Al-Mukhtasar · Tafsir · in Assamese
Al-A'raf 7:153–181
7:153Page 169
وَٱلَّذِينَ عَمِلُواْ ٱلسَّيِّـَٔاتِ ثُمَّ تَابُواْ مِنۢ بَعۡدِهَا وَءَامَنُوٓاْ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورٞ رَّحِيمٞ ١٥٣
But those who committed misdeeds and then repented after them and believed - indeed your Lord, thereafter, is Forgiving and Merciful.
যিসকলে বেয়া কৰ্ম কৰিছে, যেনে- শ্বিৰ্ক আৰু অন্যান্য পাপ কৰ্ম, তাৰ পিছত আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, অৰ্থাৎ তেওঁৰ প্ৰতি ঈমান আনিছে আৰু পাপকৰ্মৰ পৰা বিৰত হৈছে। এতেকে হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে এই তাওবাৰ পিছত আৰু শ্বিৰ্কৰ পৰা ঈমানৰ পিনে, লগতে গুনাহৰ পৰা আনুগত্যৰ পিনে কৰা প্ৰত্যাৱৰ্তনৰ পিছত তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিব।
7:154Page 169
وَلَمَّا سَكَتَ عَن مُّوسَى ٱلۡغَضَبُ أَخَذَ ٱلۡأَلۡوَاحَۖ وَفِي نُسۡخَتِهَا هُدٗى وَرَحۡمَةٞ لِّلَّذِينَ هُمۡ لِرَبِّهِمۡ يَرۡهَبُونَ ١٥٤
And when the anger subsided in Moses, he took up the tablets; and in their inscription was guidance and mercy for those who are fearful of their Lord.
তাৰ পিছত মূছা আলাইহিছ ছালামৰ ক্ৰোধ যেতিয়া শান্ত হ'ল, তেতিয়া তেওঁ লিখিত ফলকসমূহ উঠাই ললে, যিবোৰ তেওঁ ক্ৰোধান্বিত হৈ দলিয়াই পেলাইছিল। আৰু এইবোৰ আছিল ভ্ৰষ্টতাৰ পৰা হিদায়ত আৰু সত্য বৰ্ণনামূলক ফলক। তথা সেইসকল লোকৰ বাবে ৰহমতস্বৰূপ যিসকলে নিজ প্ৰতিপালকক আৰু তেওঁৰ শাস্তিক ভয় কৰে।
7:155Page 169
وَٱخۡتَارَ مُوسَىٰ قَوۡمَهُۥ سَبۡعِينَ رَجُلٗا لِّمِيقَٰتِنَاۖ فَلَمَّآ أَخَذَتۡهُمُ ٱلرَّجۡفَةُ قَالَ رَبِّ لَوۡ شِئۡتَ أَهۡلَكۡتَهُم مِّن قَبۡلُ وَإِيَّٰيَۖ أَتُهۡلِكُنَا بِمَا فَعَلَ ٱلسُّفَهَآءُ مِنَّآۖ إِنۡ هِيَ إِلَّا فِتۡنَتُكَ تُضِلُّ بِهَا مَن تَشَآءُ وَتَهۡدِي مَن تَشَآءُۖ أَنتَ وَلِيُّنَا فَٱغۡفِرۡ لَنَا وَٱرۡحَمۡنَاۖ وَأَنتَ خَيۡرُ ٱلۡغَٰفِرِينَ ١٥٥
And Moses chose from his people seventy men for Our appointment.1 And when the earthquake seized them,2 he said, "My Lord, if You had willed, You could have destroyed them before and me [as well]. Would You destroy us for what the foolish among us have done? This is not but Your trial by which You send astray whom You will and guide whom You will. You are our Protector, so forgive us and have mercy upon us; and You are the best of forgivers.
আৰু মূছা আলাইহিছ ছআলামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হবলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিছ ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিছ ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমি আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।
7:156Page 170
۞ وَٱكۡتُبۡ لَنَا فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ إِنَّا هُدۡنَآ إِلَيۡكَۚ قَالَ عَذَابِيٓ أُصِيبُ بِهِۦ مَنۡ أَشَآءُۖ وَرَحۡمَتِي وَسِعَتۡ كُلَّ شَيۡءٖۚ فَسَأَكۡتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَٱلَّذِينَ هُم بِـَٔايَٰتِنَا يُؤۡمِنُونَ ١٥٦
And decree for us in this world [that which is] good and [also] in the Hereafter; indeed, we have turned back to You." [Allāh] said, "My punishment - I afflict with it whom I will, but My mercy encompasses all things." So I will decree it [especially] for those who fear Me and give zakāh and those who believe in Our verses-
তুমি আমাক এই পৃথিৱীত সেই সকল লোকৰ অন্তৰ্ভুক্ত কৰা, যিসকলক তুমি নিয়ামত আৰু শান্তি দান কৰিছা আৰু সৎকৰ্ম কৰাৰ তাওফীত দান কৰিছা। লগতে আখিৰাতত সেই সকল পূণ্যৱান লোকৰ অন্তৰ্ভুক্ত কৰি দিয়া, যিসকলৰ বাবে তুমি জান্নাত প্ৰস্তুত কৰি ৰাখিছা। নিশ্চয় আমি তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিছো, লগতে আমি আমাৰ গুনাহ আৰু অপৰাধ স্বীকাৰ কৰিছো। আল্লাহে কৈছেঃ যিসকলে দুৰ্ভাগ্যৰ পথ অৱলম্বন কৰিছে সিহঁতৰ মাজৰ যাক মই ইচ্ছা কৰিম মোৰ শাস্তি ভোগ কৰাম। আৰু পৃথিৱীত মোৰ ৰহমতে সকলো বস্তুকে আৱৰি আছে। এতেকে প্ৰত্যেক সৃষ্টিয়ে আল্লাহৰ ৰহমত লাভ কৰে আৰু সকলোকে তেওঁৰ অনুগ্ৰহ আৰু উপকাৰে আৱৰি আছে। কিন্তু আখিৰাতত মই মোৰ কৃপা সেই সকল লোকৰ বাবে নিৰ্দিষ্ট কৰিম, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰে, যিসকলে নিজৰ সম্পত্তিৰ যাকাত, যাকাত শিতানলৈ আদায় কৰে আৰু যিসকলে আমাৰ নিদৰ্শনসমূহৰ ওপৰত বিশ্বাস পোষণ কৰে।
7:157Page 170
ٱلَّذِينَ يَتَّبِعُونَ ٱلرَّسُولَ ٱلنَّبِيَّ ٱلۡأُمِّيَّ ٱلَّذِي يَجِدُونَهُۥ مَكۡتُوبًا عِندَهُمۡ فِي ٱلتَّوۡرَىٰةِ وَٱلۡإِنجِيلِ يَأۡمُرُهُم بِٱلۡمَعۡرُوفِ وَيَنۡهَىٰهُمۡ عَنِ ٱلۡمُنكَرِ وَيُحِلُّ لَهُمُ ٱلطَّيِّبَٰتِ وَيُحَرِّمُ عَلَيۡهِمُ ٱلۡخَبَٰٓئِثَ وَيَضَعُ عَنۡهُمۡ إِصۡرَهُمۡ وَٱلۡأَغۡلَٰلَ ٱلَّتِي كَانَتۡ عَلَيۡهِمۡۚ فَٱلَّذِينَ ءَامَنُواْ بِهِۦ وَعَزَّرُوهُ وَنَصَرُوهُ وَٱتَّبَعُواْ ٱلنُّورَ ٱلَّذِيٓ أُنزِلَ مَعَهُۥٓ أُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ١٥٧
Those who follow the Messenger, the unlettered prophet, whom they find written [i.e., described] in what they have of the Torah and the Gospel, who enjoins upon them what is right and prohibits them from what is wrong and makes lawful for them what is good and forbids them from what is evil and relieves them of their burden1 and the shackles which were upon them.2 So they who have believed in him, honored him, supported him and followed the light which was sent down with him - it is those who will be the successful.
যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰে, আৰু তেওঁ হৈছে উম্মী নবী, লিখিব আৰু পঢ়িব নাজানে। বৰং তেওঁৰ প্ৰতি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহী কৰা হয়। তেওঁৰ নাম আৰু বৈশিষ্ট্য তথা তেওঁৰ নবুওৱত সম্পৰ্কে মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ তাওৰাত আৰু ঈছা আলাইহিচ্ছালামৰ প্ৰতি অৱতীৰ্ণ ইঞ্জীলত উল্লেখ আছে। তেওঁ এনেকুৱা কৰ্মৰ আদেশ দিয়ে যিবোৰক ভাল আৰু উত্তম বুলি সকলোৱে জানে। আৰু তেওঁ সেইসমূহ কৰ্মৰ পৰা নিষেধ কৰে, যিবোৰক বিবেক বুদ্ধিয়েও বেয়া বুলি জানে। তেওঁ সিহঁতৰ বাবে পানাহাৰ আৰু বিবাহ সম্বন্ধীয় সেই সকলো উত্তম বস্তুবোৰক বৈধ স্বীকৃতি দিয়ে, যিবোৰৰ মাজত কোনো ক্ষতি নাই, আনহাতে সেইবোৰ বস্তুক স্বীকৃতি নিদিয়ে যিবোৰ অস্বচ্ছ আৰু অপৱিত্ৰ। লগতে সিহঁতৰ পৰা সেই গধূৰ বোজা আঁতৰাই দিয়ে, যিটো সিহঁতক বহন কৰিবলৈ দিয়া হৈছিল। যেনে- হত্যাকাৰীক হত্যা কৰাৰ বিধান, যদিও সেই হত্যা জানি বুজি কৰক বা অজানিতে। এতেকে বনী ইছৰাঈল তথা আন আন যিসকলে ইয়াৰ ওপৰত ঈমান পোষণ কৰিছে, তেওঁক আদৰ আৰু সন্মান কৰিছে, লগতে তেওঁৰ লগত শত্ৰুতা পোষণকাৰী কাফিৰসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছে, আৰু সেই কোৰআনক অনুসৰণ কৰিছে, যিটোক সিহঁতৰ প্ৰতি পথপ্ৰদৰ্শক আৰু জ্যোতি হিচাপে অৱতীৰ্ণ কৰা হৈছে, তেনেকুৱা লোকসকলেই সাফল্যমণ্ডিত। তেওঁলোকে আশা কৰা সকলো প্ৰাপ্য লাভ কৰিব আৰু ভয় কৰা সকলো বস্তুৰ পৰা দূৰৈত থাকিব।
7:158Page 170
قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ فَـَٔامِنُواْ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِيِّ ٱلۡأُمِّيِّ ٱلَّذِي يُؤۡمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمۡ تَهۡتَدُونَ ١٥٨
Say, [O Muḥammad], "O mankind, indeed I am the Messenger of Allāh to you all, [from Him] to whom belongs the dominion of the heavens and the earth. There is no deity except Him; He gives life and causes death." So believe in Allāh and His Messenger, the unlettered prophet, who believes in Allāh and His words, and follow him that you may be guided.
হে ৰাছুল! আপুনি কওঁক, হে মানৱ জাতি! মই তোমালোক সকলোৰে প্ৰতি, আৰব হওঁক বা অনাৰব, আল্লাহৰ ৰাছুল হিচাপে প্ৰেৰিত হৈছো। আল্লাহৰ হাততেই আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব, সেই পৱিত্ৰ সত্তাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু প্ৰদান কৰে। হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, যিজন লিখিবও নাজানে পঢ়িবও নাজানে, তেওঁ নিজ প্ৰতিপালকৰ অহী লৈ আগমন কৰিছে। তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, আৰু তেওঁৰ ওপৰত যি অৱতীৰ্ণ হৈছে সেইটোৰ ওপৰত ঈমান পোষণ কৰে, লগতে পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহ ওপৰতো কোনো ভেদভাৱ পোষণ নকৰাকৈ ঈমান পোষণ কৰে। এতেকে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ অনুসৰণ কৰা। যাতে তোমালোকে সেই পথ পোৱা, যিটো পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে উত্তম হ'ব।
7:159Page 170
وَمِن قَوۡمِ مُوسَىٰٓ أُمَّةٞ يَهۡدُونَ بِٱلۡحَقِّ وَبِهِۦ يَعۡدِلُونَ ١٥٩
And among the people of Moses is a community1 which guides by truth and by it establishes justice.
মূছাৰ সম্প্ৰদায় বনী ইছৰাঈলত এনেকুৱা এটা দলো আছিল, যিটো সত্য আৰু সঠিক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেওঁলোকে মানুহকো সেই পথ দেখুৱাইছিল, লগতে ন্যায় বিচাৰ কৰিছিল আৰু কোনো অন্যায় কৰা নাছিল।
7:160Page 171
وَقَطَّعۡنَٰهُمُ ٱثۡنَتَيۡ عَشۡرَةَ أَسۡبَاطًا أُمَمٗاۚ وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ إِذِ ٱسۡتَسۡقَىٰهُ قَوۡمُهُۥٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡحَجَرَۖ فَٱنۢبَجَسَتۡ مِنۡهُ ٱثۡنَتَا عَشۡرَةَ عَيۡنٗاۖ قَدۡ عَلِمَ كُلُّ أُنَاسٖ مَّشۡرَبَهُمۡۚ وَظَلَّلۡنَا عَلَيۡهِمُ ٱلۡغَمَٰمَ وَأَنزَلۡنَا عَلَيۡهِمُ ٱلۡمَنَّ وَٱلسَّلۡوَىٰۖ كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقۡنَٰكُمۡۚ وَمَا ظَلَمُونَا وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ١٦٠
And We divided them into twelve descendant tribes1 [as distinct] nations. And We inspired to Moses when his people implored him for water, "Strike with your staff the stone," and there gushed forth from it twelve springs. Every people [i.e., tribe] knew its watering place. And We shaded them with clouds and sent down upon them manna and quails, [saying], "Eat from the good things with which We have provided you." And they wronged Us not, but they were [only] wronging themselves.
আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলো। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিলো যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিলে। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানী নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ললে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলো, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আৰু আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলো। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল।
7:161Page 171
وَإِذۡ قِيلَ لَهُمُ ٱسۡكُنُواْ هَٰذِهِ ٱلۡقَرۡيَةَ وَكُلُواْ مِنۡهَا حَيۡثُ شِئۡتُمۡ وَقُولُواْ حِطَّةٞ وَٱدۡخُلُواْ ٱلۡبَابَ سُجَّدٗا نَّغۡفِرۡ لَكُمۡ خَطِيٓـَٰٔتِكُمۡۚ سَنَزِيدُ ٱلۡمُحۡسِنِينَ ١٦١
And [mention, O Muḥammad], when it was said to them, "Dwell in this city [i.e., Jerusalem] and eat from it wherever you will and say, 'Relieve us of our burdens [i.e., sins],' and enter the gate bowing humbly; We will [then] forgive you your sins. We will increase the doers of good [in goodness and reward]."
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে বনী ইছৰাঈলক আদেশ কৰিছিল যে, তোমালোকে বাইতুল মাকদিছত প্ৰৱেশ কৰা, সেই গাওঁত গৈ যেতিয়া ইচ্ছা আৰু যত ইচ্ছা তাৰ পৰাই তোমালোকে ফলমূল আদি ভক্ষণ কৰা। লগতে পাঠ কৰিবা যে, হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহ মাৰ্জনা কৰা, আৰু প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে আমি তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিম, লগতে সৎকৰ্মকাৰী সকলক ইহকাল আৰু পৰকালত আৰু অধিক কল্যাণ দান কৰিম।
7:162Page 171
فَبَدَّلَ ٱلَّذِينَ ظَلَمُواْ مِنۡهُمۡ قَوۡلًا غَيۡرَ ٱلَّذِي قِيلَ لَهُمۡ فَأَرۡسَلۡنَا عَلَيۡهِمۡ رِجۡزٗا مِّنَ ٱلسَّمَآءِ بِمَا كَانُواْ يَظۡلِمُونَ ١٦٢
But those who wronged among them changed [the words] to a statement other than that which had been said to them. So We sent upon them a punishment from the sky for the wrong that they were doing.
তাৰ পিছত সিহঁতৰ মাজৰ অন্যায়কাৰীসকলে সেই বাক্যক বিকৃত কৰিলে যিটো বাক্য সিহঁতক পাঠ কৰিবলৈ আদেশ কৰা হৈছিল। ক্ষমা প্ৰাৰ্থনামূলক বাক্যটোৰ পৰিবৰ্তে সিহঁতে ক’লে, “চুলিৰ মাজত দানা”। আনহাতে যিদৰে সিহঁতক প্ৰৱেশ কৰিবলৈ কোৱা হৈছিল, সেইটোৰো ওলোটা কৰিলে। সিহঁতে আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰাৰ পৰিবৰ্তে বুকু ফুলাই নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। এতেকে সিহঁতৰ অন্যায়ৰ কাৰণে আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শাস্তি প্ৰেৰণ কৰিলোঁ।
7:163Page 171
وَسۡـَٔلۡهُمۡ عَنِ ٱلۡقَرۡيَةِ ٱلَّتِي كَانَتۡ حَاضِرَةَ ٱلۡبَحۡرِ إِذۡ يَعۡدُونَ فِي ٱلسَّبۡتِ إِذۡ تَأۡتِيهِمۡ حِيتَانُهُمۡ يَوۡمَ سَبۡتِهِمۡ شُرَّعٗا وَيَوۡمَ لَا يَسۡبِتُونَ لَا تَأۡتِيهِمۡۚ كَذَٰلِكَ نَبۡلُوهُم بِمَا كَانُواْ يَفۡسُقُونَ ١٦٣
And ask them about the town that was by the sea - when they transgressed in [the matter of] the sabbath - when their fish came to them openly on their sabbath day, and the day they had no sabbath they did not come to them. Thus did We give them trial because they were defiantly disobedient.
তথা হে ৰাছুল! ইয়াহুদীসকলক সিহঁতৰ পুৰ্বপুৰুষৰ শাস্তি স্মৰণ কৰাবলৈ সেই জনপদৰ বিষয়ে সোধক, যিসকলে সাগৰৰ পাৰত বসবাস কৰিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিষেধাজ্ঞাক আওকাণ কৰি শনিবাৰৰ দিনা মাছ চিকাৰত লিপ্ত হৈ আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰিছিল। এতেকে আল্লাহেও সিহঁতক পৰীক্ষা কৰিবলৈ এনেকুৱা পন্থা অৱলম্বন কৰিলে যে, শনিবাৰৰ দিনা মাছ সাগৰৰ পাৰত পানীৰ ওপৰেৰে ওফন্দি আহিছিল, অথচ অন্যান্য দিনত এনেকৈ অহা নাছিল। আল্লাহে সিহঁতক এই পৰীক্ষাত পেলোৱাৰ কাৰণটো হৈছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহত পতিত হৈছিল। ফলত সিহঁতে মাছ ধৰিবলৈ কৌশল অৱলম্বন কৰিলে। সিহঁতে আগতীয়াকৈ গাত খান্দি জাল পাতি থৈছিল। এতেকে শনিবাৰে জালত মাছ পৰিছিল আৰু সিহঁতে ৰবিবাৰে গৈ সেই জাল উঠাই আনিছিল আৰু সেই মাছ ভক্ষণ কৰিছিল।
7:164Page 172
وَإِذۡ قَالَتۡ أُمَّةٞ مِّنۡهُمۡ لِمَ تَعِظُونَ قَوۡمًا ٱللَّهُ مُهۡلِكُهُمۡ أَوۡ مُعَذِّبُهُمۡ عَذَابٗا شَدِيدٗاۖ قَالُواْ مَعۡذِرَةً إِلَىٰ رَبِّكُمۡ وَلَعَلَّهُمۡ يَتَّقُونَ ١٦٤
And when a community among them said, "Why do you advise [or warn] a people whom Allāh is [about] to destroy or to punish with a severe punishment?" they [the advisors] said, "To be absolved before your Lord and perhaps they may fear Him."
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া সিহঁতৰ মাজৰে এটা দলে সিহঁতক এই অনৈতিক কৰ্মৰ পৰা নিষেধ তথা সাৱধান কৰিছিল। তেতিয়া আন এচাম লোকে কৈছিলঃ তোমালোকে এনেকুৱা লোকক কিয় উপদেশ দিয়া যিসকলক আল্লাহে সিহঁতৰ গুনাহৰ ফলত পৃথিৱীতে ধ্বংস কৰিব অথবা ক্বিয়ামতৰ দিনা সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব। তেতিয়া উপদেশকাৰী সকলে কৈছিলঃ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ যি দায়িত্ব আল্লাহে আমাক প্ৰদান কৰিছে, আমি কেৱল সেই দায়িত্ব পালন কৰি আছো, যাতে দায়িত্ব পালন নকৰাৰ বাবে আমি জবাবদিহি হ'ব নালাগে। লগতে যাতে সিহঁতে এই উপদেশৰ পৰা উপকৃত হৈ গুনাহৰ পৰা ৰক্ষা পাব পাৰে।
7:165Page 172
فَلَمَّا نَسُواْ مَا ذُكِّرُواْ بِهِۦٓ أَنجَيۡنَا ٱلَّذِينَ يَنۡهَوۡنَ عَنِ ٱلسُّوٓءِ وَأَخَذۡنَا ٱلَّذِينَ ظَلَمُواْ بِعَذَابِۭ بَـِٔيسِۭ بِمَا كَانُواْ يَفۡسُقُونَ ١٦٥
And when they [i.e., those advised] forgot that by which they had been reminded, We saved those who had forbidden evil and seized those who wronged, with a wretched punishment, because they were defiantly disobeying.
পাপিষ্ঠসকলে যেতিয়া উপদেশকাৰী সকলৰ উপদেশৰ পৰা মুখ ঘূৰাই ললে আৰু নিজৰ কৰ্মকাণ্ডৰ পৰা বিৰত নাথাকিলে, তেতিয়া আমি সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিলো যিসকলে অসৎকৰ্মৰ পৰা নিষেধ প্ৰদান কৰি মানুহক শাস্তিৰ পৰা বিৰত ৰাখিছিল। আৰু যিসকলে শনিবাৰৰ দিনা মাছ চিকাৰ কৰি নিজৰ ওপৰতে অন্যায় কৰিছিল সিহঁতক কঠোৰ শাস্তি বিহিলো, কাৰণ সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহৰ ওপৰত অটল আছিল।
7:166Page 172
فَلَمَّا عَتَوۡاْ عَن مَّا نُهُواْ عَنۡهُ قُلۡنَا لَهُمۡ كُونُواْ قِرَدَةً خَٰسِـِٔينَ ١٦٦
So when they were insolent about that which they had been forbidden, We said to them, "Be apes, despised."
যেতিয়া সিহঁতে অহংকাৰ তথা বিদ্বেষ পোষণ কৰি সকলো সীমা চেৰাই গল, আৰু উপদেশ গ্ৰহণ নকৰিলে। তেতিয়া আমি সিহঁতক ক'লোঃ হে পাপিষ্ঠসকল! তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হোৱা। ফলত সিহঁত আমাৰ ইচ্ছানুসাৰে বান্দৰ হৈ গ'ল। কিয়নো আমি যেতিয়া কোনো কাম কৰিবলৈ ইচ্ছা পোষণ কৰো, তেতিয়া আমি কেৱল কওঁ যে, “হৈ যোৱা” তেতিয়াই সেয়া হৈ যায়।
7:167Page 172
وَإِذۡ تَأَذَّنَ رَبُّكَ لَيَبۡعَثَنَّ عَلَيۡهِمۡ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَن يَسُومُهُمۡ سُوٓءَ ٱلۡعَذَابِۗ إِنَّ رَبَّكَ لَسَرِيعُ ٱلۡعِقَابِ وَإِنَّهُۥ لَغَفُورٞ رَّحِيمٞ ١٦٧
And [mention] when your Lord declared that He would surely [continue to] send upon them until the Day of Resurrection those who would afflict them with the worst torment. Indeed, your Lord is swift in penalty; but indeed, He is Forgiving and Merciful.
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া আল্লাহে স্পষ্ট ঘোষণা কৰিছিল যে, তেওঁ ক্বিয়ামত পৰ্যন্ত ইয়াহুদীসকলৰ ওপৰত এনেকুৱা লোকক প্ৰভূত্ব প্ৰদান কৰিব, যিসকলে সিহঁতক লাঞ্ছনদায়ক শাস্তি প্ৰদান কৰি থাকিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে পাপিষ্ঠসকলক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব। আনকি কেতিয়াবা কেতিয়াবা পৃথিৱীতো সিহঁতক শাস্তি দিয়ে। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
7:168Page 172
وَقَطَّعۡنَٰهُمۡ فِي ٱلۡأَرۡضِ أُمَمٗاۖ مِّنۡهُمُ ٱلصَّٰلِحُونَ وَمِنۡهُمۡ دُونَ ذَٰلِكَۖ وَبَلَوۡنَٰهُم بِٱلۡحَسَنَٰتِ وَٱلسَّيِّـَٔاتِ لَعَلَّهُمۡ يَرۡجِعُونَ ١٦٨
And We divided them throughout the earth into nations. Of them some were righteous, and of them some were otherwise. And We tested them with good [times] and bad that perhaps they would return [to obedience].
আৰু আমি সিহঁতক পৃথিৱীত বহুধাবিভক্ত কৰিছো, অথচ পূৰ্বে সিহঁত একত্ৰিত আছিল। সিহঁতৰ মাজৰ কিছুমান লোক পূণ্যৱান আছিল, যিসকলে আল্লাহৰ বিধান পালন কৰিছিল আৰু মানুহৰো অধিকাৰ পূৰণ কৰিছিল। আৰু কিছুমান আছিল মধ্যম পন্থা অৱলম্বনকাৰী। লগতে কিছুমান আছিল পাপিষ্ঠ অন্যায়কাৰী। আমি সিহঁতক সুখ-দুখেৰে পৰীক্ষা কৰিছো, যাতে সিহঁতে নিজকে সংশোধন কৰে।
7:169Page 172
فَخَلَفَ مِنۢ بَعۡدِهِمۡ خَلۡفٞ وَرِثُواْ ٱلۡكِتَٰبَ يَأۡخُذُونَ عَرَضَ هَٰذَا ٱلۡأَدۡنَىٰ وَيَقُولُونَ سَيُغۡفَرُ لَنَا وَإِن يَأۡتِهِمۡ عَرَضٞ مِّثۡلُهُۥ يَأۡخُذُوهُۚ أَلَمۡ يُؤۡخَذۡ عَلَيۡهِم مِّيثَٰقُ ٱلۡكِتَٰبِ أَن لَّا يَقُولُواْ عَلَى ٱللَّهِ إِلَّا ٱلۡحَقَّ وَدَرَسُواْ مَا فِيهِۗ وَٱلدَّارُ ٱلۡأٓخِرَةُ خَيۡرٞ لِّلَّذِينَ يَتَّقُونَۚ أَفَلَا تَعۡقِلُونَ ١٦٩
And there followed them successors who inherited the Scripture [while] taking the commodities1 of this lower life and saying, "It will be forgiven for us." And if an offer like it2 comes to them, they will [again] take it. Was not the covenant of the Scripture [i.e., the Torah] taken from them that they would not say about Allāh except the truth, and they studied what was in it? And the home of the Hereafter is better for those who fear Allāh, so will you not use reason?
সিহঁতৰ পিছত কিছুমান বেয়া চৰিত্ৰৰ লোকে সিহঁতৰ স্থলাভিষিক্ত হ'ল, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পৰা তাওৰাত সংগ্ৰহ কৰিছিল। সিহঁতে সেয়া পঢ়িছিল কিন্তু আমল কৰা নাছিল। সিহঁতে তুচ্ছ মূল্যৰ বিনিময়ত আল্লাহৰ পুথি বিকৃত কৰিবলৈ আৰম্ভ কৰিলে আৰু আল্লাহে যি বিধান অৱতীৰ্ণ কৰা নাই সেই মতে বিচাৰ-মীমাংসা কৰিবলৈ ধৰিলে। আৰু সিহঁত এই আশাত বন্দী হৈ থাকিল যে, নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিব। আৰু সিহঁতৰ ওচৰত অলপ পাৰ্থিৱ সম্পত্তি আহিলে বাৰে বাৰে সেইটোকে লব। আল্লাহে সিহঁতৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লোৱা নাছিলনে যে, সিহঁতে আল্লাহৰ প্ৰতি সদায় সত্য কথাহে ক'ব, বিকৃত তথা পৰিবৰ্তন নকৰিব, সিহঁতে পুথিৰ ওপৰত আমল নকৰা বিষয়টো অজ্ঞনতাৰ ফলত নহয়, বৰং সিহঁতে জানি-বুজি কৰিছিল। সিহঁতে তাত থকা বিধানসমূহ পঢ়িছিল আৰু সেই সম্পৰ্কে জ্ঞান অৰ্জন কৰিছিল, তথাপিও পাপ কৰিছিল। সেয়ে সিহঁতৰ অপৰাধ অধিক দণ্ডদায়ক। পৰকালৰ ঘৰ, পৰকালৰ ঘৰত আল্লাহৰ আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা সকলৰ বাবে যিবোৰ স্থায়ী আনন্দ আছে, সেইবোৰ সৰ্বোতকৃষ্ট, এই পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তুতকৈ। এই কম সম্বল সংগ্ৰহকাৰী সকলে নুবুজে নেকি যে, আল্লাহে মুত্তাক্বীসকলৰ বাবে আখিৰাতত যি তৈয়াৰ কৰি ৰাখিছে সেয়া সৰ্বোতকৃষ্ট আৰু চিৰস্থায়ী।
7:170Page 172
وَٱلَّذِينَ يُمَسِّكُونَ بِٱلۡكِتَٰبِ وَأَقَامُواْ ٱلصَّلَوٰةَ إِنَّا لَا نُضِيعُ أَجۡرَ ٱلۡمُصۡلِحِينَ ١٧٠
But those who hold fast to the Book [i.e., the Qur’ān] and establish prayer - indeed, We will not allow to be lost the reward of the reformers.
যিসকলে পুথিক দৃঢ়তাৰে ধাৰণ কৰে আৰু তাত থকা বিধান মতে আমল কৰে, লগতে যথাসময়ত ছালাতৰ চৰ্ত, ওৱাজিব আৰু ছুনান সহকাৰে ছালাত প্ৰতিষ্ঠা কৰে। আল্লাহে অতি শীঘ্ৰে তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান দিব। কিয়নো আল্লাহে কোনো নেক বান্দাৰ আমল ব্যৰ্থ নকৰে।
7:171Page 173
۞ وَإِذۡ نَتَقۡنَا ٱلۡجَبَلَ فَوۡقَهُمۡ كَأَنَّهُۥ ظُلَّةٞ وَظَنُّوٓاْ أَنَّهُۥ وَاقِعُۢ بِهِمۡ خُذُواْ مَآ ءَاتَيۡنَٰكُم بِقُوَّةٖ وَٱذۡكُرُواْ مَا فِيهِ لَعَلَّكُمۡ تَتَّقُونَ ١٧١
And [mention] when We raised the mountain above them as if it was a dark cloud and they were certain that it would fall upon them,1 [and Allāh said], "Take what We have given you with determination and remember what is in it that you might fear Allāh."
হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি বনী ইছৰাঈলৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো, যেতিয়া সিহঁতে তাওৰাতৰ শিক্ষা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰ্বত সিহঁতৰ মূৰৰ ওপৰত ছাতিৰ দৰে থিয় হৈ আছিল, আৰু সিহঁত পতিয়ন গৈছিল যে, পৰ্বত অনতিপলমে সিহঁতৰ ওপৰত খহি পৰিব। সিহঁতক কোৱা হ'লঃ আমি তোমালোকক যি দিছো, সেয়া মজবুতভাৱে ধাৰণ কৰা, আৰু তাত থকা আল্লাহৰ বিধানসমূহ সঠিকভাৱে মনত ৰাখিবা, পাহৰি নাযাবা। ইয়াৰ ফলত যাতে তোমালোকে আল্লাহক ভয় কৰিব পাৰা।
7:172Page 173
وَإِذۡ أَخَذَ رَبُّكَ مِنۢ بَنِيٓ ءَادَمَ مِن ظُهُورِهِمۡ ذُرِّيَّتَهُمۡ وَأَشۡهَدَهُمۡ عَلَىٰٓ أَنفُسِهِمۡ أَلَسۡتُ بِرَبِّكُمۡۖ قَالُواْ بَلَىٰ شَهِدۡنَآۚ أَن تَقُولُواْ يَوۡمَ ٱلۡقِيَٰمَةِ إِنَّا كُنَّا عَنۡ هَٰذَا غَٰفِلِينَ ١٧٢
And [mention] when your Lord took from the children of Adam - from their loins - their descendants and made them testify of themselves, [saying to them], "Am I not your Lord?" They said, "Yes, we have testified." [This] - lest you should say on the Day of Resurrection, "Indeed, we were of this unaware."
তথা হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা সিহঁতৰ বংশধৰ সকলক উলিয়াইছিল। আৰু সিহঁতৰ পৰা ৰুবুবিয়্যাতৰ (অৰ্থাৎ আল্লাহ যে একক সেই বিষয়ে) স্বীকাৰোক্তি লৈছিল, যিটো স্বীকাৰোক্তি সিহঁতৰ ফিতৰতত চামিল কৰি দিছে, কিয়নো তেওঁ সিহঁতৰ সৃষ্টিকৰ্তা আৰু প্ৰতিপালক। সিহঁতক কৈছিল যে, মই তোমালোকৰ প্ৰতিপালক নহয়নে? তেতিয়া সকলোৱে কৈছিলঃ নিশ্চয়, আপুনিয়ে আমাৰ প্ৰতিপালক। তেতিয়া আল্লাহে কৈছিলঃ মই তোমালোকৰ পৰীক্ষা ললো, আৰু তোমালোকৰ পৰা প্ৰতিশ্ৰুতি ললো যাতে তোমালোকে কিয়ামতৰ দিনা আল্লাহৰ প্ৰমাণক অস্বীকাৰ কৰিব নোৱাৰা। লগতে যাতে এইটোও ক'ব নোৱাৰা যে, আমি দেখুন এই বিষয়ে অৱগতই নাছিলো।
7:173Page 173
أَوۡ تَقُولُوٓاْ إِنَّمَآ أَشۡرَكَ ءَابَآؤُنَا مِن قَبۡلُ وَكُنَّا ذُرِّيَّةٗ مِّنۢ بَعۡدِهِمۡۖ أَفَتُهۡلِكُنَا بِمَا فَعَلَ ٱلۡمُبۡطِلُونَ ١٧٣
Or [lest] you say, "It was only that our fathers associated [others in worship] with Allāh before, and we were but descendants after them. Then would You destroy us for what the falsifiers have done?"
অথবা যাতে এইটোও নোকোৱা যে, তোমালোকৰ পূৰ্বপুৰুষসকলেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল আৰু আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰিছিল, আৰু তোমালোক সিহঁতৰ অনুকৰণ কৰি শ্বিৰ্কত লিপ্ত হৈছিলা। ফলত তোমালোকে যাতে এইটো নোকোৱা যে, হে আমাৰ প্ৰতিপালক! তুমি আমাক সেই শ্বিৰ্কৰ কাৰণে শাস্তি দিবা নেকি যিটো শ্বিৰ্কত লিপ্ত হৈ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ আমল ধ্বংস কৰিছিল? প্ৰকৃততে আমাৰ কোনো ভুল নাছিল। কাৰণ এই বিষয়ে আমি অজ্ঞ আছিলো আৰু আমি কেৱল আমাৰ পুৰ্বপুৰুষসকলৰ অনুকৰণ কৰিছিলো।
7:174Page 173
وَكَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ وَلَعَلَّهُمۡ يَرۡجِعُونَ ١٧٤
And thus do We [explain in] detail the verses, and perhaps they will return.1
যিদৰে আমি অস্বীকাৰকাৰী জাতিৰ পৰিণাম সম্পৰ্কে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছো, সেইদৰে আমি এইসকল লোকৰ বাবেও আয়াতসমূহ স্পষ্টৰূপে বৰ্ণনা কৰিম, যাতে ইহঁতে শ্বিৰ্কৰ পৰা উভতি আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে প্ৰত্যাৱৰ্তন কৰে। যিদৰে সেই প্ৰতিশ্ৰুতিত উল্লেখ আছে যিটো ইহঁতে নিজৰ বিষয়ে আল্লাহক দিছিল।
7:175Page 173
وَٱتۡلُ عَلَيۡهِمۡ نَبَأَ ٱلَّذِيٓ ءَاتَيۡنَٰهُ ءَايَٰتِنَا فَٱنسَلَخَ مِنۡهَا فَأَتۡبَعَهُ ٱلشَّيۡطَٰنُ فَكَانَ مِنَ ٱلۡغَاوِينَ ١٧٥
And recite to them, [O Muḥammad], the news of him1 to whom We gave [knowledge of] Our signs, but he detached himself from them; so Satan pursued him, and he became of the deviators.2
হে ৰাছুল! বনী ইছৰাঈলক সিহঁতৰ সম্প্ৰদায়ৰে সেই ব্যক্তি সম্পৰ্কে অৱগত কৰাওক, যাক আমি আমাৰ নিদৰ্শনসমূহ দান কৰিছিলো। তেওঁ সেয়া শিকি লৈছিল আৰু ইয়াৰ জৰিয়তে সাব্যস্ত হোৱা সত্যক বুজি পাইছিল। কিন্তু তাৰ প্ৰতি আমল কৰাৰ পৰিবৰ্তে সেইটোক পৰিত্যাগ কৰিছিল, আৰু আঁতৰি গৈছিল। ফলত চয়তানে তাৰ পিছ ললে আৰু তাৰ বন্ধুত পৰিণত হ'ল। অৱশেষত সি পথভ্ৰষ্ট হৈ ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হৈ গ'ল। অথচ পূৰ্বে সি সঠিক পথত তথা মুক্তিৰ পথত পৰিচালিত আছিল।
7:176Page 173
وَلَوۡ شِئۡنَا لَرَفَعۡنَٰهُ بِهَا وَلَٰكِنَّهُۥٓ أَخۡلَدَ إِلَى ٱلۡأَرۡضِ وَٱتَّبَعَ هَوَىٰهُۚ فَمَثَلُهُۥ كَمَثَلِ ٱلۡكَلۡبِ إِن تَحۡمِلۡ عَلَيۡهِ يَلۡهَثۡ أَوۡ تَتۡرُكۡهُ يَلۡهَثۚ ذَّٰلِكَ مَثَلُ ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَاۚ فَٱقۡصُصِ ٱلۡقَصَصَ لَعَلَّهُمۡ يَتَفَكَّرُونَ ١٧٦
And if We had willed, We could have elevated him thereby,1 but he adhered [instead] to the earth2 and followed his own desire. So his example is like that of the dog: if you chase him, he pants, or if you leave him, he [still] pants. That is the example of the people who denied Our signs.3 So relate the stories that perhaps they will give thought.
আমি যদি সেইবোৰ আয়াতৰ দ্বাৰা তাক উপকৃত কৰিব বিচাৰিলোহেঁতেন, তেন্তে সেইবোৰৰ দ্বাৰা তাক উচ্চ মৰ্যাদা প্ৰদান কৰিলোহেঁতেন। তাক সেইবোৰৰ প্ৰতি আমল কৰিবলৈ তাওফীক দান কৰিলোহেঁতেন আৰু আৰু সি পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিলেহেঁতেন। কিন্তু সি ক্ষতিগ্ৰস্ততাৰ পথ বাচি ললে, আৰু পৃথিৱীত মায়াত আৱদ্ধ হ'ল, পৃথিৱীক আখিৰাতৰ ওপৰত প্ৰাধান্য দিলে, লগতে নিজৰ অসত্য কামনাৰ অনুসৰণ কৰিবলৈ ধৰিলে। পাৰ্থিৱ জীৱনৰ প্ৰতি তাৰ যি লোভ তাৰ উদাহৰণ হৈছে কুকুৰৰ দৰে, যিটো সদায় হেঁপাই ফোঁপাই থাকে। স্থিৰ অৱস্থাতো হেঁপাই থাকে, খেদি পঠিয়ালেও হেঁপাই থাকে। এই উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আমাৰ আয়াতক অস্বীকাৰ কৰিছে। এতেকে হে ৰাছুল! আপুনি সিহঁতক বৃত্তান্ত বৰ্ণনা কৰি থাকক, যাতে সিহঁতে চিন্তা-চৰ্চা কৰে আৰু অস্বীকাৰ তথা পথভ্ৰষ্টতাৰ পৰা আঁতৰি আহে।
7:177Page 173
سَآءَ مَثَلًا ٱلۡقَوۡمُ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَأَنفُسَهُمۡ كَانُواْ يَظۡلِمُونَ ١٧٧
How evil an example [is that of] the people who denied Our signs and used to wrong themselves.
সেই সম্প্ৰদায়তকৈ নিকৃষ্ট সম্প্ৰদায় আৰু কোনটো হ'ব পাৰে, যিসকলে আমাৰ দলিল-প্ৰমাণসমূহ অস্বীকাৰ কৰিছে তথা সেইবোৰক সমৰ্থন কৰা নাই, আৰু সিহঁতে এই পন্থা অৱলম্বন কৰি নিজৰেই ক্ষতি কৰিছে।
7:178Page 173
مَن يَهۡدِ ٱللَّهُ فَهُوَ ٱلۡمُهۡتَدِيۖ وَمَن يُضۡلِلۡ فَأُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ١٧٨
Whoever Allāh guides - he is the [rightly] guided; and whoever He sends astray1 - it is those who are the losers.
আল্লাহে যাক সুপথ দেখুৱায়, প্ৰকৃততে তেওঁহে সুপথ পায়। আনহাতে যাক সুপথৰ পৰা আঁতৰাই দিয়ে, প্ৰকৃততে সিহঁতেই নিজৰ কল্যাণ বিনষ্টকাৰী। সিহঁতেই ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱে প্ৰকাশ্য ক্ষতিগ্ৰস্ততা।
7:179Page 174
وَلَقَدۡ ذَرَأۡنَا لِجَهَنَّمَ كَثِيرٗا مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِۖ لَهُمۡ قُلُوبٞ لَّا يَفۡقَهُونَ بِهَا وَلَهُمۡ أَعۡيُنٞ لَّا يُبۡصِرُونَ بِهَا وَلَهُمۡ ءَاذَانٞ لَّا يَسۡمَعُونَ بِهَآۚ أُوْلَٰٓئِكَ كَٱلۡأَنۡعَٰمِ بَلۡ هُمۡ أَضَلُّۚ أُوْلَٰٓئِكَ هُمُ ٱلۡغَٰفِلُونَ ١٧٩
And We have certainly created for Hell many of the jinn and mankind. They have hearts with which they do not understand, they have eyes with which they do not see, and they have ears with which they do not hear. Those are like livestock; rather, they are more astray.1 It is they who are the heedless.
আমি বহুতো জিন আৰু মানুহক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, কিয়নো আমি জানো সিহঁতে জাহান্নামত যোৱা কামকে কৰিব। সিহঁতৰ অন্তৰ আছে কিন্তু সেইটোৱে সিহঁতৰ ক্ষতি বা লাভ অনুধাৱন কৰিব নোৱাৰে। সিহঁতৰ চকু আছে কিন্তু সেই চকুৰে নিজৰ মাজত থকা আৰু সংসাৰত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ দেখিবলৈ সক্ষম নহয়, যিবোৰৰ পৰা শিক্ষা অৰ্জন কৰিব পাৰিলেহেঁতেন। সিহঁতৰ ওচৰত কাণ আছে কিন্তু সেই কাণেৰে আল্লাহৰ আয়াতসমূহ চিন্তা-চৰ্চা কৰিবলৈ সক্ষম নহয়। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পশুতকৈ অধম তথা বুদ্ধিহীন। বৰং সিহঁত পশুতকৈ অধিক পথভ্ৰষ্ট। এইসকল লোকেই আল্লাহৰ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে।
7:180Page 174
وَلِلَّهِ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰ فَٱدۡعُوهُ بِهَاۖ وَذَرُواْ ٱلَّذِينَ يُلۡحِدُونَ فِيٓ أَسۡمَٰٓئِهِۦۚ سَيُجۡزَوۡنَ مَا كَانُواْ يَعۡمَلُونَ ١٨٠
And to Allāh belong the best names, so invoke Him by them. And leave [the company of] those who practice deviation concerning His names.1 They will be recompensed for what they have been doing.
আল্লাহৰ আছে অতি সুন্দৰ সুন্দৰ নাম, যিবোৰে তেওঁৰ মহিমা আৰু পূৰ্ণতা প্ৰমাণ কৰে। এতেকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত সেইবোৰৰ জৰিয়তে অছীলা তলব কৰা আৰু সেইবোৰৰ জৰিয়তে আল্লাহক প্ৰশংসা কৰা। আৰু সেইসকল লোকক এৰাই চলা, যিসকলে সত্যৰ পৰা আঁতৰি গৈ এইবোৰ নামক আনৰ লগত সম্পৃক্ত কৰে, অথবা সেইবোৰক অস্বীকাৰ কৰে, নাইবা অৰ্থ বিকৃত কৰে, অথবা আনক সাদৃশ্য কৰে। এইবোৰৰ ক্ষেত্ৰত যিসকলে সত্যৰ পৰা আঁতৰি গৈছে, অনতিপলমে আমি সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিম।
7:181Page 174
وَمِمَّنۡ خَلَقۡنَآ أُمَّةٞ يَهۡدُونَ بِٱلۡحَقِّ وَبِهِۦ يَعۡدِلُونَ ١٨١
And among those We created is a community1 which guides by truth and thereby establishes justice.
আমি সৃষ্টি কৰা লোকসকলৰ মাজত এদল আছে যিসকলে নিজেও সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে আৰু আনকো সেই পিনে আহ্বান কৰে, ফলত সিহঁতেও হিদায়ত প্ৰাপ্ত হয়। তেওঁলোকে সেই মতেই ন্যায়ভাৱে ফয়চালা কৰে আৰু অন্যায়-অত্যাচাৰ নকৰে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences