Al-MukhtasarAn‑Najm · 53:1–62

Al-Mukhtasar · Tafsir · in Assamese

النجم

An-Najm

The Star · Meccan · 62 ayahs

53:1Page 526

وَٱلنَّجۡمِ إِذَا هَوَىٰ ١

By the star when it descends,

আল্লাহে তৰাৰ শপত খাইছে, যেতিয়া ই সৰি পৰে।

53:2Page 526

مَا ضَلَّ صَاحِبُكُمۡ وَمَا غَوَىٰ ٢

Your companion [i.e., Muḥammad] has not strayed, nor has he erred,

আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হিদায়তৰ পথৰ পৰা আঁতৰি যোৱা নাই, তথা বিভ্ৰান্তও হোৱা নাই, বৰং তেওঁ সঠিক পথত প্ৰতিষ্ঠিত হৈ আছে।

53:3Page 526

وَمَا يَنطِقُ عَنِ ٱلۡهَوَىٰٓ ٣

Nor does he speak from [his own] inclination.

আৰু তেওঁ প্ৰবৃত্তিৰ অনুসৰণ কৰি এই কোৰআন নকয়।

53:4Page 526

إِنۡ هُوَ إِلَّا وَحۡيٞ يُوحَىٰ ٤

It is not but a revelation revealed,

এই কোৰআন হৈছে অহী। আল্লাহে জিব্ৰীল আলাইহিইচ্ছালামৰ মাধ্যমত তেওঁৰ ওচৰলৈ এই অহী প্ৰেৰণ কৰে।

53:5Page 526

عَلَّمَهُۥ شَدِيدُ ٱلۡقُوَىٰ ٥

Taught to him by one intense in strength [i.e., Gabriel] -

শক্তিশালী ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁক শিকায়।

53:6Page 526

ذُو مِرَّةٖ فَٱسۡتَوَىٰ ٦

One of soundness.1 And he rose to [his] true form2

জিব্ৰীল আলাইহিচ্ছালাম হৈছে উৎকৃষ্ট আকৃতিৰ অধিকাৰী। আল্লাহে তেওঁক যি আকৃতিত সৃষ্টি কৰিছে সেই আকৃতিতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত প্ৰকট হৈছিল।

53:7Page 526

وَهُوَ بِٱلۡأُفُقِ ٱلۡأَعۡلَىٰ ٧

While he was in the higher [part of the] horizon.1

তেতিয়া জিব্ৰীল আলাইহিচ্ছালাম আছিল আকাশৰ ঊৰ্দ্ধদিগন্তত।

53:8Page 526

ثُمَّ دَنَا فَتَدَلَّىٰ ٨

Then he approached and descended

ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটৱৰ্তী হৈছিল, তথা আৰু ওচৰ চাপি আহিছিল।

53:9Page 526

فَكَانَ قَابَ قَوۡسَيۡنِ أَوۡ أَدۡنَىٰ ٩

And was at a distance of two bow lengths or nearer.

তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুখন ধেনুৰ দূৰত্বত অৱস্থান কৰিছিল অথবা তাতোকৈ কম দূৰত্বত।

53:10Page 526

فَأَوۡحَىٰٓ إِلَىٰ عَبۡدِهِۦ مَآ أَوۡحَىٰ ١٠

And he revealed to His Servant1 what he revealed [i.e., conveyed].

তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যি অহী দিবলগীয়া আছিল সেয়া দিলে।

53:11Page 526

مَا كَذَبَ ٱلۡفُؤَادُ مَا رَأَىٰٓ ١١

The heart1 did not lie [about] what it saw.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি যি দেখিছে, তেওঁৰ অন্তৰে সেয়া অস্বীকাৰ কৰা নাই।

53:12Page 526

أَفَتُمَٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ ١٢

So will you dispute with him over what he saw?

হে মুশ্বৰিকসকল! তোমালোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সেইবোৰ বিষয়লৈ বিতৰ্ক কৰা নেকি, যিবোৰ আল্লাহে তেওঁক ‘ইছৰা’ৰ ৰাতি দেখুৱাইছে?

53:13Page 526

وَلَقَدۡ رَءَاهُ نَزۡلَةً أُخۡرَىٰ ١٣

And he certainly saw him in another descent1

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক আৰু এবাৰ প্ৰকৃত আকৃতিত দেখা পাইছিল ইছৰাৰ ৰাতিত।

53:14Page 526

عِندَ سِدۡرَةِ ٱلۡمُنتَهَىٰ ١٤

At the Lote Tree of the Utmost Boundary -

ছিদৰাতুল মুনতাহাৰ ওচৰত। সেয়া হৈছে সপ্তম আকাশত থকা এজোপা প্ৰকাণ্ড বৃক্ষ।

53:15Page 526

عِندَهَا جَنَّةُ ٱلۡمَأۡوَىٰٓ ١٥

Near it is the Garden of Refuge [i.e., Paradise] -

এই গছজোপাৰ ওচৰতেই আছে জান্নাতুল মা’ওৱা।

53:16Page 526

إِذۡ يَغۡشَى ٱلسِّدۡرَةَ مَا يَغۡشَىٰ ١٦

When there covered the Lote Tree that which covered [it].1

আল্লাহৰ আদেশত বিশাল বস্তু এটাই যেতিয়া ছিদৰাক আচ্ছাদিত কৰিছিল, যিটোৰ বাস্তৱিকতা সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত।

53:17Page 526

مَا زَاغَ ٱلۡبَصَرُ وَمَا طَغَىٰ ١٧

The sight [of the Prophet (ﷺ)] did not swerve, nor did it transgress [its limit].

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টি সোঁৱে-বাঁওৱেও যোৱা নাছিল, আৰু যি দেখিবলৈ আদেশ দিয়া হৈছিল সেই সীমা অতিক্ৰমও কৰা নাছিল।

53:18Page 526

لَقَدۡ رَأَىٰ مِنۡ ءَايَٰتِ رَبِّهِ ٱلۡكُبۡرَىٰٓ ١٨

He certainly saw of the greatest signs of his Lord.

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মিৰাজৰ ৰাতি তেওঁৰ প্ৰতিপালকৰ মহা নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছে, যিবোৰে মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। এতেকে তেওঁ জান্নাত, জাহান্নাম আৰু অন্যান্য কেইবাটাও বস্তু দেখিছে।

53:19Page 526

أَفَرَءَيۡتُمُ ٱللَّٰتَ وَٱلۡعُزَّىٰ ١٩

So have you considered al-Lāt and al-ʿUzzā?

হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে উপাসনা কৰা লাত আৰু উঝঝা সম্পৰ্কে তোমালোকৰ ধাৰণা কি?!

53:20Page 526

وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلۡأُخۡرَىٰٓ ٢٠

And Manāt, the third - the other one?1

আৰু তোমালোকৰ তৃতীয় মূৰ্তি মানাত সম্পৰ্কে ধাৰণা কি? কোৱাচোন তোমালোকে, এইবোৰে তোমালোকক কোনো উপকাৰ বা অপকাৰ কৰিব পাৰিবনে?!

53:21Page 526

أَلَكُمُ ٱلذَّكَرُ وَلَهُ ٱلۡأُنثَىٰ ٢١

Is the male for you and for Him the female?

হে মুশ্বৰিকসকল! তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, অথচ পৱিত্ৰ আল্লাহৰ বাবে তোমালোকে কন্যা সন্তান নিৰ্ধাৰণ কৰা, যিটোক তোমালোকে অপছন্দ কৰা?!

53:22Page 526

تِلۡكَ إِذٗا قِسۡمَةٞ ضِيزَىٰٓ ٢٢

That, then, is an unjust division.1

এই বন্টন যিটো তোমালোকে নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুসাৰে কৰিছা, সেইটো নিশ্চিতভাৱে অসঙ্গত বন্টন।

53:23Page 526

إِنۡ هِيَ إِلَّآ أَسۡمَآءٞ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَمَا تَهۡوَى ٱلۡأَنفُسُۖ وَلَقَدۡ جَآءَهُم مِّن رَّبِّهِمُ ٱلۡهُدَىٰٓ ٢٣

They are not but [mere] names you have named them - you and your forefathers - for which Allāh has sent down no authority. They follow not except assumption and what [their] souls desire, and there has already come to them from their Lord guidance.

এই মূৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয়। এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয়তানে সিহঁতৰ অন্তৰত শোভনীয় কৰি দিয়ে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায়ত আহি পৰিছে। তথাপিও সিহঁতে ইয়াক আঁকোৱালি লোৱা নাই।

53:24Page 526

أَمۡ لِلۡإِنسَٰنِ مَا تَمَنَّىٰ ٢٤

Or is there for man whatever he wishes?

মানুহৰ এই আশা পূৰণ হ’বনে যে, এই মূৰ্তিবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব?!

53:25Page 526

فَلِلَّهِ ٱلۡأٓخِرَةُ وَٱلۡأُولَىٰ ٢٥

Rather, to Allāh belongs the Hereafter and the first [life].

নহয়, সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহয়। কিয়নো পৃথিৱী আৰু আখিৰাত একমাত্ৰ আল্লাহৰ ক্ষমতাৰ অধীনত। তেওঁ এই দুয়ো ঠাইৰ পৰা যিমান ইচ্ছা কৰে প্ৰদান কৰে আৰু যিমান ইচ্ছা কৰে বঞ্চিত কৰে।

53:26Page 526

۞ وَكَم مِّن مَّلَكٖ فِي ٱلسَّمَٰوَٰتِ لَا تُغۡنِي شَفَٰعَتُهُمۡ شَيۡـًٔا إِلَّا مِنۢ بَعۡدِ أَن يَأۡذَنَ ٱللَّهُ لِمَن يَشَآءُ وَيَرۡضَىٰٓ ٢٦

And how many angels there are in the heavens whose intercession will not avail at all except [only] after Allāh has permitted [it] to whom He wills and approves.

আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁলোকে কাৰোবাৰ বিষয়ে মধ্যস্ততা কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মধ্যস্ততা কোনো কামত নাহিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি দিব তাৰ বিষয়টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ততা কৰিব তাৰ ওপৰতো আল্লাহ সন্তুষ্ট হ’ব লাগিব। কিয়নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকুৱা কোনো ব্যক্তিৰ প্ৰতিও সন্তুষ্ট নহ’ব, যিয়ে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰিছিল।

53:27Page 527

إِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ لَيُسَمُّونَ ٱلۡمَلَٰٓئِكَةَ تَسۡمِيَةَ ٱلۡأُنثَىٰ ٢٧

Indeed, those who do not believe in the Hereafter name the angels female names,

যিসকলে আখিৰাতৰ জীৱনক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীসকলৰ নামেৰে নামকৰণ কৰে, তথা এই আক্বীদাহ পোষণ কৰে যে তেওঁলোক হৈছে আল্লাহৰ জীয়াৰী। আল্লাহ সিহঁতৰ এনেকুৱা আৰোপৰ পৰা বহুগুণে ঊৰ্দ্ধত।

53:28Page 527

وَمَا لَهُم بِهِۦ مِنۡ عِلۡمٍۖ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّۖ وَإِنَّ ٱلظَّنَّ لَا يُغۡنِي مِنَ ٱلۡحَقِّ شَيۡـٔٗا ٢٨

And they have thereof no knowledge. They follow not except assumption, and indeed, assumption avails not against the truth at all.

অথচ এই নাৰীবাচক নামকৰণৰ সপক্ষে সিহঁতৰ ওচৰত কোনো ধৰণৰ নিৰ্ভৰযোগ্য জ্ঞান নাই। এইক্ষেত্ৰত সিহঁতে কেৱল ভ্ৰম আৰু অনুমানৰহে অনুকৰণ কৰে। অনুমানে সত্যৰ স্থান লোৱাতো দূৰৰ কথা, সত্যৰ কাষ চাপিবও নোৱাৰে।

53:29Page 527

فَأَعۡرِضۡ عَن مَّن تَوَلَّىٰ عَن ذِكۡرِنَا وَلَمۡ يُرِدۡ إِلَّا ٱلۡحَيَوٰةَ ٱلدُّنۡيَا ٢٩

So turn away from whoever turns his back on Our message and desires not except the worldly life.

হে ৰাছুল! আপুনি সেই ব্যক্তিক আওকাণ কৰক, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হৈছে আৰু যিয়ে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে, পাৰ্থিৱ জীৱনৰ বাহিৰে যিয়ে একো নিবিচাৰে, তথা আখিৰাতৰ বাবে কোনো কাম নকৰে, কাৰণ সি ইয়াৰ প্ৰতি বিশ্বাসেই নকৰে।

53:30Page 527

ذَٰلِكَ مَبۡلَغُهُم مِّنَ ٱلۡعِلۡمِۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعۡلَمُ بِمَنِ ٱهۡتَدَىٰ ٣٠

That is their sum of knowledge. Indeed, your Lord is most knowing of who strays from His way, and He is most knowing of who is guided.

এই মুশ্বৰিকসকলে ফিৰিস্তাসকলক যিদৰে নাৰীবাচক নাম দি আছে, দৰাচলতে সিহঁতৰ জ্ঞানৰ সীমা সিমানেই, কাৰণ সিহঁত হৈছে মুৰ্খ। সিহঁত ইয়াক্বীনত উপনীত হ’ব পৰা নাই। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই ব্যক্তিক ভালকৈয়ে জানে, যিয়ে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, আনহাতে সেই ব্যক্তিকো ভালকৈ জানে, যিয়ে হিদায়তৰ পথত পৰিচালিত হৈছে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

53:31Page 527

وَلِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ لِيَجۡزِيَ ٱلَّذِينَ أَسَٰٓـُٔواْ بِمَا عَمِلُواْ وَيَجۡزِيَ ٱلَّذِينَ أَحۡسَنُواْ بِٱلۡحُسۡنَى ٣١

And to Allāh belongs whatever is in the heavens and whatever is in the earth - that He may recompense those who do evil with [the penalty of] what they have done and recompense those who do good with the best [reward] -

আকাশমণ্ডলৰ সকলো বস্তু আল্লাহৰেই আৰু পৃথিৱীৰো সকলো বস্তু আল্লাহৰেই। তেৱেঁই এইবোৰৰ মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। যাতে আল্লাহে সেইসকল লোকক উচিত শাস্তি প্ৰদান কৰিব পাৰে, যিসকলে পৃথিৱীত বেয়া কৰ্ম কৰে। আনহাতে সৎকৰ্ম কৰা মুমিনসকলক যাতে জান্নাত প্ৰদান কৰিব পাৰে।

53:32Page 527

ٱلَّذِينَ يَجۡتَنِبُونَ كَبَٰٓئِرَ ٱلۡإِثۡمِ وَٱلۡفَوَٰحِشَ إِلَّا ٱللَّمَمَۚ إِنَّ رَبَّكَ وَٰسِعُ ٱلۡمَغۡفِرَةِۚ هُوَ أَعۡلَمُ بِكُمۡ إِذۡ أَنشَأَكُم مِّنَ ٱلۡأَرۡضِ وَإِذۡ أَنتُمۡ أَجِنَّةٞ فِي بُطُونِ أُمَّهَٰتِكُمۡۖ فَلَا تُزَكُّوٓاْ أَنفُسَكُمۡۖ هُوَ أَعۡلَمُ بِمَنِ ٱتَّقَىٰٓ ٣٢

Those who avoid the major sins and immoralities, only [committing] slight ones. Indeed, your Lord is vast in forgiveness. He was most knowing of you when He produced you from the earth and when you were fetuses in the wombs of your mothers. So do not claim yourselves to be pure; He is most knowing of who fears Him.

যিসকলে অশ্লীল তথা মহাপাপসমূহৰ পৰা বিৰত থাকে, যদিও সৰু-সুৰা গুনাহ কেতিয়াবা হৈ যায়, কিন্তু আল্লাহে এইবোৰ ক্ষমা কৰি দিব, যিহেতু তেওঁলোকে মহাপাপসমূহৰ পৰা বিৰত আছিল আৰু বেছি বেছি সৎকৰ্ম কৰিছিল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক ক্ষমা কৰাৰ ক্ষেত্ৰত অতি উদাৰ। বান্দাসকলে তাওবা কৰাৰ লগে লগে তেওঁ সিহঁতক ক্ষমা কৰি দিয়ে। তেওঁ তোমালোকৰ বিষয়ে সেইসময়ৰ পৰাই অৱগত, যেতিয়া তেওঁ তোমালোকৰ আদি পিতা আদমক মাটিৰ পৰা সৃষ্টি কৰিছিল, আৰু যেতিয়া তোমালোকে মাকৰ পেটত ভ্ৰুণৰূপে বিভিন্ন ধাপ অতিক্ৰম কৰি ভূমিষ্ঠ হৈছিলা। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে তোমালোকে নিজেই নিজৰ ধৰ্মভীৰুতাৰ প্ৰশংসা নকৰিবা। কাৰণ পৱিত্ৰ আল্লাহ ভালদৰেই জানে তোমালোকৰ মাজৰ কোনে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছে।

53:33Page 527

أَفَرَءَيۡتَ ٱلَّذِي تَوَلَّىٰ ٣٣

Have you seen the one who turned away

আপুনি সেই ব্যক্তিৰ দুৰ্দশা দেখা পাইছেনে, যিয়ে ইছলামৰ ওচৰত চাপিও ইছলামৰ পৰা বিমুখ হৈছে?!

53:34Page 527

وَأَعۡطَىٰ قَلِيلٗا وَأَكۡدَىٰٓ ٣٤

And gave a little and [then] refrained?

কিঞ্চিত দান কৰিলে আৰু তাৰ পিছত বন্ধ কৰি দিলে। কিয়নো কৃপণালি তাৰ সিৰাই সিৰাই সোমাইছে। ইয়াৰ পিছতো সি নিজৰ গুণ গাই ফুৰে।

53:35Page 527

أَعِندَهُۥ عِلۡمُ ٱلۡغَيۡبِ فَهُوَ يَرَىٰٓ ٣٥

Does he have knowledge of the unseen, so he sees?1

তাৰ ওচৰত গায়েবৰ জ্ঞান আছে নেকি, যিটো সি সকলো দেখা পাই আছে আৰু সি গায়েবৰ বিষয়ে আলোচনা কৰি আছে?

53:36Page 527

أَمۡ لَمۡ يُنَبَّأۡ بِمَا فِي صُحُفِ مُوسَىٰ ٣٦

Or has he not been informed of what was in the scriptures of Moses

নে সি আল্লাহৰ ওপৰত মিছা আৰোপ কৰি আছে? আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা এই ব্যক্তিক মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থত যি লিখা আছে সেই সম্পৰ্কে অৱগত কৰা হোৱা নাই নেকি?

53:37Page 527

وَإِبۡرَٰهِيمَ ٱلَّذِي وَفَّىٰٓ ٣٧

And [of] Abraham, who fulfilled [his obligations] -

আৰু ইব্ৰাহীম আলাইহিচ্ছালামৰ ছহীফাত লিখা বাণী সম্পৰ্কে, যিজনে তেওঁৰ প্ৰতিপালকে অৰ্পন কৰা সকলো দায়িত্ব পালন কৰিছিল তথা পূৰণ কৰিছিল।

53:38Page 527

أَلَّا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰ ٣٨

That no bearer of burdens will bear the burden of another

কোনো মানুহেই আনৰ গুনাহৰ বোজা বহন নকৰিব।

53:39Page 527

وَأَن لَّيۡسَ لِلۡإِنسَٰنِ إِلَّا مَا سَعَىٰ ٣٩

And that there is not for man except that [good] for which he strives

মানুহে কেৱল নিজে কৰা কৰ্মৰহে প্ৰতিদান লাভ কৰিব।

53:40Page 527

وَأَنَّ سَعۡيَهُۥ سَوۡفَ يُرَىٰ ٤٠

And that his effort is going to be seen -

শীঘ্ৰেই কিয়ামতৰ দিনা তাৰ আমলনামা দেখুৱা হ’ব।

53:41Page 527

ثُمَّ يُجۡزَىٰهُ ٱلۡجَزَآءَ ٱلۡأَوۡفَىٰ ٤١

Then he will be recompensed for it with the fullest recompense -

ইয়াৰ পিছত তাক তাৰ আমলৰ প্ৰতিদান কোনো প্ৰকাৰ হ্ৰাস নকৰাকৈ পৰিপূৰ্ণভাৱে দিয়া হ’ব।

53:42Page 527

وَأَنَّ إِلَىٰ رَبِّكَ ٱلۡمُنتَهَىٰ ٤٢

And that to your Lord is the finality

হে ৰাছুল! বান্দাসকলে মৃত্যুবৰণ কৰাৰ পিছত আপোনাৰ প্ৰতিপালকৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব।

53:43Page 527

وَأَنَّهُۥ هُوَ أَضۡحَكَ وَأَبۡكَىٰ ٤٣

And that it is He who makes [one] laugh and weep

নিশ্চয় তেওঁ যাক আনন্দিত কৰিব বিচাৰে, তাক হঁহুৱায়। আৰু যাক দুশ্চিন্তাগ্ৰস্ত কৰিব বিচাৰে, তাক কন্দুৱায়।

53:44Page 527

وَأَنَّهُۥ هُوَ أَمَاتَ وَأَحۡيَا ٤٤

And that it is He who causes death and gives life

তেৱেঁই পৃথিৱীত জীৱিতসকলক মৃত্যু প্ৰদান কৰে আৰু মৃতসকলক আখিৰাতত জীৱন দান কৰিব।

53:45Page 528

وَأَنَّهُۥ خَلَقَ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰ ٤٥

And that He creates the two mates - the male and female -

তেৱেঁই দুয়োবিধক অৰ্থাৎ নৰ আৰু নাৰীক সৃষ্টি কৰিছে।

53:46Page 528

مِن نُّطۡفَةٍ إِذَا تُمۡنَىٰ ٤٦

From a sperm-drop when it is emitted

বীৰ্যৰ দ্বাৰা, যেতিয়া ইয়াক গৰ্ভাশয়ত ৰখা হৈছিল।

53:47Page 528

وَأَنَّ عَلَيۡهِ ٱلنَّشۡأَةَ ٱلۡأُخۡرَىٰ ٤٧

And that [incumbent] upon Him is the other [i.e., next] creation.

সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক তেৱেঁই জীৱন দান কৰি পুনৰুত্থিত কৰিব।

53:48Page 528

وَأَنَّهُۥ هُوَ أَغۡنَىٰ وَأَقۡنَىٰ ٤٨

And that it is He who enriches and suffices

তেৱেঁই বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সম্পদ প্ৰদান কৰি ধনী বনায়। এনেকুৱা সম্পদ প্ৰদান কৰে, যিবোৰ মানুহে সঞ্চয় কৰি ৰাখে।

53:49Page 528

وَأَنَّهُۥ هُوَ رَبُّ ٱلشِّعۡرَىٰ ٤٩

And that it is He who is the Lord of Sirius1

নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নামক তৰাৰ প্ৰতিপালক, যাক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ কৰি পূজা-পাঠ কৰিছিল।

53:50Page 528

وَأَنَّهُۥٓ أَهۡلَكَ عَادًا ٱلۡأُولَىٰ ٥٠

And that He destroyed the first [people of] ʿAad

ইতিপূৰ্বে তেৱেঁই হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় ‘আদ’ক ধ্বংস কৰিছে, যেতিয়া সিহঁতে কুফৰীত অটল আছিল।

53:51Page 528

وَثَمُودَاْ فَمَآ أَبۡقَىٰ ٥١

And Thamūd - and He did not spare [them] -

আৰু তেৱেঁই ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদক ধ্বংস কৰিছে। এতেকে সিহঁতৰ মাজৰ কাকো এৰি দিয়া নাই।

53:52Page 528

وَقَوۡمَ نُوحٖ مِّن قَبۡلُۖ إِنَّهُمۡ كَانُواْ هُمۡ أَظۡلَمَ وَأَطۡغَىٰ ٥٢

And the people of Noah before. Indeed, it was they who were [even] more unjust and oppressing.

আদ আৰু ছামূদৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ধ্বংস কৰিছিল। নিশ্চয় নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ আৰু ছামূদ সম্প্ৰদায়তকৈও অধিক অন্যায়কাৰী আৰু অবাধ্য আছিল। কিয়নো নূহ আলাইহিচ্ছালাম সিহঁতৰ মাজত পঞ্চাচ বছৰ কম এহেজাৰ বছৰ অৱস্থান কৰিছিল আৰু সিহঁতক তাওহীদৰ পিনে আহ্বান কৰিছিল কিন্তু তথাপিও সিহঁতে স্বীকাৰ কৰা নাছিল।

53:53Page 528

وَٱلۡمُؤۡتَفِكَةَ أَهۡوَىٰ ٥٣

And the overturned towns1 He hurled down

আৰু লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ওপৰলৈ উঠাই ওলোটাই দিছিল আৰু তাৰ পিছত পৃথিৱীত নিক্ষেপ কৰিছিল।

53:54Page 528

فَغَشَّىٰهَا مَا غَشَّىٰ ٥٤

And covered them by that which He covered.1

সিহঁতক ওপৰলৈ উঠাই মাটিত পেলাই দিয়াৰ পিছত সিহঁতৰ ওপৰত শিল বৰ্ষণ কৰি ঢাকি দিয়া হৈছিল।

53:55Page 528

فَبِأَيِّ ءَالَآءِ رَبِّكَ تَتَمَارَىٰ ٥٥

Then which of the favors of your Lord do you doubt?

হে মানৱ! তোমাৰ প্ৰতিপালকৰ ক্ষমতাৰ প্ৰমাণ বহন কৰা কোন কোনটো নিদৰ্শনক তুমি সন্দেহ কৰিবা, তথা শিক্ষা লোৱাৰ পৰা বিৰত থাকিবা?

53:56Page 528

هَٰذَا نَذِيرٞ مِّنَ ٱلنُّذُرِ ٱلۡأُولَىٰٓ ٥٦

This [Prophet (ﷺ)] is a warner from [i.e., like] the former warners.

তোমালোকৰ প্ৰতি প্ৰেৰিত হোৱা এইজন ৰাছুলো পূৰ্বৱৰ্তী ৰাছুলসকলৰেই এটা অংশ।

53:57Page 528

أَزِفَتِ ٱلۡأٓزِفَةُ ٥٧

The Approaching Day has approached.

কিয়ামত ওচৰ চাপিছে, অতি সন্নিকট।

53:58Page 528

لَيۡسَ لَهَا مِن دُونِ ٱللَّهِ كَاشِفَةٌ ٥٨

Of it, [from those] besides Allāh, there is no remover.

আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে, তথা তেওঁৰ বাহিৰে ইয়াৰ সঠিক তথ্য সম্পৰ্কেও অৱগত নহয়।

53:59Page 528

أَفَمِنۡ هَٰذَا ٱلۡحَدِيثِ تَعۡجَبُونَ ٥٩

Then at this statement do you wonder?

এই কোৰআন, যিখন তোমালোকৰ সন্মুখত তিলাৱত কৰা হয়, এইখন আল্লাহৰ ফালৰ পৰা বুলি তোমালোকে ইয়াকলৈ আশ্চৰ্য প্ৰকাশ কৰা নেকি?

53:60Page 528

وَتَضۡحَكُونَ وَلَا تَبۡكُونَ ٦٠

And you laugh and do not weep

তথা ইয়াক ঠাট্টা কৰি হাঁহি থকা, আৰু ইয়াৰ উপদেশ শুনি অশ্ৰুশিক্ত নোহোৱা?!

53:61Page 528

وَأَنتُمۡ سَٰمِدُونَ ٦١

While you are proudly sporting?1

এই ক্ষেত্ৰত তোমালোকে অমনোযোগী হৈ আছা, অকণো ভ্ৰূক্ষেপ নকৰা।

53:62Page 528

فَٱسۡجُدُواْۤ لِلَّهِۤ وَٱعۡبُدُواْ۩ ٦٢

So prostrate to Allāh and worship [Him].

এতেকে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском