُونَ ٢٣

He is not questioned about what He does, but they will be questioned.

আল্লাহ তেওঁৰ ৰাজত্ব আৰু সিদ্ধান্তত একক, অদ্বিতীয়। তেওঁৰ কোনো ফয়চালা আৰু সিদ্ধান্তৰ বিষয়ে কোনেও তেওঁক সোধ-পোচ কৰিবলৈ সক্ষম নহয়। আনহাতে তেওঁ বান্দাসকলক সিহঁতৰ কৰ্ম সম্পৰ্কে জবাবদিহি কৰিব, তথা সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দান কৰিব।

21:24Page 323

أَمِ ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡۖ هَٰذَا ذِكۡرُ مَن مَّعِيَ وَذِكۡرُ مَن قَبۡلِيۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٱلۡحَقَّۖ فَهُم مُّعۡرِضُونَ ٢٤

Or have they taken gods besides Him? Say, [O Muḥammad], "Produce your proof. This [Qur’ān] is the message for those with me and the message of those before me."1 But most of them do not know the truth, so they are turning away.

বৰং সিহঁতে আল্লাহক এৰি বহুতো উপাস্য বনাই লৈছে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়কঃ তোমালোকে প্ৰমাণ কৰাচোন যে, এই উপাস্যবোৰ ইবাদতৰ যোগ্য। চোৱা! এই হৈছে মোৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাব (আল-কোৰআন) আৰু ইয়াৰ পূৰ্বে আন আন ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ ভিতৰতো এই সম্পৰ্কে তোমালোকৰ কোনো প্ৰমাণ নাই। প্ৰকৃততে অধিকাংশ মুশ্বৰিকেই অজ্ঞানতা আৰু পিতৃপুৰুষসকলৰ অন্ধানুকৰণত পৰিচালিত, সেইকাৰণেই সিহঁত সত্যৰ পৰা বিমুখ হৈ আছে।

21:25Page 324

وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٍ إِلَّا نُوحِيٓ إِلَيۡهِ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدُونِ ٢٥

And We sent not before you any messenger except We revealed to him that, "There is no deity except Me, so worship Me."

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল প্ৰেৰণ কৰিছিলোঁ, আৰু তেওঁৰ প্ৰতি অহী কৰিছিলোঁ যে, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই; সেয়ে কেৱল মোৰেই ইবাদত কৰা তথা আন কাকো মোৰ লগত অংশী নকৰিবা।

21:26Page 324

وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗاۗ سُبۡحَٰنَهُۥۚ بَلۡ عِبَادٞ مُّكۡرَمُونَ ٢٦

And they say, "The Most Merciful has taken a son." Exalted is He! Rather, they1 are [but] honored servants.

মুশ্বৰিকসকলে কয়ঃ আল্লাহে ফিৰিস্তাসকলক নিজৰ জীয়াৰী বনাই লৈছে। আল্লাহ সিহঁতৰ এনেকুৱা মিছা অপবাদৰ পৰা পৱিত্ৰ। প্ৰকৃত সত্যটো হৈছে এই যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ বান্দা। আল্লাহৰ ওচৰত তেওঁলোক সন্মানিত তথা নৈকট্যপ্ৰাপ্ত।

21:27Page 324

لَا يَسۡبِقُونَهُۥ بِٱلۡقَوۡلِ وَهُم بِأَمۡرِهِۦ يَعۡمَلُونَ ٢٧

They cannot precede Him in word, and they act by His command.

তেওঁলোকে নিজ প্ৰতিপালকৰ আগধৰি নামাতে। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁলোকে কোনো কথাই নকয়, তেওঁলোকে তেওঁৰ আদেশ অনুসৰিহে কাম কৰে। তেওঁৰ কোনো আদেশক উলঙ্ঘা নকৰে।

21:28Page 324

يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يَشۡفَعُونَ إِلَّا لِمَنِ ٱرۡتَضَىٰ وَهُم مِّنۡ خَشۡيَتِهِۦ مُشۡفِقُونَ ٢٨

He knows what is [presently] before them and what will be after them,1 and they cannot intercede except on behalf of one whom He approves. And they, from fear of Him, are apprehensive.

তেওঁলোকৰ আগৰ পিছৰ সকলো কৰ্ম সম্পৰ্কে তেওঁ অৱগত। তেওঁলোকে (কিয়ামতৰ দিনা) সেই ব্যক্তিৰ সপক্ষে মধ্যস্ততা কৰিব, যাৰ বাবে মধ্যস্ততা কৰাৰ অনুমতি আল্লাহে প্ৰদান কৰিব, তথা তেওঁৰ মধ্যস্তাত আল্লাহ সন্তুষ্ট হ'ব। তেওঁলোকে আল্লাহৰ ভয়ত ভীত-সন্ত্ৰস্ত হৈ থাকে। এতেকে তেওঁলোকে তেওঁৰ কোনো আদেশ তথা নিষেধক অমান্য নকৰে।

21:29Page 324

۞ وَمَن يَقُلۡ مِنۡهُمۡ إِنِّيٓ إِلَٰهٞ مِّن دُونِهِۦ فَذَٰلِكَ نَجۡزِيهِ جَهَنَّمَۚ كَذَٰلِكَ نَجۡزِي ٱلظَّٰلِمِينَ ٢٩

And whoever of them should say, "Indeed, I am a god besides Him" - that one We would recompense with Hell. Thus do We recompense the wrongdoers.

ধৰি লোৱা যদি কোনো ফিৰিস্তাই দাবী কৰে যে, আল্লাহৰ বাহিৰে নিশ্চয় ময়েই উপাস্য তেন্তে আমি তাক তাৰ এই অসত্য দাবীৰ কাৰণে কিয়ামতৰ দিনা জাহান্নামৰ শাস্তি প্ৰদান কৰিম, য’ত সি চিৰকাল অৱস্থান কৰিব। কুফৰ আৰু শ্বিৰ্কৰ জৰিয়তে অত্যাচাৰ কৰা লোকসকলক আমি এনেকৈয়ে প্ৰতিদান দিওঁ।

21:30Page 324

أَوَلَمۡ يَرَ ٱلَّذِينَ كَفَرُوٓاْ أَنَّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ كَانَتَا رَتۡقٗا فَفَتَقۡنَٰهُمَاۖ وَجَعَلۡنَا مِنَ ٱلۡمَآءِ كُلَّ شَيۡءٍ حَيٍّۚ أَفَلَا يُؤۡمِنُونَ ٣٠

Have those who disbelieved not considered that the heavens and the earth were a joined entity, and then We separated them and made from water every living thing? Then will they not believe?

আল্লাহক অস্বীকাৰকাৰী লোকসকলে নাজানে নেকি যে, আকাশমণ্ডল আৰু পৃথিৱী এটা সময়ত মিলিত আছিল, বৰষুণ পৰিবলৈ উভয়ৰ মাজত কোনো খালী ঠাই নাছিল। ইয়াৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ। তথা আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ পানীৰে সকলো প্ৰকাৰৰ জীৱ-জন্তু আৰু গছ-গছনি উৎপন্ন কৰিলোঁ। সিহঁতে এইবোৰৰ পৰা কিয় শিক্ষা নলয়, তথা এক আল্লাহৰ প্ৰতি ঈমান কিয় পোষণ নকৰে?!

21:31Page 324

وَجَعَلۡنَا فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِهِمۡ وَجَعَلۡنَا فِيهَا فِجَاجٗا سُبُلٗا لَّعَلَّهُمۡ يَهۡتَدُونَ ٣١

And We placed within the earth firmly set mountains, lest it should shift with them, and We made therein [mountain] passes [as] roads that they might be guided.

পৃথিৱীত আমি সুদৃঢ় পৰ্বত স্থাপন কৰিছোঁ, যাতে পৃথিৱীয়ে তাৰ ওপৰত বসবাস কৰা লোকসকলকলৈ কম্পিত নহয়। লগতে পৃথিৱীত বনাই দিছোঁ প্ৰশস্ত পথ, যাতে মানুহে ভ্ৰমণত অতি সহজেই গন্তব্যস্থলত উপনীত হ'ব পাৰে।

21:32Page 324

وَجَعَلۡنَا ٱلسَّمَآءَ سَقۡفٗا مَّحۡفُوظٗاۖ وَهُمۡ عَنۡ ءَايَٰتِهَا مُعۡرِضُونَ ٣٢

And We made the sky a protected ceiling, but they, from its signs,1 are turning away.

আৰু আমি আকাশখনক খুঁটাবিহীন সুৰক্ষিত চাদ বনাইছোঁ। তথা সুৰক্ষিত কৰিছোঁ চয়তানৰ গোপনে কথাপোকথন শুনাৰ পৰা। মুশ্বৰিকসকলে আকাশত থকা নিদৰ্শনসমূহ (যেনেঃ চন্দ্ৰ, সূৰ্য আদি)ৰ পৰা বিমুখ হৈ আছে, সেইবোৰৰ পৰা শিক্ষা নলয়।

21:33Page 324

وَهُوَ ٱلَّذِي خَلَقَ ٱلَّيۡلَ وَٱلنَّهَارَ وَٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ فِي فَلَكٖ يَسۡبَحُونَ ٣٣

And it is He who created the night and the day and the sun and the moon; all [heavenly bodies] in an orbit are swimming.

একমাত্ৰ আল্লাহেই ৰাতি সৃষ্টি কৰিছে বিশ্ৰামৰ বাবে, আৰু দিন সৃষ্টি কৰিছে জীৱিকা উপাৰ্জনৰ বাবে। সূৰ্যক সৃষ্টি কৰিছে দিনৰ প্ৰতীক হিচাপে, আনহাতে চন্দ্ৰক সৃষ্টি কৰিছে ৰাতিৰ প্ৰতীক হিচাপে। চন্দ্ৰ, সূৰ্য প্ৰত্যেকেই নিজ নিজ কক্ষপথত ঘূৰি আছে। কোনেও নিজ নিজ কক্ষপথৰ পৰা আঁতৰি নাযায়।

21:34Page 324

وَمَا جَعَلۡنَا لِبَشَرٖ مِّن قَبۡلِكَ ٱلۡخُلۡدَۖ أَفَإِيْن مِّتَّ فَهُمُ ٱلۡخَٰلِدُونَ ٣٤

And We did not grant to any man before you eternity [on earth]; so if you die - would they be eternal?

হে ৰাছুল! আপোনাৰ পূৰ্বে আগমন কৰা আমি কোনো ৰাছুলকেই অমৰত্ব দান কৰা নাই। এতেকে যদি আপোনাৰ জীৱনৰ সমাপ্তি ঘটে তথা আপুনি মৃত্যুবৰণ কৰে তেন্তে এইসকল লোকে আপোনাৰ পিছত অমৰত্ব লাভ কৰিব নেকি? নহয়, কদাপিও নহয়।

21:35Page 324

كُلُّ نَفۡسٖ ذَآئِقَةُ ٱلۡمَوۡتِۗ وَنَبۡلُوكُم بِٱلشَّرِّ وَٱلۡخَيۡرِ فِتۡنَةٗۖ وَإِلَيۡنَا تُرۡجَعُونَ ٣٥

Every soul will taste death. And We test you with evil and with good as trial; and to Us you will be returned.

প্ৰত্যেক মানুহেই, মুমিন হওঁক অথবা কাফিৰ পৃথিৱীত মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। হে মানৱজাতি! পাৰ্থিৱ জীৱনত আমি তোমালোকক চৰীয়ত পালনৰ দায়িত্ব প্ৰদান কৰি তথা নিয়ামত দান কৰি আৰু বিভিন্ন আপদ-বিপদত পেলাই পৰীক্ষা কৰিম। জানি থোৱা! তোমালোকৰ মৃত্যুৰ পিছত মোৰ ফালেই উভতি আহিব লাগিব, তেতিয়া আমি তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিম।

21:36Page 325

وَإِذَا رَءَاكَ ٱلَّذِينَ كَفَرُوٓاْ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي يَذۡكُرُ ءَالِهَتَكُمۡ وَهُم بِذِكۡرِ ٱلرَّحۡمَٰنِ هُمۡ كَٰفِرُونَ ٣٦

And when those who disbelieve see you, [O Muḥammad], they take you not except in ridicule, [saying], "Is this the one who mentions [i.e., insults] your gods?" And they are, at the mention of the Most Merciful, disbelievers.

হে ৰাছুল! এই মুশ্বৰিকসকলে যেতিয়া আপোনাক দেখা পায়, তেতিয়া আপোনাকলৈ উপহাস কৰে, আৰু এই বুলি কৈ সিহঁতৰ অনুসাৰীসকলক আপোনাৰ পৰা আঁতৰাই ৰাখে যে, “এইজনেই সেই ব্যক্তি নেকি যিয়ে তোমালোকৰ উপাস্যবোৰক গালি-শপনি পাৰে, যিবোৰক তোমালোকে উপাসনা কৰা?” সিহঁতে আপোনাৰ লগত ঠাট্টা কৰাৰ লগতে সিহঁতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনকো অস্বীকাৰ কৰে, তথা আল্লাহৰ নিয়ামতসমূহৰ অকৃতজ্ঞতা কৰে। গতিকে, যিহেতু সিহঁতৰ মাজতেই দোষ-ত্ৰুটিৰে পৰিপূৰ্ণ, সেয়ে সিহঁতেই গৰিহণাৰ যোগ্য।

21:37Page 325

خُلِقَ ٱلۡإِنسَٰنُ مِنۡ عَجَلٖۚ سَأُوْرِيكُمۡ ءَايَٰتِي فَلَا تَسۡتَعۡجِلُونِ ٣٧

Man was created of haste [i.e., impatience]. I will show you My signs [i.e., vengeance], so do not impatiently urge Me.

মানুহ জন্মগতভাৱে খৰধৰ প্ৰৱণতা সম্পন্ন। সিহঁতে সময়ৰ পূৰ্বেই খৰধৰ কৰিবলৈ ধৰে। উদাহৰণস্বৰূপে মুশ্বৰিকসকলে শাস্তিৰ বাবে কৰা খৰধৰ। (মোৰ শাস্তিৰ বাবে খৰধৰ কৰা হে লোকসকল!) যিটো শাস্তিৰ বাবে তোমালোকে খৰধৰ কৰি আছা, সেইটো অতিশীঘ্ৰেই মই তোমালোকক দেখুৱাম। গতিকে সেইটোৰ বাবে তোমালোকে খৰধৰ কৰিব নালাগে।

21:38Page 325

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ ٣٨

And they say, "When is this promise, if you should be truthful?"

পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰসকলে খৰধৰ কৰি কয়ঃ হে মুছলিমসকল! যদি তোমালোক এই দাবীত সত্যবাদী যে, আমি পুনৰ জীৱিত হ’বই লাগিব তেন্তে কোৱাচোন! এইটো কেতিয়া সংঘটিত হ’ব?!

21:39Page 325

لَوۡ يَعۡلَمُ ٱلَّذِينَ كَفَرُواْ حِينَ لَا يَكُفُّونَ عَن وُجُوهِهِمُ ٱلنَّارَ وَلَا عَن ظُهُورِهِمۡ وَلَا هُمۡ يُنصَرُونَ ٣٩

If those who disbelieved but knew the time when they will not avert the Fire from their faces or from their backs and they will not be aided...1

পুনৰুত্থানক অস্বীকাৰ কৰা এই কাফিৰসকলে যদি সেই সময়ৰ অৱস্থা সম্পৰ্কে অৱগত হ'লহেঁতেন, যেতিয়া সিহঁতে নিজৰ মুখমণ্ডল আৰু পিঠিক জুইৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, সেইদিনা সিহঁতৰ কোনো সহায়ক নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব। যদি সিহঁতে এই বিষয়টোক বিশ্বাস কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে শাস্তিৰ বাবে খৰধৰ নকৰিলেহেঁতেন।

21:40Page 325

بَلۡ تَأۡتِيهِم بَغۡتَةٗ فَتَبۡهَتُهُمۡ فَلَا يَسۡتَطِيعُونَ رَدَّهَا وَلَا هُمۡ يُنظَرُونَ ٤٠

Rather, it will come to them unexpectedly and bewilder them, and they will not be able to repel it, nor will they be reprieved.

এই জুই, যিটোৰ জৰিয়তে সিহঁতক শাস্তি প্ৰদান কৰা হ’ব, এনেকৈ হঠাৎ আগমন কৰিব যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। সিহঁতে সেই শাস্তিক প্ৰতিৰোধও কৰিব নোৱাৰিব, আৰু ইমানখিনিও সুযোগ নাপাব যে, তাওবা কৰি লব তথা আল্লাহৰ দয়াৰ উপযুক্ত হ’ব।

21:41Page 325

وَلَقَدِ ٱسۡتُهۡزِئَ بِرُسُلٖ مِّن قَبۡلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُواْ مِنۡهُم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٤١

And already were messengers ridiculed before you, but those who mocked them were enveloped by what they used to ridicule.

হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক উপহাস কৰি আছে তেন্তে এয়া কোনো নতুন কথা নহয়, আপোনাৰ পূৰ্বেও বহুতো ৰাছুলৰ লগত ঠাট্টা-মস্কৰা কৰা হৈছে। সেই কাফিৰসকলৰ মাজৰ যিসকলে উপহাস কৰিছিল, সিহঁতক সেই শাস্তিয়েই আৱৰি ধৰিছিল, যি শাস্তিৰ পৰা ৰাছুলে সিহঁতক সতৰ্ক কৰাত সিহঁতে উপহাস কৰিছিল।

21:42Page 325

قُلۡ مَن يَكۡلَؤُكُم بِٱلَّيۡلِ وَٱلنَّهَارِ مِنَ ٱلرَّحۡمَٰنِۚ بَلۡ هُمۡ عَن ذِكۡرِ رَبِّهِم مُّعۡرِضُونَ ٤٢

Say, "Who can protect you at night or by day from the Most Merciful?" But they are, from the remembrance of their Lord, turning away.

হে ৰাছুল! খৰখেদাকৈ যিসকলে শাস্তি বিচাৰি আছে সিহঁতক আপুনি কৈ দিয়কঃ ৰহমানে যদি তোমালোকক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিব বিচাৰে তেন্তে কোৱাচোন, ৰাতি অথবা দিনৰ ভাগতেই হওঁক তোমালোকক কোনে সুৰক্ষা প্ৰদান কৰিব? বৰং সিহঁত নিজ প্ৰতিপালকৰ উপদেশ আৰু প্ৰমাণৰ পৰা বিমুখ হৈ আছে। নিজৰ মুৰ্খতা আৰু নিৰ্বোধতাৰ কাৰণে এই সম্পৰ্কে অকণো চিন্তা-চৰ্চা নকৰে।

21:43Page 325

أَمۡ لَهُمۡ ءَالِهَةٞ تَمۡنَعُهُم مِّن دُونِنَاۚ لَا يَسۡتَطِيعُونَ نَصۡرَ أَنفُسِهِمۡ وَلَا هُم مِّنَّا يُصۡحَبُونَ ٤٣

Or do they have gods to defend them other than Us? They are unable [even] to help themselves, nor can they be protected from Us.

সিহঁতৰ এনেকুৱা কিছুমান উপাস্য আছে নেকি, যিবোৰে সিহঁতক মোৰ শাস্তিৰ পৰা ৰক্ষা কৰিব? সেইবোৰে দেখোন নিজকেই ক্ষতিৰ পৰা ৰক্ষা কৰিব নোৱাৰে, তথা কোনো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে যিয়ে নিজৰ বাবে কল্যাণ কঢ়িয়াই আনিব নোৱাৰে, সি কেনেকৈ আনক সহায় কৰিব? (জানি থোৱা) সিহঁতক কোনেও আমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।

21:44Page 325

بَلۡ مَتَّعۡنَا هَٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ طَالَ عَلَيۡهِمُ ٱلۡعُمُرُۗ أَفَلَا يَرَوۡنَ أَنَّا نَأۡتِي ٱلۡأَرۡضَ نَنقُصُهَا مِنۡ أَطۡرَافِهَآۚ أَفَهُمُ ٱلۡغَٰلِبُونَ ٤٤

But, [on the contrary], We have provided good things for these [disbelievers] and their fathers until life was prolonged for them. Then do they not see that We set upon the land, reducing it from its borders?1 Is it they who will overcome?

বৰং আমি এইসকল কাফিৰ আৰু ইহঁতৰ পিতৃপুৰুষসকলক অৱকাশ প্ৰদান কৰি পাৰ্থিৱ জীৱনত নিয়ামত উপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিছিলোঁ, সময়টো অলপ দীঘলীয়া আছিল কাৰণে সিহঁত প্ৰতাৰণাত পতিত হৈছিল আৰু কুফৰীত অটল আছিল। আমাৰ নিয়ামতসমূহৰ দ্বাৰা প্ৰবঞ্চিত হোৱা আৰু আমাৰ শাস্তি অতিশীঘ্ৰে কামনা কৰা কাফিৰসকলে দেখা নাপায় নেকি যে, আমি পৃথিৱীৰ অধিবাসীসকলক পৰাজিত কৰি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ। যাতে সিহঁতে শিক্ষা লাভ কৰে যে, সেই অৱস্থা যাতে সিহঁতৰো নহয় যিটো আনৰ হৈছে? এতেকে ইহঁত বিজয়ী নহয়, বৰং ইহঁত হৈছে পৰাজিত।

21:45Page 326

قُلۡ إِنَّمَآ أُنذِرُكُم بِٱلۡوَحۡيِۚ وَلَا يَسۡمَعُ ٱلصُّمُّ ٱلدُّعَآءَ إِذَا مَا يُنذَرُونَ ٤٥

Say, "I only warn you by revelation." But the deaf do not hear the call when they are warned.

হে ৰাছুল! আপুনি কওক, হে মানৱজাতি! মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সেই অহীৰ দ্বাৰা সতৰ্ক কৰোঁ, যি অহী মোৰ প্ৰতিপালকে মোৰ প্ৰতি প্ৰেৰণ কৰে। কিন্তু যিসকলে সত্য শুনাৰ যোগ্যতাৰ পৰা বঞ্চিত হৈছে, সেইসকল লোকক যেতিয়া সত্যৰ পৰা সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে আমল কৰাৰ মানসিকতাৰে নুশুনে।

21:46Page 326

وَلَئِن مَّسَّتۡهُمۡ نَفۡحَةٞ مِّنۡ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ ٤٦

And if [as much as] a whiff of the punishment of your Lord should touch them, they would surely say, "O woe to us! Indeed, we have been wrongdoers."

হে ৰাছুল! শাস্তিৰ বাবে খৰধৰ কৰা এই লোকসকলক যদি আপোনাৰ প্ৰতিপালকৰ শাস্তিৰ অলপো অংশই স্পৰ্শ কৰে তেন্তে সিহঁতে অৱশ্যে ক'বঃ হায় আমাৰ ধ্বংস আৰু বিনাশ! আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰি নিশ্চয় আমি অন্যায় কৰিছিলোঁ।

21:47Page 326

وَنَضَعُ ٱلۡمَوَٰزِينَ ٱلۡقِسۡطَ لِيَوۡمِ ٱلۡقِيَٰمَةِ فَلَا تُظۡلَمُ نَفۡسٞ شَيۡـٔٗاۖ وَإِن كَانَ مِثۡقَالَ حَبَّةٖ مِّنۡ خَرۡدَلٍ أَتَيۡنَا بِهَاۗ وَكَفَىٰ بِنَا حَٰسِبِينَ ٤٧

And We place the scales of justice for the Day of Resurrection, so no soul will be treated unjustly at all. And if there is [even] the weight of a mustard seed,1 We will bring it forth. And sufficient are We as accountant.

আমি কিয়ামতৰ দিনা মানুহৰ আমল ওজন কৰিবলৈ সঠিক তুলাচনী প্ৰতিষ্ঠা কৰিম। সেইদিনা কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কাৰো প্ৰতি অন্যায় কৰা নহ'ব। অণু পৰিমাণ কৰ্মকো সেইদিনা আমি উপস্থাপন কৰিম। বান্দাৰ আমল হিচাপ কৰিবলৈ আমিয়ে যথেষ্ট।

21:48Page 326

وَلَقَدۡ ءَاتَيۡنَا مُوسَىٰ وَهَٰرُونَ ٱلۡفُرۡقَانَ وَضِيَآءٗ وَذِكۡرٗا لِّلۡمُتَّقِينَ ٤٨

And We had already given Moses and Aaron the criterion and a light and a reminder1 for the righteous

নিশ্চয় আমি মূছা আৰু হাৰূন আলাইহিমাচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ। যিখন আছিল সত্য আৰু অসত্যৰ মাজত তথা হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী গ্ৰন্থ। সেইখন আছিল মুমিনসকলৰ বাবে হিদায়ত আৰু মুত্ত্বাক্বীসকলৰ বাবে উপদেশমূলক গ্ৰন্থ।

21:49Page 326

ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُم بِٱلۡغَيۡبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشۡفِقُونَ ٤٩

Who fear their Lord unseen,1 while they are of the Hour apprehensive.

যিসকলে নিজ প্ৰতিপালকৰ সেই শাস্তিক ভয় কৰে, যিটোক তেওঁলোকে স্বচক্ষে দেখা পোৱা নাই কিন্তু বিশ্বাস কৰে। লগতে তেওঁলোকে কিয়ামতক ভয় কৰে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском